অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অ’টছ- এবিধ পুষ্টিকৰ জলপানঃ

অ’টছ- এবিধ পুষ্টিকৰ জলপানঃ

অ’টছ খাদ্য হিচাপে ব্যৱহাৰ কৰা এবিধ শস্যৰ বীজ। অ’টছ প্ৰথমে স্কটলেণ্ডত প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ হৈছিল। অ’টছ সাধাৰণতে ৰাতিপুৱাৰ জলপান হিচাপে ব্যৱহাৰ কৰা হয়। অ’টছৰ পৰা বিভিন্ন ধৰণৰ কেক, বিস্কুট, ব্ৰেড আদি তৈয়াৰ কৰা হয়। ব্ৰিটেইনত অটছৰ পৰা বিভিন্ন পানীয় আৰু বীয়েৰ প্ৰস্তুত কৰা হয়। অ’টছ এবিধ অত্যন্ত পুষ্টিকৰ খাদ্য।

অ’টছ স্বাস্থ্যৰ বাবে কিয় উপকাৰী-

 

(১) অ’টছ অবিশ্বাস্যভাৱে পুষ্টিকৰঃ

অ’টছ স্নেহজাতীয় পদাৰ্থ (কাৰ্বোহাইড্ৰেট) আৰু আঁহজাতীয় পদাৰ্থ (ফাইবাৰ)ৰে সমৃদ্ধ। ইয়াত বিটা গ্লুকান নামেৰে এবিধ শক্তিশালী ফাইবাৰ থাকে। আন শস্যতকৈ অ’টছত প্ৰ’টিনৰ পৰিমাণ বেছি। অ’টছ মেংগানিজ, ফছফৰাছ, মেগনেছিয়াম, আইৰন, জিংক, ফলেট, ভিটামিন বি-ৱান আৰু বি-ফাইভেৰে ভৰপূৰ। সেইবাবে অ’টছ স্বাস্থ্যৰ বাবে অত্যন্ত পুষ্টিকৰ খাদ্য।

(২) অ’টছে কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰেঃ

গোটেই বিশ্বতে হৃদৰোগৰ বাবে আটাইতকৈ বেছিসংখ্যক মানুহৰ মৃত্যু হয়। হৃদৰোগৰ আন এটা প্ৰধান কাৰণ হৈছে ৰক্তত বৰ্ধিত মাত্ৰাৰ কলেষ্টেৰল। বিভিন্ন সমীক্ষাত দেখা গৈছে যে অ’টছে কলেষ্টেৰল আৰু এল ডি এল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে। সেইবাবে অ’টছ ব্যৱহাৰ কৰিলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

(৩) অ’টছে ৰক্তত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ অধিক ভাল কৰেঃ

গোটেই বিশ্বৰ ভিতৰত ভাৰতবৰ্ষত ডায়েবেটিছ ৰোগীৰ সংখ্যা আটাইতকৈ বেছি। এই ৰোগত ৰোগীৰ ৰক্তত চেনিৰ মাত্ৰা যথেষ্ট বাঢ়ি থাকে। অ’টছত থকা বিটা গ্লুকান নামৰ ফাইবাৰে ৰক্তত চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

(৪) অ’টছে শৰীৰৰ ওজন কমোৱাত সহায় কৰেঃ

অ’টছ এটা অকল সুস্বাদু ৰাতিপুৱাৰ জলপানেই নহয়, অ’টছ খোৱাৰ পিছত বহু সময় পেট ভৰ্তি হৈ থকা যেন লাগে। অ’টছ পাকস্থলীত হজম হ’বলৈ সময় লাগে সেইবাবে পেট ভৰ্তি হৈ থকা যেন লাগে যাৰ ফলত খাদ্যৰ পৰিমাণ কমি যায় আৰু শৰীৰৰ ওজন হ্ৰাস হয়।

(৫) অ’টছে কোষ্ঠকাঠিন্য দূৰ কৰেঃ

বয়োজ্যেষ্ঠ ব্যক্তিয়ে প্ৰায়েই নিয়মীয়াকৈ শৌচ কৰাত অসুবিধা হয় আৰু কোষ্ঠকাঠিন্য (কনষ্টিপেচন)ত ভুগিব লগা হয়। এনে ব্যক্তিয়ে কোষ্ঠকাঠিন্য দূৰ কৰিবৰ বাবে ঔষধ বা জুলাপ ব্যৱহাৰ কৰিবলগীয়া হয়। অ’টছত থকা ফাইবাৰে কোষ্ঠকাঠিন্য দূৰ কৰে আৰু কোষ্ঠকাঠিন্যত ব্যৱহাৰ কৰা ঔষধৰ পৰিমাণ কমায় বা একেবাৰে নাইকিয়া কৰে।

(৬) অ’টছৰ গুড়ি ছালৰ ৰোগত ব্যৱহাৰ কৰিব পাৰিঃ

বহুতো প্ৰসাধন সামগ্ৰীত অ’টছ ব্যৱহাৰ কৰা হয়। কলইডেল অট’মিল বুলি অ’টছৰ গুড়ি এনেবোৰ সামগ্ৰীত ব্যৱহাৰ কৰা হয়। কলইডেল অটমিল শুকান ছাল আৰু ছালৰ খজুৱতিত ব্যৱহাৰ কৰা হয়। অ’টছ একজিমাৰ বাহিৰেও বিভিন্ন ছালৰ সমস্যাত ব্যৱহাৰ হয়।

(৭) অ’টছে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰেঃ

আমেৰিকান কেঞ্চাৰ ছচাইটীৰ মতে অ’টছে স্তন, প্ৰষ্টেট আৰু ডিম্বাশয়ৰ কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে। সেইবাবে অ’টছ পুৰুষ আৰু মহিলা উভয়ৰে বাবে উপকাৰী।

(৮) অ’টছে উচ্চ ৰক্তচাপ হ্ৰাস কৰেঃ

উচ্চ ৰক্তচাপৰ পৰা নানা জটিল ৰোগ হ’ব পাৰে। অ’টছ নিয়মীয়াকৈ গ্ৰহণ কৰিলে উচ্চ ৰক্তচাপ হ্ৰাস হয়। সেইবাবে উচ্চ ৰক্তচাপ থকা ব্যক্তিসকলে নিয়মীয়াকৈ অ’টছ খোৱা অভ্যাস কৰিব লাগে।

(৯) অ’টছে ল’ৰা-ছোৱালীৰ হাঁপানী (এজমা) প্ৰতিৰোধ কৰিব পাৰেঃ

বিভিন্ন সমীক্ষাত দেখা গৈছে যে ৬ মাহৰ পৰা শিশুক অ’টছ দিলে ল’ৰা-ছোৱালীৰ মাজত হোৱা এজমা হ্ৰাস হয়।

(১০) অ’টছ এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধঃ

অ’টছত কিছুমান শক্তিশালী এণ্টিঅক্সিডেণ্ট আছে, যিবিলাকে শৰীৰৰ প্ৰদাহ (ইনফ্লেমেচন) হ্ৰাস কৰে। এই এণ্টিঅক্সিডেণ্টসমূহে তেজ চলাচল কৰা ধমনীবোৰ বহলাই শৰীৰত তেজ চলাচল উন্নত কৰে আৰু উচ্চ ৰক্তচাপ হ্ৰাস কৰে।

অ’টছৰ জলপান তৈয়াৰ কৰা টিপছঃ

 

আধাকাপ অ’টছ একাপ গাখীৰ বা পানীত উতলাব। অলপ নিমখ দিব। যিসকলে মিঠা ভাল পায় তেওঁলোকে চেনিৰ সলনি কৃত্ৰিম মিঠা স্বাদৰ দ্ৰব্য (আৰ্টিফিচিয়েল ছুইটেনাৰ) বা মিঠা ফল ব্যৱহাৰ কৰিব পাৰে। অ’টছখিনি লৰাই থাকিব আৰু সিজা যেন লাগিলে জুইৰ পৰা নমাই দিব। অ’টছৰ লগত ডালচেনি গুড়ি, বিভিন্ন বাদাম বা ফল মিহলাই আৰু স্বাদ বঢ়াব পাৰি। সু-স্বাস্থ্যৰ বাবে সকলোৱে নিয়মীয়াকৈ অ’টছ খোৱা আৰম্ভ কৰক।

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ চন্দন বৰুৱা, ফোনঃ ৯৯৫৪৪-৮৫৬৭৬)।

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate