অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোগৰ প্ৰসাৰৰ বাবে চৰকাৰী আঁচনি :

যোগৰ প্ৰসাৰৰ বাবে চৰকাৰী আঁচনি :

 

যোগ হ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভৰ এক প্ৰক্ৰিয়া। যোগ-ব্যায়াম ভাৰতৰ মৌলিক সম্পদ। আজিকালি পশ্চিমীয়া উন্নত দেশত এই যোগ-ব্যায়ামৰ অনুশীলন বাঢ়ি গৈ আছে। আমাৰ দেশ ভাৰততো ইয়াৰ যথেষ্ট প্ৰচাৰ হৈ আহিছে। আমাৰ দেশত অতি প্ৰাচীন কালৰে পৰা যোগচৰ্চাৰ পৰম্পৰা চলি আহিছে। যোগে ব্যক্তিৰ মন, শৰীৰ, ভাৱনা আৰু শক্তিৰ শীৰ্ষতম স্তৰত কাৰ্য কৰে। ভাৰত চৰকাৰে ২১ জুনৰ দিনটো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে উদযাপন কৰি আহিছে। ২০১৫ চনত নতুন দিল্লীৰ জনপথত সফলতাৰে প্ৰথম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি আহিছে। আমাৰ ৰাজ্যখনত ২০১৬ চনত মাজুলীত আৰু বিগত বৰ্ষত নলবাৰীত কেন্দ্ৰীয়ভাৱে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে। নলবাৰীত ৮ হাজাৰ লোকৰ সৈতে মুখ্য মন্ত্ৰী সোণোৱাল, স্বাস্থ্যমন্ত্ৰী সহিতে বিশিষ্ট ব্যক্তিল কৈ যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ । প্ৰতিখন পঞ্চায়ত, চৰ অঞ্চল, চাহ বাগিচা আৰু প্ৰতিখন শিক্ষানুষ্ঠানত যোগকেন্দ্ৰ স্থাপন কৰাৰ এক অভিলাষী আঁচনিৰ কথা মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰিছে। জনতা ভৱনত ইতিমধ্যে যোগ কেন্দ্ৰ মুকলি কৰা  হৈছে। শেহতীয়াকৈ ‘যোগ প্ৰকল্প’ৰ অধীনত ৰাজ্যখনৰ ৩৩ খন জিলাৰ ১০০ টা উন্নয়ন খণ্ডত ১০০ টা যোগ কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। যোগকেন্দ্ৰসমুহ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিটো যোগকেন্দ্ৰত দুজন যোগমিত্ৰ আৰু যোগ শিক্ষকৰ ব্যৱস্থা থাকিব। প্ৰাৰম্ভিক পৰ্যায়ত এই যোগ কেন্দ্ৰসমুহত তিনিটা সময়ত যোগ শিকোৱাৰ ব্যৱস্থা কৰা হৈছে। যোগ কেন্দ্ৰসমুহৰ জৰিয়তে যোগৰ প্ৰসাৰৰ লগতে নিয়োগৰ সা-সুবিধাও বৃদ্ধি পাব বুলি মন্ত্ৰী ড° শৰ্মাই জানিবলৈ দিছে। যোগৰ প্ৰসাৰৰ বাবে চৰকাৰে ৰুপায়ণ কৰা এই আঁচনিয়ে অনাগত দিনত এক উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিব। এই ১০০ টা কেন্দ্ৰৰ প্ৰতিটোৰ বাবে ৫ লাখ টকাকৈ অনুমোদন জনোৱা হৈছে। সমগ্ৰ বিশ্বৰ ভিতৰত অসমতে পোন প্ৰথমবাৰৰ বাবে যোগ প্ৰকল্পৰ অধীনত যোগ কেন্দ্ৰ উদ্বোধন কৰা হৈছে। বিত্ং তথ্যৰ বাবে যোগাযোগ কৰক- অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আয়ুস সঞ্চালকালয়।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 4/19/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate