অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানৱ দেহত কোষৰ বিস্ময়কৰ কাৰুকাৰ্যঃ

চমু বিৱৰণ

আমি জানো যে আমাৰ দেহ কোষেৰে গঠিত। কিন্তু এই কোষৰ আকৃতি- আমাৰ শৰীৰত কিমান কোষ থাকে- এইবোৰ নিজাকৈ আৰু কোষবোৰ সংগঠিত হৈ টিছ্যু হিচাপে কেনেদৰে কাম কৰে। কোষৰ এই বিস্ময়কৰ কাৰুকাৰ্য সম্পৰ্কে চমুকৈ উল্লেখ কৰা হ’ল।

এই কোষৰ আকৃতি ইমান সূক্ষ্ম যে তাক মাইক্ৰ’স্ক’পেৰেহে দেখা পোৱা যায় আৰু কোষৰ ভিতৰৰ কাৰুকাৰ্য চাবলৈ হ’লে ছুপাৰ মাইক্ৰ’স্ক’পৰ প্ৰয়োজন। শেহতীয়া গৱেষণাৰ সমীক্ষাৰ মতে আমাৰ দেহত ৭৫ ট্ৰিলিয়ন চেল আছে অৰ্থাত্ ৭৫ৰ পাছত ১২ টা শূন্য ৭৫,০০০,০০০,০০০,০০০ কোষ। এই কোষৰ আকৃতি ইমানেই নগণ্য যে এটি আলপিনৰ মূৰত দহ লক্ষ কোষক বহুৱাই ৰাখিব পাৰি। আমাৰ দেহত ২০০ৰো অধিক বিভিন্ন ধৰণৰ কোষ আছে আৰু এই কোষবোৰ শৰীৰৰ বিভিন্ন প্ৰয়োজনীয় কাম-কাজত ব্যস্ত থাকে। এইবোৰৰ কিছুমানে নিজাববীয়াকৈ কাম কৰে, যেনে ৰেড ব্লাড চেল- যিয়ে অক্সিজেন আৰু দেহলৈ পৰিপুষ্টি যোগায়। কোষক কোৱা হয় প্ৰাণৰ মূল উপাদান, আচলতে কোষেই প্ৰাণ। মানুহে যি কামেই নকৰক কিয়- কোষৰ অংশগ্ৰহণ তাত থাকিবই।

শৰীৰৰ বিভিন্ন অংগত থকা কোষ

আমাৰ চকুত প্ৰায় ২৫ কোটি ৰেড কোষ আছে- ইয়াৰ কাৰ্যপ্ৰণালী অতি বিস্ময়কৰ। ক্ষীণ পোহৰক এই ৰেড কোষে বঢ়াই এই সংকেত মস্তিষ্কলৈ পঠায়। ফলত আপুনি লাহে লাহে দেখিবলৈ ধৰে। এনে ধৰণে অন্ধকাৰ ঘৰতো লাহে লাহে কমকৈ হ’লেও আমি দেখা পাবলৈ সমৰ্থ হও। পোহৰ ধৰি ৰাখিবলৈ এই ২৫ কোটি ৰেড কোষৰ লগত আছে ৰঞ্জক দ্ৰব্য সমন্ধিত ৩ কোটি অণু। শক্তি সৃষ্টি কৰিবলৈ আছে ২ হেজাৰ মাইক্ৰোকনডিয়া। যাক আমি ‘পাৱাৰ ষ্টেচন’ বুলি ক’ব পাৰো- য’ত শৰ্কৰা পুৰি এনাৰ্জী উত্পাদন কৰে আৰু ছাই হিচাপে থাকে (পানী আৰু কাৰ্বন-ডাই-অক্সাইড) অত্যন্ত জটিল এই ৰাসায়নিক প্ৰক্ৰিয়াৰ মাজেৰে ‘এ ডেনোছিছ ট্ৰাইফচফেট’ (সংক্ষেপে এ টি পি) নামৰ এবিধ বস্তুৰ সংযোজন ঘটে। গছৰ পৰা পশু-পক্ষী, মানুহলৈ সজীৱ বস্তুৰ সাৰ্বজনীন শক্তিৰ উত্স হ’ল এই এ টি পি।

উদাহৰণস্বৰূপে যেতিয়া আমাৰ হৃদযন্ত্ৰ- স্পন্দিত হ’ব লগা হয়- নিশ্বাস ল’বলৈ বুকুৰ পতা ফুলি উঠিবলগীয়া হয় তেতিয়া এ টি পি ভাঙি সহজতৰ উপাদান হৈ যায়। অৰ্থাত্ নিজে ভাঙি শক্তি যোগান ধৰে। গতিকে এই পৃথিৱীত আমি যিমান দিন বাচি থাকিম- সিমান দিনলৈ এ টি পিৰ চাহিদা থাকিব। আনকি আমি গভীৰ নিদ্ৰামগ্ন অৱস্থাত থকা সময়তো এ টি পি ভাঙি মস্তিষ্কৰ কোষক এনাৰ্জী যোগান ধৰে।

মাইক্ৰোনডিয়া সকলো কোষৰ ভিতৰত থাকিলেও একমাত্ৰ ৰঙা তেজৰ কণিকাত ই নাথাকে, কাৰণ ৰঙা তেজৰ কণিকাই তেজৰ প্ৰবাহত ওপঙি চলাচল কৰে, এনাৰ্জীৰ প্ৰয়োজন নহয়।

কোষৰ ভিতৰত আটাইতকৈ বিস্ময়কৰ নাৰীদেহৰ ডিম্বাণু বা স্ত্ৰী প্ৰজনন কোষ। মাথোঁ ০১ʹ ব্যাসাৰ্ধ বিশিষ্ট ডিম্বাকৰ এই জীৱন কণাৰ লগত গৰ্ভাশয়ৰ ভিতৰত পুং প্ৰজনন কোষৰ মিলন হ’লেই এটা ডিম্বাকোষ ভাঙি দুটা হয়। দুয়োটাৰ প্ৰত্যেকটোৱেই এনেদৰে ভাঙি থাকে। এনেদৰে ভাঙি দুই বিলিয়ন কোষ তৈয়াৰ হৈ এটি শিশু দেহৰ গঠন হয়।

ডি এন এ আৰু আৰ এন এ

বৰ্তমান বিজ্ঞানৰ গৱেষণাৰ আটাইতকৈ বিস্ময়কৰ বস্তুটোৱেই হ’ল ‘ডি এন এ’- সম্পূৰ্ণ নামটো হ’ল ‘ডি অক্সিৰিবোনিউক্লিক এচিড’। ডি এন এৰ হুকুম মতে এই কোটি কোটি কোষে নিজৰ কাম কৰে। ডি এন এৰ আদেশ মতে- কোষে কেনেকৈ কাম কৰিব লাগিব- কি বস্তু উত্পাদন কৰিব লাগিব- কি বস্তু বিচাৰি বাহিৰ কৰিব লাগিব- কি ত্যাগ কৰিব লাগিব ইত্যাদি কাম কোষে কৰে। ডি এন এৰ জটিল তত্ত্বলৈ নগৈ অতি সাধাৰণভাৱে বুজিবলৈ ইয়াক আমি এক আৰ্কিটেকৰ লগত তুলনা কৰিব পাৰো। জীয়াই থাকিবলৈ যি চমকপদ নক্সাৰ দৰকাৰ- এই নক্সা বনাই ঠিকেই, কিন্তু ঘৰ সজোৱাৰ দায়িত্ব দিয়ে ডাঙৰ কনট্ৰেকটৰক। এই কনট্ৰেকটৰ হ’ল আৰ এন এ- সম্পূৰ্ণ নাম ৰিবোনিউফ্লিক এচিড। অণু বা মলিকিউলৰ আকাৰ সমস্ত খবৰ তথ্য ডি এন এৰ মাজত লুকাই থাকে। বাৰ্তাবহ আৰ এন এ পৰম আৰামেৰে ডি এন এৰ গাত গা লগাই জড়িত হৈ নক্সাৰ হুবহু ছাপ উঠাই লয়। যিমান দৰকাৰ সিমানখিনি ছাপেই উঠাই লয়। কনট্ৰেকটৰ ৰূপী আৰ এন এৰ এই ব্লুপ্ৰিণ্টৰ পৰাই খবৰ পঠাই অন্যান্য আৰ এন এলৈ। এনে নিৰ্দেশৰ ফলতে নিৰ্মাণ কৰে আমাৰ দেহৰ লাগতিয়াল প্ৰ’টিন।

২০ ধৰণৰ প্ৰ’টিন পুঁডিৰ মালাৰ দৰে বিশেষ বিশেষ পেটেণ্ট সজাই নিজকে। ফল হয় নানান ৰকমৰ। এনেদৰে কেতিয়াবা তৈয়াৰ হয় আমাৰ দেহৰ হৃদযন্ত্ৰৰ স্পন্দমান পেশী কোষ- সংকোচনক্ষম ভৰিৰ পেশী- যাতে আমি খোজকাঢ়িব পাৰো।

কোষ বিভাজন

কোষ বিভাজনৰ ফলস্বৰূপেই আমাৰ সৃষ্টি এই কোষ বিভাজন গোটেই জীৱন অব্যাহত থাকে- মৃত্যুৰ আগমুহূৰ্তলৈ। কাৰণ প্ৰত্যেক ছেকেণ্ডত লক্ষ লক্ষ কোষৰ মৃত্যু হয় আৰু প্ৰত্যেক ছেকেণ্ডত লক্ষ লক্ষ কোষৰ জন্ম হয়। ইয়াৰ ব্যতিক্ৰম হ’ল মস্তিষ্কৰ কোষ। মস্তিষ্কৰ কোষৰ মৃত্যু হ’লে পুনৰাই নতুন কোষৰ জন্ম নহয়। ইয়াৰ কাৰণ হ’ল আমি জন্ম পাওঁতেই গোটেই জীৱনলৈ যিমান মস্তিষ্কৰ কোষৰ প্ৰয়োজন সিমানখিনি লৈয়ে জন্ম লাভ কৰিছো। মস্তিষ্কৰ কোষৰ মৃত্যু হ’লেও ক্ষতি নহয়, অতিৰিক্ত কোষেৰে সুন্দৰভাৱে চলি থাকে।

লেখকঃ ড সনাতন ডেকা

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate