অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিৰাপদ মাতৃত্ব

নিৰাপদ মাতৃত্ব সম্পৰ্কে তথ্য বিনিময় কৰা আৰু সেইবোৰ মানি চলাটো কিয় গুৰুত্বপূৰ্ণ?

গৰ্ভৱস্থা আৰু শিশুজন্ম বিষয়ক সমস্যাৰ বাবে প্ৰতিদিনে প্ৰায় ১৪০০ মহিলাৰ মৃত্যু হয়। ইয়াতকৈ বহুগুণ অধিক মহিলাৰ গৰ্ভধাৰণ অতি জতিল অৱস্থাৰ সন্মুখীন হয়। ইয়াৰে অধিক সংখ্যকৰেই মাতৃ আৰু শিশুটিৰ বাবে প্ৰাননাশক হৈ পৰিব পাৰে বা তেওঁলোকে সাংঘাটিক ধৰণৰ অসক্ষমতাসহ জীৱন-ধাৰণ কৰিব লগা হয়। যদিহে এগৰাকী মহিলাই গৰ্ভধাৰণৰ আগতে সু-স্বাস্থ্যৱতী আৰু পুষ্টিসমৃদ্ধ হয়, যদিহে গৰ্ভৱতী অৱস্থাত ভালদৰে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ দ্বাৰা কমেও চাৰিবাৰ স্বাস্থ্য পৰীক্ষা কৰোৱায় আৰু চিকিৎসক, নাৰ্চ বা ধাইৰ দৰে প্ৰশিক্ষিত লোকৰ পৰ্য্যবেক্ষণত প্ৰসৱ কৰোৱাই তেন্তে এনে বিপদজনক অৱস্থাবোৰ কমাই ৰাখিব পৰা যায়। ইয়াৰ উপৰিও প্ৰসৱৰ ১২ ঘন্টাৰ পাছত আৰু ৬ সপ্তাহৰ পাছত মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা অৱশ্যেই কৰোৱাব লাগে।

প্ৰসৱৰ আগতে আৰু পিছত সেৱা উপলব্ধ কৰা, প্ৰসৱৰ সময়ত সহায় কৰিবলৈ স্বাস্থ্যকৰ্মীসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা, যিসকল মহিলা গৰ্ভাৱস্থা বা প্ৰসৱৰ সময়তে গুৰুতৰ সমস্যা থাকে তেওঁলোকৰ বাবে বিশেষ যত্ন আৰু বিশেষজ্ঞৰ পৰামৰ্শৰ ব্যৱস্থা কৰাটো চৰকাৰৰ বিশেষ দায়িত্ব। অধিক সংখ্যক চৰকাৰেই মহিলাসকলৰ বিৰুদ্ধে বৈষম্য দূৰীকৰণৰ এখন আন্তৰ্জাতিক বুজাবুজি পত্ৰত স্বাক্ষৰ কৰিছে। ইয়াত গৰ্ভৱতী মহিলাসকলক প্ৰয়োজনীয় সেৱা প্ৰদানৰ আইনসন্মত অংগীকাৰো আছে।

মূল বাৰ্তাসমূহ

নিৰাপদ মাতৃত্বৰ বিষয়ে কি কি কথা পৰিয়াল আৰু জনসাধাৰণে জনাৰ অধিকাৰ আছে?

১) এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে, সকলো পৰিয়ালে গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ৰ সমস্যাৰ বিপদজনক সংকেতসমূহ বুজিব পাৰিব লাগে আৰু সমস্যাৰ সন্মুখীন হ’লে তেওঁলোকে দক্ষলোকৰ সহায় লাভ কৰাৰ ব্যৱস্থা আৰু সামৰ্থ থাকিব লাগে।

২) নাৰ্চ, বা প্ৰশিক্ষিত স্বাস্থ্যকৰ্মী বা ধাই আদি প্ৰসৱ সহায়কৰ সহায়ত প্ৰতি গৰ্ভৱতী মহিলাক গৰ্ভাৱস্থাত কমেও চাৰিবাৰ পৰীক্ষা কৰিব লাগে আৰু প্ৰতিবাৰ প্ৰসৱৰ সময়ত সহায় কৰিব লাগে।

৩) সকলো গৰ্ভৱতী মহিলাক গৰ্ভাৱস্থাৰ সম্পূৰ্ণ সময়ছোৱাত পুষ্টিকৰ খাদ্য আৰু স্বাভাৱিক অৱস্থাতকৈ অধিক সময়ৰ বিশ্ৰামৰ প্ৰয়োজন হয়।

৪) ধূমপান, মাদক দ্ৰব্য, নিছাযুক্ত ঔষধ, বিষাক্ত দ্ৰব্য আৰু প্ৰদূষিত সামগ্ৰীয়ে গৰ্ভৱতী মহিলা আৰু কেঁচুৱাক বিশেষভাৱে ক্ষতি কৰে।

৫) মহিলা আৰু শিশুক শাৰিৰীক নিৰ্যাতন কৰাটো বহু সমাজৰ এটা গুৰুতৰ সমস্যা। গৰ্ভাৱস্থাত কৰা নিৰ্যাতন মহিলা আৰু ভ্ৰুণ দুয়োৰে বাবে অতি বিপদজনক।

৬) সৰু কালৰে পৰা কৈশোৰ অৱস্থালৈ ভাল খাদ্য লাভ কৰা শিক্ষিত সুষ্ঠ ছোৱালীৰ গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত সমস্যা কম হয়।

৭) বিশেষকৈ গৰ্ভাৱস্থা আৰু প্ৰসৱকালসহ প্ৰত্যেক মহিলাৰ স্বাস্থ্য যত্নৰ অধিকাৰ আছে। স্বাস্থ্যসেৱা প্ৰদানকাৰীসকল ব্যৱহাৰিক ক্ষেত্ৰত যোগ্যতা সম্পন্ন হোৱা উচিত।

মূল বাৰ্তা-১

এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে, সকলো পৰিয়ালে গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ৰ সমস্যাৰ বিপদজনক সংকেতসমূহ বুজিব পাৰিব লাগে আৰু সমস্যাৰ সন্মুখীন হ’লে তেওঁলোকে দক্ষলোকৰ সহায় লাভ কৰাৰ ব্যৱস্থা আৰু সামৰ্থ থাকিব লাগে

যিকোনো গৰ্ভাৱস্থাত কিবা সমস্যা হোৱাৰ আশংকা থাকে। এনে ধৰণৰ বহুবোৰ জতিলতাই পূৰ্বানুমান কৰিব পৰা নাযায়। প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ কৰা মাক আৰু কেঁচুৱা দুয়োৰে বাবে এনেবোৰ জতিলতাৰ আশংকা বৃদ্ধি পায়।

মহিলাই প্ৰতিবাৰ গৰ্ভাৱস্থাত অতি কমেও চাৰিবাৰ স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্যপৰীক্ষা কৰোৱাৰ দৰকাৰ৷ ক’ত প্ৰসৱ হোৱাটো ভাল সেই সম্পৰ্কে এজন চিকিৎসক, নাৰ্চ বা ধাই আদি প্ৰসৱ সহায়কৰ পৰামৰ্শ ল’ব লাগে।

যিহেতু গৰ্ভাৱস্থা, প্ৰসৱৰ সময় বা জন্মৰ ঠিক পাছতে বিপদজনক সমস্যাৰ সৃষ্টি হ’ব পাৰে সেয়েহে সকলো পৰিয়ালে নিকটৱৰ্তী চিকিৎসালয় বা স্বাস্থ্যকেন্দ্ৰৰ অৱস্থান সম্পৰ্কে ভালদৰে জানি থোৱা উচিত। যিকোনো সময়ত জৰুৰীকালীনভাৱে লৰালৰিকৈ মহিলাগৰাকীক তালৈ নিবৰ বাবে ধন আৰু যাতায়তৰ ব্যৱস্থা কৰি থোৱা প্ৰয়োজন। সম্ভৱ হ’লে গৰ্ভাৱস্থাত চিকিৎসা ব্যৱস্থা কাষতে পাবলৈ চিকিৎসালয় আৰু চিকিৎসা কেন্দ্ৰৰ কাষত অস্থায়ীভাৱে থকাৰ ব্যৱস্থাও কৰিব পাৰে।

যদি কোনো পৰিয়ালে জ্ঞাত হয় যে প্ৰসৱ কষ্টকৰ বা বিপদজনক হ’ব পাৰে তেন্তে তেনে প্ৰসৱ চিকিৎসালয় বা প্ৰসূতি গৃহত হোৱা উচিত। বিশেষভাৱে প্ৰথমবাৰ, প্ৰতিবাৰ প্ৰসৱ চিকিৎসালয় বা প্ৰসূতি গৃহত অধিক নিৰাপদ।

সকলো পৰিয়ালে তলত উল্লেখ কৰা বিপদৰ কাৰণ আৰু সংকেত সম্পৰ্কে জনা উচিত।

গৰ্ভাৱস্থাৰ পূৰ্বৰ বিপদৰ কাৰণ

  • পূৰ্বৰটো প্ৰসৱৰ পিছত দুবছৰতকৈ কম ব্যৱধান।
  • ছোৱালীৰ বয়স ১৮ বছৰতকৈ কম আৰু মহিলাৰ বয়স ৩৫ বছৰতকৈ অধিক।
  • মহিলাগৰাকীৰ ৪ টা বা ততোধিক সন্তান আছে।
  • পূৰ্বে মহিলাগৰাকীৰ সময়তকৈ আগতে সন্তান প্ৰসৱ হৈছে বা জন্মৰ সময়ত শিশুৰ ওজন ২ কিলো’গ্ৰামতকৈ কম আছিল।
  • পূৰ্বে মহিলাগৰাকীৰ এবাৰ কষ্টদায়ক প্ৰসৱ হৈছে বা অস্ত্ৰোপচাৰ কৰি প্ৰসৱ কৰোৱা হৈছে।
  • পূৰ্বে মহিলাগৰাকীৰ গৰ্ভপাত হৈছে বা মৃত সন্তান প্ৰসৱ হৈছে।
  • মহিলাগৰাকীৰ ওজন ৩৮ কিলো’গ্ৰামতকৈ কম।
  • মহিলাগৰাকীৰ ইনফিবুলেচন হৈছে বা জননেন্দ্ৰিয় ছেদ কৰা হৈছে।

গৰ্ভাৱস্থাত বিপদজনক সংকেতসমূহ

  • ওজন বৃদ্ধি নোহোৱা (গৰ্ভাৱস্থাত কমেও ৬ কিলো’গ্ৰাম ওজন বৃদ্ধি হ’ব লাগে)।
  • ৰক্তশূন্যতা- চকুৰ পতাৰ ভিতৰ ভাগ ধেলা বৰণ লোৱা (সুস্থ লোকৰ ৰঙা বা গুলপীয়া হয়), অতি দূৰ্বলতা বা সহজে ভাগৰ লগা।
  • হাত, ভৰি বা মুখ অস্বাভাৱিকভাৱে উখহি উঠা
  • ভ্ৰূণ কমকৈ লৰচৰ কৰা বা একেবাৰেই লৰচৰ নকৰা।

এনেবোৰ সংকেত দেখা দিলে লগে লগে চিকিৎসালয়লৈ নিব লাগে।

  • গৰ্ভাৱস্থাত যোনীৰে ৰক্তপাত বা প্ৰসৱৰ পাছত অতি বেছিকৈ ৰক্তপাত হ’লে।
  • অতি বেছি মূৰৰ বিষ বা পেটৰ বিষ হ’লে।
  • অতি বেছিকৈ বাৰে বাৰে বমি হ’লে।
  • অতি বেছি জ্বৰ।
  • সময়ৰ হিছাপতকৈ আগতেই পানী ভঙা।
  • গাৰ কঁপনি উঠা।
  • প্ৰচণ্ড জ্বৰ।
  • অতি দীৰ্ঘসময় প্ৰসৱ বেদনা

মূল বাৰ্তা-২

নাৰ্চ, বা প্ৰশিক্ষিত স্বাস্থ্যকৰ্মী বা ধাই আদি প্ৰসৱ সহায়কৰ সহায়ত প্ৰতি গৰ্ভৱতী মহিলাক গৰ্ভাৱস্থাত কমেও চাৰিবাৰ পৰীক্ষা কৰিব লাগে আৰু প্ৰতিবাৰ প্ৰসৱৰ সময়ত সহায় কৰিব।

গৰ্ভাৱস্থাত যত্নৰ প্ৰ্য়োজন হয়৷ কিয়নো এই অৱ্স্থাত যিকোনো সময়ত কিবা অস্বাভাৱিক হোৱাৰ আশংকা থাকে। প্ৰায়বোৰ বিপদৰ পৰা হাত সাৰিব পৰা যায় যদিহে মহিলাগৰাকী গৰ্ভধাৰণ কৰা বুলি সন্দেহ হোৱাৰ লগে লগেই স্বাস্থ্যকেন্দ্ৰ বা দক্ষ প্ৰসৱ সহায়কৰ কাষ চাপে। ইয়াৰ পাছত গৰ্ভাৱস্থাত কমেও চাৰিবাৰ পৰীক্ষা কৰোৱা আৰু প্ৰসৱৰ ১২ ঘন্টাৰ পাছত আৰু ৬ সপ্তাহৰ পিছত পুনৰ পৰীক্ষা কৰোৱাটো অতি প্ৰয়োজনীয়।

যদি গৰ্ভাৱস্থাত ৰক্তপাত হয়, পেটৰ বিষ হয় অথবা ওপৰত উল্লেখ কৰা কোনোবাটো বিপদৰ সংকেত দেখা পোৱা যায়, তেন্তে শীঘ্ৰে প্ৰসৱ সহায়কৰ লগত আলোচনা কৰা উচিত।

স্বাস্থ্যকেন্দ্ৰত প্ৰসৱ সহায়কৰ সহায়ত প্ৰসৱ কৰোৱা আৰু প্ৰসৱৰ ১২ ঘন্টাৰ পাছত মাকৰ অৱস্থাৰ পৰীক্ষা কৰোৱাটোৱে ভৱিষ্যতলৈ মাক আৰু কেঁচুৱাটিৰ অসুস্থ হোৱা বা মৃত্যু হোৱাৰ সম্ভাৱনা কমায়।

চিকিৎসক, নাৰ্চ বা প্ৰশিক্ষিত ধাই আদি প্ৰসৱ সহায়কসকলে তলত দিয়া বিষয়সমূহৰ জৰিয়তে নিৰাপদ গৰ্ভাৱস্থা আৰু প্ৰসৱ নিশ্চিত কৰে।

  • গৰ্ভাৱস্থাৰ অগ্ৰগতি পৰীক্ষা কৰাত যদি কিবা সমস্যাই দেখা দিয়ে তেন্তে মহিলাগৰাকীক চিকিৎসালয়লৈ পঠিয়াব পৰা যায়।
  • উচ্চ ৰক্তচাপ পৰীক্ষা কৰা, যিটো অধিক হ’লে মাক আৰু কেঁচুৱা উভয়ৰ বাবে বিপদজনক হ’বগৈ পাৰে।
  • তেজ শূন্যতাৰ পৰীক্ষা কৰা আৰু নিয়মীয়াকৈ লৌহ/ফলেটৰ পৰিপূৰক প্ৰদান কৰা।
  • খাদ্যপ্ৰান ‘ক’ ৰ অভাৱজনিত সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ উপযুক্ত পৰিমাণৰ খাদ্যপ্ৰান ‘ক’ ৰ বিধান প্ৰদান কৰা।
  • গৰ্ভাৱস্থাত সংক্ৰমণৰ পৰীক্ষা কৰা, বিশেষকৈ মূত্ৰনলীৰ সংক্ৰমণ আৰু যৌনকাৰ্য্যৰ দ্বাৰা সক্ৰমিত সংক্ৰমণ, আৰু ইয়াৰ চিকিৎসা কৰোৱা।
  • মাক আৰু নৱজাত শিশুটিৰ ধনুষ্টংকাৰৰ পৰা ৰক্ষা কৰিবলৈ মাকক দুটা বেজী দিয়া।
  • মাকৰ যাতে গড়ল ৰোগ নহয় আৰু তেওঁৰ সন্তান যাতে ভৱিষ্যতে শাৰিৰীক আৰু মানসিক অসক্ষমতাৰ পৰা ৰক্ষা পৰে তাৰ বাবেই সকলো গৰ্ভৱতী মহিলাক আয়ডিনযুক্ত নিমখ খাদ্য প্ৰস্তুতকৰণত ব্যৱহাৰ কৰিবলৈ উৎসাহ প্ৰদান কৰা।
  • ভ্ৰুণ সঠিকভাৱে বিকাশ/বৃদ্ধি হৈছে নে নাই লক্ষ্য ৰখা।
  • প্ৰয়োজন হ’লে মেলেৰীয়া বিৰোধী ঔষধ প্ৰদান কৰা।
  • মহিলাগৰাকীক প্ৰসৱৰ অভিজ্ঞতাৰ বাবে প্ৰস্তুত কৰা, স্তনপান কৰোৱা আৰু নিজৰ লগতে নৱজাতকৰ যত্নৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰা।
  • প্ৰসৱ ক’ত হোৱাটো ভাল আৰু প্ৰসৱৰ সময়ত বা প্ৰসৱৰ পাছতেই কিবা সমস্যা হ’লে কি ধৰণৰ সহায় লাভ কৰিব সেই সম্পৰ্কে গৰ্ভৱতী মহিলা আৰু পৰিয়ালৰ লোকক পৰামৰ্শ প্ৰদান কৰা।
  • যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি তাৰ পৰামৰ্শ প্ৰদান।
  • স্বেচ্ছাই আৰু গোপনীয়তা বজাই ৰাখি এইছআইভি ৰ পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান। সকলো মহিলাৰে স্বেচ্ছাই আৰু গোপনীয়তা বজাই ৰাখি এইছআইভি ৰ পৰীক্ষা কৰোৱাৰ আৰু পৰামৰ্শ লাভৰ অধিকাৰ আছে। সংক্ৰমিত গৰ্ভৱতী মহিলা বা নতুন মাক বা যিসকলৰ সংক্ৰমণ হ’ব পাৰে বুলি সন্দেহ থাকে তেওঁলোকে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ লগত আলোচনা কৰা উচিত। কেনেদৰে তেওঁৰ সন্তানৰ সংক্ৰমিত হোৱাৰ সম্ভাৱনা কমাব পৰা যায় আৰু কিদৰে নিজৰ যত্ন ল’ব লাগে সেই সম্পৰ্কে জানি লোৱা উচিত।

প্ৰসৱৰ সময়ত প্ৰশিক্ষিত সহায়কসকলে জানে যে,

  • প্ৰসৱ বেদনা কেতিয়া অধিক সময় ধৰি অব্যাহত আছে। (১২ ঘন্টাৰ অধিক)কেতিয়া চিকিৎসালয়লৈ নিব লাগিব।
  • কেতিয়া চিকিৎসা সহায়ৰ প্ৰয়োজন আৰু সেয়া কেনেকৈ পাব পাৰি।
  • সংক্ৰমণৰ ভয় কেনেদৰে হ্ৰাস কৰিব পাৰি। হাত, সা-সঁজুলি আৰু প্ৰসৱৰ স্থান পৰিষ্কাৰকৈ ৰখা।
  • কেঁচুৱাৰ অৱস্থিতি যদি সঠিকভাৱে নাথাকে তেন্তে কি কৰিব লাগিব।
  • মাকৰ যদি অধিক ৰক্তক্ষৰণ হয় তেন্তে কি কি কৰণীয়
  • জন্মৰ পাছতে কেঁচুৱাটিক স্তনপান কৰোৱাবলৈ কেনেদৰে আগবঢ়াব লাগিব।
  • প্ৰসৱৰ পাছত কৰণীয়সমূহ কেনেদৰে নিৰাপদে কৰিব লাগে আৰু মাকৰ যত্ন কেনেদৰে লব লাগে।
  • অন্ধত্ব ৰোধ কৰাৰ বাবে কেঁচুৱাৰ চকুত কেনেদৰে ঔষধ প্ৰদান কৰিব।

প্ৰসৱৰ পাছত দক্ষ সহায়কসকলে কৰা উচিত৷

  • প্ৰসৱৰ ১২ ঘন্টাৰ পাছত আৰু ৬ সপ্তাহৰ পাছত মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা
  • পুনৰ আন এটা প্ৰসৱৰ পৰা বিৰত থকা বা পলম কৰাৰ উপায় সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰা।
  • এইছআইভি আদিৰ দৰে যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগসমূহৰ পৰা কেনেদৰে আঁতৰি থাকিব পাৰি বা সন্তানটি সংক্ৰমিত হোৱাৰ সম্ভাৱনা কেনেকৈ কমাব পৰা যায় তাৰ পৰামৰ্শ প্ৰদান কৰা।

 

মূল বাৰ্তা-৩

সকলো গৰ্ভৱতী মহিলাক গৰ্ভাৱস্থাৰ সম্পূৰ্ণ সময়ছোৱাত পুষ্টিকৰ খাদ্য আৰু স্বাভাৱিক অৱস্থাতকৈ অধিক সময়ৰ বিশ্ৰামৰ প্ৰয়োজন হয়।

সকলো গৰ্ভৱতী মহিলাক পৰিয়ালত উপলব্ধ সকলোতকৈ ভাল আহাৰঃ গাখীৰ, ফল-মূল, শাক-পাছলি, মাছ, মাংস, কণী, শস্য, মটৰ আৰু বিন আদি প্ৰদান কৰিব লাগে। এনে ধৰণৰ খাদ্য গৰ্ভৱতী অৱস্থাৰ বাবে নিৰাপদ। যদি মহিলাগৰাকীয়ে গৰ্ভাৱস্থাত লৌহ, খাদ্যপ্ৰান ক, আৰু ফলিক এছিড সমৃদ্ধ খাদ্য গ্ৰহণ কৰিলে শক্তি পাব আৰু সুস্থবোধ কৰিব। এনেবোৰ খাদ্যৰ ভিতৰত পৰে। মাংস, মাছ, কণী, সেউজীয়া পাতৰ পাছলি, কমলা টেঙা, হালধীয়া বৰণৰ ফল আৰু পাছলি। ৰক্তশূণ্যতো প্ৰতিৰোধ কৰিবৰ বাবে স্বাস্থ্যকৰ্মীসকলে গৰ্ভৱতী মহিলাসকলক লৌহৰ বড়ি প্ৰদান কৰিব পাৰে। খাদ্যপ্ৰান ক কম মাত্ৰাত থকা অঞ্চলসমূহত উপযুক্ত পৰিমাণে খাদ্যপ্ৰান ক প্ৰদান কৰি সংক্ৰমন প্ৰতিৰোধ কৰিব পাৰে। গৰ্ভৱ্তী মহিলা এগৰাকীক প্ৰতিদিনে ১০,০০০ আন্তৰ্জাতিক একক (আইইউ)বা সপ্তাহত ২৫,০০০ আন্তৰ্জাতিক একক পৰিমাণতকৈ অধিক খাদ্যপ্ৰান গ্ৰহণ কৰিব নালাগে। ব্যৱহাৰ কৰা নিমখ আয়ডিনযুক্ত হ’ব লাগে। যিসকল মহিলাৰ পথ্যত যথেষ্ট পৰিমাণৰ আয়ডিন নাথাকে তেওঁলোকৰ গৰ্ভপাত হোৱাৰ সম্ভাৱনা বা শাৰিৰীক মানসিক বিকলাংগ শিশু জন্ম হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গৰল ৰোগ এগৰাকী মহিলাৰ আয়ডিন অভাৱৰ স্পষ্ট প্ৰমাণ।

যদি ৰক্তহীনতা মেলেৰীয়া বা হাকোটা পেলু হৈছে বুলি সন্দেহ হয় তেন্তে গৰ্ভৱতী মহিলাই স্বাস্থ্যকৰ্মীৰ সৈতে আলোচনা কৰা উচিত।

মূল বাৰ্তা ৪

ধূমপান, মাদক দ্ৰব্য, নিচাযুক্ত ঔষধ, বিষাক্ত দ্ৰব্য আৰু প্ৰদূষিত সামগ্ৰীয়ে গৰ্ভৱতী মহিলা আৰু কেঁচুৱাক বিশেষভাৱে ক্ষতি কৰে।

ধূমপান, মাদক দ্ৰব্য, নিচাযুক্ত ঔষধ গৰ্ভৱতী মহিলাই ধূমপান কৰা স্থানত থাকিলে নিজৰ লগতে ভ্ৰুণৰো ক্ষতি হয়। মাদক দ্ৰব্যপান কৰিলে বা নিচাযুক্ত ঔষধ সেৱন কৰিলেও এনে ক্ষতি হয়। গৰ্ভাৱস্থাত প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ বিধান অবিহনে কোনো ধৰণৰ ঔষধেই গ্ৰহণ কৰিব নালাগে।

যদি এগৰাকী গৰ্ভৱতী মহিলাই ধূমপান কৰে তেন্তে জন্মৰ সময়ত কেঁছুৱাৰ ওজন কম হোৱাৰ আশংকা অধিক হয়। ইয়াৰ ওপৰিও কেঁছুৱাটিৰ চৰ্দি, কাঁহ, ক্ৰেউপ, নিউমনিয়া বা আন শ্বাস কষ্টত ভোগাৰ সম্ভাৱনা অধিক থাকে।

শিশুৰ মানসিক আৰু শাৰিৰীক বিকাশ সুনিশ্চিত কৰিবলৈ হ’লে গৰ্ভৱতী মহিলা আৰু কেঁচুৱা কেতিয়াও ধূমপানৰ ধোঁৱা, ৰান্ধনিশালৰ ধোঁৱা, কীটনাশক, অপতৃণনাশক আৰু আন বিষাক্ত দ্ৰব্যৰ মাজত থাকিব নালাগে। সীহৰ পানী যোগান নলীৰে পানীলৈ অহা সীহ, যান-বাহনৰ বৰ্জিত ধোঁৱা আৰু কিছুমান ৰঙত থকা প্ৰদূষিত দ্ৰব্যৰ পৰাও আঁতৰত থাকিব লাগে।

মূল বাৰ্তা ৫

মহিলা আৰু শিশুক শাৰিৰীক নিৰ্যাতন কৰাটো বহু সম্প্ৰদায়ৰ এটা গুৰুতৰ সমস্যা। গৰ্ভাৱস্থাত নিৰ্যাতন মহিলা আৰু ভ্ৰুণ দুয়োৰে বাবে অতি বিপদজনক।

গৰ্ভাৱস্থাত নিৰ্যাতনৰ ফলত মহিলা আৰু ভ্ৰুণ উভয়ৰ বাবেই বিপদজনক। ইয়াৰ ফলত মহিলা আৰু ভ্ৰুণৰ মাৰাত্মক ক্ষতি হ’ব পাৰে। শাৰিৰীকভাৱে নিৰ্যাতিত মহিলাই সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাই পেলাব পাৰে। গৰ্ভৱতী মহিলাৰ পৰিয়ালে এই কথা জনা উচিত আৰু তেওঁক নিৰ্যাতনৰ পৰা ৰক্ষা কৰা প্ৰয়োজন।

মূল বাৰ্তা ৬

সৰু কালৰে পৰা কৈশোৰ অৱস্থাত ভাল খাদ্য লাভ কৰা শিক্ষিত সুষ্ঠ ছোৱালীৰ গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত সমস্যা কম হয়।

লিখা-পঢ়া কৰিব পৰা মহিলাই নিজৰ আৰু পৰিয়ালৰ সুস্বাস্থ্য বজাই ৰখাত সহায়ক হয়। যিবোৰ ছোৱালীয়ে অতি কমেও ৭ বছৰ বিদ্যালয়ত পঢ়িছে তেওঁলোকৰ কৈশোৰত গৰ্ভৱতী হোৱাৰ সম্ভাৱনা কম হয় আৰু নিৰক্ষৰ ছোৱালীৰ তুলনাত পলমকৈ বিয়া হোৱাৰ সম্ভাৱনা অধিক।

শিশু আৰু কৈশোৰত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিলে গৰ্ভাৱস্থা আৰু প্ৰসৱৰ পিছত সমস্যাৰ সম্ভাৱনা কমি যায়। পুষ্টিকৰ আহাৰৰ ভিতৰত মাহ, আন আন দাইল, শস্যবীজ, শাক-পাচলি, ৰঙা, হালধীয়া, কমলা বৰণৰ পাচলি আৰু ফল আদি অন্যতম। যেতিয়াই সম্ভৱ হয় কণী, গাখীৰ, গাখীৰৰ সামগ্ৰী, মাছ, কুকুৰা-ছাগলীৰ মাংস আদি খাব লাগে।

ছোৱালী আৰু মহিলাৰ যৌনাংগ কাটিলে যোনী আৰু মূত্ৰনলীত মাৰাত্মক সংক্ৰমণ হব পাৰে আৰু ইয়াৰ ফলত বন্ধ্যাত্ব বা মৃত্যুও হ’বগৈ পাৰে। যৌনাংগ কাটিলে প্ৰসৱত বিপদজনক সমস্যা, মানসিক আৰু শাৰিৰীক সমস্যাও হ’ব পাৰে।

মূল বাৰ্তা-৭

বিশেষকৈ গৰ্ভাৱস্থা আৰু প্ৰসৱকালসহ প্ৰত্যেক মহিলাৰ স্বাস্থ্য যত্নৰ অধিকাৰ আছে। স্বাস্থ্যসেৱা প্ৰদানকাৰীসকল ব্যৱহাৰিক ক্ষেত্ৰত যোগ্যতা সম্পন্ন হোৱা উচিত।

যদি মহিলাসকলে স্বাস্থ্য যত্ন আৰু বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰ সুযোগ-সুবিধা থাকে তেন্তে গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত বহুবোৰ বিপদৰ পৰা ৰক্ষা পাব পৰা যায়।

দক্ষ প্ৰসৱ সহায়ক যেনে, চিকিৎসক, নাৰ্চ বা ধাই আৰু জৰুৰীকালীন অৱস্থাত ধাই সেৱা লাভ কৰাৰ অধিকাৰ সকলো মহিলাৰে আছে। উন্নত স্বাস্থ্য যত্নত মহিলাসকলক তথ্য আৰু পৰামৰ্শ প্ৰদান কৰি, জ্ঞানসম্পন্ন সিদ্ধান্ত গ্ৰহণ কৰাত সক্ষম কৰি তোলে। মাতৃত্ব সেৱাৰ প্ৰয়োজনীয়তা থকা মহিলাসকলে স্বাস্থ্যকেন্দ্ৰলৈ যোৱাৰ ব্যৱস্থা সহজ হোৱা প্ৰয়োজন আৰু আৰ্থিক খৰছৰ চিন্তাই তেওঁলোকক এই সুযোগ সুবিধাৰ গ্ৰহণৰ ক্ষেত্ৰত বাধা হোৱা উচিত নহয়। স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলৰ উন্নত যত্ন লোৱাত পাৰদৰ্শীতা থকা উচিত। এনে ব্যক্তিসকলক সকলো মহিলাক সন্মান প্ৰদান আৰু তেওঁলোক সংস্কৃতি আৰু অভ্যাসৰ প্ৰতি সহানুভূতিশীল ব্যৱহাৰ কৰা আৰু তেওঁলোকৰ গোপনীয়তা ৰক্ষা কৰাৰ শিক্ষা প্ৰদান কৰা উচিত।

উৎস: ইউনিছেফ

শেহতীয়া উন্নীতকৰণ: : 4/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate