অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অটল অমৃত অভিযান

অটল অমৃত অভিযান কি?

 

ৰাষ্টীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ এখন নতুন আঁচনি হ'ল অটল অমৃত অভিযান।

অটল অমৃত অভিযানৰ বিষয়ে কিছু কথা:-

 

অটল অমৃত  আঁচনিৰ জৰিয়তে অসমৰ সৰ্বসাধাৰণ ৰাইজে ৫টা নিৰ্দিষ্ট বেমাৰত ২ লাখ টকাৰ বীমা লাভ কৰিব৷অটল অমৃত অভিযান আঁচনিখনৰপৰা অসমৰ সৰ্বসাধাৰণ উপকৃত হ’ব৷ ৫টা বেমাৰ ক্রমে কেন্সাৰ, কিডনী, হাৰ্ট ছাৰ্জাৰী, নিউৰ’ছাৰ্জাৰী আৰু জুয়ে পোৰা ৰোগীয়ে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন স্থানৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিলে এই ৰোগীজনে ২ লাখ টকাৰ বীমা লাভ কৰিব৷ চলিত বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চলৈকে ৰাইজে এই বীমাৰ বাবে চৰকাৰক ধন পৰিশোধ কৰিব নালাগে৷ কিন্তু ১ এপ্ৰিলৰপৰা বি পি এল পৰিয়ালৰ বাহিৰে আন যিকোনো লোকে ১০০ টকা জমা কৰি স্মাৰ্ট কাৰ্ড লাভ কৰিব৷ এই কাৰ্যৰ জৰিয়তে সৰ্বাধিক ২ লাখ টকাৰ বীমা লাভ কৰিব সাধাৰণ জনতাই৷ অৱশ্যে যিসকল লোকৰ বিভিন্ন কোম্পানীত বীমা আছে তেওঁলোকে এই সুবিধা লাভ নকৰিব৷ আনহাতে অহা ২অক্টোবৰত ৰাজ্য চৰকাৰে অসম আৰোগ্য নিধিৰ উদ্যোগত ২,০০০ কৰ্কট ৰোগীলৈ ৫০ হাজাৰৰপৰা ১ লাখ টকালৈ আৰ্থিক সাহায্য প্ৰদান কৰিব৷

উৎস:অসমীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate