অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাতৃ দিৱস :

মাতৃ দিৱস :

 

মাতৃসকলে সমাজলৈ আগবঢ়োৱা অৱদানৰ কথা সুঁৱৰি মাতৃসকলৰ সন্মানাৰ্থে ‘মাতৃ দিৱস’ পালন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত বেলেগ বেলেগ দিনত মাতৃ দিৱস পালন কৰা হয়। উত্তৰ গোলাৰ্ধত এপ্ৰিল-মে’ত, আৰ্জেন্টিনাত অক্টোবৰত, অষ্ট্ৰেলিয়াত মে’ মাহত মাতৃ দিৱস পালন কৰা হয়। প্ৰথম মাতৃ দিৱস ১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত পালন কৰে। ইয়াৰ পিছত মাতৃ দিৱসৰ স্বীকৃতি বিচাৰি আন্না জাৰভিছে সমগ্ৰ আমেৰিকাত প্ৰচাৰ চলায়। ১৯১৪ চনত আন্না কৃতকাৰ্য হ’লেও মাতৃ দিৱসৰ ব্যৱসায়ীকৰণ দেখি পিছলৈ তেখেত হতাশাত ভাগি পৰে। আন্নাই পালন কৰা মাতৃ দিৱসটি আন আন দেশেও পালন কৰিবলৈ লয়। মাতৃ দিৱসৰ দিনা পুত্ৰ-কন্যাই মাতৃলৈ উপকাৰ আদি আগবঢ়ায় আৰু বিশেষভাৱে মাতৃগৰাকীৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰাজি সমাধানৰ অৰ্থে বিশেষ গুৰুত্ব দিয়ে।

১৯১২ চনত আন্না জাৰভিচে ‘ছেকেণ্ড ছানডে ইন মে’ আৰু ‘মাডাৰ্ছ ডে’ ইন্টাৰনেচনেল এছোচিয়েছন’ গঠন কৰে। তেওঁ কৈছিল যে- “Mother’s should be singular possessive for each family to honour its mother, not a plural possessive commemorating all mothers of the world”.

ভাৰতত মাতৃ দিৱসৰ ধাৰণা নতুন। কিন্তু যোৱা এটা দশকৰ ভিতৰত ইয়াৰ প্ৰসাৰ সাংঘাতিকভাৱে বাঢ়িছে। একমাত্ৰ বিশ্বায়নৰ প্ৰভাৱত আমেৰিকাত পালন কৰা এই দিৱসটিয়ে ভাৰতত প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান আমেৰিকাত বসবাস কৰা ভাৰতীয় লোকৰ সংখ্যাও কম নহয়। একেদৰে ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত আন দেশৰ ক’লা-সংস্কৃতিৰ বিষয়ে জনাটোও সহজ হৈ পৰিছে। সেয়ে মাতৃদিৱসৰ জৰিয়তে মাতৃসকলক সন্মান জনাবলৈ ভাৰতীয় লোকসকলে সুযোগ লাভ কৰিছে আৰু মাতৃ দিৱসৰ প্ৰসাৰতা দিনে দিনে বৃদ্ধি পাইছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate