অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অমিতা আমাৰ খাদ্য তালিকাত কিয় অপৰিহাৰ্য্য হোৱা উচিত ?

অমিতা আমাৰ খাদ্য তালিকাত কিয় অপৰিহাৰ্য্য হোৱা উচিত ?

 

শিৰোনামাটো দেখি হয়তো বহুতো পাঠকৰ মনত নানান প্ৰশ্নৰ উদয় হব৷আশ্চৰ্য্যচকিত হব এনে কি অন্তৰ্নিহিত গুণ অমিতাৰ আছে যাৰ বাবে মই এনেদৰে কবলগীয়া হৈছে৷ আশাকৰো মোৰ এই প্ৰৱন্ধৰ যোগেদি আপোনাকে সকলো প্ৰশ্নৰ সমিধান পাব ৷
অমিতাৰ বৈজ্ঞানিক নাম হ'ল - Carica papaya আৰু ইয়াৰ বংশাৱলী হ'ল Caricaceae family৷ ইংৰাজী Papaya নামটো বিশ্বৰ আন বিভিন্ন ভাষাটো প্ৰচলিত; তাৰে কেইটিমান উদাহৰণ হ'ল - স্পেইন, নৰৱে, জাৰ্মানী,মালটা, চুইডেন, আয়াৰলেণ্ড, হাংগেৰি, ৰোমানিয়া, উজবেক, টাৰ্কি,ফিলিপিনো, ইণ্ডোনেচিয়া আদি দেশৰ ভাষা ৷ ফ্ৰান্সত বুলে - Papaye ৷ টাই ভাষাত মাক কাং, ৰাচিয়া আৰু ইউক্ৰেইনত বুলে - Papayya ৷ বাংলাত পেঁপে, হিন্দীত পপীতা, নেপালিত মেৱা,মধুফল আৰু অমৃতা, মাৰাঠীত পপই, গুজৰাটীত পপায়ু, তামিলত পপালি কাই, তেলেগুত বব্বায়া,মলয়ালমত প'পায়া নামেৰে অমিতা পৰিচিত ৷ আমাৰ অসমীয়াত অমিতাৰ আন নাম হ'ল মধু ফল, অমৃতা, মৈথ ফল, অমৃত ফল ৷ কাৰ্বি ভাষাত মেনচপি আৰু মেংচপি ৷ ডিমাচাত খোফল আৰু গৈফল ৷ টিৱা সকলে বুলে উমৰিদ আৰু উমৰিট ৷
অমিতাৰ প্ৰাপ্তিস্থান আৰু চমু ইতিহাস : জানিবলৈ পোৱা তথ্যমতে অমিতাৰ প্ৰাথমিক উৎপত্তি স্থল আছিল দক্ষিণ মেক্সিকো,দক্ষিণ আৰু মধ্য আমেৰিকা ৷ এইকেইটা অঞ্চলৰ পৰাই পোনতে কাষৰীয়া কেৰিবিয়ান দ্বীপপুঞ্জলৈ অমিতাৰ প্ৰচলন হয় ৷ স্পেইন চৰকাৰ আৰু মিচনেৰীৰ সৌজন্যত সমুদ্ৰী যাত্ৰা কৰা ক্ৰিষ্টফাৰ কলম্বছে ১৪৯২চনত আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জ ভৰি দিয়ে ৷ ইউৰোপলৈ অমিতাৰ সঁচ কলম্বছেই পোনতে আনে ৷ কলম্বচে অমিতাৰ নামাকৰণ কৰিছিল Fruit of the Angels বুলি ৷ ক্ৰমে ইউৰোপৰ পৰা এচিয়া আৰু আন গ্ৰীষ্মপ্ৰধান অঞ্চললৈ অমিতাৰ সঁচ যাবলৈ ধৰে আৰু ১৭ শতিকালৈকে বিশ্বৰ বিভিন্ন দেশত অমিতা উপলব্ধ হবলৈ ধৰে ৷
২০১৪চনত প্ৰকাশিত তথ্যমতে বিশ্বজুৰি প্ৰায় ১৩নিযুত টন অমিতাৰ উৎপাদন হয় আৰু ইয়াৰে ৪৪শতাংশ ভাৰতবৰ্ষত হয় ৷ আমাৰ দেশত বেচিকৈ অমিতাৰ খেতি কৰা প্ৰদেশ কেইখন হ'ল - অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ, কৰ্ণাটক, গুজৰাট, কেৰালা, উৰিষ্যা, পশ্চিম বংগ আৰু অসম৷ এইটো এটা উল্লেখযোগ্য খবৰ যে বিগত কিছু বৰ্ষৰ পৰা বিশ্বত অমিতাৰ খেতি আৰু উৎপাদন বৃদ্ধি পাব ধৰিছে৷ ইয়াৰ ঘাই কাৰণ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বহুতো উন্নত দেশৰ বৰ্ধিত চাহিদা৷
বৰ্তমান কমেও ২২টা অমিতাৰ প্ৰজাতি বিশ্বত চিনাক্তকৰণ কৰা হৈছে৷ প্ৰজাতিভেদে ফলৰ আকৃতি আৰু ৰঙৰ কিছু তাৰতম্য দেখা যায় ৷

কি কি লাগতিয়াল তত্ব অমিতাত থাকে ?


এটা মজলীয়া আকাৰৰ (প্ৰায় আঢ়ৈশ গ্ৰাম ওজনৰ) অমিতাত শক্তি থাকে ১২০কেলৰি৷ কাৰ্বোহাইড্ৰেট ৩০গ্ৰাম, প্ৰটিন ২গ্ৰাম,ফাইবাৰ ৫গ্ৰাম ৷ ভিটামিন সমূহ হ'ল ভিটামিন-এ, ভিটামিন-বি গোট, ভিটামিন-চি, ভিটামিন-কে, ভিটামিন-ই৷ খনিজসমূহ হ'ল ক'পাৰ, প'টেচিয়াম,মেগনেচিয়াম৷ এন্টিঅক্সিডেন্ট আৰু ফাইটো-নিউট্ৰিয়েন্টসমূহ হ'ল- লাইকোপেন,আলফা কেৰটিন, বিটা কেৰটিন, লিউটিন, জিয়াঝেনথিন ৷

অমিতাৰ লাগতিয়াল উপকাৰিতাৰ তালিকা :

পাঠকৰ বাবে বিস্ময়ৰ কথা হলেও এইটো সত্যযে অমিতা গছৰ প্ৰতিটো অংশই মানুহৰ কল্যাণ বাবে প্ৰকৃতিয়ে নিৰূপন কৰিছে ৷ অমিতাৰ ফল, গুটি, ফুল, শিপা, গছৰ বাকলি,গছৰ পাত প্ৰতিটো অংশই ঔষধিযুক্ত বুলি প্ৰমাণিত হোৱাত আজি বিশ্বৰ চুকে কোণে নানান ধৰণেৰে ইয়াক প্ৰয়োগ কৰিবলৈ ধৰিছে আৰু অনেক গৱেষণাগাৰত সত্যতা প্ৰত্যায়িত হৈছে ৷ অমিতাৰ ফুল আৰু শিপা ব্ৰংকাইটিচ, জণ্ডিচ, কিডনিৰ ক'লিক আদিত ব্যৱহাৰ কৰি সুফল পোৱা গৈছে ৷ অমিতাৰ গুটিত Carpaine নামৰ ৰাসায়নিক তত্ব (Alkaloid) থাকে যাৰ ফলত ই লিভাৰৰ চিৰচিচ, কিডনিৰ ৰোগ, বাত বিষ আৰু কৃমিজনিত ৰোগত উপযোগী ৷অমিতাৰ ফুল আৰু কলি ভক্ষণ কৰিলে ইয়াত থকা ফাইবাৰ, ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ বাবে ক'লেষ্টেৰল হ্ৰাস হয় ৷ ভোক লগায় ৷ পাচন ক্ৰিয়াত সহায়ক হয় ৷ কৰ্কটৰোগ প্ৰতিৰোধ কৰে ৷ অমিতাৰ ফুলৰ ভাজি ইণ্ডোনেচিয়াৰ এবিধ লোকপ্ৰিয় খাদ্য ৷

• হজমশক্তি বঢ়োৱাত লাগতিয়াল ভূমিকা – অমিতাত থকা পেপেইন আৰু কাইমো-ট্ৰিপচিন নামৰ এনজাইমে প্ৰটিন আৰু আন খাদ্য পদাৰ্থ হজম হোৱাত সহায় কৰে ৷
• কৌষ্ঠ-কাঠিন্য আতৰায় -অমিতাত থকা ফাইবাৰৰ বাবে এয়া সম্ভৱ ৷
• কৃমিৰোগৰ বাবে অমিতা হ'ল মহৌষধ ৷
• হৃদযন্ত্ৰৰ বাবে উপকাৰী – বিটা-কেৰটিন,লাইকোপেন, ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন-ইৰ উপস্থিতিৰ বাবে ডায়েবেটিক হাৰ্ট ডিজিজ আৰু এথেৰস্কেৰচিচৰ পৰা অমিতাই সুৰক্ষা দিয়ে ৷ ষ্ট্ৰ’ক আৰু আন হৃদৰোগ কাষ চাপিব নিদিয়ে ৷
• অপকাৰী ক'লেষ্টৰল হ্ৰাস কৰে - অমিতাই তেজৰ পৰা এল ডি এল কলেষ্টেৰলৰ পৰিমাণ কমায় ৷
• উচ্চ ৰক্তচাপ কমোৱাত সহায়ক - প'টেচিয়াম আৰু ফাইবাৰৰ বাবে সেয়া সম্ভৱপৰ ৷
• ডায়েবেটিজ নিয়ন্ত্ৰণত ভূমিকা – টাইপ -১ আৰু টাইপ-২ দুয়ো ধৰণৰ ডায়েবেটিজতে অমিতা উপকাৰী বুলি প্ৰমাণিত হৈছে ৷ অমিতাৰ ফাইবাৰে তেজৰ চুগাৰ আৰু চৰ্বি হ্ৰাস কৰে ৷ দেহৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায় ৷
• দৃষ্টিশক্তিৰ উন্নয়ণ আৰু চকুৰ সুৰক্ষা -কেটেৰেক্ট, গ্ল'কমা আৰু মেকুলাৰ ডিজেনেৰেচনৰ পৰা অমিতাত থকা এন্টিঅক্সিডেন্ট আৰু ভিটামিনে
সুৰক্ষা প্ৰদান কৰে ৷
• শৰীৰৰ ইমিউনিটি বঢ়ায় - ভিটামিন-চি আৰু বিভিন্ন এন্টিঅক্সিডেন্টে শৰীৰৰ ইমিউনিটি বঢ়ায়৷
• ওজন কমোৱাত সহায়ক – কম কেলৰিৰ বিপৰীতে বৰ্ধিত ফাইবাৰে ওজন কমোৱাত সহায় কৰে৷
• মহিলাৰ ঋতুস্ৰাৱ নিয়মিতকৰণ – অমিতাৰ পেপেইন এনজাইমৰ বাবে মাহেকীয়া নিয়মীয়া হয়৷
• সংক্ৰমণ ৰোধ কৰে আৰু এন্টিইনফ্লেটৰী ক্ৰিয়াত পেপেইন আৰু কাইমো-পেপেইনৰ ভূমিকা থাকে৷
• কৰ্কট ৰোগৰ পৰা সুৰক্ষা – ফ্লৰিডা ইউনিভাৰ্চিটিৰ কৰা অধ্যয়ণত জনা গৈছে যে অমিতা হ'ল কেঞ্চাৰ প্ৰতিৰোধক গুণযুক্ত ৷ আন আন বিজ্ঞানীৰ মতেও ই বক্ষৰ, পেনক্ৰিয়াজৰ,ক'লনৰ, প্ৰষ্টেট আদিৰ কৰ্কট ৰোধ প্ৰতিৰোধ কৰে ৷
• ছালৰ যতন অমিতাই লব পাৰে - অমিতাৰ চাবন আৰু প্ৰসাধন সামগ্ৰী বিশ্বত বহুল প্ৰচলিত৷ একজিমা, চ'ৰিয়াচিচ, চানবাৰ্ণ আদি অৱস্থাটো অমিতাৰ প্ৰয়োগ কৰা হয় ৷
• বাত বিষ কমোৱাত অমিতাৰ ভূমিকা- Rheumatoid arthritisত উপকাৰী (Annals of Rheumatic Diseases) ত প্ৰকাশিত তথ্যমতে ৷
• দাঁতৰ বিষ কমায় - অমিতাৰ শিপা নাইবা গছৰ বাকলি পিচি লগালে বা মালিশ কৰিলে দাঁতৰ বিষ কমে বুলি ২০০২ চনত প্ৰকাশিত বাৰবৰা চমনশনৰ কিতাপ Healing Power of Papayaত উল্লেখ আছে ৷
• দেহত বয়সৰ ছাপ কমোৱাত লোৱা ভূমিকা –ভিটমিন-চি , ভিটমিন-ই আৰু এন্টিঅক্সিডেন্ট বাবে এয়া সম্ভৱ ৷
• মানসিক চাপ (ষ্ট্ৰেচ) কমোৱাত সহায়ক –University of Albama ৰ পৰা প্ৰকাশিত তথ্যমতে ৷
• জুয়ে পোৰাৰ দাগ অমিতা গছৰ পৰা ওলোৱা বগা ৰস (Latex) লগালে আতৰ হোৱাত সহায়ক হয় ৷
• যিসকল মাতৃৰ স্তনত দুগ্ধৰ উৎপাদন কম, তেনে মহিলাই পকা বা কেঁচা অমিতা খালে উপকৃত হয় ৷
• ডেংগুৰ চিকিৎসাত অমিতা পাতৰ ভূমিকা : ভাৰতবৰ্ষত আৰু আন দেশতো কৰা অধ্যয়ণত দেখা গৈছে অমিতা পাতৰ ডেংগু ৰোগত উপকাৰিতা প্ৰমাণিত হৈছে ৷ ডেংগুৰ ফলত কমি যোৱা প্লেটলেট পুনৰোদ্ধাৰ কৰাত অমিতা পাতৰ পৰা বনোৱা কেপচুল আৰু চিৰাপ ব্যৱহাৰ কৰি সুফল পোৱা গৈছে ৷ আমাৰ দেশত ই Caripill নামেৰে উপলব্ধ ৷

অমিতাৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা :


• লেটেক্স এলাৰ্জি - অমিতা গছৰ পৰা ওলোৱা বগা ৰসক (Latex ) অসমীয়াত তৰুক্ষীৰ বুলে ৷ কিছুমান মানুহৰ এই লেটেক্সৰ এলাৰ্জি হব পাৰে ৷
• গৰ্ভৱতী মহিলাৰ বাবে সতৰ্কবাণী – কেঁচা অমিতা গৰ্ভৱস্থাত খাব নালাগে ৷ কিয়নো ই গৰ্ভাশয়ৰ সংকোচন ঘটাই গৰ্ভপাত কৰাব পাৰে ৷ আনহাতে পকা অমিতা গৰ্ভৱতী মহিলাই সীমিত মাত্ৰাত খালে লাভবান হব ৷
• অধিক অমিতাৰ ভক্ষণে পাকপ্ৰণালীৰ কৰিব পৰা অহিত সাধন :

অমিতা বহু উপযোগী খাদ্য যদিও অনিয়ন্ত্ৰিত পৰিমাণত খালে পেটৰ অসুখ, পাকস্থলী গৰম লগা আদি অপকাৰিতাই দেখা দিব পাৰে ৷ সপ্তাহত ৫দিন নিৰ্ভয়ে পকা বা কেঁচা অমিতা আমি খাব পাৰোঁ ৷ এটা মজলীয়া চাইজৰ অমিতাই আমাৰ দেহত দিনটোৰ প্ৰয়োজন হোৱা ফাইবাৰ আৰু ভিটামিন-চিৰ চাহিদা পূৰণ কৰিব পাৰে ৷ কিন্তু ভাল খাদ্যৰো অতি ভক্ষণ ক্ষতিকাৰক হব পাৰে ৷
• Carotenemia –বেচিকৈ অমিতা খালে বিটা-কেৰটিনৰ বাবে কাচিৎ কোনো কোনো লোকৰ ছালৰ হালধীয়া বৰণ হব পাৰে ৷
• পকা অমিতাৰ গুটি শুকুৱাই পিচি জালুকৰ গুড়িৰ দৰে মাজে মাজে খাব পাৰি ৷ কিন্তু গুটি অতি বেচিকৈ খালে কাৰপাইন নামৰ এনজাইমৰ বাবে স্নায়ুৰ ওপৰত পাৰ্শ্বক্ৰিয়া হব পাৰে ৷

ডা০ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 11/25/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate