অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শব্দ প্ৰদূষণ :

শব্দ প্ৰদূষণ :

 

প্ৰতিবছৰে এপ্ৰিল মাহৰ শেষৰ বুধবাৰে আন্ত:ৰাষ্ট্ৰীয় শব্দ প্ৰদূষণ সচেতনতা দিৱস পালন কৰা হয়। ভাৰতত IMA,AOI আৰু NISS ৰ উদ্যোগত এই দিৱস পালন কৰা হয় । ১৯৯৬ চনৰ পৰা এই দিৱস আমেৰিকাত আৰম্ভ হয় । ১৯৭০ চনলৈ শব্দ প্ৰদূষণৰ প্ৰতি মানুহৰ সজাগতা নাছিল । ইয়াক একপ্ৰকাৰ ‘আমনি’ (Nuisance) বুলি গণ্য কৰা হৈছিল । কিন্তু দ্ৰুত যান্ত্ৰিক আৱিষ্কাৰ আৰু শব্দ বৃদ্ধি কৰা যন্ত্ৰসমূহৰ আৱিষ্কাৰৰ পিছত লাহে লাহে শব্দ প্ৰদূষণৰ হানিকাৰক প্ৰভাৱ প্ৰকট হ’বলৈ ধৰে । সেয়েহে আমেৰিকা, ইংলেণ্ড আদি উন্নত দেশত শব্দ প্ৰদূষণৰ প্ৰতি সজাগতা আৰু প্ৰদূষণবিৰোধী ব্যৱস্থা গ্ৰহণৰ প্ৰচেষ্টা আৰম্ভ হয় । এই দিৱসৰ মূল উদ্দেশ্য শব্দ প্ৰদূষণৰ হানিকাৰক দিশসমূহৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজ, কৰ্তৃপক্ষ, পুলিচ, যানবাহন নিয়ন্ত্ৰণ বিভাগ, চৰকাৰ, নীতি নিৰ্ধাৰণ কৰা কৰ্তৃপক্ষসমূহৰ মাজত সজাগতা বৃদ্ধি কৰা । শব্দ প্ৰদূষণৰ পৰা মানুহৰ কাৰণত বিভিন্ন ৰোগ সৃষ্টি হ’ব পাৰে । কাণৰ পৰ্দা ফাটি যাব পাৰে, অন্ত:কৰ্ণৰ শ্ৰৱণশক্তি হ্ৰাস পাব পাৰে আৰু অথবা সম্পূৰ্ণ লুপ্ত হ’ব পাৰে । বিশেষকৈ শিশু আৰু বৃদ্ধ লোক অধিক পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব পাৰে। আনহাতে শব্দ প্ৰদূষণৰ পৰা শৰীৰত আন বিভিন্ন ধৰণে বিৰুপ প্ৰতিক্ৰিয়া হ’ব পাৰে । নিদ্ৰাহীনতা সৃষ্টি হ’ব পাৰে । মানসিক অশান্তি, হৃৎপিণ্ডত বিৰুপ প্ৰতিক্ৰিয়া হ’ব পাৰে । এনেধৰণে শব্দ প্ৰদূষণৰ ফলত মানুহৰ বিভিন্ন প্ৰকাৰে স্বাস্থ্য হানি হ’ব পাৰে ।

মানুহৰ কাণ বিভিন্ন স্তৰত শব্দ শুনিবৰ বাবে সক্ষম । আচলতে গৰ্ভাৱস্থাত থকাৰ পৰাই শিশুৰ কাণ পূৰ্ণাংগ ৰুপত সক্ষম হৈ পৰে । সাধাৰণ কথা-বাৰ্তাৰ প্ৰায় ৬০ ডেচিবেল বুলি ধৰা হয় । মটৰচাইকেল এখনৰ শব্দ প্ৰায় ৯০-১০০ ডেচিবেল । সৰু গাড়ীৰ ৭০ ডেচিবেল, গধুৰ ট্ৰাকৰ ৯৫ ডেচিবেল । ৰক কনচাৰ্টৰ প্ৰায় ১২০-১৩০ ডেচিবেল । ফটকা ফুটালে প্ৰায় ১৪৫ ডেচিবেল । মানুহৰ কাণৰ বাবে ক্ষতিকাৰক শব্দ প্ৰদূষণৰ স্তৰ ৮৫ ডেচিবেল। গতিকে দেখা যায় যে বন্দুকৰ গুলী (১৪০-১৯০ ডেচিবেল) অথবা বিজুলী-ঢেৰেকনি (১২০ ডেচিবেল) আদিৰ ফলত তাৎক্ষণিকভাৱে মানুহৰ কাণ নষ্ট হৈ যাব পাৰে । গান-বাজনাৰ ক্ষেত্ৰত ১০০ ডেচিবেলতকৈ অধিক শব্দ হ’লে কাণৰ শ্ৰৱণশক্তিৰ বাবে হানিকাৰক হ’ব পাৰে।

১০০-১২০ ডেচিবেল সংগীত ১৫ মিনিটতকৈ অধিক একেৰাহে শুনিলে শ্ৰৱণশক্তি নষ্ট হ’ব পাৰে। ফেক্টৰীত কাম কৰা কৰ্মচাৰী, যানবাহন নিয়ন্ত্ৰণকাৰী পুলিচ আদিৰ শৰীৰত শব্দ প্ৰদূষণৰ বহু ধৰণৰ বিৰুপ প্ৰতিক্ৰিয়া হ’ব পাৰে । সেই বিষয়ে কৰ্তৃপক্ষৰ সজাগতা বৃদ্ধি কৰা অতি প্ৰয়োজন । আনহাতে ঘৰৰ ভিতৰতো মানুহ শব্দ প্ৰদূষণৰ চিকাৰ হ’ব পাৰে । যেনে-ঘৰত ব্যৱহাৰ কৰা মিক্সাৰ গ্ৰাইণ্ডাৰ, কাপোৰ ধোৱা মেচিন, প্ৰেছাৰ কুকাৰ, টিভি, ৰেডিঅ’, মিউজিক ছিষ্টেম আদিৰ পৰা শৰীৰৰ স্বাস্থ্য হানি হ’ব পাৰে ।

ভাৰতবৰ্ষত উচ্চতম ন্যায়ালয়ে ২০০০ চনত ৰায়দান কৰি ৰাতি মাইক বজোৱা, ফটকা ফুটোৱা আদি শব্দ প্ৰদূষণকাৰী কাৰ্যত বাধা প্ৰদান কৰিছিল । কিন্তু ৰাইজ আৰু কৰ্তৃপক্ষৰ সজাগতাৰ অভাৱত এই বিষয়ে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।

এই দিৱস এক পদক্ষেপ হিচাপে No Horn Day পালন কৰিব খোজা হৈছে । গাড়ীৰ হৰ্ন বা শিঙা হকে-বিহকে বজাই থকাৰ ফলত যি শব্দ প্ৰদূষণৰ সৃষ্টি হয়  সেই বিষয়ে সজাগতা বাঢ়িব লাগিব । ভাৰতৰ বাহিৰে বিদেশত উন্নত দেশত এনেদৰে হৰ্ন বজাই থকাৰ নিয়ম নাই । যানবাহন চালকসকলৰ মাজত শব্দ প্ৰদূষণৰ বিষয়ে সজাগতা বৃদ্ধি কৰি স্বাস্থ্য ৰক্ষা কৰিব পাৰি। বিশেষকৈ চিকিৎসালয়, ক’ৰ্ট-কাছাৰী, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি অঞ্চলত No Horn  এলেকা কৰিব পাৰিলেও এক উল্লেখযোগ্য পদক্ষেপ হ’ব পাৰে । এইখিনিতে উনুকিয়াব পাৰি যে আমাৰ চুবুৰীয়া গেংটক, আইজল আদি চহৰত শব্দ প্ৰদূষণ বিৰোধী অভিযান হিচাপে No Horn  চহৰ হিচাপে গঢ়ি তোলা হৈছে । তেনেদৰে কেৰালা, চণ্ডীগড়, ৰাজস্থান আদি ৰাজ্যতো No Horn পালন কৰা হৈ আহিছে । ফেক্টৰী আদিত কাণৰ শ্ৰৱণশক্তি ৰক্ষা কৰিবলৈ বিভিন্ন প্ৰকাৰৰ সঁজুলিও প্ৰস্তুত কৰা হৈছে । সজাগতাই স্বাস্থ্য ৰক্ষাৰ প্ৰথম পদক্ষেপ।

লেখক: ডা: বিশ্বনাথ শৰ্মা

উৎস: জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate