অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কাৰ্য্যসূচী

এই অভিযানৰ জৰিয়তে গ্ৰামীন ভাৰতবৰ্ষৰ এক কাৰ্য্যক্ষম স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তোলাৰ আঁচনি লোৱা হৈছে। ইয়াৰ ভিতৰত দূৰ্বল জনস্বাস্থ্য সূচক আৰু দূৰ্বল আন্ত:গাঁঠনি ভিত্তিত ১৮ খন ৰাজ্যক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে।

বিশেষভাৱে গুৰুত্ব দিয়া ৰাজ্যকেইখন হ’ল-

অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয়, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, চিকিম, বিহাৰ, জন্মু-কাশ্মীৰ, ছত্তিচগড়, মধ্যপ্ৰদেশ, উৰিষ্যা, ৰাজস্থান, উত্তৰাঞ্চল আৰু উত্তৰ প্ৰদেশ।

উদ্দেশ্য

  • শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ কমোৱা৷
  • জনস্বাস্থ্য বিষয়ক সেৱাসমুহ যেনে, মহিলাৰ স্বাস্থ্য, শিশুস্বাস্থ্য, বিশুদ্ধ খোৱা পানী, অনাময় আৰু পৰিষ্কাৰ-পৰিচন্নতা, ৰোগ প্ৰতিষেধক আৰু পৰিপুষ্টি আদি জনসাধাৰণে সহজলভ্য ভাৱে পোৱা।
  • কোনো বিশেষ অঞ্চলত হোৱা ৰোগ, সংক্ৰমক, অসংক্ৰামক ৰোগ আদি সকলোবোৰ ৰোগ প্ৰতিৰোধ আৰু দমন কৰা।
  • প্ৰাথমিক স্বাস্থ্যৰ সৰ্বাত্মক উন্নয়ন৷
  • জনসংখ্যা সুস্থিৰ কৰা, লিংগ আৰু জন্ম-মৃত্যুৰ ভাৰসাম্য ৰক্ষা কৰা।
  • স্থানীয় আৰু পৰম্পৰাগত স্বাস্থ্য ব্যৱস্থাবোৰক পুণঃজীৱিত কৰা৷
  • সুস্থ জীৱন-ধাৰণৰ প্ৰতি উৎসাহিত কৰা৷

পন্থা

মৌলিক পন্থা

  • জনস্বাস্থ্য সেৱা অনুস্থানবোৰৰ দায়িত্ব লোৱা, পৰিচালনা কৰা, নিয়ন্ত্ৰণ কৰিব পৰাকৈ পঞ্চায়তীৰাজ অনুষ্ঠানবোৰক প্ৰশিক্ষিত কৰি অধিক দক্ষ আৰু ক্ষমতা প্ৰদান কৰা৷
  • উন্নত আৰু সহজে ঘৰতে স্বাস্থ্যসেৱা পাব পৰাকৈ মহিলা স্বাস্থ্যকৰ্মীৰ ব্যৱস্থা কৰা।
  • পঞ্চায়তৰ গ্ৰামীন স্বাস্থ্যসেৱা সমিতিৰ জৰিয়তে প্ৰতিখন গাঁৱৰ বাবে স্বাস্থ্য পৰিকল্পনাৰ ব্যৱস্থা কৰা।
  • উপ স্বাস্থ্য কেন্দ্ৰবোৰক ধনেৰে টনকিয়াল কৰা, যাতে স্থানীয় পৰিকল্পনা আৰু কাম কৰিবলৈ যথেষ্ট সংখ্যক বহুমুখী কৰ্মীৰ সৃষ্টি হয়।
  • বৰ্তমানৰ জনস্বাস্থ্য কেন্দ্ৰ আৰু কমিউনিটি স্বাস্থ্যকেন্দ্ৰবোৰক অধিক শক্তিশালী কৰি তোলা। প্ৰতি একোখন ৩০-৫০ বিছনাযুক্ত চিএইচচি স্থাপন কৰা, যাতে জনসাধাৰণক ৰোগ নিৰাময়ৰ উন্নত সেৱা আগবঢ়াব পাৰে। এই সমূহ ভাৰতীয় জনস্বাস্থ্যৰ মানদণ্ড অনুসৰি হব লাগিব।
  • স্বাস্থ্যকৰ্মী, সাঁ-সৰঞ্জাম, পৰিচালনা উন্নত মানদণ্ডৰ কৰি তোলা৷
  • খোৱা পানী, অনাময়, পৰিচন্নতা, পৰিপুষ্টি আদি বিষয়বোৰ লৈ জিলা পৰ্য্যায়ত, জিলা স্বাস্থ্য অভিযানৰ দ্বাৰা বিভাগীয় পৰিকল্পনা লোৱা আৰু সেইমতে কাৰ্য্যকৰী কৰা৷
  • ৰাষ্ট্ৰীয়, ৰাজ্য, জিলা আৰু খণ্ড পৰ্য্যায়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ কামবোৰৰ সমন্বয় ৰক্ষা কৰা৷
  • ৰাষ্ট্ৰীয়, ৰাজ্য, জিলা আৰু খণ্ড পৰ্য্যায়ৰ অভিযানৰ সমিতিবোৰক জনস্বাস্থ্য সেৱা পৰিচালনা কৰিব পৰাকৈ প্ৰয়োজনীয় সহায় আগবঢ়োৱা৷
  • তথ্যসংগ্ৰহ, মূল্যায়ন আৰু পুণঃনিৰীক্ষণ কৰাৰ দক্ষতা অধিক কৰি তোলা, যাতে প্ৰমানভিত্তিক পৰিকল্পনা, উপদেশ আৰু তত্বাৱধান কৰিব পৰা যায়।
  • মানৱসম্পদক স্বাস্থ্যসেৱাত নিয়োজিত কৰা আৰু জীৱিকাৰ বাবে এক স্বচ্ছ স্বাস্থ্য নীতি তৈয়াৰ কৰা।
  • সু-স্বাস্থ্যৰ বাবে ৰোগ প্ৰতিৰোধৰ সেৱা সকলো স্তৰতে বঢ়োৱা আৰু সুস্থ জীৱন-ধাৰণাৰ প্ৰতি উৎসাহিত কৰা। ধুমপান আৰু মাদক দ্ৰব্যৰ প্ৰচলন কমাই তোলা।
  • অনুন্নত অঞ্চলবোৰত বিনা লাভে স্বাস্থ্যসেৱা আৰম্ভ কৰা।

পৰিপূৰক পন্থা

  • ব্যক্তিগত চিকিৎসালয় আৰু গ্ৰাম্য চিকিৎসকসকলক নিয়ন্ত্ৰণলৈ অনা যাতে, নায্য ধনৰ বিনিময়ত উন্নত স্বাস্থ্যসেৱা জনসাধাৰণে লাভ কৰিব পাৰে।
  • জনস্বাস্থ্যসেৱাৰ লক্ষ্যত উপনীত হবলৈ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজত সহযোগিতা বৃদ্ধি বা উৎসাহিত কৰা৷
  • স্থানীয় স্বাস্থ্যবিধিৰ পৰম্পৰাগত প্ৰথাবিলাকক মূল সুঁতিলৈ অনা।
  • গ্ৰাম্য স্বাস্থ্যসেৱা, স্বাস্থ্যসেৱা নীতি আৰু স্বাস্থ্যসেৱাৰ নৈতিক দিশবোৰ চিকিৎসা শিক্ষাৰ অন্তৰ্ভূক্ত কৰা।

সাংগঠনিক প্ৰক্ৰিয়া

  • গাওঁ স্বাস্থ্য আৰু অনাময় সমিতি (পঞ্চায়তৰ প্ৰতিনিধি, এএনএমএম, পিডব্লিউ, অংগনবাদী কৰ্মী, শিক্ষক, আশা, স্বেচ্ছাসেৱী স্বাস্থ্যকৰ্মীৰে এই সমিতি গাওঁ স্তৰত গঠন)।
  • ৰোগী কল্যাণ সমিতি, যিয়ে ৰাজহুৱা চিকিৎসালয়বোৰ পৰিচালনা কৰিব।
  • জিলা স্বাস্থ্য অভিযানৰ, জিলা পৰিষদৰ তত্বাৱধানত, জিলাৰ মুখ্য স্বাস্থ্য বিষয়াক আহবায়ক হিচাবে লৈ অন্যান্য সংশ্লিষ্ট বিভাগ, বেচৰকাৰী সংগঠন, ব্যক্তিগত চাকৰিয়াল আদিক লৈ গঠন কৰা হয়।
  • ৰাজ্যিক স্বাস্থ্য মিছন। ইয়াৰ সভাপতি মুখ্যমন্ত্ৰী আৰু উপসভাপতি স্বাস্থ্যমন্ত্ৰী, স্বাস্থ্য সচিব আহবায়ক হিচাপে থাকে। অন্যান্য সংশ্লিষ্ট বিভাগ, বেচৰকাৰী সংগঠন, ব্যক্তিগত চাকৰিয়াল আদিও এই সমিতিত জড়িত থাকে।
  • স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগসমূহক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয়ভাৱে একত্ৰিত কৰা হয়।
  • ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী, পৰিকল্পনা আয়োগৰ উপসভাপতিয়ে যুটীয়াভাৱে সভাপতিত্ব কৰে। পঞ্চায়তীৰাজ, গ্ৰাম্য উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ মন্ত্ৰীসকল আৰু জনস্বাস্থ্য বিভাগৰ কৰ্মী এই সমিতিৰ সদস্য হিচাপে থাকে। এওঁলোকে অভিযানৰ কৰ্মপন্থা আৰু পথ নিৰ্দেশন কৰে।
  • কাৰ্য্যকৰী সমিতিৰ সভাপতিত্ব কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিবে।
  • স্থায়ী পৰামৰ্শদাতা গোটে এএচএইছএ কাৰ্য্যকৰ্মত পথ নিৰ্দেশকৰে আৰু চোৱা-চিতা কৰে।
  • টাক্স গ্ৰুপ কিছুমান বিশেষ কামৰ বাবে বিশেষ সময় সীমাৰ বাবে গঠন কৰা হয়।

অৰ্থব্যৱস্থা

  • আগতে চলি থকা কিছুমান স্বাস্থ্য বিষয়ক কাৰ্য্যসূচী যেনে, ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কাৰ্য্যসূচী, মেলেৰিয়া, টিবি, কলাজ্বৰ, ফাইলেৰিয়া, অন্ধত্ব নিৰ্মূল, আয়ডিনৰ অভাৱ আদিক একত্ৰিত কৰি অভিযানৰ কাৰ্য্যসূচীবোৰত সন্নিবিষ্ট কৰা হৈছে।
  • ২০০৫-২০০৬ বৰ্ষত অভিযানৰ খৰছৰ পৰিমান ৬৭০০ কোটি টকা। প্ৰতিবছৰে বাৰ্ষিক বাজেট অনুসৰি অভিযানৰ খৰছৰ পৰিমান ৩০ শতাংশতকৈ বাঢ়ি যাব। কাৰণ নেচনেল কমন মিনিমাম কাৰ্য্যসূচীৰ নিৰ্দেশ অনুসৰি জনস্বাস্থ্য শিতানত প্ৰতিবছৰে ০.৯ শতাংশৰ পৰা ২-৩ শতাংশলৈ জিডিপি বঢ়াব লাগিব।
  • অভিযানৰ ব্যয়ৰ ধন বাৰ্ষিক বাজেটত নিয়ম অনুসৰি বঢ়োৱা হব।
  • ৰাজ্যসমূহেও প্ৰতিবছৰে অভিযানৰ কাম-কাজত স্বাস্থ্য শিতানত ১০ শতাংশকৈ বাজেট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
  • ৰাজ্যক এই অভিযানৰ ধন স্কোভাৰ যোগেদি প্ৰদান কৰা হব। এই ক্ষেত্ৰত বিশেষভাৱে চিহ্নিত ১৮ খন ৰাজ্যক অধিক গুৰুত্ব দিয়া হব।

সময়সীমা (প্ৰধান কাৰ্য্যসমূহৰ)

বিভিন্ন সমিতি, অনুষ্ঠান একত্ৰিত কৰি জিলা/ৰাজ্যিক পৰ্য্যায়ত অভিযান সমিতি গঠন

জুন ২০০৫

এছচি/পিএইছচি/চিএইছচি স্তৰৰ স্বাস্থ্যকেন্দ্ৰবোৰলৈ অতিৰিক্ত জেনেৰিক ঔষধ যোগান

ডিচেম্বৰ ২০০৫

সক্ৰিয় কাৰ্য্যসূচী পৰিচালনা গোট

২০০৫-২০০৬

গাওঁ স্বাস্থ্য পৰিকল্পনাৰ প্ৰস্তুতি

২০০৬

গাওঁ পৰ্য্যায়ত আশা কৰ্মী নিযুক্তি (ঔষধৰ টোপোলাসহ)

২০০৫-২০০৮

গ্ৰাম্য চিকিৎসালয়বোৰ উন্নত কৰা

২০০৫-২০০৭

জিলা পৰ্য্যায়ক পৰিকল্পনা সক্ৰিয়কৰণ

২০০৫-২০০৭

জিলা পৰ্য্যায়ত গ্ৰাম্যমান চিকিৎসালয়ৰ ব্যৱস্থা কৰা

২০০৫-২

ফলাফল

ৰাষ্ট্ৰীয় পৰ্য্যায়ত

  • নৱজাতক শিশুৰ মৃত্যুৰ হাৰ কমাই প্ৰতি ১০০০ শিশু প্ৰসৱত মাত্ৰ ৩০ লৈ হ্ৰাস।
  • প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি ১০০০০০০ ত ১০০ লৈ হ্ৰাস।
  • মুঠ গৰ্ভধাৰণত ২.১ হাৰত হ্ৰাস।
  • মেলেৰিয়াত মৃত্যুৰ হাৰ ২০১০ লৈকে ৫০ শতাংশ হ্ৰাস। ২০১০ লৈ অতিৰিক্ত ১০ শতাংশ হ্ৰাস।
  • কলাজ্বৰত মৃত্যুৰ হাৰ ২০১০ লৈকে ১০০ শতাংশ হ্ৰাস আৰু ২০১০ লৈকে এই ৰোগ সম্পূৰ্ণ ভাৱে নিৰ্মূল কৰা।
  • ফাইলেৰিয়া/ সূক্ষ্ম ফাইলেৰিয়া ২০১০ লৈকে ৭০ শতাংশ হ্ৰাস, ২০১২ত ৪০ শতাংশ হ্ৰাস আৰু ২০১৫ ত সম্পুৰ্ণ ভাৱে নিৰ্মূল হব।
  • ডেংগুত মৃত্যুৰ হাৰ ২০১০ লৈকে ৫০ শতাংশ হ্ৰাস, ২০১২ ৰ ভিতৰত সম্পুৰ্ণ নিৰ্মূল।
  • জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ হাৰ ২০১০ লৈকে ৫০ শতাংশ হ্ৰাস আৰু এই স্তৰত ২০১২ লৈকে বাহাল থকা।
  • কেটাৰেক্ট অপাৰেচন প্ৰতি বছৰে ৪৬ লাখতকৈ ২০১২ চনলৈ।
  • কুষ্ঠৰোগ ২০০৫ চনত প্ৰতি ১০ হাজাৰত ১.৮ৰ পৰা কমাই প্ৰতি ১০ হাজাৰত ১ তকৈ কম হব।
  • টি বি ডটছ সেৱা: মিছনৰ কাৰ্য্যকালৰ ভিতৰত ৮৫ শতাংশ ৰোগ নিৰাময় কৰা।
  • কমিউনিটি স্বাস্থ্যকেন্দ্ৰবোৰক উন্নত কৰি ভাৰতীয় জনস্বাস্থ্যৰ মানদণ্ডলৈ দিয়া।
  • প্ৰাথমিক সহায়ক গোটবোৰৰ ব্যৱহাৰ কমেও ২০ শতাংশৰ পৰা ৭৫ শতাংশলৈ বৃদ্ধি কৰা।
  • ১০ খন জিলাত ২,৫০,০০০ স্বীকৃত মহিলা স্বাস্থ্যকৰ্মী নিযুক্তি দিয়া।

সামাজিক পৰ্য্যায়ত

  • জেনেৰিক ঔষধৰ টোপোলাসহ গাওঁ অঞ্চলত প্ৰশিক্ষিত সামাজিক স্তৰৰ স্বাস্থ্যকৰ্মীৰ সহজলভ্যতা।
  • প্ৰতিটো অংগনবাদী পৰ্য্যায়তে প্ৰতি মাহৰ এটি নিৰ্দিষ্ট দিনত স্বাস্থ্য দিৱস অনুষ্ঠিত কৰাৰ লগতে প্ৰতিষেধক বেজী, গৰ্ভৱতী আৰু প্ৰসূতিৰ স্বাস্থ্য পৰীক্ষা, মাতৃ আৰু শিশুৰ বাবে থকা স্বাস্থ্যসেৱা প্ৰদান, পৰিপুষ্টি আদিৰ সুবিধা প্ৰদান।
  • উপ স্বাস্থ্যকেন্দ্ৰ আৰু চিকিৎসালয়ত সাধাৰণ ৰোগৰ ঔষধৰ সহজলভ্যতা।
  • প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু কমিউনিটি স্বাস্থ্যকেন্দ্ৰবোৰত চিকিৎসক, ঔষধ আৰু উন্নত মানদণ্ডৰ চিকিৎসা সেৱাৰ সহজলভ্যতাৰে ভাল চিকিৎসা সেৱা আগবঢ়োৱা।
  • স্বয়ং নিষ্ক্ৰিয় চিৰিঞ্জ, বিকল্প টিকা প্ৰদান আৰু উন্নত ভ্ৰাম্যমান সেৱাৰে সৰ্বাত্মক ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা।
  • জননী সুৰক্ষা যোজনাৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক কম খৰছত গৰ্ভৱতী মহিলাক উন্নত সুবিধা যেনে, পৰিবহণ ব্যৱস্থা, উন্নত চিকিৎসা সেৱা আগবঢ়োৱা।
  • কম টকাৰে স্বাস্থ্যবীমাৰ সুযোগ আৰু অভিযানৰ অধীনত ৰাজহুৱা স্বাস্থ্যবীমা য’ত সুনিশ্চিত স্বাস্থ্যসেৱা পোৱা যাব।
  • প্ৰতি ঘৰত শৌচালয়ৰ ব্যৱস্থা।
  • উন্নত ভ্ৰাম্যমান চিকিৎসালয় জিলা পৰ্য্যায়ত।

গ্ৰামাঞ্চলৰ জননী সুৰক্ষা আঁচনি

সুৰক্ষিত মাতৄত্ব আৰু সুৰক্ষিত শিশু জন্মৰ বাবে প্ৰজননত আৰু শিশু স্বাস্থ্যৰ প্ৰকল্প-২ৰ যোগেৰে কেন্দ্ৰীয় চৰকাৰে জননী সুৰক্ষা আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিও ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ আওঁতালৈ অনা হৈছে। এই আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ কোনো মহিলাই যদি চৰকাৰী স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয় সন্তান প্ৰসৱ কৰোৱায় তেন্তে তেওঁক নগদ ৯০০ টকা প্ৰদান কৰা হয়। গাঁৱৰ পৰা চহৰলৈ আহি চিকিৎসালয়ত ভৰ্তি হ’বলৈ যাতায়তী (গৰ্ভৱতী মহিলাৰ লগতে দুই-এজন পৰিয়ালৰ লোক) খৰছ, লগত অহা ব্যক্তিৰ দিন হাজিৰা, খোৱা-বোৱা আদিৰ বাবদ এই ধন দিয়া হয়। ইয়াৰ যোগেৰে গৰ্ভৱতী সকলক স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয়ত সুৰক্ষিতভাৱে প্ৰসৱ কৰিবলৈ উৎসাহিতও কৰা হয়।

ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান, অসমৰ ৱেবচাইট

অসম চৰকাৰে আৰম্ভ কৰা ৬ খন নতুন স্বাস্থ্য আঁচনি

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate