অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ ৰূপৰেখা :

নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ ৰূপৰেখা :

 

দেশৰ কোটি কোটি দৰিদ্ৰ তথা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ নাগৰিকৰ বাবে আশাৰ বতৰা কঢ়িয়াই নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। ধনী-দুখীয়া নিৰ্বিশেষে দেশৰ সৰ্বস্তৰৰ জনতাক বিনামূলীয়া তথা কম খৰচতে স্বাস্থ্যসেৱা আগবঢ়োৱাটো সুনিশ্চিতকৰণৰ লক্ষ্যৰে কেন্দ্ৰীয় কেবিনেট অনুমোদন জনোৱা ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি-২০১৭ক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। সকলোৰে বাবে শিক্ষা সুনিশ্চিত কৰাৰ লেখীয়াকৈ উপযুক্ত স্বাস্থ্যসেৱা সকলোৰে বাবে সুলভ তথা সহজলভ্য কৰাৰ উদ্দেশ্যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্ত পেলাই এই নতুন স্বাস্থ্য নীতি দেশজুৰি ৰূপায়ণৰ পথ প্ৰশস্ত কৰিলে। সুদীৰ্ঘ প্ৰায় দুবছৰ ধৰি চৰকাৰী ফাইলতে আৱদ্ধ হৈ থকা এই ৰাষ্ট্ৰীয় স্বাস্থ্যনীতি ২০১৭ত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পৰিপ্ৰেক্ষিতত এই স্বাস্থ্য নীতিয়ে সামৰি লোৱা বিষয়সমূহক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠা। নতুন স্বাস্থ্য নীতিত কি কি বিষয় সন্নিৱিষ্ট হৈ আছে, সেইবোৰ কেনেকৈ কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰা হ’ব তাক লৈ চৰ্চা আৰম্ভ হোৱাৰ সময়তে কেতবোৰ দিশৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে যুগুতোৱা হৈছে এই প্ৰতিবেদন-

নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ মূল উদ্দেশ্য-

 

এই নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ মূল উদ্দেশ্য হৈছে উন্নতমানৰ স্বাস্থ্যসেৱা সুলভ ৰূপত সমগ্ৰ দেশজুৰি উপলব্ধ কৰোৱা। ইয়াৰ লগতে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাটো এই স্বাস্থ্য নীতিৰ মূল উদ্দেশ্য। সমগ্ৰ দেশজুৰি চৰকাৰে স্বাস্থ্যসেৱা ব্যৱস্থাৰ অধীনত ৰোগীসকলক দৰব আৰু ৰোগ নিৰূপণৰ পৰীক্ষা-নিৰীক্ষা(ডাইগ্ন’ছিছ) বিনামূলীয়াকৈ আগবঢ়োৱাৰ বাবেও এই নীতিৰ অধীনত পদক্ষেপ গ্ৰহণ কৰা হ’ব। দেশত প্ৰচলিত হৈ থকা চিকিৎসা ব্যৱস্থা তথা ইয়াৰ আনুসংগিক দিশসমূহৰ সৈতে সংগতি ৰাখি যাৱতীয় আইনগত সংশোধন ঘটোৱাৰো প্ৰস্তাৱ সন্নিৱিষ্ট কৰা হৈছে এই নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ খচৰাত। উল্লেখ্য যে দেশৰ আৰ্থিকভাৱে দুৰ্বল নাগৰিকসকলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিভিন্নধৰণে সকাহ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই প্ৰয়াসৰ অংশ হিচাপে মাত্ৰ ১২ টকাৰ বাৰ্ষিক প্ৰিমিয়ামতে প্ৰতিগৰাকী নাগৰিকক ২ লাখ টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা আগবঢ়োৱাৰ উদ্দেশ্যে ৰূপায়ণ কৰা হৈছে প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা। অনুৰূপ ধৰণে বছৰেকত মাত্ৰ ৩৩০ টকাৰ প্ৰিমিয়ামতে ২ লাখ টকাৰ জীৱন বীমাৰ সুবিধা প্ৰদানকাৰী প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা প্ৰৱৰ্তন কৰা হৈছে সমগ্ৰ দেশজুৰি। অকল সেয়াই নহয় মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে কৰ্কট, মধুমেহ, হৃদৰোগকে ধৰি বিভিন্ন জটিল ৰোগৰ ভালেসংখ্যক দৰবৰ মূল্য লক্ষণীয়ভাৱে হ্ৰাস কৰিছে। হৃদৰোগীৰ চিকিৎসাত বহুলভাৱে ব্যৱহৃত ‘ষ্টেন্ট’ৰ মূল্যও ব্যাপক হাৰত হ্ৰাস কৰা হৈছে। দৰবৰ মূল্য হ্ৰাসৰ লগতে চিকিৎসাৰ ব্যয় কমাই দেশৰ লক্ষ লক্ষ ৰোগীৰ পৰিয়ালক সকাহ দিয়াৰ প্ৰক্ৰিয়াটোক আৰু অধিক ব্যাপক কৰাৰ লক্ষ্যৰে নতুন স্বাস্থ্যনীতি প্ৰৱৰ্তনৰ বাবে সাজু হৈছে প্ৰধানমন্ত্ৰী মোদী। সদ্য প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ কাৰ্যকালত আমেৰিকাত প্ৰৱৰ্তিত স্বাস্থ্যনীতিৰ সৈতে সামঞ্জস্য ৰাখি যুগুতোৱা হৈছে এই নতুন স্বাস্থ্যনীতি। আমেৰিকাৰ নাগৰিকক বিনামূলীয়াকৈ তথা কম খৰচতে অত্যাধুনিক চিকিৎসাসেৱা আগবঢ়োৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি অ’বামাৰ কাৰ্যকালত আমেৰিকাত প্ৰৱৰ্তিত হৈছিল ‘পেচেন্ট প্ৰটেকচন এণ্ড এফ’ৰ্ডেবল কেয়াৰ এক্ট’। অ’বামা কেয়াৰ নামেৰে বিশেষভাৱে পৰিচিত হৈ পৰা সেই মাৰ্কিন স্বাস্থ্যনীতিৰ লেখীয়াকৈ ভাৰতীয় জনসাধৰণক চিকিৎসা ব্যয়ৰ বোজাৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰিবলৈ বিচৰা হৈছে এই নতুন স্বাস্থ্য নীতি।

ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ৰ গুৰুত্বপূৰ্ণ দিশ :

 

১)ৰাজহুৱা স্বাস্থ্য শিতানত ব্যয় বৃদ্ধি : ৰাজহুৱা স্বাস্থ্যসেৱা শিতানৰ বৰ্তমানৰ ব্যয় মুঠ ঘৰুৱা উৎপাদন(জিডিপি) ১ শতাংশৰ পৰা ২.৫ শতাংশলৈ বৃদ্ধিৰ প্ৰস্তাৱ।

২)ৰাষ্ট্ৰীয় স্বাস্থ্য অধিকাৰ আইন : সকলোৰে বাবে শিক্ষা সুনিশ্চিতকৰণৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা শিক্ষাৰ অধিকাৰ আইনৰ লেখীয়াকৈ দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে স্বাস্থ্যসেৱাৰ সুবিধা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই আইন প্ৰৱৰ্তন কৰা হ’ব।

৩)পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ : দেশজুৰি জনসাধাৰণক স্বাস্থ্যসেৱা উপযুক্ত ৰূপত আগবঢ়োৱাৰ উদ্দেশ্যে চৰকাৰী খণ্ডৰ সৈতে ব্যক্তিগত খণ্ডৰ সহযোগিতা বৃদ্ধিৰ বাবেও নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিত গুৰুত্ব আৰোপ কৰা হৈছে।

৪)অসংক্ৰামক ৰোগ প্ৰতিৰোধ : আধুনিক জীৱনযাত্ৰা আৰু পৰিৱৰ্তিত আৰ্থসামাজিক প্ৰেক্ষাপটত সমগ্ৰ দেশজুৰি অসংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিৰ লগতে এনে ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। সেয়েহে এনে অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ-প্ৰতিৰোধৰ লগতে এনেধৰণৰ ৰোগজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ গুৰুত্ব দিব বিচৰা হৈছে নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ আধাৰত।

৫) স্বাস্থ্য সম্পৰ্কীয় গৱেষণা: জনসাধাৰণক উন্নতমানৰ স্বাস্থ্যসেৱা সুলভ ৰূপত উপলব্ধ কৰোৱাৰ বিভিন্ন পদক্ষেপ গ্ৰহণ তথা যাৱতীয় কৰ্ম আঁচনি যুগুতকৰণ আৰু উন্নত চিকিৎসা ব্যৱস্থা উদ্ভাৱনৰ উদ্দেশ্যে স্বাস্থ্য সম্পৰ্কীয় গৱেষণাতো গুৰুত্ব আৰোপৰ বিষয়ে উল্লেখ কৰা হৈছে নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিত।

জনস্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে যে উপযুক্ত স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হৈ আছে আৰ্থিকভাৱে দুৰ্বল তথা দৰিদ্ৰ জনতা। চিকিৎসা তথা স্বাস্থ্যসেৱাৰ বাবে হাতত প্ৰয়োজনীয় ধন নথকাৰ বাবে দৰিদ্ৰসকল প্ৰায়েই উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়াত পৰে। আনহাতে বিভিন্ন ৰোগৰ ব্যয়বহুল চিকিৎসাই দেশৰ এক বৃহৎ সংখ্যক নাগৰিকক আৰ্থিকভাৱে জুৰুলা কৰি আহিছে। চিকিৎসাৰ বাবে হোৱা বৃহৎ অংকৰ ধন ব্যয় কৰাৰ পৰিণতিত প্ৰতি বছৰে দেশৰ প্ৰায় ৬ কোটি নাগৰিক দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাবলগীয়া অৱস্থাৰ সন্মুখীন হৈছে।

উল্লেখ্য যে দেশৰ সাম্প্ৰতিক চিকিৎসা তথা স্বাস্থ্যসেৱা ব্যৱস্থাত প্ৰাথমিক স্বাস্থ্যসেৱা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ স্বাস্থ্যসেৱাসমূহৰ মাজৰ ব্যাপক ব্যৱধানে ৰোগীসকলক সমস্যাত পেলাই আহিছে। এই সমস্যা আঁতৰাই ৰোগীসকলক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ চিকিৎসাৰ জ্বাবে যোৱা ৰোগীৰ চিকিৎসা তথা স্বাস্থ্যসেৱা অব্যাহত ৰখাটো সুনিশ্চিত কৰাৰ কথা কোৱা হৈছে নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিত। জনসাধৰণৰ বাবে ঢুকি পোৱাকৈ উন্নত চিকিৎসা তথা স্বাস্থ্যসেৱাৰ সুবিধা উপলব্ধ কৰোৱাৰ লগতে ৰোগ প্ৰতিৰোধকৰণ ব্যৱস্থাসমূহ সুনিশ্চিত ৰূপত উপলব্ধ কৰাৰ পৰাকৈ জিলা স্বাস্থ্যকেন্দ্ৰসমূহৰ আধুনিকীকৰণৰ প্ৰস্তাৱ সন্নিৱিষ্ট কৰা হৈছে এই স্বাস্থ্য নীতিত। উল্লেখ্য যে সমগ্ৰ দেশজুৰি মধুমেহ আৰু বৃক্ক ৰোগকে ধৰি বিভিন্ন ধৰণৰ অসংক্ৰমিত ৰোগৰ বৰ্ধিত প্ৰাদুৰ্ভাৱ প্ৰতিৰোধ কৰাৰ লগতে এনে ৰোগজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে ব্যাপক পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিত।

উৎস-ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 11/25/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate