পেটচলা ৰোগৰ ফলত হোৱা জলশূণ্যতা আৰু পুষ্টিহীনতাৰ বাবে প্ৰতি বছৰে ১ নিযুততকৈও অধিক শিশু মৃত্যুৰ মুখত পৰে। শিশুসকলৰ জলশূণ্যতা অতি সোনকালে হয় বাবে প্ৰাপ্তবয়স্কসকলতকৈ শিশুসকল সোনকালে মৃত্যুৰ মুখত পৰে। পেটচলা ৰোগ হোৱা প্ৰতি ২০০ জন শিশুৰ ভিতৰত এজনৰ মৃত্যু হয়।
মুখেৰে বিজাণু সোমোৱাৰ বাবে বিশেষকৈ শৌচৰ পৰা অহা বিজাণুৰ পৰা ডায়েৰীয়া হয়। যিবোৰ ঠাইত সুৰক্ষিতভাৱে শৌচ নিষ্কাষণৰ ব্যৱস্থা নাই, স্বাস্থ্যবিধি আৰু পৰিচন্নতা মানি নচলা বা বিশুদ্ধ খোৱা পানী সম্পৰ্কে সচেতনতা নথকা বা যেতিয়া শিশুৱে স্তনপান নকৰে তেনেবোৰ কাৰণত ডায়েৰীয়া বেছিকৈ হোৱা দেখা যায়। যি শিশুৱে কেৱল স্তনপানহে কৰে তেনে শিশুৰ কাৎচিতহে ডায়েৰীয়া হয়।
যদিহে পৰিয়াল আৰু সমাজে চৰকাৰ আৰু বেচৰকাৰী সংগঠনৰ সহযোগত একেলগে কাম কৰি, ডায়েৰীয়া হব পৰা অৱস্থাবোৰ প্ৰতিৰোধ কৰিব পাৰি।
মূল বাৰ্তাসমূহ
১) ডায়েৰীয়াৰ ফলত শিশুৰ শৰীৰৰ পৰা পানীভাগ বাহিৰ হৈ যোৱাৰ বাবে শিশু মৃত্যুৰ মুখত পৰে। অৰ্থাৎ শিশুটি জলশূণ্য হৈ পৰে। ডায়েৰীয়া আৰম্ভ হোৱাৰ লগে লগেই শিশুটিক অতিৰিক্ত জুলীয়া আহাৰ আৰু পানীৰ লগতে নিয়মীয়া আহাৰ আৰু জুলীয়া আহাৰ প্ৰদান কৰাটো অত্যাৱশ্যকীয়।
২) যদিহে এঘন্টাৰ ভিতৰতে শিশুটিৰ কেইবাবাৰো পনীয়া শৌচ হয় বা যদি শৌচৰ লগত তেজ যায় তেন্তে শিশুটিৰ জীৱন বিপদাপন্ন হব পাৰে। এনে ক্ষেত্ৰত অনতিপলমে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ পৰা সহায় বিচাৰিব লাগে।
৩) স্তনপানে ডায়েৰীয়াৰ সঘনতা আৰু জতিলতা হ্ৰাস কৰে।
৪) এটি ডায়েৰীয়াত ভোগা শিশুৱে নিয়মীয়া আহাৰ গ্ৰহণ অব্যাহত ৰাখিব লাগে। ডায়েৰীয়া শাম কটাৰ পাছত কমেও দুসপ্তাহলৈ দৈনিক এসাঁজকৈ অতিৰিক্ত আহাৰ শিশুটিক খুৱাব লাগে।
৫) যদি শিশুটি জলশূণ্যতাত ভোগে আৰু ডায়েৰীয়া অব্যাহত থাকে তেন্তে কেৱল অআৰএছ বা প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীয়ে অনুমোদন কৰা ঔষধহে শিশুটিক প্ৰদান কৰিব লাগে। আন ডায়েৰীয়াৰ ঔষধসমূহ কাৰ্য্যকৰী নহয় আৰু এইবোৰে শিশুটিক ক্ষতি কৰিব পাৰে।
৬) ডায়েৰীয়া প্ৰতিৰোধ কৰিবলৈ হ’লে সকলো শৌচ-শৌচাগাৰত পেলাব লাগে বা পুতি পেলাব লাগে।
৭) স্বাস্থ্যবিধি আৰু পৰিচন্নতাই ডায়েৰীয়াৰ পৰা সুৰক্ষা প্ৰদান কৰে। শৌচৰ সংস্পৰ্শলৈ আহাৰ পাছত বা খাদ্য বস্তু স্পৰ্শ কৰাৰ আগতে চাবোন, চাই আদিৰে ঘহি পানীৰে ভালদৰে হাত ধুব লাগে।
ডায়েৰীয়াৰ ফলত শিশুৰ শৰীৰৰ পৰা পানীভাগ বাহিৰ হৈ যোৱাৰ বাবে শিশু মৃত্যুৰ মুখত পৰে। অৰ্থাৎ শিশুটিৰ জলশূণ্য হৈ পৰে। ডায়েৰীয়া আৰম্ভ হোৱাৰ লগে লগেই শিশুটিক অতিৰিক্ত জুলীয়া আহাৰ আৰু পানীৰ লগতে নিয়মীয়া আহাৰ আৰু জুলীয়া আহাৰ প্ৰদান কৰাটো অত্যাৱশ্যকীয়।
এটি শিশুৱে যেতিয়া দিনত তিনিবাৰ বা তাতকৈ অধিক বাৰ পনীয়া শৌচ কৰে তেতিয়া শিশুটিৰ ডায়েৰীয়া হয়। যিমানে অধিক বাৰ পনীয়া শৌচ কৰিব ডায়েৰীয়াও সিমানে বিপদজনক হৈ পৰে।
কিছুমানলোকে ভাৱে যে ডায়েৰীয়াত জুলীয়া পদাৰ্থ খালে ৰোগটো অধিক বেয়ালৈ গতি কৰে। এইটো একেবাৰে অসত্য। ডায়েৰীয়া হোৱা শিশুক ডায়েৰীয়া ভাল নোহোৱা পৰ্য্যন্ত যিমান সম্ভৱ হয় সিমানে ঘনাই জুলীয়া পদাৰ্থ খাবলৈ দিব লাগে। ডায়েৰীয়াৰ সময়ত দেহৰ পৰা ওলাই যোৱা পানীভাগ জুলীয়া পদাৰ্থ খালে পূৰণ হোৱাত সহায় কৰে।
ডায়েৰীয়াত ভোগা শিশুৰ বাবে অনুমোদিত পানীয়ঃ
জনশূণ্যতা নহবলৈ স্তনপান কৰা শিশুক যিমানবাৰ সম্ভৱ ঘনাই স্তনপান কৰোৱাব লাগে। আন শিশুসকলক প্ৰতিবাৰ পনীয়া শৌচ কৰাইপ্ৰতি তলত দিয়া পৰিমাণৰ জুলীয়া খাদ্য প্ৰদান কৰিব লাগে।
পৰিষ্কাৰ কাপেৰে পানীয় খুৱাব লাগে। গাখীৰ খোৱা বটল কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। বটল সম্পূৰ্ণকৈ পৰিষ্কাৰ কৰিব পৰা নাযায় আৰু অপৰিষ্কাৰ বটলৰ পৰা ডায়েৰীয়া হব পাৰে।
যদি শিশুটিয়ে বমি কৰে তেন্তে যত্ন লওতাই ১০ মিনিট সময় অপেক্ষা কৰিব লাগে আৰু পুনৰ লাহে লাহে শিশুটিক পানীয় প্ৰদান কৰিব লাগে। এবাৰত এক শুহা দিব লাগে।
ডায়েৰীয়া ভাল নোহোৱালৈকে শিশুটিক অতিৰিক্ত জুলীয়া খাদ্য প্ৰদান কৰিব লাগে।
ডায়েৰীয়া সাধাৰণতে তিনিৰ পৰা চাৰি দিনৰ ভিতৰত ভাল হৈ যায়। যদিহে এসপ্তাহলৈ ডায়েৰীয়া হৈ থাকে তেন্তে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ পৰা সহায় লব লাগে।
যদিহে এঘন্টাৰ ভিতৰতে শিশুটিৰ কেইবাবাৰো পনীয়া শৌচ হয় বা যদি শৌচৰ লগত তেজ যায় তেন্তে শিশুটিৰ জীৱন বিপদাপন্ন হব পাৰে। এনে ক্ষেত্ৰত অনতিপলমে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ পৰা সহায় বিচাৰিব লাগে।
তলত উল্লেখ কৰা বোৰ হ’লে তৎকালে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীক দেখুৱাব লাগে।
যদি শিশুটিয়ে ১-২ ঘন্টাৰ ভিতৰত কেইবাবাৰো পনীয়া শৌচ কৰে আৰু বমি কৰে তেন্তে সেয়া বিপদৰ ঘন্টা। এইটো কলেৰাৰ লক্ষণ। কলেৰাত এঘন্টাৰ ভিতৰতে শিশুটিৰ মৃত্যু হব পাৰে। অতি সোনকালে চিকিৎসা সাহাৰ্য্য বিচাৰিব লাগে।
১) সকলো শৌচ পায়খানাত পেলাব লাগে বা পুতি পেলাব লাগে।
২) শৌচ স্পৰ্শ কৰাৰ পাছত চাবোনেৰে বা ছাইৰে ভালদৰে পৰিষ্কাৰ পানীৰে হাত ধুব লাগে।
৩) নিৰাপদ খোৱা পানী ব্যৱহাৰ কৰিব লাগে।
৪) সকলো খাদ্য ভালদৰে বাকলি গুচাই বা ৰান্ধি খাব লাগে।
স্তনপানে ডায়েৰীয়াৰ সঘনতা আৰু জতিলতা হ্ৰাস কৰে।
ডায়েৰীয়াত ভোগা শিশুৰ বাবে স্তনদুগ্ধ অতি উত্তম খাদ্য আৰু পানীয়। স্তনদুগ্ধ নকৰাবলৈ মাতৃগৰাকীক উপদেশ দিয়া হয়। এই উপদেশ একেবাৰে ভুল। যেতিয়া শিশুটিৰ ডায়েৰীয়া হয় তেতিয়া স্বাভাৱিকতকৈ অধিক ঘনাই স্তনপান কৰোৱাব লাগে।
এটি ডায়েৰীয়াত ভোগা শিশুৱে নিয়মীয়া আহাৰ গ্ৰহন অব্যাহত ৰাখিব লাগে। ডায়েৰীয়া শাম কটাৰ পাছত কমেও দুসপ্তাহলৈ দৈনিক এসাজ অতিৰিক্ত আহাৰ শিশুটিক খুৱাব লাগে।
ডায়েৰীয়া হ’লে শিশুৰ ওজন কমি যায় আৰু অতি সোনকালে পুষ্টিহীনতা হবগৈ পাৰে। ডায়েৰীয়া হোৱা শিশুক তেওঁ খাব পৰা সকলো খাদ্য আৰু পানীয় খাবলৈ দিব লাগে। খাদ্যই শিশুটিৰ ডায়েৰীয়া বন্ধ হোৱাত সহায় কৰাৰ লগতে শিশুটি সোনকালে আৰোগ্য হোৱাত সহায় কৰে। ডায়েৰীয়া হোৱা শিশু এটিয়ে খাবলৈ নিবিচাৰিব পাৰে বা বমি কৰিব পাৰে, সেইবাবে খুৱাওঁতে কিছু অসুবিধা হব পাৰে। যদি শিশুটিৰ বয়স ৬ মাহ বা তাতোকৈ অধিক হয়, তেন্তে পিতৃ-মাতৃয়ে যিমান ঘনাই সম্ভৱ হয় শিশুটিক খাদ্য খুৱাবলৈ যত্ন কৰিব লাগে। কোমল বা পিটিকা আহাৰ বা শিশুটিয়ে ভালপোৱা খাদ্য কম কমকৈ ঘনাই খুৱাব লাগে। এই খাদ্যত কম পৰিমাণৰ নিমখ মিহলাই দিব পাৰি। গোটাতকৈ জুলীয়া আহাৰৰ পৰিমাণ অধিক হ’ব লাগে।
ভালদৰে পিটিকা কৰা শস্যদানা আৰু বিন, মাছ, ভালদৰে সিজোৱা মাংস, দৈ আৰু ফল-মূল পেটচলা শিশুৰ বাবে অনুমোদিত খাদ্য। শস্যদানা আৰু পাছলিত এচামুছ বা দুচামুচ তেল মিহলাই দিব পৰা যায়। নতুনকৈ প্ৰস্তুত কৰা খাদ্য দিনটোত ৫-৬ বাৰ খুৱাব লাগে।
পেটচলা বন্ধ হোৱাৰ পাছত সম্পূৰ্ণ আৰোগ্য হ’বলৈ অতিৰিক্ত খাদ্যৰ ভূমিকা অপৰিহাৰ্য্য। এই সময়ত কমেও দুসপ্তাহৰ বাবে অতিৰিক্ত এসাজ আহাৰ বা স্তনপান কৰাব লাগে। ডায়েৰীয়াৰ সময়ত দেহৰ পৰা ওলাই যোৱা শক্তি আৰু পুষ্টিসমূহ পূৰণ কৰাত ই সহায় কৰে। ৰোগৰ আগতে থকা শিশুটিৰ ওজনৰ সমান ওজন পুনৰ ঘূৰাই নোপোৱালৈকে শিশুটিক সম্পূৰ্ণ আৰোগ্য হোৱা বুলিব নোৱাৰি। খাদ্যপ্ৰান ‘ক’ আৰু খাদ্যপ্ৰান ‘ক’ সমৃদ্ধ খাদ্যই শিশুৰ পেটচলা ৰোগ আৰোগ্য কৰাত সহায় কৰে। স্তনদুগ্ধ, যকৃত, মাছ, গাখীৰৰ সামগ্ৰী, কমলা আৰু হালধীয়া বৰণৰ ফল-মূল আৰু পাছলি আৰু সেউজীয়া পাতৰ পাচলিত প্ৰচুৰ পৰিমাণে খাদ্যপ্ৰান ক পোৱা যায়।
যদি শিশুটি জলশূণ্যতাত ভোগে আৰু ডায়েৰীয়া অব্যাহত থাকে তেন্তে কেৱল অআৰএছ বা প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীয়ে অনুমোদন কৰা ঔষধহে শিশুটিক প্ৰদান কৰিব লাগে। আন ডায়েৰীয়াৰ ঔষধসমূহ কাৰ্য্যকৰী নহয় আৰু এইবোৰে শিশুটিক ক্ষতি কৰিব পাৰে।
পেটচলা ৰোগ কেইদিনমানৰ ভিতৰত আপুনা-আপুনি ভাল হৈ যায়। আটাইতকৈ বিপদৰ কথাটো হ’ল পেটচলা ৰোগত শিশুৰ দেহৰ পৰা পানীভাগ আৰু পুষ্টিসমূহ বাহিৰহৈ যোৱাৰ ফলত জলশূণ্যতা আৰু পুষ্টিহীনতা হবগৈ পাৰে। প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীয়ে অনুমোদন নকৰালৈকে পেটচলা শিশুক কোনো ধৰণৰ বড়ি, বিজানুনাশক বা আন ঔষধ প্ৰদান কৰিব নালাগে।
পেটচলা ৰোগীৰ বাবে উত্তম শুশ্ৰুষা হ’ল পৰ্য্যাপ্ত পৰিমাণৰ জুলীয়া আহাৰ আৰু অআৰএছ উপযুক্ত পৰিমাণত মিহলি কৰা পানী।
যদি অআৰএছ ৰ পেকেট উপলভ্য নহয়, তেন্তে জলশূণ্যতাৰ বাবে ঘৰতে ৪ চামুচ চেনী আৰু আধা চামুচ নিমখ এক লিটাৰ বিশুদ্ধ পানীত ভালদৰে মিহলাই প্ৰস্তুত কৰি লব পৰা যায়। মিশ্ৰণটো প্ৰস্তুত কৰোতে সঠিক পৰিমাণৰ সামগ্ৰী মিহলোৱাটো অতি আৱশ্যকীয় কথা-কিয়নো চেনীৰ পৰিমাণ অধিক হ’লে পেটচলা ৰোগ বেয়াৰ ফাললৈ গতি কৰিব আৰু নিমখ অধিক হ’লে শিশুটিৰ বাবে ক্ষতিকাৰক হ’ব। যদি দ্ৰৱণটো অলপ পনীয়াও হয় তেন্তে ইয়াৰ পৰা একো ক্ষতি নহয় আনহাতে ইয়াৰ কাৰ্য্যকাৰীতাও অধিক ক্ষতি নহয়। মিজিলছৰ বাবে ঘনাই জটিল পেটচলা ৰোগ হয়। মিজিলছৰ প্ৰতিষেধক প্ৰদান কৰি এনে পেটচলা ৰোগৰ কাৰণ প্ৰতিৰোধ কৰিব পৰা যায়।
অআৰএছ ৰ দ্ৰৱণ-পেটচলাৰ বাবে বিশেষ পানীয় অআৰএছ কি?
অআৰএছ হ’ল এবিধ বিশেষ সংমিশ্ৰিত লোনৰ শুকান গুৰি। পেটচলা ৰোগত দেহৰ পৰা ওলাই যোৱা পানী পূৰণ কৰিবলৈ এই লৱণ যথোপযুক্তভাৱে পানীৰ লগত মিহলাই গ্ৰহণ কৰিব লাগে।
অআৰএছ ক’ত পোৱা যায়?
প্ৰায় সকলোবোৰ দেশতে অআৰএছ ৰ পেকেট স্বাস্থ্যকেন্দ্ৰ, ঔষধৰ দোকান, দোকান আদিত উপলব্ধ।
অআৰএছ ৰ দ্ৰৱণ প্ৰস্তুত কৰিবলৈ হ’লে
১) এটা পৰিষ্কাৰ পাত্ৰত অআৰএছ ৰ গুৰিখিনি পেকেটৰ পৰা উলিয়াই লওক। পেকেটৰ ওপৰত লিখা থকা নিৰ্দেশাৱলী পঢ়ি চাওক আৰু সঠিক পৰিমাণৰ বিশুদ্ধ পানী মিহলাওক। অতি কম পৰিমাণৰ পানী মিহলালে পেটচলা ৰোগ অধিক জতিল হবগৈ পাৰে।
২) কেৱল পানীহে মিহলাব। গাখীৰ, চুৰুহা, ফলৰ ৰস বা আন লঘু পানীয়ৰ লগত অআৰএছ নিমিহলাব। চেনী নিমিহলাব।
৩) ভালদৰে ঘুটি মিহলাই লওক। শিশুটিক পৰিষ্কাৰ কাপেৰে খুৱাওক। বটল ব্যৱহাৰ নকৰিব।
কিমান পৰিমাণৰ অআৰএছ পানীয় খুৱাব লাগে?
শিশুটিয়ে যিমান খাবলৈ পাৰে সিমান পান কৰিবলৈ উৎসাহিত কৰিব লাগে।
দুবছৰতকৈ কম বয়সৰ শিশুক প্ৰতিবাৰ পনীয়া শৌচ কৰাৰ পাছত ডাঙৰ কাপৰ চাৰিভাগৰ এভাগৰ পৰা আধা কাপ পৰ্য্যন্ত অআৰএছ পানী খুৱাব লাগে। দুবছৰ বা তাতোকৈ ডাঙৰ শিশুক প্ৰতিবাৰ পনীয়া শৌচৰ পাছত অতি কমেও ডাঙৰ কাপৰ আধা কাপৰ পৰা সম্পূৰ্ণ একাপ অআৰএছ পানীয় খুৱাব লাগে।
ডায়েৰীয়া সাধাৰণতে ৩-৪ দিনৰ ভিতৰত বন্ধ হয়। যদিহে এসপ্তাহলৈ পনীয়া শৌচ অব্যাহত থাকে তেন্তে অনতিপলমে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীক দেখুৱাব লাগে।
ডায়েৰীয়া প্ৰতিৰোধ কৰিবলৈ হ’লে সকলো শৌচ-শৌচাগাৰত পেলাব লাগে বা পুতি পেলাব লাগে।
ঘৰুৱা খোৱাপানী, খাদ্য, হাত, বাচন-বৰ্তন বা খাদ্য প্ৰস্তুত কৰা মজিয়া শৌচৰ সংস্পৰ্শলৈ অহাৰ ফলত শিশু আৰু প্ৰাপ্তবয়স্ক লোকৰ মুখেৰে এইবোৰ পেটলৈ গৈ পেটচলা ৰোগ কৰে। মাখি আদিয়েও শৌচৰ পৰা খাদ্যবস্তুলৈ এই বিজাণু সঞ্চালন কৰে। খাদ্যবস্তু আৰু খোৱাপানী ধাকি থৈ মাখিৰ পৰা সুৰক্ষিত কৰিব পাৰি। সকলো শৌচ, আনকি কেঁচুৱা আৰু সৰু ল’ৰা-ছোৱালীৰ শৌচতো এনে বিজাণু থাকে, গতিকেই এয়া অতি বিপদজনক। যদিহে শিশুৱে শৌচাগাৰত শৌচ কৰিবলৈ অক্ষম তেন্তে শৌচ কৰাৰ পাছতে অতি সোনকালে পৰিষ্কাৰ কৰিব লাগে আৰু শৌচখিনি পাইখানাত বা গাতত পুতি পেলাব লাগে। শৌচাগাৰৰ পৰা বিজাণু নিবিয়পিবলৈ নিয়মীয়াকৈ শৌচাগাৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। যদিহে শৌচাগাৰ উপলব্ধ নহয় তেন্তে শিশু, কেঁচুৱা আৰু প্ৰাপ্তবয়স্ক লোকৰ শৌচ থকা ঘৰ, ৰাস্তা, পানী যোগান ব্যৱস্থা আৰু শিশুৱে খেলা-ধূলা ঠাইৰ পৰা দূৰৈত পুতি পেলাব লাগে।
শৌচাগাৰ নথকা ঠাইত ৰাইজে সমূহীয়া শৌচাগাৰ সাজি লোৱাৰ ব্যৱস্থা কৰিব পাৰে। পানীৰ উৎসসবোৰৰ পৰা জীৱ-জন্তু আৰু মানুহৰ শৌচ দূৰৈত ৰাখিব লাগে।
স্বাস্থ্যবিধি আৰু পৰিচন্নতাই ডায়েৰীয়াৰ পৰা সুৰক্ষা প্ৰদান কৰে। শৌচৰ সংস্পৰ্শলৈ আহাৰ পাছত বা খাদ্য বস্তু স্পৰ্শ কৰাৰ আগতে চাবোন, ছাই আদিৰে ঘহি পানীৰে ভালদৰে হাত ধুব লাগে।
শৌচ হাতেৰে স্পৰ্শ কৰাৰ পাছত আৰু প্ৰতিবাৰ খাদ্যবস্তু চোৱাৰ আগতে চাবোন বা চাই ঘহি পৰিষ্কাৰ পানীৰে হাত ভালদৰে ধুব লাগে।
ডায়েৰীয়া প্ৰতিৰোধ কৰিবলৈ লব লগা পৰিচন্নতাসমূহঃ
মাখিয়ে যাতে বিজাণু বিয়পাব নোৱাৰে তাৰ বাবে সকলো বৰ্জিত সামগ্ৰী পুতি, পুৰি বা নিৰাপদ ঠাইত পেলাব লাগে।
উৎস: ইউনিছেফ
শেহতীয়া উন্নীতকৰণ: : 3/18/2020
ওজন কমাবলৈ শিশুৰ দৰে খাদ্য গ্ৰহণ কৰক
গাখীৰৰ পৰা হ’ব পৰা ৰোগ
কৈশোৰ: জীৱনৰ আটাইতকৈ জটিল সময়
ইয়াত কন্যা শিশুৰ কল্যানৰ বিষয়ে আলোচনা কৰা হৈছে।