অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অতুলনীয় কিৱি

 

‘কিৱি’- এবিধ অতি উপকাৰী ফল। আমদানিকৃত এই ফলবিধ মূলতঃ চীন দেশৰ চাং কিয়া ভেলীৰ (Shang Kiang Valley)। ১৯ শতিকাত ‘কিৱি’ ফলক চীন দেশৰ পৰা নিউজিলেণ্ডলৈ ৰপ্তানি কৰা হৈছিল, য’ত এই ফলবিধ অত্যধিক জনপ্রিয় হৈ পৰে। কিৱিৰ প্ৰথম বাণিজ্যিক ৰোপণ কৰা হৈছিল নিউজিলেণ্ডতে। এই ফলবিধক ‘কিৱি’ নামেৰে এই কাৰণে নামকৰণ কৰা হৈছে যে নিউজিলেণ্ড বাসীসকলক সমগ্র বিশ্বই কিৱি (Kiwi) উপনামেৰেই চিনি পায়। সেই কাৰণে মূলতঃ Chirose কৰ্জা টেঙা (Gooseberry) এই ফলবিধ নিউজিলেণ্ডৰ পৰা সমগ্র বিশ্বত জনপ্রিয় হোৱাৰ বাবে ইয়াৰ নামকৰণ হয় ‘কিৱি’ নামেৰে। বৰ্তমান আমাৰ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশত কিৱিৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰা হৈছে।

বিদেশৰ এই জনপ্রিয় ফলবিধৰ গুণাগুণৰ বিষয়ে কিছু জানি লওঁ আহক-

 

  • কাঁহৰ পৰা সুৰক্ষা

বহু অধ্যয়ন তথা গৱেষণাৰ পৰা এই কথা প্ৰমাণিত হৈছে যে নিয়মিতভাৱে কিৱি ফল খালে কাহ, পানীলগা আদিৰ পৰা ৰক্ষা পাব পাৰি। কিৱি ফলত এন্টি অক্সিডেন্ট আৰু পলিফেনলছ মজুত থাকে। এই দুবিধ উপাদানে আমাক কাহ, চৰ্দি আদিৰ পৰা সুৰক্ষা দিয়ে।

  • নিদ্ৰাহীনতাৰ পৰা মুক্তি

টাইপেই মেডিকেল ইউনিভাৰচিটিয়ে কৰা গৱেষণা অনুসৰি কিৱি ফলত বহুকেইবিধ প্রয়োজনীয় উপাদান আছে। যিবিলাকৰ ভিতৰত এন্টি অক্সিডেণ্ট আৰু চেৰোট’নিন হৈছে নিদ্রাহীনতা ৰোগৰ চিকিৎসাত অতি প্রয়োজনীয়। কোৱা হয় যে ৰাতি শুবলৈ যোৱাৰ এঘন্টা আগতে যদি দুটা কিৱি ফল খোৱা হয়, তেন্তে ই সোনকালে টোপনি অহাত সহায় কৰে।

  • ভিটামিন ‘বি’ৰ উত্তম উৎস

কিৱি ফলত যথেষ্ট পৰিমাণে ভিটামিন “বি” পোৱা যায়। ভিটামিন ‘বি’ক ফলেট বুলিও কোৱা হয়। ই গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী। কাৰণ ফ’লেটে ভ্ৰূণৰ বিকাশত সহায় কৰে তথা ইয়াক সুস্থ কৰি ৰাখে। বাঢ়ি অহা শিশুৰ বিকাশতো ফ’লেটৰ ভূমিকা অতি গুৰুত্বপূর্ণ।

  • ভিটামিন আৰু মিনাৰেলচৰ ‘পাৱাৰ হাউচ’

কিৱিত মজুত থকা ভিটামিন আৰু মিনাৰেলসমূহ হৈছে ভিটামিন-'এ', বি, বি১২, “চি”, “ই আৰু পটাচিয়াম, কেলচিয়াম, আয়ৰণ তথা মেগনেচিয়াম। শৰীৰৰ বিভিন্ন কাম-কাজ সূচাৰুৰূপে পৰিচালিত হোৱাত এইবিলাকৰ ভূমিকা গুৰুত্বপূর্ণ। যেনে- ধমনীবিলাকৰ মাজেদি সুচাৰুৰূপে ৰক্ত চলাচল কৰা, সুস্থ হাড়, দাঁত আৰু ভাল দৃষ্টিশক্তিৰ বাবে আয়ৰণ আহৰণ কৰা ইত্যাদি। পটাচিয়ামৰ উচ্চসীমাই (প্রতি ১০০ গ্রামত ৩১২ মিঃগ্ৰাঃ) ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। আকৌ মেগনেচিয়ামে সহায় কৰে নাৰ্ভ আৰু মাংসপেশীৰ কাৰ্য সুচাৰুৰূপে পৰিচালিত হোৱাত।

  • পাচন প্ৰক্ৰিয়াত সহায়ক

কিৱি ফলত Actinidain নামৰ এবিধ এনজাইম আছে আৰু এনজাইম প্ৰোটিন দ্রৱীভূত কৰিব পৰা গুণৰ বাবে বিখ্যাত। এই এনজাইমবিধে শৰীৰৰ প্রোটিন হজম হোৱাত ভোগা ৰোগীক সকাহ দিয়াত সহায় কৰে।

  • খাব পৰা আঁহৰ উত্তম উৎস

অতুলনীয় কিৱি ফলবিধ হৈছে খাব পৰা আঁহৰ (Dietary Fiber)ৰ ভাণ্ডাৰ; যি বহু প্রকাৰৰ ৰোগ প্ৰতিৰোধত সহায় কৰে। ৰক্তচাপ, কলেষ্টেৰল আৰু তেজত থকা শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰখাত উচ্চ আঁহযুক্ত খাদ্যৰ ভূমিকা পালন কৰে।

  • ত্বক আৰু চুলিৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে।

কিৱিৰ প্ৰকৃতিগতভাৱে থকা ক্ষাৰকীয় গুণে আমি গ্ৰহণ কৰা আম্লিক আহাৰক সহজে হজম হোৱাত সহায় কৰে (যিহেতু এনে আম্লিক আহাৰ হজম কৰাবলৈ কঠিন)। এক স্বাস্থ্যবান শৰীৰত থাকে ভাল pH Balance আৰু এই মাত্ৰাই আমাক কাৰ্যক্ষম কৰি ৰাখে, কিৱি ফলত থকা ভিটামিনসমূহ (‘চি’ আৰু ই) হৈছে আমাৰ ত্বকৰ বাবে অতি গুৰুত্বপূর্ণ। ই ত্বকত ক’লাজেন তৈয়াৰ হোৱাত সহায় কৰে আৰু বলিৰেখা দূৰ কৰে, ত্বকৰ শিথিলতা দূৰ কৰে। কিৱি এক প্রাকৃতিক স্ক্ৰাব। কিৱিৰ প্রলেপে চানবাৰ্ণ আৰু টেনিঙো দূৰ কৰে। কিৱিত থকা 'ই-ভিটামিনে ত্বকৰ কোষ পুনৰ নিৰ্মাণ কৰে। ই ত্বক সতেজ আৰু নিৰম কৰি তোলে।

এই সকলোবোৰৰ উপৰিও কিৱিত থকা ওমেগা-৩ ফেটি এচিডে আমাৰ হৃদযন্ত্ৰটোও সুস্থ কৰি ৰাখে-

 

কিৱিত ভৰপূৰ মাত্ৰাত থকা ওমেগা-৩ ফেটি এচিডে চুলিৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ক’পাৰৰ মাত্ৰা অধিক থকাৰ কাৰণে কিৱিয়ে অকালপক্কতা আৰু চুলি সৰা সমস্যা প্ৰতিৰোধ কৰে। কিৱিত মজুত থকা মেগনেচিয়াম, জিংক আৰু ফচফৰাছে ছাললৈ তেজৰ সঞ্চালন বৃদ্ধিত সহায় কৰে।

  • ভিটামিন 'চি'ৰ সর্বোত্তম উৎস

যদি আপুনি ভাবিছে যে নেমু আৰু সুমথিৰাই ভিটামিন-চিৰ সৰ্বোত্তম উৎস, তেন্তে পুনৰাই চিন্তা কৰক। কাৰণ অধ্যয়ন আৰু গৱেষণাই এই কথা প্রমাণ কৰিছে যে প্রতি এশগ্রাম কিৱি ফলত থাকে ১৫৪ শতাংশ ভিটামিন-‘চি’ যি নেমু আৰু সুমথিৰাতকৈ দুগুণ।

 

লেখিকা: নাজৰিণ ৰহমান, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate