অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ চাহ বাগিছাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি :

অসমৰ চাহ বাগিছাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি :

চাহ বাগিছাৰ মহিলাই গৰ্ভাৱস্থাত পাওক কামৰ পৰা ৰেহাই অসম চৰকাৰে কৰিব মজুৰি ক্ষতিপূৰণৰ সহায়:

  • এনে গৰ্ভৱতী মহিলাৰ তথা গৰ্ভস্থ সন্তানৰ স্বাস্থ্য সুনিশ্চিত কৰাটো অসম চৰকাৰৰ প্ৰধান লক্ষ্য।
  • চাহ বাগিছাত প্ৰসূতি মাতৃ তথা নৱজাতক আৰু শিশুৰ মৃত্যু হ্ৰাস কৰণৰ বাবেই এই আঁচনি।
  • এই আঁচনিত গৰ্ভাৱস্থাৰ পৰা প্ৰসৱৰ ৬ সপ্তাহলৈকে স্বাস্থ্য সেৱা গ্ৰহণৰ ভিত্তিত কিস্তি কিস্তিকৈ এক ধনৰাশি প্ৰদান কৰা হ’ব।
  • এই ধনৰাশিৰ জৰিয়তে গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাত জীৱিকাৰ অসুবিধা দূৰ হ’ব।
  • এই ধনৰাশি মাতৃ আৰু সন্তানৰ উপযুক্ত পুষ্টি দ্ৰব্য তথা আনুষংগিক কামত মহিলাগৰাকীয়ে ব্যৱহাৰ কৰিব পাৰিব।
  • এই আঁচনিৰ সুবিধা কেৱল চাহ বাগিছাত বসবাস কৰা গৰ্ভৱতী মহিলাৰ বাবেহে উপলব্ধ, এইক্ষেত্ৰত সংশ্লিষ্ট বাগিছা কৰ্তৃপক্ষই প্ৰমাণপত্ৰ প্ৰদান কৰিব, মজুৰি ক্ষতিপূৰণ কাৰ্ডৰ ব্যৱস্থা থাকিব।
  • চৰকাৰী নীতি অনুসৰি দুটি সন্তানৰ অধিকাৰী হোৱালৈকেহে মাতৃগৰাকীয়ে এই সুবিধা লাভ কৰিব, গৰ্ভৱতী মহিলাৰ বয়স ১৮ বছৰৰ কম হ’ব নালাগিব।
  • গৰ্ভৱতী অৱস্থাত মাতৃগৰাকীৰ মৃত্যু ঘটিলে তেওঁৰ স্বামী বা নিকটাত্মীয়ই এই সেৱাৰ ধনৰাশি দাবী কৰিব নোৱাৰিব।
  • এই আঁচনিৰ অধীনত জননী সুৰক্ষা যোজনাৰ সুবিধাসমূহো অন্তৰ্ভূক্ত।
  • কোনো বাগিছা কৰ্তৃপক্ষই এনে গৰ্ভৱতী মহিলাক গৰ্ভাৱস্থাৰ তৃতীয়টো ত্ৰিমাসিকত আৰু প্ৰসৱৰ তিনিমাহলৈকে বাগিছাৰ কামত নিয়োগ কৰিব নোৱাৰিব।

ধন আগবঢ়োৱাৰ কিস্তিসমূহ এনেধৰণৰ:

কিস্তি

ধনৰাশি

আগবঢ়াব লগা সেৱা সমূহ

প্ৰথম কিস্তি

২০০০ টকা

গৰ্ভাৱস্থাৰ আগতীয়া পঞ্জীয়ন আৰু প্ৰথম ত্ৰিমাসিকৰ ভিতৰত এ.এন.চি নিশ্চিত কৰক।

দ্বিতীয় কিস্তি

৪০০০ টকা

তৃতীয় ত্ৰিমাসিকৰ ভিতৰত অন্ততঃ এজন চিকিৎসা বিষয়াৰ দ্বাৰা এটা এ.এন.চি নিশ্চিত কৰক।

তৃতীয় কিস্তি

৩০০০ টকা

কেৱল চিকিৎসালয়ত প্ৰসৱ কৰাওক।

চতুৰ্থ কিস্তি

 

৩০০০ টকা

শিশুৰ জন্মৰ পঞ্জীয়ন কৰাওক আৰু প্ৰথম পৰ্যায়ৰ টীকাকৰণ যেনে-

  • BCG,
  • OPV,
  • DPT,
  • Hepatitis-B বা সমপৰ্যায়ৰ টীকাসমূহ শিশুক প্ৰদান কৰক।

 

এই আঁচনিৰ সেৱাসমূহ চাহ বাগিছাৰ গৰ্ভৱতী মহিলাই গ্ৰহণ কৰাৰ বাবে আশাসকলে ভূমিকা পালন কৰিব। আশাৰ উপযুক্ত মাননীৰ ব্যৱস্থা উপলব্ধ।

চাহ বাগিছাৰ গৰ্ভৱতী মহিলাসকলক এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হ’ল।

সবিশেষ জানিবলৈ ডায়েল কৰিব পাৰে টল ফ্ৰী নম্বৰ- ১০৪।

চাহ বাগিছাৰ এই গৰ্ভৱতী মহিলাসকলৰ বাবে আগবঢ়োৱা ধনৰাশিৰ পৰিমাণ মুঠ ১২,০০০ টকা।

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate