অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘ডায়েবেটিক ফুট দিৱস’ মানৱ সেৱাৰ এক অনন্য প্ৰয়াস :

‘ডায়েবেটিক ফুট দিৱস’ মানৱ সেৱাৰ এক অনন্য প্ৰয়াস :

 

সমগ্ৰ বিশ্বত বিশেষকৈ ভাৰতত গোটেই বছৰত অসংখ্য মেডিকেল দিৱস উদযাপন কৰা হয়। যেনে- এইডছ দিৱস, ডায়েবেটিছ দিৱস, মেলেৰিয়া দিৱস, হেপাটাইটিছ দিৱস, হৃদপিণ্ড দিৱস, পলিঅ’ দিৱস, উচ্চ ৰক্তচাপ দিৱস, কৰ্কট ৰোগ দিৱস, কুষ্ঠ দিৱস ইত্যাদি। কিন্তু বোধহয় প্ৰথমবাৰৰ বাবে অসমে এটা অনন্য দিৱস পালন কৰিবলৈ ওলাইছে- যাৰ নাম ‘ডায়েবেটিক ফুট ডে’। নিশ্চিতভাৱে এই দিৱস উদযাপনৰ কাৰ্যসূচীয়ে এই ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ এখোজ আগবাঢ়ি যোৱাত সহায় কৰিব আৰু মানুহক যথেষ্ট উপকাৰ কৰিব। এই দিৱস পালনৰ আয়োজন গুৱাহাটীৰ চানভেলি হস্পিতালৰ এক অনন্য প্ৰয়াস।

এই দিৱস প্ৰতি বছৰে এপ্ৰিল মাহৰ ২৩ তাৰিখে পালন কৰা হ’ব। চানভেলি হস্পিতালে তেওঁলোকৰ সুসংবদ্ধ এটা চিকিৎসকৰ দলৰ সহায়ত যোৱা এটা দশকৰো বেছি দিন উত্তৰ পূব ভাৰতৰ এটা বৃহৎ অঞ্চলত একক সেৱা আগবঢ়াই আহিছে আৰু হাজাৰৰো অধিক ডায়েবেটিছ ৰোগীৰ ভৰিত হোৱা ঘা আৰু গৰলৰ চিকিৎসা কৰি ভৰি কটা যোৱাৰ পৰা ৰক্ষা কৰিছে।

আমাৰ ভৰি দুখনৰ অৱদানৰ বাবে মানৱ সভ্যতাৰ বৰ্তমানৰ পৰ্য্যায় আমি পাব পাৰিছো। কিন্তু দুখৰ বিষয়, বহুতে আমাৰ জীৱনত ভৰিৰ অৱদানৰ কথা পাহৰি যাওঁ আৰু অৱহেলা কৰো। ভৰিৰ অৱদানৰ মূল্য আমি ভৰি হেৰোৱাৰ পিছতহে উপলব্ধি কৰিব পাৰো। আমাৰ অৱহেলাৰ বাবে ডায়েবেটিছ সম্পৰ্কীয় জটিলতাৰ সৃষ্টি হোৱা ৰোগীৰ গোটেই পৃথিৱীত প্ৰতি ৩০ ছেকেণ্ডত এখন ভৰি কটা যায়। প্ৰকৃতাৰ্থত ডায়েবেটিছ ৰোগৰ মহামাৰী ৰূপৰ কাৰণে (ভাৰতত ডায়েবেটিছ ৰোগীৰ সংখ্যা ২০০০ চনত ৩০ নিযুততকৈও বেছি হ’ব), এই ৰোগত ভোগা ৰোগীৰ বাবে আজিৰ সমাজ জীৱনত এক সাংঘাটিক প্ৰভাৱ পেলাইছে। আৱশ্যকীয় যতন আৰু চিকিৎসাৰ দ্বাৰা শতকৰা ৮৫ ভাগ ভৰিৰ সমস্যাত ভোগা ৰোগীক সফলতাৰে চিকিৎসা কৰিব পাৰি।

এই ডায়েবেটিক ফুট ডে’ত বহুতো কাৰ্যসূচী, যেনে- ডায়েবেটিছ ৰোগীৰ বিনামূলীয়া ভৰি পৰীক্ষা শিবিৰ, ডায়েবেটিছ ৰোগীৰ ভৰিত হোৱা ঘা, বা গৰলৰ পৰা বাচি থাকিবলৈ সাৱধানতা লোৱাৰ বাবে সজাগতাৰ সৃষ্টি, সঠিত জোখৰ জোতা পিন্ধিবলৈ পৰামৰ্শ প্ৰদান আদি কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা ‘চৰণ স্পৰ্শ’ প্ৰকল্প, যিটো ডাঃ সুধীৰ কুমাৰ জৈনৰ চিন্তা প্ৰসূত আৰু চানভেলি হস্পিতালৰ এক অন্যতম প্ৰচেষ্টা। এই কাৰ্যসূচীবিলাক বাস্তৱত ৰূপায়িত কৰা আৰু ইয়াৰ দ্বাৰা মানুহৰ জীৱনত ভৰি দুখনৰ প্ৰয়োজনীয়তা আৰু সংক্ৰমণৰ পৰা বচাই ৰখাৰ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব পৰা যায়। এই বিষয়ৰ ওপৰত সেইদিনা অনুষ্ঠিত হ’বলগীয়া সভাত গুৰুত্ব দিয়া হ’ব। যিটো বৰ্তমান সময়ৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচিত হ’ব বুলি আশা কৰা হৈছে।

লেখক: অভয় চন্দ্ৰ হাজৰিকা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 10/12/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate