অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মণিপুরী   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভৱতী আৰু শিশুসকলৰ স্বাস্থ্যৰ বাবে বিশেষ আঁচনি

গৰ্ভৱতী আৰু শিশুসকলৰ স্বাস্থ্যৰ বাবে বিশেষ আঁচনি

 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ সৰ্বাংগীণ কল্যাণ সাধন,কৰ্মসংস্থাপন,স্বাস্থ্য সম্পৰ্কীয় সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে শাসনলৈ অহাৰ পিছৰে পৰাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।স্বাস্থ্যই হৈছে সফলতাৰ অন্যতম আধাৰ।স্বাস্থ্য ভালে থাকিলেহে আজিৰ প্ৰতিযোগিতাৰ যুগত ফেৰ মাৰিবলৈ সক্ষম হ’ব।সেইবাবে সু-স্বাস্থ্যৰ বাবে পৰিপুষ্টি,সুষম আহাৰ আদিৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।গৰ্ভৱতী মহিলাসকলৰ লগতে শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো দৰকাৰ।কিয়নো গৰ্ভৱতী মহিলাগৰাকীক বিশেষ যত্ন ল’লেহে তেওঁ এটি সুস্থ-সুবল শিশুৰ মাতৃ হ’ব পাৰিব।ঠিক তেনেকৈ শিশুটিৰ যত্ন লোৱাটো জৰুৰী।

গৰ্ভৱতী মহিলাৰ সু-স্বাস্থ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধান মন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান শীৰ্ষক কল্যাণকামী  আঁচনি ৰুপায়ণ কৰিছে।এই আঁচনিৰ অধীনত প্ৰতি মাহৰ ৯ তাৰিখে চৰকাৰী চিকিৎসালয়সমুহত গৰ্ভৱতী মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।আনহাতে শিশু আৰু গৰ্ভৱতী মহিলাসকলক সাতটাকৈ মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ মিশ্বন ইন্দ্ৰধনুষ আঁচনি দেশখনত ৰুপায়িত হৈ আছে।এই আঁচনিৰ অধীনত টিকাকৰণ কৰি থকা গৈছে।অসমতো এই দুখন কল্যাণকামী আঁচনি ৰুপায়িত হৈ আছে।চৰকাৰী চিকিৎসালয়সমুহতো গৰ্ভৱতী আৰু শিশুসকলক বিশেষ চিকিৎসা বিনামুলীয়াকৈ প্ৰদান কৰা হয়।আনহাতে ৰাষ্ট্ৰীয়  স্বাস্থ্য অভিযান অসমৰ অধীনত মাতৃ আৰু নৱজাতকৰ সুৰক্ষাৰ বাবে জননী শিক্ষা সুৰক্ষা কাৰ্যক্ৰম (জে এছ এছ কে)আঁচনি ৰুপায়ণ কৰা হৈছে।এই আঁচনিখনৰ অধীনত তলত দিয়া সুবিধাসমুহ প্ৰদান কৰা হয়।

প্ৰতিগৰাকী গৰ্ভৱতী মহিলা প্ৰসুতিৰ ক্ষেত্ৰত-

 

*গৰ্ভৱতী মহিলাৰ প্ৰসৱ পুৰ্বক স্বাস্থ্য পৰীক্ষা,প্ৰসৱকালীন আৰু প্ৰসৱোত্তৰ স্বাস্থ্য পৰীক্ষণ সম্পুৰ্ণ বিনামুলীয়াকৈ কৰা হ’ব।

*গৰ্ভৱতী মহিলা বা প্ৰসুতিৰ চিকিৎসাৰ বাবে পঞ্জীয়ন মাচুল তথা চিকিৎসা খৰচ সম্পুৰ্ণ বিনামুলীয়া হ’ব।

*গৰ্ভৱতী মহিলাৰ ৰোগ নিৰ্ণয়ৰ বাবে কৰিবলগীয়া পৰীক্ষাসমুহ যেনে-তেজ পৰীক্ষা ,প্ৰস্ৰাৱ পৰীক্ষা তথা চিজাৰিয়ান অস্ত্ৰোপচাৰ বিনামুলীয়াকৈ কৰা হ’ব।

*বিপদসংকুল গৰ্ভধাৰণৰ ক্ষেত্ৰত আল্ট্ৰাছনোগ্ৰাফী বিনামুলীয়াকৈ কৰা হ’ব।

*সাধাৰণ প্ৰসৱ বা চিজাৰিয়ান অস্ত্ৰোপচাৰৰ বাবে সকলো ধৰণৰ ঔষধ আৰু সামগ্ৰী বিনামুলীয়াকৈ যোগান ধৰা হ’ব।

*ৰক্তদানৰ বাবে যাৱতীয় নিৰ্ধাৰিত পৰীক্ষাৰ বাবদ কোনো খৰচ দিব নালাগে।

*চৰকাৰী চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ সময়ত বিনামুলীয়া পথ্য তথা আহাৰ যোগান ধৰা হ’ব।

*প্ৰসুতিৰ প্ৰসৱ কালত ঘৰৰ পৰা চিকিৎসালয় তথা এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত আৰু চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাবে বিনামুলীয়া যাতায়াতৰ ব্যৱস্থা লাভ কৰিব।১০৪ ডায়েল কৰি এই ‘আদৰণি’সেৱা লাভ কৰিবলৈ সক্ষম হ’ব।

ৰুগ্ন নৱজাতকৰ জন্মৰ পৰা ৩০ দিনলৈকে চিকিৎসাৰ ক্ষেত্ৰত-

 

*জন্মৰ পৰা নৱজাতকৰ চিকিৎসাৰ বাবদ সকলো বিনামুলীয়া হ’ব।

*দৰৱ তথা যাৱতীয় সামগ্ৰীৰ বিনামুলীয়া যোগান।

*ৰোগ নিৰ্ণয়ৰ বাবে কৰিবলগীয়া পৰীক্ষাসমুহ যেনে-তেজ পৰীক্ষা,প্ৰস্ৰাৱ পৰীক্ষা,আল্ট্ৰাছাউণ্ড আদি বিনামুলীয়াকৈ কৰাৰ ব্যৱস্থা।

*ৰক্তদানৰ বাবে যাৱতীয় নিৰ্ধাৰিত পৰীক্ষাৰ বাবদ কোনো খৰচ দিব নালাগে।

*নৱজাতকক ঘৰৰ পৰা চিকিৎসালয় তথা এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ স্থানান্তৰ আৰু চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাবে বিনামুলীয়া যাতায়াত ব্যৱস্থা ‘আদৰণি’সেৱাৰ সুবিধা লআভ কৰিব।

*চিকিৎসালয়ত পঞ্জীয়ন তথা বিছনাৰ মাচুল আদি সম্পুৰ্ণ বিনামুলীয়া হ’ব।

ইয়াৰ উপৰি প্ৰতিগৰাকী প্ৰসুতিয়ে লাভ কৰিব ৫০০ গ্ৰামৰ এপেকেট মাদাৰ্ছ হৰ্লিক্স সম্পুৰ্ণ বিনামুলীয়াকৈ।

এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ তথা বিত্ংভাৱে জানিবলৈ চৰকাৰী চিকিৎসালয়সমুহৰ লগত যোগাযোগ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ লগত যোগাযোগ কৰিব।

মুখ্য কাৰ্যালয়:অভিযান সঞ্চালকৰ কাৰ্যালয়

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম),অসম

শইকীয়া কমাৰ্চিয়েল কমপ্লেক্স,শ্ৰী নগৰ পথ,

খ্ৰীষ্টানবস্তি,জি এছ ৰোড ,গুৱাহাটী-৭৮১০০৫

উৎস:ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 12/23/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate