অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্নায়বিক আঘাত (ছ্‌ক)

সাধাৰণ কথাত ছ্‌কক আমি মূৰ্ছা যোৱা বুলি কওঁ। শৰীৰৰ বেছিভাগ ঠাই জুৰি আঘাতপ্ৰাপ্ত হ’লে, পুৰি গ’লে, গধুৰ বস্তুৰ দ্বাৰা আঘাতপ্ৰাপ্ত হ’লে বা টান ৰোগৰ ফলতো এনে কেতবোৰ উপসৰ্গৰ সৃষ্টি হয়। যাৰ ফলত সমগ্ৰ শৰীৰৰে সঞ্জীৱনী শক্তিৰ ওপৰত অতি বেয়াকৈ প্ৰভাৱ পৰে। এই উপসৰ্গসমূহে একেলগে গোটেই শৰীৰৰ কাৰুকাৰ্য পৰিচালনা কৰা মস্তিষ্ক আৰু অন্ত:ক্ষৰা গ্ৰন্থিসমূহৰ ওপৰত এনে গভীৰ ব্যাঘাত সৃষ্টি কৰে যাৰ বাবে মূৰ্ছাৰ দৰে জটিল প্ৰক্ৰিয়াৰ সৃষ্টি হয়।

মূৰ্ছা হৈছে জীৱন মৃত্যুৰ মাধ্যম অৱস্থা য’ত  কেৱল সঠিক সময়ত কৰা সঠিক শুশ্ৰূষা আৰু চিকিৎসাইহে দুৰ্দশাগ্ৰস্তৰ জীৱন ৰক্ষা কৰিব পাৰে।

ছ্‌কক বিভিন্ন ভাগত বিভক্ত কৰিব পাৰি। যেনে- আঘাতজনিত ছ্‌ক, দহনজনিত ছ্‌ক, ৰক্তপাতজনিত ছ্‌ক, সহ্য কৰিব নোৱাৰা ঔষধ ব্যৱহাৰ কৰাৰ ফলত হোৱা ছ্‌ক, হৃৎপিণ্ড ৰোগৰ বীজাণু সংক্ৰমিত হ’লে দেখা দিয়া ছ্‌ক, অংগ পচনজনিত ছ্‌ক ইত্যাদি।

বেছিভাগ ছকেই আঘাতজনিত ছ্‌ক। গভীৰ আৰু বিস্তৃতভাৱে হোৱা জখমৰ লগতে যদি অধিক ৰক্তপাত হয় তেন্তে তাৰ বেছিভাগ ক্ষেত্ৰতে আঘাতজনিত ছ্‌ক হোৱা দেখা যায়। শৰীৰৰ পৰিশ্ৰান্ত অৱস্থা, ঠৰ লগা, বহুদিন ধৰি কোনো পুৰণি ৰোগ যেনে যক্ষ্মা, হৃদৰোগ আদিত ভোগা আদি অৱস্থাই এনে ছ্‌ক হোৱাত অৰিহণা যোগায়। বেছিভাগ ছ্‌ক দেখা দিয়ে শিশুসকলৰ ক্ষেত্ৰত-যিয়ে ৰক্তক্ষয় একেবাৰে সহ্য কৰিব নোৱাৰে আৰু যন্ত্ৰণাত কাতৰ হৈ পৰা বৃদ্ধসকলৰ ক্ষেত্ৰত। স্পৰ্শকাতৰ ঠাইত যদি আঘাত লাগে তেন্তে ৰক্তপাত নোহোৱাকৈ আঘাতজনিত ছ্‌কৰ সৃষ্টি হ’ব পাৰে।

সাধাৰণতে আঘাতৰ ঠিক পাছতেই ছ্‌কৰ সৃষ্টি হ’ব পাৰে যদিও কেতিয়াবা ২ ৰ পৰা ৪ ঘন্টা পাছতো ছ্‌কৰ সৃষ্টি হয়। প্ৰায়ে ছ্‌ক প্ৰতিৰোধী ব্যৱস্থাসমূহ যথাযথভাৱে নোলোৱাৰ ফলত পলমকৈ ছ্‌কৰ সৃষ্টি হয়।

আঘাত জনিত ছ্‌কৰ প্ৰৱাহক দুটা ভাগত ভাগ কৰা হৈছে। আঘাতৰ পাছ মুহুৰ্তৰ পৰাই ঊৰ্ধগামী পৰ্য্যায় আৰম্ভ হয়। আঘাত হোৱা ঠাইসমূহৰ পৰা উদ্ভৱ হোৱা যন্ত্ৰণাৰ তাড়নাতে স্নায়বিক তন্ত্ৰত ভীষণ উত্তেজনাৰ সৃষ্টি হয়; তেজত এড্ৰিনলিৰ পৰিমাণ আৰু শ্বাস-প্ৰশ্বাসৰ গতি বৃদ্ধি হয়; ৰক্তবাহী শিৰাসমূহৰ নলীৰ সংকোচন হয়, অন্ত:ক্ষৰা গ্ৰন্থিসমূহৰ কাৰ্যদক্ষতা বৃদ্ধি পায়। ছ্‌কৰ এই পৰ্য্যায় অতি ক্ষণস্থায়ী। ছ্‌কৰ এই পৰ্য্যায়ৰ অৱস্থাটো মানসিক উত্তেজনাৰ মাজেৰে প্ৰকাশ পায়। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা তৎক্ষণাৎ ক্ষয় হয়, ভাৰসাম্য হেৰুৱাই পেলায় আৰু এনেকৈয়ে দ্বিতীয় পৰ্য্যায় (সুপ্ত পৰ্য্যায়) আৰম্ভ হয়। এই পৰ্য্যায় অৱদমনৰ পৰ্য্যায়। এই পৰ্য্যায়ত স্নায়ুতন্ত্ৰ, হৃৎপিণ্ড, হাঁওফাঁও, যকৃত আৰু বৃক্কৰ ক্ৰিয়াকলাপৰ অৱদমিত অৱস্থাই দেখা দিয়ে। তেজত জমা হৈ থকা বিষাক্ত পদাৰ্থসমূহে ৰক্তবাহী সিৰা বা কৈশিক নলীসমূহক অৱশ কৰি তোলে। ফলত ধমনীত তেজৰ চাপ কমি যায় আৰু তাৰ বাবেই অংগসমূহলৈ ৰক্তপ্ৰৱাহিত হোৱাৰ হাৰ কমি যায়। এই একে সময়তে তেজত অক্সিজেনৰো অভাৱ বাঢ়ি যায়। এই আটাইবোৰ প্ৰক্ৰিয়াই একেলগে অতি কম সময়তে স্নায়ুকোষবোৰৰ মৃত্যু ঘটাই দুৰ্দশাগ্ৰস্তক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।

ছ্‌কৰ সুপ্ত পৰ্য্যায়ক বিপদৰ গভীৰতাৰ ফালৰ পৰা চাৰিটা মাত্ৰাত ভাগ কৰা হৈছে।

প্ৰথম মাত্ৰাৰ ছ্‌ক

সাধাৰণ আৰু পাতল ধৰণৰ ছ্‌ক। এই ছ্‌কত দুৰ্দশাগ্ৰস্ত শেঁতা পৰি যায়, জ্ঞান সম্পূৰ্ণ সংৰক্ষিত হৈ থাকে, কোনো কোনো সময়ত অৱদমিত ভাব দেখা যায়, শ্বাস-প্ৰশ্বাস দ্ৰুত হৈ আহে, নাড়িৰ স্পন্দন দ্ৰুত হৈ আহে (প্ৰতি মিনিটত ৯০ ৰ পৰা ১০০ বাৰ), ধমনীৰ ৰক্তচাপ পাৰাস্তম্ভৰ ১০০ মি.মি. ৰ কম নহয়।

দ্বিতীয় মাত্ৰাৰ ছ্‌ক

মধ্যমীয়া আৰু বিপদজনক ছ্‌ক-য’ত ৰোগীৰ অৱস্থা স্পষ্টভাৱে অৱদমিত হয়, দুৰ্দশাগ্ৰস্তু নিস্তেজ হৈ যায়, ছাল আৰু শ্লৈষ্মিক আৱৰণীৰ ৰং শেঁতা পৰে, নখ আৰু ওঁঠৰ ৰং নীলা আভাযুক্ত হৈ পৰে, ছাল মৃদু ঘামেৰে আবৃত হৈ পৰে, শ্বাস দ্ৰুত আৰু অগভীৰ হয়, চকুৰ তৰাৰন্ধ্ৰ স্ফীত হৈ পৰে, নাড়ীস্পন্দন প্ৰতি মিনিটত ১২০ ৰ পৰা ১৪০ বাৰ হয়, ধমনীত ৰক্তৰ চাপ ৮০-৭০ মি.মি. পাৰাস্তম্ভলৈ নামে।

তৃতীয় মাত্ৰাৰ ছ্‌ক

বিপদজনক ছ্‌ক য’ত দুৰ্দশাগ্ৰস্তৰ অৱস্থা অতি বিপদজনক হৈ পৰে। জ্ঞান সংৰক্ষিত হৈ থাকে যদিও পাৰিপাৰ্শ্বিক অৱস্থাবোধত ক্ষমতা লোপ হয়, বিষ অনুভূতিৰ প্ৰতি প্ৰতিক্ৰিয়াহীনতা হয়, গাৰ বৰণ ধূসৰ মটীয়া ৰঙৰ আৰু আঠাযুক্ত ঘামেৰে আৱৰা হয়; ওঁঠ, নাক আৰু নখৰ গুৰি নীলা আভাযুক্ত হয়; নাড়ীৰ স্পন্দন প্ৰতি মিনিটত ১৪০ ৰ পৰা ১৬০ আৰু ধমনীত তেজৰ চাপ ৭০ মি.মি পাৰাস্তম্ভলৈ নমাৰ লগতে শ্বাস অগভীৰ, দ্ৰুত আৰু কোনো কোনো সময়ত বিলম্বিত হয়। এনে সময়ত বমি হ’ব পাৰে আৰু অসাৰে মল-মূত্ৰ ত্যাগ কৰিব পাৰে।

চতুৰ্থ মাত্ৰাৰ ছ্‌ক

মৃত্যু সন্নিগ্ধ বা মৃত্যুপূৰ্ব অৱস্থা। দুৰ্দশাগ্ৰস্ত অজ্ঞান হৈ পৰে, নাড়ী আৰু ধমনীৰ তেজৰ চাপ জোখ ল’ব পৰা নাযায়, হৃৎপিণ্ডৰ শব্দ বহু কষ্টেৰেহে শুনা যায়, শ্বাসৰ ধৰণ মৃত্যুপূৰ্ব অৱস্থাৰ নিচিনা যেন দুৰ্দশাগ্ৰস্তই কিবা গলধ:কৰণৰহে চেষ্টা কৰিছে।

প্ৰাথমিক চিকিৎসা সাহাৰ্য

কোনো ডাঙৰ আঘাতৰ ফলত আহত দুৰ্দশাগ্ৰস্তক সময়মতে প্ৰাথমিক চিকিৎসা দান কৰিলে ছ্‌কৰ পৰা হাত সাৰিব পৰা যায়। সদায় ছ্‌কৰ কাৰণসমূহ নিবাৰিত কৰিহে প্ৰাথমিক চিকিৎসা সাহাৰ্য্য আগবঢ়াব লাগে।

আহত দুৰ্দশাগ্ৰস্তৰ বিষ কমাবলৈ হ’লে জখম হোৱা দেহপ্ৰান্তক এনে অৱস্থান ভংগীত ৰাখিব লাগে যাতে বিষ বৃদ্ধি পোৱাৰ সম্ভাৱনা সকলোতকৈ কম হয়।

  • দেহৰ আঘাতপ্ৰাপ্ত হোৱা অংশক নিৰ্ভৰযোগ্যভাৱে নিশ্চল কৰি ৰাখিব লাগে। ঔষধ প্ৰয়োগ কৰি বিষ কমাব লাগে।
  • যিমান সম্ভৱ, সোনকালে ৰক্তপাত বন্ধ কৰিব লাগে।
  • খুব বেছিকৈ ৰক্তক্ষয় হ’লে দুৰ্দশাগ্ৰস্তক এনে আনুভূমিকভাৱে বা এনেকৈ শুৱাই ৰাখিব লাগে যাতে মূৰটো দেহৰ তুলনাত নিম্নস্থানত থাকে।
  • শ্বাস-প্ৰশ্বাস উন্নত কৰিবলৈ পিন্ধি থকা চোলাৰ বুটাম আদি খুলি দিব লাগে যাতে নিশ্বাসত কোনো বাধাৰ সৃষ্টি নহয়। মুক্ত পৰিৱেশত দুৰ্দশাগ্ৰস্তক ৰাখিব লাগে।
  • শৰীৰ গৰম কৰি ৰাখিব লাগে, কম্বল আদিৰে ঢাকি দিব লাগে; গৰম চাহ, গাখীৰ আদি পান কৰিব দিব লাগে।

আঘাতৰ দ্বাৰা আহত হোৱা দুৰ্দশাগ্ৰস্তৰ ছ্‌ক নিবাৰণৰ বাবে মনত ৰাখিবলগীয়া ৫ টা নীতি হৈছে-

  • দুৰ্দশাগ্ৰস্তৰ বিষ কমোৱা,
  • শৰীৰত জুলীয়া পদাৰ্থ প্ৰৱেশ কৰোৱা,
  • দুৰ্দশাগ্ৰস্তৰ শৰীৰ গৰম কৰি ৰখা,
  • শান্ত আৰু শব্দবিহীন পৰিৱেশত ৰখা,
  • সাৱধানে চিকিৎসকৰ ওচৰলৈ নিয়া।

স্নায়বিক আঘাতৰ বনৌষধি তথা ঘৰুৱা চিকিৎসা

  • মৰামূৰ্ছা হ’লে ২৫০-৫০০ মি.গ্ৰা. হিং ১০-২০ টোপাল মৌৰ লগত ভালদৰে মিহলাই অলপ অলপকৈ জিভাত লগাই খুৱাব লাগে। লগতে ভৰি দুখন গৰম পানীত ১০ মিনিটমান তিয়াই ৰাখিব লাগে। প্ৰতি ৩ ঘন্টাৰ মূৰে মূৰে এনে কৰিব লাগে। কাপোৰেৰে বুকু ঢাকি গৰম কৰি ৰখাৰ লগতে ছালকুঁৱৰীৰ পাতৰ মজ্জাৰে মূৰত ভৰণ দিব লাগে।
  • প্ৰস্ৰাৱৰ কষ্টৰ বাবে ছ্‌ক হ’লে নাভিৰ চাৰিওফালে গৰুৰ ঘিউ বা তেল সানি লৈ তাৰ ওপৰত নহৰু মিহিকৈ বটি লেপ দিলে অতি সোনকালে প্ৰস্ৰাৱ হয় আৰু সংজ্ঞা উভতাই পায়।
  • প্ৰস্ৰাৱৰ কষ্টৰ বাবে ছ্‌ক হ’লে আমলখি অতি মিহিকৈ বটি সম পৰিমাণে বগা চন্দনৰ গুড়ি মিহলি কৰি নাভিৰ চাৰিওফালে লেপ দিলে উপকাৰ পোৱা যায়।
  • পিত্ত বিকাৰৰ বাবে ছ্‌ক হ’লে নিমখ মিহিকৈ গুড়ি কৰি অলপ অলপকৈ জিভাত লগাই খাই থাকিলে বমিৰ দ্বাৰা হালধীয়া তিতা পানী ওলাই যায় আৰু সংজ্ঞা ফিৰি আহে।
  • পিত্ত বিকাৰৰ বাবে ছ্‌ক হ’লে নাকৰ ওচৰত জালুকৰ ধোঁৱা দিব লাগে।
  • উচ্চ জ্বৰত কঁপনি উঠি ছ্‌ক হ’লে গৰম পানীৰে বা গৰম বালিৰে হাত-ভৰিৰ তলুৱা, কাষলতি আদিত সেক দিব লাগে।
  • উচ্চ জ্বৰত কঁপনি উঠি ছ্‌ক হ’লে কঁপনি কমাৰ লগে লগে অলপ অলপকৈ গৰম গাখীৰ খুৱাব লাগে।
  • সান্নিপাত জ্বৰত ছ্‌ক হ’লে চজিনাৰ শিপাৰ ৰস নাকেৰে টনালে জ্ঞান ঘূৰি আহে। জালুকৰ ধোঁৱা নাকৰ ওচৰত ধৰিলেও হয়।

লিখক: ডা: ৰফিক আলী।

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate