অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য খণ্ডৰ ‘মৃত্যুঞ্জয় আঁচনি’:

স্বাস্থ্য খণ্ডৰ ‘মৃত্যুঞ্জয় আঁচনি’:

 

এজন সু-স্বাস্থ্যৰ নাগৰিকৰ জৰিয়তেহে গতিশীল সমাজ জীৱনৰ আশা কৰিব পাৰি। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো আমাৰ সকলোৰে কৰ্তব্য। স্বাস্থ্যই হৈছে পৰম ধন, সেয়েহে কোৱা হয় দেহা থাকিলেহে বেহা। বৰ্তমানক ৰাজ্য চৰকাৰে সকলোধৰণৰ ৰোগৰ চিকিৎসা যথাসন্মতভাৱে চৰকাৰী চিকিৎসালয়সমূহত আগবঢ়াই আহিছে। কেতিয়াবা হঠাৎ দুৰ্ঘটনা হ’লে নাইবা জটিল ৰোগত আক্ৰান্ত হ’লে আক্ৰান্তজনক ততাতৈয়াকৈ উচিত চিকিৎসা প্ৰদান নকৰিলে অৱস্থা শোচনীয় হৈ পৰাও দেখা যায়। ৰোগৰ উচিত চিকিৎসা প্ৰদান কৰাটো চিকিৎসকৰ মৌলিক কৰ্তব্য। স্বাস্থ্যসেৱাৰ মান উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে ২০০৮ চনৰ ৬ নৱেম্বৰত মৃত্যুঞ্জয় সেৱা আঁচনিৰ মুকলি কৰিছিল। ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক নতুন ইতিহাস ৰচনা কৰে এই মৃত্যুঞ্জয় সেৱাই। মৃত্যুঞ্জয় সেৱাৰ অধীনৰ জৰুৰীকালীন এম্বুলেঞ্চ সেৱা বৰ্তমান ৰাজ্যখনৰ আটাইকেইখন জিলাতেই উপলব্ধ। ট’ল ফ্ৰী নম্বৰ ১০৮ ত ফোন কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ জনসাধাৰণে লাভ কৰিব এই জৰুৰীকালীন এম্বুলেঞ্চ সেৱা। এই সেৱাই বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ১০৮ মৃত্যুঞ্জয় সেৱাত সংযোজন ঘটোৱা হৈছে ৯৫খন নতুন এম্বুলেঞ্চ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত এই আঁচনিৰ অধীনৰ এম্বুলেঞ্চসমূহ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান মৃত্যুঞ্জয় আঁচনিৰ অধীনত ৪৭৫ খন এম্বুলেঞ্চ আছে(নতুনকৈ উদ্বোধন কৰা ৯৫ খনক ধৰি) দুই-তিনি মাহৰ ভিতৰত পুনৰ ১৫০ খন নতুন ১০৮ এম্বুলেঞ্চ সংযোজন ঘটোৱা হয়। এই আঁচনিৰ অধীনৰ এম্বুলেঞ্চখনৰ চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত ৰোগীক তৎকালে চিকিৎসা প্ৰদানৰ ব্যৱস্থা আছে।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate