ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলক উন্নত চিকিৎসা সেৱা প্ৰদান সুনিশ্চিত কৰাৰ লক্ষ্যৰে মুকলি কৰা হৈছে মোবাইল মেডিকেল ইউনিট অৰ্থাৎ ভ্ৰাম্যমাণ চিকিৎসা গোট।প্ৰয়োজনীয় নুন্যতম চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ থকা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩২০ খন চাহ বাগিচাক সামৰিব পৰাকৈ ৮০ খন এনে মোবাইল মেডিকেল ইউনিট মুকলি কৰা হৈছে।কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাই যোৱা ২০ জুনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহৰ পৰা আনুষ্ঠানিকভাৱে এই অভিলাষী আঁচনিখনৰ শুভাৰম্ভণি ঘটায়।উল্লেখ্য যে এই মোবাইল মেডিকেল ইউনিটৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰাথমিক স্বাস্থ্য সেৱাৰ লগতে প্ৰসুতি চিকিৎসা,শিশু চিকিৎসা,পৰিয়াল পৰিকল্পনাকে ধৰি স্বাস্থ্য সেৱাৰ সৈতে জড়িত যাৱতীয় সকলো সা-সুবিধা লাভ কৰিব।এনে প্ৰতিটো ইউনিটতে চিকিৎসক,ফাৰ্মাচিষ্ট,এ এন এম নাৰ্চ,লেবৰেটৰী,টেকনিচিয়ানকে ধৰি কেইবাগৰাকী চিকিৎসা কৰ্মী থাকিব।পৰীক্ষামুলকভাৱে আৰম্ভ কৰা এই আঁচনি মুকলি কৰি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী নাড্ডাই কয় যে চাহ বাগিচাসমুহৰ বাবে মুকলি কৰা এই মোবাইল মেডিকেল ইউনিটসমুহৰ মাধ্যমেৰে চিকিৎসা সেৱাৰ পৰা প্ৰায় বঞ্চিত হৈ থকা চাহ শ্ৰমিকসকল ব্যাপকভাৱে উপকৃত হ’ব।পৰীক্ষামুলক এই আঁচনিৰ সফল ৰুপায়ণৰ পৰৱৰ্তী পৰ্যায়ত অতি পিছপৰা অঞ্চলসমুহলৈয়ো ইয়াৰ সম্প্ৰসাৰণ কৰা হ’ব বুলি উল্লেখকৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশত উৎপাদিত মুঠ চাহপাতৰ ৫২ শতাংশই উৎপাদন কৰে অসমে। চাহৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমে বিশেষ পৰিচিতি লাভ কৰাৰ সত্বেও স্বাধীনতাৰ পিছত সুদীৰ্ঘ বছৰ ধৰি চাহ শ্ৰমিকসকল চিকিৎসা সেৱাৰ ক্ষেত্ৰত উপেক্ষিত হৈ থকাটো নিত্যান্তই দুৰ্ভাগ্যৰ বিষয়।চাহ শ্ৰমিকসকলৰ বাবে উন্নত স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰুপায়ণ কৰা মোবাইল মেডিকেল ইউনিট আঁচনিখনক পৰৱৰ্তী পৰ্যায়ত অধিক সম্প্ৰসাৰণ ঘটোৱা হ’ব বুলি উল্লেখ কৰি নাড্ডাই কয় যে চাহ বাগিচাসমুহৰ লেখীয়াকৈ পিছ পৰি থকা ৰাজ্যৰ অন্যান্য অঞ্চলসমুহকো এই আঁচনিৰে সামৰি লোৱাৰ ব্যৱস্থা পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰা হ’ব।সমাগত সময়ত অসমত স্বাস্থ্য খণ্ডলৈ আমুল পৰিৱৰ্তন আহিব বুলি স্পষ্ট কৰি তেওঁ কয় যে ৰাজ্যৰ ১৫০ খন চিকিৎসালয়ৰ উন্নয়ন সাধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে এহেজাৰ কোটি টকা ব্যয় কৰিব।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰ্শিলা স্থাপন কৰা ‘এইমছ’ক আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসালয়ৰুপে গঢ় দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে এই অত্যাধুনিক চিকিৎসালয়খনৰ আন্ত:গাঁথনি নিৰ্মাণৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্কিটেক্টৰ সহায় লোৱা হ’ব।যিকোনো ৰোগৰ উন্নত চিকিৎসা সুনিশ্চিত কৰিব পৰাকৈ অসমৰ এইমছত চিকিৎসা বিশেষজ্ঞ, অত্যাধুনিক প্ৰযুক্তিকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থাই উপলব্ধ কৰোৱা হ’ব।ইফালে ধুবুৰী,লখিমপুৰ আৰু নগাঁৱত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ প্ৰক্ৰিয়া ক্ষিপ্ৰগতিত আগুৱাই নিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে আন্ত:গাঁথনি সম্পুৰ্ণ হৈ উঠিলে অহা বছৰৰ পৰাই সংশ্লিষ্ট চিকিৎসা মহাবিদ্যালয়কেইখনত পাঠ্যক্ৰম আৰম্ভ কৰাৰ ব্যৱস্থা কৰিব কেন্দ্ৰীয় চৰকাৰে।উল্লেখ্য যে চাহ বাগিচাৰ পৰা মোবাইল মেডিকেল ইউনিট মুকলি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে চাহ বাগিচাসমুহৰ বাসিন্দাসকলৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ সহযোগত কাম কৰি আছে ৰাজ্য চৰকাৰে।শিক্ষাৰ লগতে ৰাজ্যখনত স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে শেহতীয়াকৈ আৰম্ভ কৰা বিনামুলীয়া ৰোগ নিৰ্ণয় আঁচনিৰে এতিয়ালৈকে ৬২ হেজাৰ লোকে বিনামুলীয়াকৈ এক্স – ৰে আৰু ৬ হেজাৰ লোকে বিনামুলীয়া চিটি স্কেনৰ সুবিধা লাভ কৰিছে।চাহ বাগিচাসমুহৰ বাবে মোবাইল মেডিকেল ইউনিট প্ৰৱৰ্তন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ তেওঁ শলাগ লয়।মন কৰিবলগীয়া যে এই অভিলাষী আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ২৫ কোটি টকা ব্যয় কৰিব।আঁচনিখন মুকলি উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থকা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে মোবাইল মেডিকেল ইউনিটৰ জৰিয়তে চাহ বাগিচাসমুহৰ নিৰৱচ্ছিন্নভাবে চিকিৎসা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব।অকল সেয়াই নহয় এনে মেডিকেল ইউনিটৰ জৰিয়তে চিকিৎসা লাভ কৰা যিসকল ৰোগীক উন্নত চিকিৎসাৰ প্ৰয়োজন বুলি নিশ্চিত হয় তেনে ৰোগীক নিৰ্দিষ্ট চিকিৎসালয়লৈ প্ৰেৰণৰো ব্যৱস্থা কৰিব সংশ্লিষ্ট মোবাইল মেডিকেল ইউনিটে।উল্লেখ্য যে অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচাসমুহত চিকিৎসা সেৱাৰ ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্যৰে নিগমৰ প্ৰতিখন বাগিচাতে একোখনকৈ চিকিৎসালয় অহা জানুৱাৰীৰ ভিতৰত আৰম্ভ কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে।একেদৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ প্ৰত্যেকখন চিকিৎসা মহাবিদ্যালয়তে চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিখনকৈ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব।চাহ বাগিছাসমুহত বিদ্যালয় স্থাপনৰ বাবে বাগিচা কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় মাটি নোপোৱা বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে ৰাজ্যৰ প[ৰতিখন চাহ বাগিচাতে একোখনকৈ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল যদিও চাহ বাগিচাৰ কৰ্তৃপক্ষসমুহে বিদ্যালয় স্থাপনৰ বাবে বাগিচাৰ মাটি এৰি দিয়া নাই।এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ ৰাজ্য চৰকাৰৰ মুখ্য সচিবক আহ্বান জনায়।উল্লেখ্য যে গৰ্ভৱতী মহিলা চাহ শ্ৰমিকৰ বাবে তিনি মাহৰ ছুটী মঞ্জুৰ কৰিবলৈয়ো বাগিচা কৰ্তৃপক্ষসমুহক নিৰ্দেশ দি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী গৰ্ভৱতী চাহ শ্ৰমিকৰ বাবে তিনিমহীয়া ছুটীৰ বাবদ বাগিচাসমুহলৈ ৰাজ্য চৰকাৰে দুহেজাৰ টকাকৈ আগবঢ়াব।চাহ বাগিচাৰ বাবে মোবাইল মেডিকেল ইউনিট আঁচনি মুকলিৰ এই অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা,শক্তি আৰু শ্ৰম মন্ত্ৰী পল্লৱলোচন দাস,কেইবাগৰাকী বিধায়ক,মুখ্য সচিব বিনোদ কুমাৰ পিপাৰছেনিয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
উৎস:ৰাইজৰ বাতৰি
শেহতীয়া উন্নীতকৰণ: : 3/5/2020