দেশৰ সৰ্বসাধাৰণৰ কল্যাণৰ বাবে নিজা ঔষধৰ ব্ৰেণ্ড উলিওৱাৰ আঁচনি লৈছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে ১ জুলাইৰ পৰা কম মূল্যৰ বিকল্প ঔষধ (জেনেটিক মেডিচিন ব্ৰেণ্ড, জন ঔষধি মুকলি কৰিব)। দেশৰ সকলো ঔষধৰ দোকানতে ব্ৰেণ্ডতো উপলব্ধ হ’ব। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ অধীনত চৰকাৰী আৰু বেচৰকাৰী ঔষধ নিৰ্মাণ কোম্পানীৰ পৰা উন্নতমানসম্পন্ন বিকল্প ঔষধ প্ৰভূত পৰিমাণে ক্ৰয় কৰি সেইবোৰক জন ঔষধি হিচাপে ৰি-ব্ৰেণ্ড কৰিব। পিছত কম মূল্যৰ অথচ উন্নত মানবিশিষ্ট ঔষধবোৰ গ্ৰাহকে কিনিব পৰাকৈ খুচুৰা বজাৰত উলিয়াই দিয়া হ’ব। ঔষধৰ ব্ৰেণ্ডৰ বিষয়ে জ্ঞাত নোহোৱা আৰু প্ৰধানকৈ ডাক্তৰৰ প্ৰেছক্ৰিপছনৰ ওপৰত নিৰ্ভৰশীল হোৱা গ্ৰাহকসকলক ঔষধ কিনাৰ ক্ষেত্ৰত বিকল্পৰ সন্ধান দিয়াৰ বাবেই চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিব খুজিছে। প্ৰাৰম্ভিক অৱস্থাত চৰকাৰে ৫০৪ বিধ ঔষধক জন ঔষধি ব্ৰেণ্ডৰ অধীনলৈ আনিব খুজিছে। এইবোৰৰ ভিতৰত এন্টিবায়’টিক, বিষ নিৰাময়ৰ ঔষধ, ভিটামিন আৰু শ্বাস-প্ৰশ্বাস, মধুমেহ, পেটৰ অসুখ, কাৰ্ডিঅ’ভাচকুলাৰ ৰোগৰো ঔষধ আছে। প্ৰথম অৱস্থাত বিক্ৰীৰ ওপৰত ভিত্তি কৰি ১০০ টা ঔষধ নিৰ্বাচন কৰা হ’ব। প্ৰাথমিক অৱস্থাত দেশৰ নিৰ্বাচিত ৮০০ খন ফাৰ্মাচীত এই ঔষধবোৰ উপলব্ধ হ’ব। এইবোৰ ফাৰ্মাচী প্ৰধানকৈ দিল্লীৰ হ’ব যদিও বছৰৰ শেষলৈ দেশৰ আন আন চহৰবোৰলৈ ইয়াৰ সম্প্ৰসাৰণ কৰা হ’ব। ব্যুৰ’ অব্ ফাৰ্মা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং অব্ ইণ্ডিয়াই (বি পি পি আই)ইতিমধ্যেই এই বিকল্প ঔষধ যোগানৰ বাবে নিবিদা আহ্বান কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই বিকল্প ঔষধৰ মানৰ ওপৰত চোকা দৃষ্টি ৰাখিব বুলি অৱগত কৰিছে।
উৎস: অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 3/23/2020
উলম্ব কৃষি পদ্ধতি সংস্থাপনৰ এক আধুনিক সমাধান
‘এন পি এছ’ ৰ আঁচনিৰে অৱসৰৰ পৰিকল্পনা কৰিবলৈ যাওঁতে
এনৰেগা অধীনত কেন্দ্ৰীয় পুঁজি বিচৰাৰ আৰ্হি
উজালা কাৰ্য্যসুচীৰ বইষয়ে লিখা হৈছে