অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্ব স্বাস্থ্য দিৱস- ২০১৮ :

বিশ্ব স্বাস্থ্য দিৱস- ২০১৮ :

 

বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ প্ৰচিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰে ৭ এপ্ৰিলৰ দিনটো ‘বিশ্ব স্বাস্থ্য দিৱস’ ৰূপে পালন কৰি আহিছে। প্ৰতিবছৰে এই বিশেষ দিনটোৰ বাবে সমগ্ৰ বিশ্বৰে জনস্বাস্থ্যৰ লগত জড়িত একো একোটা বিষয় নিৰ্বাচন কৰি লয় আৰু আগন্তুক বছৰটোৰ বাবে এই বিষয়টোৰ ওপৰত গুৰুত্ব দি কিছুমান আঁচনি গ্ৰহণ কৰে আৰু সেইবিলাক কাৰ্যকৰী কৰাত পদক্ষেপ গ্ৰহণ কৰে। সেই পৰম্পৰা অনুসৰি এইবছৰ(২০১৮ চনত) পালিত হ’বলগা ‘বিশ্ব স্বাস্থ্য দিৱস’ মূল বিষয়(Theme) ৰূপে বাছি লোৱা হৈছে- ‘খাদ্য সুৰক্ষা’(Food Sefty)।

বৰ্তমান সমগ্ৰ বিশ্বৰে জনসাধাৰণৰ বাবে সবাতোকৈ অধিক প্ৰাসংগিকতা থকা বিষয়ৰূপে পৰিণতিত হৈছে ‘খাদ্য সুৰক্ষা’ বিষয়টো। এই বিষয়টোৰ সৈতে জড়িত হৈ আছে চৰকাৰসহ অন্যান্য বৃহৎ খাদ্যদ্ৰব্যৰ মজুত আৰু সৰবৰাহকাৰী, অসামৰিক যোগান বিভাগ, ব্যক্তিগত খণ্ডৰ খাদ্যদ্ৰব্যৰ ব্যৱসায়ী আৰু আন্তৰাজ্যিক বাণিজ্যিক সংস্থাসমূহ।

এইবছৰৰ বাবে বাছনি কৰা বিষয় ‘খাদ্য সুৰক্ষা’ৰ অৰ্থটো ‘খাদ্য নিৰাপত্তা’ৰ(Food Security) পৰা সম্পূৰ্ণ বেলেগ। ‘খাদ্য সুৰক্ষা’ৰ ক্ষেত্ৰখনে জনসাধাৰণক বিষাক্ত খাদ্য গ্ৰহণৰ ভয়াৱহ বিপদৰ পৰা সুৰক্ষা প্ৰদান কৰা, খাদ্যৰ যোগেদি বিয়পা ৰোগবোৰৰ পৰা সৰ্বসাধাৰণক সুৰক্ষা দিয়া আদি বিষয়বোৰ সামৰি লৈছে।

অসুৰক্ষিত খাদ্যই ভালেকেইবিধ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে। এইবিলাকৰ ভিতৰত খাদ্যৰ পৰা হোৱা ৰোগ ডায়েৰিয়া, ভালেকেইবিধ ভাইৰেল ৰোগ, প্ৰজনন তন্ত্ৰৰ ৰোগ, কেন্সাৰ আৰু মানৱ শৰীৰৰ শ্ৰীবৃদ্ধিজনিত ৰোগ অন্যতম। সেয়ে ‘খাদ্য সুৰক্ষা’ক ‘খাদ্য নিৰাপত্তা’ৰ পূৰ্বচৰ্ত্ত বুলি কোৱা হয়। খাদ্য সুৰক্ষা বিঘ্নিত কৰিব পৰা বিভিন্ন কাৰক নিতৌ ওলায়েই আছে। খাদ্য উৎপাদনত অহৰহ পৰিৱৰ্তন(বিস্তৃত কৃষিকাৰ্য, খাদ্য সামগ্ৰীৰ ব্যৱসায়ৰ বিশ্বায়ন, হোটেল-ৰেস্তোৰাৰ ব্যাপক প্ৰাচুৰ্য আদি) পৰিৱেশৰ পৰিৱৰ্তন, মানুহৰ বৰ্ধিত ভ্ৰমণবিলাস, নতুন নতুন বেক্টেৰিয়া আৰু টক্সিনৰ বিকাশ, এন্টি মাইক্ৰ’বিয়েল প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আদি কাৰকবোৰৰ বাবে খাদ্য প্ৰদূষিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। মানুহৰ ভ্ৰমণ আৰু ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণেও খাদ্যৰ প্ৰদূষণ বিস্তাৰত সহায় কৰিছে।

খাদ্যৰ যোগেদি বিয়পা ৰোগ প্ৰতিৰোধ, নিৰ্ণয়কৰণ আৰু চিকিৎসা প্ৰদান প্ৰক্ৰিয়াত মনোযোগ দিয়া দেশবিলাকলৈ বিশ্ব স্বাস্থ্য সংস্থাই সহায় আগবঢ়োৱাৰ লগতে এনে কাৰ্যৰ বাবে উদগণি যোগাই আহিছে। এনেধৰণৰ কাৰ্যৰ বাবে আগ্ৰহী দেশবিলাকলৈ ‘ক’ডেক্স এলিমেন্টৰিয়াছ বিধি’(আন্তঃৰাষ্ট্ৰীয় খাদ্য মানদণ্ডৰ মাপক), প্ৰধান খাদ্য সুৰক্ষাৰ দিহা-পৰামৰ্শ আদি যোগান ধৰা।

খাদ্য সুৰক্ষাৰ বিষয়টো বৰ্তমান সময়ৰ অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয় আৰু ইয়াৰ সৈতে পাঁচটা জনস্বাস্থ্য সম্পৰ্কীয় দায়িত্ব জড়িত হৈ আছে। সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই কৃষি, বাণিজ্য, পৰিৱেশ আৰু মানদণ্ড নিৰূপণকাৰী জনস্বাস্থ্যৰ সৈতে পৰোক্ষভাৱে জড়িত বিভাগবোৰকো এই বিষয়টোৰ প্ৰচাৰ আৰু প্ৰসাৰ অভিযানত জড়িত হ’বলৈ আহ্বান জনাইছে। এই বিভাগবিলাকে বিচাৰিলে এই অভিযানৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক শাখাবিলাকৰ পৰা পাৰ্যমানে সহায় সহযোগ পাব।

এইবছৰৰ ‘বিশ্ব স্বাস্থ্য দিৱস- ২০১৫’ অনুষ্ঠানটিৰ যোগেদি ‘খাদ্য সুৰক্ষা’ৰ বিষয়টো গুৰুত্ব সম্পৰ্কে চৰকাৰ, উৎপাদনকাৰী, খুচুৰা ব্যৱসায়ী আৰু সৰ্বসাধাৰণ ৰাইজক সজাগ কৰি তোলাৰ এটা সুন্দৰ সুযোগ পোৱা যাব। জনসাধাৰণে দৈনিক গ্ৰহণ কৰা খাদ্যৰ থালখন যে সম্পূৰ্ণে সুৰক্ষিত অৰ্থাৎ তাত থকা খাদ্যবোৰ সম্পূৰ্নৰূপে ৰোগ বীজাণুবিহীন আৰু এনে খাদ্য সকলো লোকে পোৱাটো নিশ্চিত হ’ব লাগে।

‘বিশ্ব স্বাস্থ্য দিৱস’ৰ দিনা আমি সকলোৱে নিম্ন উল্লেখিত বিষয়বোৰৰ প্ৰতি সংকল্পবদ্ধ হওঁ আহক-

*পৰ্যাপ্ত পৰিমাণত সুৰক্ষিত(বীজাণু বা বিষাক্ত দ্ৰব্যবিহীন) আৰু পুষ্টিকাৰক খাদ্য সকলোৰে বাবে সহজলভ্য খওক। কাৰণ এনে খাদ্যইহে মানুহৰ জীৱন ৰক্ষা কৰে আৰু সুস্বাস্থ্য প্ৰদান কৰিব পাৰে।

*স্বাস্থ্য হানিকাৰক বেক্টেৰিয়া, ভাইৰাছ আৰু পৰজীৱী বা ৰাসায়নিক দ্ৰব্য মিহলি খাদ্যই কেন্সাৰ আৰু ডায়েৰিয়াকে ধৰি অতি কমেও মুঠ দেশ বিধমান ৰোগৰ সৃষ্টি কৰে।

*খাদ্যদ্ৰব্য আৰু পানীৰ যোগেদি সংক্ৰ্মিত ডায়েৰিয়া ৰোগত সমগ্ৰ বিশ্বতে বছৰি প্ৰায় দুই নিযুত লোকৰ মৃত্যু ঘটে। ইয়াৰ অধিকাংশই শিশু।

*খাদ্য সুৰক্ষা, খাদ্য নিৰাপত্তা আৰু পুষ্টি- এই তিনিটা বিষয় ওতঃপ্ৰোতভাৱে জড়িত। অসুৰক্ষিত আৰু দূষিত খাদ্যই কিছুমান ৰোগৰ ‘সুৰক্ষা চক্ৰ’ সৃষ্টি কৰে আৰু বিশেষভাৱে নৱজাতক শিশু, কম বয়সৰ শিশু, বৃদ্ধি লোক তথা অন্য ধৰণৰ ৰুগ্ন লোকৰ শৰীৰত পুষ্টিহীনতাৰ সৃষ্টি কৰে।

*খাদ্যৰ যোগেদি বিয়পা ৰোগে একোখন দেশৰ আৰ্থ সামাজিক অৱস্থাটো দুৰ্বল কৰি পেলায়। দেশখনৰ স্বাস্থ্য সেৱা ব্যৱস্থা, ৰাষ্ট্ৰীয় অৰ্থনীতি, পৰ্যটন আৰু বাণিজ্য আদি ক্ষেত্ৰতো খাদ্যজনিত ৰোগে প্ৰভাৱ পেলায়।

*প্ৰতিজন লোকৰে খোৱা থালখনৰ খাদ্য যাতে সম্পূৰ্ণ ৰোগবিহীন, ৰাসায়নিক দ্ৰব্যবিহীন হয়, তাৰ প্ৰতি বিশেষভাৱে সাৱধান হ’বলৈ গ্ৰাহকসকলক সজাগ কৰাৰ প্ৰতি গুৰুত্ব দিয়ক। সকলো লোকে খাদ্য দ্ৰব্য সংগ্ৰহ কৰাৰ আগতে খুচুৰা বিপণীবিলাকত এই সম্পৰ্কে প্ৰশ্ন কৰক। খাদ্যৰ পেকেটৰ ওপৰত থকা লেবেলখন ভালদৰে পঢ়ি পৰামৰ্শবোৰ জানি থওক।

খাদ্য সুৰক্ষা -

খাদ্য সুৰক্ষাৰ বিষয়টো কেৱল এটা অনুষ্ঠানে নিয়াৰিকৈ চোৱা-চিতা কৰাটো সম্ভৱ নহয়। ইয়াৰ বাবে খাদ্য উৎপাদন শৃংখলটোত জড়িত সকলো উৎসই সমানে সহযোগ কৰিবই লাগিব। খাদ্য-শস্য বা অন্যান্য শাক-পাচলি, ফল-মূল আদি উৎপাদন কৰা কৃষিকৰ্মী, কল-কাৰাখানাত খাদ্য প্ৰস্তুত কৰ্তাসকল, খাদ্যৰ যোগান আৰু বিক্ৰী কৰোতাসকলৰ লগতে খাদ্যদ্ৰব্যৰ গ্ৰাহকে পৰ্যন্ত সকলোৱে এই বিষয়ত সদজাগ হ’ব লাগিব। এইক্ষেত্ৰত ‘বিশ্ব স্বাস্থ্য সংস্থা’ই খাদ্য বিতৰক আৰু গ্ৰাহকসকলে মানি চলিবলগীয়া পাঁচটা দিহা আগবঢ়াইছে।

*সকলো ক্ষেত্ৰতে পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰক।

*কেঁচা খাদ্য আৰু ৰন্ধা খাদ্য বেলেগ বেলেগকৈ ৰাখক।

*খাদ্য সম্পূৰ্ণকৈ সিদ্ধ কৰক।

*খাদ্যবোৰ এক সুৰক্ষিত তাপমাত্ৰাত আৰু পৰিষ্কাৰ কেঁচা দ্ৰব্য ব্যৱহাৰ কৰক।

খাদ্য উৎপাদন, যোগান আৰু প্ৰস্তুতকাৰকসকলে অকণমান সাৱধান হ’লেই খাওঁতাসকলে নিজৰ থালখনত নিশ্চিতভাৱে সুৰক্ষিত খাদ্য খাবলৈ পাব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate