অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অন্তৰা পৰিয়াল কল্যাণ আঁচনিত নতুন সংযোজন

ৰাষ্ট্ৰসংঘৰ সদ্য প্ৰকাশিত হিচাপ অনুসৰি আমাৰ দেশৰ বৰ্তমান জনসংখ্যা ১৩৬ কোটি, পৃথিৱীৰ ১৭.৭৪ শতাংশ জনসংখ্যাৰে পৃথিৱীৰ দ্বিতীয়খন বৃহৎ দেশ।

ৰাষ্ট্ৰসংঘই ২০১৬ চনত প্ৰক্ষেপ কৰিছিল যে ২০২৮ চনত আমাৰ দেশৰ জনসংখ্যা চীনতকৈ বেছি হ’ব।

কিন্তু বৰ্তমান দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰলৈ চাই শেহতীয়াভাৱে সংস্থাটোৱে প্ৰক্ষেপ কৰিছে যে ২০২৫ চনতেই ভাৰতবৰ্ষ এই অৱস্থাত উপনীত হ’ব।

স্বাধীনতা লাভৰ সময়তেই আমাৰ দেশ পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ দেশ আছিল। বৰ্দ্ধিত জনসংখ্যাই দেশৰ অৰ্থনৈতিক, সামাজিক, স্বাস্থ্য আৰু পাৰিপাৰ্শ্বিকত নেতিবাচক প্ৰভাৱ পেলায় আৰু সামগ্ৰিকভাৱে দেশৰ উন্নতিত বাধাৰ সৃষ্টি কৰে।

সেয়েহে স্বাধীনতাৰ পিছত ১৯৫২ চনতেই দেশে ‘ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা আঁচনি’ গ্ৰহণ কৰে। জনসংখ্যা নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় আঁচনি গ্ৰহণ কৰা ভাৰতবৰ্ষই হৈছে প্ৰথম দেশ। যদিও জন্মৰ হাৰ ক্ৰমান্বয়ে কমি আহিছে, এতিয়াও কিন্তু চীন দেশৰ জন্মৰ হাৰতকৈ বেছি।

জন্ম নিয়ন্ত্ৰণৰ প্ৰাকৃতিক উপায়ৰ উপৰি চৰকাৰীভাৱে উপলব্ধ মূল উপায় দুটা হৈছে অস্থায়ী আৰু স্থায়ী জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা।

অস্থায়ী ব্যৱস্থাকেইটা হ’ল -

  • কণ্ডম,
  • ইণ্ট্ৰা ইউটেৰাইন কন্ট্ৰাচেপ্টিভ ডিভাইচ(IUCD) আৰু
  • টেবলেট(অ’ৰেল কন্ট্ৰাচেপ্টিক পিল) আৰু

স্থায়ী ব্যৱস্থাকেইটা হ’ল-

  • পুৰুষৰ বন্ধ্যাকৰণ আৰু
  • মহিলা বন্ধ্যাকৰণ।

কিন্তু এতিয়াও বহু পৰিয়ালে জন্ম নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তাৰ কথা চিন্তা নকৰে। যিসকল মহিলাই গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব বিচাৰে, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ অনুসৰি তেওঁলোকৰ ১২.৯ শতাংশৰ প্ৰয়োজন পূৰাব পৰাকৈ এতিয়াও কোনো ব্যৱস্থা উপলব্ধ নহয়।

এই সমীক্ষা অনুসৰি, ৫৩.৫ শতাংশ মহিলাইহে জন্ম নিয়ন্ত্ৰণৰ বাবে যিকোনো ব্যৱস্থা গ্ৰহণ কৰে।

বিভিন্ন ধৰণৰ সমীক্ষাৰপৰা দেখা গৈছে যে জন্ম নিয়ন্ত্ৰণৰ যিমানেই বেছি উপায় উপলব্ধ হয়, গৰ্ভনিৰোধক ব্যৱহাৰ সিমানে বাঢ়ি যায়।

সেয়েহে ওপৰত উল্লিখিত বৰ্তমান উপলব্ধ উপায়বোৰৰ উপৰি চৰকাৰে জন্ম নিয়ন্ত্ৰণৰ এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছে- অন্তৰা গৰ্ভনিৰোধক বেজী।

অন্তৰা গৰ্ভনিৰোধক বেজী কি?

অন্তৰা বেজী হৈছে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা উপাদানৰ এবিধ গৰ্ভনিৰোধক বেজী। এই বেজীটোত থকা একমাত্ৰ উপাদানটো হৈছে মিড্ৰ’ক্সি প্ৰ’জেষ্টেৰণ এচিটেট।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে যোৱা বছৰ অন্তৰা নামেৰে এখন নতুন আঁচনিৰ জৰিয়তে জন্ম নিয়ন্ত্ৰণৰ বাবে ইচ্ছুক মহিলাসকলৰ বাবে এই অন্তৰা গৰ্ভনিৰোধক বেজীটো বিনামূলীয়াকৈ যোগান ধৰাৰ ব্যৱস্থা কৰিছে।

চিকিৎসা বিজ্ঞানীসকলে বহুদিন ধৰি এনেকুৱা এটা গৰ্ভনিৰোধক উপায়ৰ সন্ধানত আছিল যিটো নেকি নিৰাপদ, অস্থায়ী আৰু কেইবাদিনৰ ব্যৱধানত ব্যৱহাত কৰিলেও ফলপ্ৰসূ হয়(সদায় ব্যৱহাৰ কৰি থাকিব নালাগে)।

ষাঠিৰ দশকতে এই আটাইকেইটা বৈশিষ্ট্যসম্বলিত মিড্ৰ’ক্সি প্ৰ’জেষ্টেৰণ এচিটেট নামৰ গৰ্ভনিৰোধক বেজীটোৰ ব্যৱহাৰ আৰম্ভ হয়।

এই বেজীটো সম্পৰ্কে বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা হৈছে আৰু বহুলভাৱে লিখা-মিলা আৰু আলোচনা হৈছে।

বৰ্তমান পৃথিৱীৰ ১৩০ খনতকৈও অধিক দেশৰ মহিলাই গৰ্ভনিৰোধক ব্যৱস্থা হিচাপে এই বেজীটো আঁকোৱালি লৈছে।

এই বেজীটো চৰকাৰীভাৱে বিনামূলীয়াকৈ যদিও যোৱা বছৰৰপৰা দিয়া হৈছে, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়বোৰত কিন্তু আগৰপৰাই ব্যৱহাৰ হৈ আছে।

কোনসকল মহিলাই অন্তৰা বেজী ল’ব পাৰে -

  • সাধাৰণতে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাই অন্তৰা বেজী ল’ব পাৰে। প্ৰয়োজন সাপেক্ষে কৈশোৰৰপৰা আৰম্ভ কৰি ৪৫ বছৰৰ ঊৰ্দ্ধৰ মহিলাকো এই বেজী দিব পাৰি।
  • সতি-সন্ততি হোৱা মহিলাই যেনেকৈ ল’ব পাৰে, নোহোৱা মহিলায়ো ল’ব পাৰে।
  • গৰ্ভপাত কৰা বা গৰ্ভস্খলন হোৱা মহিলায়ো এই বেজী ল’ব পাৰে।
  • প্ৰয়োজন সাপেক্ষে অবিবাহিত মহিলায়ো অন্তৰা বেজী ল’ব পাৰে।
  • স্তনপান কৰাই থকা মহিলাই প্ৰসৱৰ ৬ সপ্তাহ পিছতেই এই ইনজেকচন ল’ব পাৰে।
  • এটা কথা মনত ৰাখিব লাগিব যে অন্তৰা বেজীটোৱে গৰ্ভনিৰোধক হিচাপেহে কাম কৰে। এইচ আই ভি বা আন যৌন ৰোগ সংক্ৰমণত কিন্তু বাধা নিদিয়ে।

যিসকল মহিলা এনেকুৱা ৰোগত আক্ৰান্ত হোৱাৰ শংকা থাকেফ তেওঁলোকেও এই বেজী ল’ব পাৰে। কিন্তু এনে ৰোগ সংক্ৰমণৰ সম্ভাৱনাৰপৰা ৰক্ষা পাবলৈ যৌন সম্ভোগৰ সময়ত কণ্ডম ব্যৱহাৰ কৰিব লাগে।

যিসকল মহিলা এইচ আই ভি- এইডছত আক্ৰান্ত, তেওঁলোকেও অন্তৰা ইনজেকচনটো ল’ব পাৰে, চিকিৎসা কৰি থকা-নথকাক লৈ কথা নাই।

কোনসকল মহিলাই অন্তৰা বেজী ল’ব নোৱাৰে -

  • যিসকল মহিলা বেছি উচ্চ ৰক্তচাপত ভুগি থাকে।
  • হৃদযন্ত্ৰৰ ইস্কেমিক ৰোগত ভুগি থকা মহিলা।
  • ষ্ট্ৰোক হোৱা মহিলা।
  • স্তনৰ কৰ্কট থকা মহিলা।
  • অজান কাৰণত যিসকল মহিলাৰ জননেন্দ্ৰীয় বা মূত্ৰনলীৰপৰা ৰক্তক্ষৰণ হৈ থাকে।
  • যিসক; মহিলা অ’ৰাযুক্ত মাইগ্ৰেইনত ভুগি থাকে।
  • যিসকল মহিলাই ডায়েবেটিছ ৰোগৰ কাৰণে বৃক্ক, ৰেটিনা বা স্নায়ুৰ ৰোগত ভুগি আছে।
  • যিসকল মহিলা যোৱা ২০ বছৰতকৈ অধিক কাল ডায়েবেটিছ ৰোগত ভূগি আছে।
  • যিসকল মহিলা যকৃতৰ কৰ্কট, চিৰ’ছিছ আদিৰ দৰে গুৰুতৰ ৰোগত ভুগি থাকে।

অন্তৰা বেজীটো কেনেদৰে দিয়ে:

এই বেজীটো সাধাৰণ বেজীৰ দৰেই বাহু আৰু তপিনাত দিয়া হয়। মিড্ৰ’ক্সি প্ৰ’জেষ্টেৰণ এচিটেট উপাদানটো বেজী দিয়া ঠাইত জমা হৈ থাকে আৰু তাৰপৰা লাহে লাহে নিৰ্গত হৈ কাম কৰিবলৈ আৰম্ভ কৰে। সেয়েহে ইয়াক ডিপ’ট মিড্ৰ’ক্সি প্ৰ’জেষ্টেৰণ এচিটেট বুলিও কয়।

বেজী দিয়া ঠাইখিনিত গৰম পানীৰ সেক বা মালিচ দিব নালাগে। এবাৰ গতিকে তিনি মাহলৈ গৰ্ভধাৰণৰ চিন্তাৰপৰা মুক্তি।

আকৌ তিনি মাহ পিছত নিৰ্দ্ধাৰিত সময়মতে বেজীটো ল’ব লাগে।

কিন্তু কিবা বিশেষ কাৰণত তাৰিখ মতে ল’ব নোৱাৰিলে কেইদিনমান ইফাল-সিফাল হ’লেও কথা নাই।

এনেক্ষেত্ৰত বেজীটো নিজে নোলোৱাকৈ থকাতকৈ চিকিৎসক বা নাৰ্ছৰ লগত পৰামৰ্শ কৰিব লাগে।

অন্তৰী বেজী লোৱাৰ সুবিধা -

  • ডিপ’ট মিড্ৰ’ক্সি প্ৰ’জেষ্টেৰণ এচিটেট বেজী নিৰাপদ, ফলপ্ৰসূ আৰু বেজীটোৱে তিনি মাহলৈ কাম কৰে, সঘনাই লৈ থকাৰ প্ৰয়োজন নাই।
  • ইয়াৰ কোনো ভয় খাবলগীয়া পাৰ্শ্বক্ৰিয়া নাই।
  • অন্তৰা বেজীৰ মাতৃদুগ্ধৰ ওপৰত কোনো প্ৰভাৱ নপৰে। গতিকে কেঁচুৱাক গাখীৰ খুৱাই থকা মহিলায়ো প্ৰসৱৰ ছসপ্তাহৰ পিছত এই বেজী ল’ব পাৰে।
  • গোপনীয়তা বৰ্তাই ৰাখিবলৈ সুবিধা।
  • এই বেজীও গৰ্ভনিৰোধৰ স্থায়ী ব্যৱস্থা নহয়। গৰ্ভনিৰোধক পিল খোৱা বন্ধ কৰিলে যেনেকৈ মহিলাগৰাকীয়ে পুনৰ গৰ্ভধাৰণ কৰিব পাৰে, তেনেকৈ অন্তৰা বেজী লোৱা বন্ধ কৰিলেও শেষ বেজীটো লোৱাৰ ৭-১০ মাহৰ পিছত মহিলাগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ ক্ষমতা পুনৰ লাভ কৰে।
  • যিহতু বেজীটো তিনি মাহৰ অন্তৰে অন্তৰে ল’ব লাগে, তিনি মাহলৈ গৰ্ভধাৰণ সম্পৰ্কে মহিলাগৰাকীৰ কোনো চিন্তা নাথাকে।
  • প্ৰসৱৰ(যিসকল মহিলাই কেঁচুৱাক স্তনপান নকৰায়) আৰু গৰ্ভস্খলন বা গৰ্ভপাতৰ ঠিক পিছতেই এই বেজী ব্যৱহাৰ কৰিব পাৰি।
  • গৰ্ভধাৰণ কৰাৰ ক্ষমতা থকা সকলো মহিলাই অন্তৰা বেজী ল’ব পাৰে।
  • মহিলাগৰাকী ৰক্তহীনতাত ভোগাৰ সম্ভাৱনা কম।
  • অন্তৰা বেজী লোৱা মহিলাই ঋতুস্ৰাৱজনিত পেটৰ বিষ আৰু প্ৰাক-ঋতুস্ৰাৱ উদ্বিগ্নতাৰ বাবে অসুবিধাৰ পৰা পৰিত্ৰাণ পায়।
  • জৰায়ুৰ এণ্ড্ৰ’মেট্ৰিঅ’ছিছৰ নিচিনা ৰোগৰপৰা পোৱা অসুবিধাসমূহ কম হয়।
  • কিছুমান মহিলাৰ স্তনত হোৱা সাধাৰণ টেমুনা আৰু ডিম্বাশয়ত হোৱা ছীষ্ট কমি যোৱা পাৰে।
  • অন্তৰা বেজী লোৱা মহিলাৰ জৰায়ুত ফাইব্ৰইড হোৱাৰ সম্ভাৱনা কম।
  • এই বেজীয়ে জৰায়ুৰ এণ্ড’মেট্ৰিয়েল কৰ্কট আৰু সম্ভৱতঃ ডিম্বাশয়ৰ কৰ্কটৰ পৰা মহিলাক ৰক্ষা কৰে।

অন্তৰা বেজী ব্যৱহাৰৰ কিবা অসুবিধা আছে নেকি:

অন্তৰা গৰ্ভনিৰোধক বেজী যথেষ্ট নিৰাপদ। কিছুমান মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱৰ সৰু-সুৰা অসুবিদফহা হ’ব পাৰে।

এই বেজীটোৰ এটা ভাল কথা হ’ল- কেইটামান বেজী লোৱাৰ পিছত কিছুমান মহিলাৰ মাহেকীয়া সামগ্ৰিকভাৱে বন্ধ হ’ব পাৰে।

ইয়াৰ ফলত ৰক্তহীনতা আদিৰপৰা মহিলাগৰাকীয়ে সকাহ পোৱাৰ সম্ভাৱনা থাকে। বেজী লোৱা বন্ধ কৰিলে ৭-১০ মাহৰ পিছত আকৌ মাহেকীয়া আৰম্ভ হয়।

অন্তৰা বেজী লোৱা কিছুমান মহিলাৰ হাড়ত কেলচিয়াম আৰু মিনাৰেলৰ ঘনত্ব সামান্য কম হোৱাৰ সম্ভাৱনা থাকে।

কিন্তু এয়া স্থায়ী নহয়, বেজী লোৱা বাদ দিলে, বয়স অনুপাতে সেয়া আগৰ অৱস্থালৈ ঘূৰি আহে। কিছুমান মহিলাৰ ১-২ কিলোগ্ৰাম ওজন বাঢ়িব পাৰে। সেয়েহে ক’ব পাৰি এই বেজীৰ ভয় কৰিবলগীয়া বিশেষ পাৰ্শ্বক্ৰিয়া নাই।

বিশ্ব বেংক(২০১২)ৰ ৰিপৰ্ট অনুসৰি, পৃথিৱীত সৰ্বমূঠ যিমান মহিলাৰ মৃত্যু হয়, তাৰ ১৭ শতাংশৰ মৃত্যু হয় আমাৰ দেশত।

অপৰিকল্পিত গৰ্ভাৱস্থাই সন্তানৰ লগতে মাকৰ জীৱনলৈও বিপদ কঢ়িয়াই আনিব পাৰে। জন্ম নিয়ন্ত্ৰণৰ উপায়সমূহ গ্ৰহণ কৰি দুটা সন্তানৰ মাজত ব্যৱধান অন্ততঃ দুবছৰ কৰিব পাৰিলে ৩০ শতাংশ মাতৃ আৰু ১০ শতাংশ শিশুৰ মৃত্যুৰ হাৰ কমাব পাৰি।

মহিলা সবলীকৰণে সীমিত পৰিয়ালৰ নিশ্চয়তা দিব বুলি আশা কৰিব পাৰি। গৰ্ভৰ ওপৰত মহিলাৰ অধিকাৰ মহিলা সবলীকৰণৰ বুনিয়াদ বুলি ক’লে ভুল নহ’ব নিশ্চয়।

সীমিত আৰু সুখী পৰিয়ালৰ বাবগে অন্তৰা গৰ্ভনিৰোধক বেজী আশাৰ নতুন বতৰা বুলি ক’ব পাৰি।

লেখক: ডাঃ প্ৰদীপ কুমাৰ শৰ্মা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate