অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্তনপান

স্তনপানৰ তথ্য বিনিময় আৰু এই তথ্যসমূহ মানি চলাটো কিয় গুৰুত্বপূৰ্ণ?

আন খাদ্য আৰু পানীয় খোৱা কেঁচুৱাতকৈ কেৱল মাত্ৰ স্তনপান কৰা শিশুসকল কমকৈ ৰোগত পৰে আৰু অধিক পুষ্টি লাভ কৰে। যদিহে জীৱনৰ প্ৰথম ছমাহলৈ সকলো শিশুক কেৱল স্তনপানেই কৰোৱা হয় তেন্তে প্ৰায় ১.৫ নিযুত শিশুক প্ৰতিবছৰে মৃত্যুৰ পৰা ৰক্ষা কৰিব পৰা যাব আৰু আন কেইবা নিযুতো শিশুৰ স্বাস্থ্য আৰু বিকাশ উন্নত মানৰ কৰিব পৰা যাব।

স্তনদুগ্ধৰ পৰিপূৰক সামগ্ৰী যেনে কিনিবলৈ পোৱা কেঁচুৱাৰ বাবে গাখীৰ, পশুৰ গাখীৰ আদিবোৰ শিশুৰ স্বাস্থ্যৰ বাবে বিপদৰ কাৰণ হ’ব পাৰে। বিশেষকৈ যদিহে পিতৃ-মাতৃয়ে শিশুক পৰ্য্যাপ্ত পৰিমাণে এনে খাদ্য যোগান ধৰাত অক্ষম হয়, যদিহে অতি বেছি দামী হয় আৰু যদিহে প্ৰতিবাৰেই বিশুদ্ধ পানী মিহলোৱা নহয়। প্ৰায় সকলো মাকেই সফলভাৱে স্তনপান কৰোৱাব পাৰে। যি মাতৃৰ স্তনদানৰ প্ৰতি দৃঢ়তা নাথাকে তেওঁক শিশুৰ পিতৃ আৰু পৰিয়ালে স্তনদানৰ বাবে উৎসাহ আৰু বাস্তৱিক সহায় আগবঢ়াব পাৰে।

স্তনপানৰ লাভালাভৰ তথ্যসমূহ সকলো লোকৰ বাবে সহজ লভা হ’ব লাগে আৰু সকলোকে এনে তথ্য যোগান ধৰাটো চৰকাৰৰ দায়িত্ব।

মূল বাৰ্তাসমূহ

স্তনপানৰ বিষয়ে কেনেবোৰ কথা পৰিয়ালে আৰু সমাজে জনাৰ অধিকাৰ আছে?

১) এটি শিশুক ৬ মাহ বয়সলৈকে প্ৰয়োজন হোৱা সকলে উপাদান কেৱল স্তন দুগ্ধতেই পোৱা যায়। এই সময়ছোৱাত আন কোনো ধৰণৰ খাদ্য, পানীয় আনকি পানীও শিশুক সাধাৰণতে প্ৰয়োজন নহয়।

২) এইছআইভি ৰে সংক্ৰমিত মহিলাৰ স্তনৰ গাখীৰৰ যোগেদি কেঁচুৱালৈ এই সংক্ৰমণ বিয়পাৰ বিপদ থাকে। যিসকল মহিলা সংক্ৰমিত আৰু সংক্ৰমিত হোৱা বুলি আশংকা কৰে তেনে মহিলাই স্বাস্থ্যকৰ্মী বা প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ লগত আলোচনা কৰি পৰীক্ষা, পৰামৰ্শ ল’ব লাগে যাতে কেনেকৈ শিশুটিক এই সংক্ৰমণৰ হোৱাৰ আশংকা কম কৰিব পাৰি।

৩) জন্মৰ ১ ঘন্টাৰ ভিতৰতে নৱজাতক শিশুটিক মাকৰ ওচৰলৈ নিব লাগে আৰু স্তনপান কৰোৱাব লাগে।

৪) যিমান ঘনাই স্তনপান কৰোৱা হয় সিমানে স্তনদুগ্ধ বেছিকৈ উৎপন্ন হয়। প্ৰায় সকলো মহিলায়েই সফলভাৱে স্তনপান কৰোৱাব পাৰে।

৫) স্তনপান কৰিলে কেঁচুৱা আৰু শিশুৰ দেহত বিপদজনক ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ কৰাত সহায় কৰে। ই মাক আৰু শিশুৰ মাজত নিবিড় সম্পৰ্ক গঢ়ি তোলে।

৬) বটলেৰে গাখীৰ খুউৱাৰ ফলত শিশু অসুস্থ হ’ব পাৰে আনকি মৃত্যুও হ’ব পাৰে। যদি কোনো মহিলাই তেওঁৰ শিশুক স্তনপান কৰোৱাব নোৱাৰে তেন্তে তেওঁক স্তনৰ গাখীৰ বা স্তনৰ গাখীৰৰ পৰিপূৰক গাখীৰ সাধাৰণ পৰিষ্কাৰ কাপোৰ খুৱাব লাগে।

৭) ৬ মাহ বয়সৰ পৰা শিশুক বিভিন্ন ধৰণৰ অতিৰিক্ত খাদ্যৰ প্ৰয়োজন হয়। কিন্তু দুবছৰ বা ততোকৈ দেৰীলৈকে স্তনপান কৰোৱাই থাকিব লাগে।

৮) ঘৰৰ পৰা আঁতৰত চাকৰী কৰা মহিলাই শিশুৰ লগত থকা সময়ছোৱাত ঘনাই স্তনপান কৰোৱাব লাগে।

৯) যদি এগৰাকী মহিলাই ৬ মাহ বয়সলৈ শিশুক কেৱল মাত্ৰ স্তনৰ গাখীৰেই খুৱাই, আন কোনো ধৰণৰ খাদ্য বা পানীয় নুখুৱায় আৰু দুধদানী বা কৃত্ৰিম স্তনবৃন্ত নিদিয়ে তেন্তে তেওঁ পুনৰ বাৰ গৰ্ভৱতী নোহোৱাত ৯৪ শতাংশ সুৰক্ষা প্ৰদান কৰে।

উৎস: ইউনিছেফ

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate