২০০৬ চনৰ পৰা প্ৰতিবছৰে ১৭ মে’ৰ দিনটো ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ৰূপে প্ৰতিখন দেশতে উদযাপিত হৈ আহিছে। সমগ্ৰ বিশ্বৰ সকলো শ্ৰেণীৰ লোকৰ মাজত উচ্চ ৰক্তচাপৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টিয়েই এই দিৱস পালনৰ মূল উদ্দেশ্য। ‘ৱৰ্লড হাইপাৰটেনচন লীগ’ (WHL) নামৰ সংগঠনটোৱে ‘ইন্টাৰনেচনেল ছ’চাইটি অৱ হাইপাৰটেনচন’ (ISH) আৰু অন্যান্য স্থানীয় সংগঠনসমূহৰ সহযোগত ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ (World Hypertension) পালন কৰি আহিছে। ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে বিভিন্ন স্বাস্থ্য সজাগতা সম্পৰ্কীয় বেচৰকাৰী সংস্থা, ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম, মেডিকেল আৰু নাৰ্ছিং শিক্ষা প্ৰতিষ্ঠান আদিত বিস্তৃত কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।
এই দিৱস পালনৰ যোগেদি সৰ্বসাধাৰণৰ মাজত উচ্চ ৰক্তচাপৰ ভয়াৱহতা সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয়। প্ৰতিবছৰে এই দিৱসৰ একোটি নিৰ্দিষ্ট বিষয়বস্তু (Theme) নিৰ্বাচন কৰা হয় আৰু এই বিষয়বস্তুৰ যোগেদি উচ্চ ৰক্তচাপ সম্পৰ্কীয় বিভিন্ন দিশ সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতাৰ্থে প্ৰচাৰ কৰা হয়। ২০১৩ৰ পৰা ২০১৮ চনলৈ এই পাঁচটা বছৰৰ বাবে নিৰ্ধাৰিত বিষয়বস্তু হৈছে- ‘আপোনাৰ সংখ্যাকেইটা জানি লওক’ (Know your Numbers)।
সমগ্ৰ বিশ্বৰ সকলো জনগোষ্ঠী, সকলো শ্ৰেণীৰ লোকৰ মাজত অতি ব্যাপকভাৱে উচ্চ ৰক্তচাপ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই বিষয়টোৱে চিকিৎসা জগতত বিশেষ উদ্বেগৰ সৃষ্টি কৰিছে। সেয়ে এই সম্পৰ্কে সকলোৰে মাজত সজাগতা সৃষ্টি কৰাটো অতি জৰুৰী হৈ পৰিছে।
বিভিন্ন উৎসৰ পৰা সংগৃহীত তথ্যৰ ভিত্তিত জানিব পৰা গৈছে যে- উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলৰ ভিতৰত মাত্ৰ শতকৰা ৫০ জনেহে আজি বিশ্বৰ উন্নত ৰোগ সম্পৰ্কে সজাগ হৈ উঠিছে। কোনো কোনো দেশৰ সৰ্বসাধাৰণৰ মাজত এই ৰোগৰ সজাগতাৰ হাৰ অতি নিম্ন, অৰ্থাৎ মাত্ৰ ১০ শতাংশ লোকহে এই ৰোগ সম্পৰ্কে সজাগ। এই পৰিসংখ্যাৰ পৰা দেখা গ’ল যে- গড় হিচাপে সমগ্ৰ বিশ্বতে উচ্চ ৰক্তচাপ সম্পৰ্কীয় সজাগতাৰ হাৰ এতিয়াও অতি কম হৈ একেবাৰে দুৰ্গম গ্ৰামাঞ্চললৈকে সকলো শ্ৰেণীৰ লোকৰ মাজত সজাগতা সৃষ্টিৰ বাবে উদ্যোক্তা সংগঠনসমূহে কিছুমান ফলপ্ৰসূ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। উচ্চ ৰক্তচাপ হোৱা বুলি নিশ্চিত কৰিবলৈ আৰু ইয়াৰ যোগেদি ৰোগীসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ প্ৰধানকৈ দুটা ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আয়োজনসকলে আগবঢ়াইছিল।
পৰামৰ্শ-১:
একো একোটা অঞ্চলত ৰাইজ গোট খুৱাই প্ৰত্যেকৰে ৰক্তচাপ পৰীক্ষা কৰোৱাৰ এক শিবিৰৰ আয়োজন কৰা (Community Screening Programme)। এনেধৰণৰ ৰাজহুৱা ৰক্তচাপ পৰীক্ষাৰ অনুষ্ঠান গাঁৱে-ভূঁয়ে যিকোনো ৰাজহুৱা স্থানত আয়োজন কৰি পাৰি।
পৰামৰ্শ-২:
সকলো চিকিৎসকে, তেওঁলোকৰ ওচৰলৈ অহা যিকোনো ৰোগীৰ ৰক্তচাপ ৰক্তচাপ থকা বুলি গম নোপোৱাকৈ থকা ৰোগীয়ে এই ৰোগটোৰ বিষয়ে গম পাই ৰোগটো নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থা ল’ব পাৰে।
‘ৱৰ্লড হাইপাৰটেনছন লীগে’ ইয়াৰ সহযোগী সমিতি, সংস্থাবিলাকৰ সৈতে এই পৰামৰ্শকেইটা কাৰ্যকৰী কৰাত সহায় সহযোগ কৰিব। এই অনুষ্ঠানটোৱে ২০১৪ চনত বিশ্বৰ ৩০ খন দেশৰ তিনিলাখ লোকৰ ৰক্তচাপ পৰীক্ষা কৰিবলৈ সক্ষম হৈছিল। এই ফলাফলে তেওঁলোকক যথেষ্ট অনুপ্ৰাণিত কৰিছিল।
এইবছৰ ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ৰ দিনা সমগ্ৰ বিশ্বতে মুঠ এক নিযুত লোকৰ ৰক্তচাপ পৰীক্ষা কৰাৰ লক্ষ্য থিৰ কৰি লোৱা হৈছে। বিশ্ব উচ্চ ৰক্তচাপ লীগে সকলো ৰাষ্ট্ৰীয় উচ্চ ৰক্তচাপ সংস্থাবিলাকৰ লগতে আন স্বাস্থ্যখণ্ডৰ সৈতে জড়িত সংগঠনবিলাকৰ প্ৰতি আহ্বান জনাইছে যে এইবছৰৰ ১৭ এপ্ৰিলৰ পৰা ১৭ মে’ তাৰিখৰ ভিতৰত যিমানসংখ্যক লোকৰ ৰক্তচাপ পৰীক্ষা কৰা হৈছে, তাৰ সবিশেষ তথ্য যাতে তেওঁলোকলৈ প্ৰেৰণ কৰে। এই সম্পৰ্কীয় সৱিশেষ পৰামৰ্শ www.whlegue.org নামৰ ৱেবছাইটটোত চাব পাৰে। পৰীক্ষা কৰা ৰক্তচাপৰ তথ্যসমূহো ই-মেইল যোগে CEO@whleague.orgলৈ প্ৰেৰণ কৰিব পাৰে। এইদৰে সংগ্ৰহ কৰা তথ্যবিলাকে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ল’বলগা পদক্ষেপ নিৰ্ণয় কৰাত সহায় কৰিব।
হাইপাৰটেনচন বা উচ্চ ৰক্তচাপ মানৱ শৰীৰত দেখা দিয়া একপ্ৰকাৰৰ ৰক্ত সঞ্চালন তন্ত্ৰৰ বিসংগতিপূৰ্ণ অৱস্থা। এই অৱস্থাত মানৱ শৰীৰৰ ধমনী আৰু সিৰাৰ মাজেদি প্ৰবাহিত ৰক্তৰ চাপ স্বাভাৱিক মাত্ৰাতকৈ (১২০/৮০ মিঃমিঃ/এইচ.জি.) বেছি হয়গৈ। ই এক স্বাস্থ্যজনিত সমস্যা আৰু ইয়াক ‘নীৰৱ ঘাতক’ বুলি কোৱা হয়। কাৰণ এই অৱস্থালৈ অতিক্ৰম কৰোতে শৰীৰত কোনোধৰণৰ স্পষ্ট লক্ষণ প্ৰকাশ নেপায়। অৱশ্যে ৰক্তচাপ অত্যধিক মাত্ৰালৈ বৃদ্ধি পালে- মূৰৰ বিষ, টোপনিৰ ভাব, দ্ৰুত হৃদস্পন্দন, চকুৰে অস্পষ্টকৈ দেখা, ভাগৰ লগা, মূৰ ঘূৰণি, দৃষ্টি ভ্ৰম, কাণৰ ভিতৰত ৰি ৰিকৈ বাজি থকা, উশাহ-নিশাহত কষ্ট পোৱা, অনিয়মীয়া হৃদস্পন্দনৰ দৰে কিছুমান লক্ষণে দেখা দিব পাৰে। এনে অৱস্থা হ’লে ৰোগী মূৰ্চ্ছা যাব পাৰে।
উচ্চ ৰক্তচাপ সৃষ্টি কৰিব পৰা কাৰকৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভগাব পাৰি। ‘প্ৰাথমিক বা এছেনচিয়েল উচ্চ ৰক্তচাপ’ আৰু ‘ছেকেণ্ডাৰী বা গৌণ উচ্চ ৰক্তচাপ’। ইয়াৰ ভিতৰত প্ৰাথমিক উচ্চ ৰক্তচাপ অধিকাংশ লোকৰ মাজত হোৱা দেখা যায় যদিও ইয়াৰ কাৰণ সম্পৰ্কে জনা নাযায়। অৱশ্যে দ্বিতীয় পৰ্যায়ৰ উচ্চ ৰক্তচাপৰ কিছুমান স্পষ্ট কাৰণ থাকে। এইবিলাকৰ ভিতৰত কিডনি নষ্ট হোৱা, এড্ৰিনেল গ্লেণ্ডৰ বিফলতা, মহাধমনীৰ পৰিসৰ সংকোচন, গৰ্ভধাৰণজনিত অৱস্থা, অতিৰিক্ত মাত্ৰাৰ ঔষধ বা ভুল ঔষধ সেৱন, এলক’হলযুক্ত পানীয় সেৱন, খাদ্য ভোজন আদি অন্যতম।
উচ্চ ৰক্তচাপ এবিধ বংশগত ৰোগ। উচ্চ ৰক্তচাপত আক্ৰান্ত পিতৃ-মাতৃৰ পৰা সন্তানসকললৈ এই ৰোগ বাগৰি আহে। পৰিয়ালত ডায়েবেটিচ, মেদবহুলতা, ধূমপান কৰোতে, ব্যায়াম আদি নকৰাকৈ থকা লোক, অতিৰিক্ত মদ্যপান কৰা ব্যক্তি, মুখেৰে সেৱন কৰা গৰ্ভনিৰোধক পিল খাই থকা লোকৰ মাজত এইবিধ ৰোগ হোৱাৰ প্ৰৱণতা বেছি। এই ৰোগৰ ফলত হ’বপৰা জটিলতাবিলাকৰ ভিতৰত আছে- ধমনীবোৰৰ পৰিসৰ ঠেক হৈ পৰা, মগজুৰ ৰক্তক্ষৰণ, হাৰ্ট এটেক, কিডনি বিফল হোৱা, হৃদযন্ত্ৰ বিফল হোৱা, চকু নষ্ট হোৱা, সিৰা বা ধমনীৰ বেৰত হোৱা সফীতি আদিয়ে প্ৰধান।
প্ৰাথমিক উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰিব পাৰি। কিন্তু ইয়াৰ বিপৰীতে দ্বিতীয় বা চেকেণ্ডাৰী উচ্চ ৰক্তচাপ হৈছে এক প্ৰকাৰৰ জটিলতা। তথাপি উপযুক্ত চিকিৎসাৰ দ্বাৰা এই অৱস্থাটোকো নিয়ন্ত্ৰণলৈ আনিব পাৰি বা নিৰাময় কৰিব পাৰি। জীৱনশৈলী পৰিৱৰ্তন কৰি, স্বাস্থ্যসন্মত জীৱন যাপন কৰি ধূমপান আৰু মদ্যপান ত্যাগ কৰি, কম মাত্ৰাত অৰ্থাৎ ১.৫ৰ পৰা ২.৫ গ্ৰামৰ ভিতৰত ছডিয়াম সেৱন কৰি, কম চৰ্বি আৰু উচ্চ মাত্ৰাত আঁহযুক্ত খাদ্য গ্ৰহণ কৰি, ফল আৰু সেউজীয়া শাক-পাচলি গ্ৰহণ কৰি, স্বাস্থ্যসন্মত শৰীৰৰ ওজন ৰক্ষা কৰি, নিয়মীয়া আৰু স্বাভাৱিক হৃদস্পন্দন আৰু ৰক্তচাপ পৰীক্ষা কৰাই, উদ্বগ হ্যাস কৰি, বেয়া কলেষ্টেৰলৰ মাত্ৰা কম কৰি (Low LDL), পৰিয়ালৰ সুস্বাস্থ্যৰ ইতিহাস আদি ৰক্ষা কৰি এই শ্ৰেণীৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি।
‘সকলোৱে উচ্চ ৰক্তচাপৰ পৰা মুক্ত হৈ স্বাভাৱিক ৰক্তচাপ ৰক্ষা কৰি এক সুস্থ আৰু স্বচ্ছন্দ্যৰ জীৱন কটাব পাৰি।‘ – এই বৰ্তাটোক সকলো শ্ৰেণীৰ লোকৰ মাজত বিলাই দিয়াৰ উদ্দেশ্যে ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ সমগ্ৰ বিশ্ব জুৰি উদযাপন কৰা হয়। উচ্চ ৰক্তচাপে শৰীৰত ভালেমান জটিলতাৰ সৃষ্টি কৰে। বিশেষভাৱে বিনষ্ট কৰিব পাৰে হৃদযন্ত্ৰ, কিডনিৰ দৰে গুৰুত্বপূৰ্ণ অংগসমূহ। উচ্চ ৰক্তচাপৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক, কিডনিৰ ৰোগ, চকুৰ অৱক্ষয়, মূৰ্চ্ছা বা ক’মা অৱস্থা অথবা মৃত্যু পৰ্যন্ত হ’বগৈ পাৰে। যিকোনো লোকে সহজলভ্য এবিধ সজুঁলি সংগ্ৰহ কৰি আৰু সহজে ইয়াৰ ব্যৱহাৰ কৌশল শিকি লৈ ঘৰতে ৰক্তচাপ জুখিব পাৰে। নহ’লে ওচৰৰ হস্পিতাল বা অভিজ্ঞ নাৰ্ছৰ সহায় লৈও নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰাই থাকিব পাৰে।
পৰিসংখ্যাৰ তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰতি দহজন লোকৰ ভিতৰত তিনিজনেই উচ্চ ৰক্তচাপত ভুগি আছে। সেই সূত্ৰ অনুসৰি সমগ্ৰ বিশ্বত মুঠ ১৮০ কোটি মানুহ ৰক্তচাপত ভুগিছে। কিন্তু আচৰিত কথাটো হ’ল- ইয়াৰ আধা সংখ্যাকে উচ্চ ৰক্তচাপত ভুগি থকাৰ কথা গম নেপায়। যিসকলে নিজৰ অসুখটোৰ কথা জানে, তেওঁলোকৰো আধা সংখ্যকে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ ঔষধ নেখায়। সেয়ে এই দিৱস পালনৰ যোগেদি সৰ্বসাধাৰণ ৰাইজক এই ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনোৱা হয়।
*উচ্চ ৰক্তচাপত ভোগা সকলো লোকেই নিয়মীয়া ৰক্তচাপ পৰীক্ষা আৰু উপযুক্ত চিকিৎসা গ্ৰহণৰ বাবে চিকিৎসকৰ ওচৰলৈ যাওক।
*সকলো লোকেই নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰাওক।
*সকলো লোকেই, বিশেষভাৱে যুৱক-যুৱতী আৰু কম বয়সীয়া লোকসকলে শৰীৰৰ ওজন, কলেষ্টেৰলৰ পৰিমাণ আৰু ৰক্তচাপ সঠিকমাত্ৰাত ৰাখিবলৈ চেষ্টা কৰক।
*স্বাস্থ্যসন্মত আহাৰ, স্বাস্থ্যসন্মত দৈনন্দিন জীৱনশৈলী, নিয়মীয়া শাৰীৰিক শ্ৰম বা ব্যায়াম আদিৰ প্ৰতি গুৰুত্ব দিয়ক।
*সুৰা সেৱন, এলেহুৱা জীৱন, চৰ্বিযুক্ত আহাৰ, ধূমপান, শৰীৰত অতিৰিক্ত ওজন আদি পৰিত্যাগ কৰক।
উচ্চ ৰক্তচাপৰ ফলত হ’বপৰা শাৰীৰিক ক্ষতি বা বিভিন্ন জটিল ৰোগৰ সূচনাৰ বিষয়ে সকলোকে সজাগ কৰক। ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ৰ এই উদ্দেশ্য সফল কৰি তোলো আহক।
লেখক: দেৱজিৎ শৰ্মা বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)
শেহতীয়া উন্নীতকৰণ: : 12/31/2021