অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰু-ম’হৰ চবকা ৰোগ প্ৰতিষেধক প্ৰদান আঁচনি :

গৰু-ম’হৰ চবকা ৰোগ প্ৰতিষেধক প্ৰদান আঁচনি :

 

পশুধন গ্ৰাম্য অৰ্থনীতিৰ শক্তিশালী ভেটি। অসম কৃষিপ্ৰধান ৰাজ্য। পশুপালনৰ জৰিয়তে কম কৃষিভুমিতে অধিক লাভজনক ফল পাব পাৰি। বৰ্তমান সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে পশুপালন আৰু পশু চিকিৎসা খণ্ডটোৰ ওপৰত বিশেষ দৃষ্টি প্ৰদান কৰিছে। স্বাস্থ্য ৰক্ষাৰ বাবে পোহনীয়া পশুধনসমুহক সময়মতে বিভিন্ন মহামাৰীৰ প্ৰতিষেধক ছিটা প্ৰদানৰ বিষয়টোত বৰ্তমান ৰাজ্য চৰকাৰে অতি গুৰুত্ব প্ৰদান কৰিছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত এক নতুন আঁচনি পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰুপায়ণ কৰিছে। উক্ত আঁচনিৰ অধীনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দ্বাৰা ৰাজ্যৰ ১৫ খন জিলাত পশুধনৰ চবকা ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব। চবকা ৰোগ গৰু-ম’হৰ এবিধ মাৰাত্মক ৰোগ। এই ৰোগ ভাইৰাচজনিত। সোচৰা এই ৰোগবিধ অতি কম সময়ৰ ভিতৰতে পশুধনৰ মাজত বিয়পে। উক্ত ৰোগত আক্ৰান্ত পশুধনৰ প্ৰথমে জ্বৰ হয়, মুখৰ পৰা লেলাউটি ওলায় আৰু ইয়াৰ পাছত দাঁতৰ আলু, জিভা আৰু ঠেঙৰ দুই খুৰাৰ মাজত পানীজোলা বান্ধে, পিছলৈ পানী জোলাবোৰ ফাটি ঘা হয় আৰু পশুধনবোৰে খাব নোৱাৰা হয়, গাখীৰ কমি যায়, খুৰাবোৰ বেয়া হৈ লেঙেৰা হয় আৰু কামৰ অনুপযুক্ত হৈ পৰে। উপযুক্ত চিকিৎসা নাপালে কেতিয়াবা মৃত্যুপৰ্যন্ত হ’ব পাৰে। পশুধনসমুহক উক্ত মাৰাত্মক ৰোগটোৰ পৰা বিপদমুক্ত কৰাৰ উদ্দেশ্যে আগত লৈ এই চবকা ৰোগ প্ৰতিষেধক প্ৰদান আঁচনিখন অসমৰ ১৫ জিলাত প্ৰথম পৰ্যায়ত শুভাৰম্ভ কৰা হৈছে। বোকাখাতত উক্ত আঁচনিখনৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই। উক্ত আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১৫ জিলাক সামৰি দুমাহৰ ভিতৰত ১ কোটি ৮০ লাখ পশুধনক টিকাকৰণ কৰা হ’ব । আঁচনিখনৰ বিষয়ে বিত্ংভাৱে জানিবলৈ পশু চিকিৎস/ সম্প্ৰসাৰণ বিষয়াৰ লগত যোগাযোগ কৰক।

যোগাযোগৰ ঠিকনা -

পশুপালন আৰু পশু চিকিৎসা সঞ্চালকালয় চেনিকুঠি , গুৱাহাটী-০৩

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 3/4/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate