অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ ভিটামিন ‘ডি’ৰ অভাৱ হৈছে নেকি?

আপোনাৰ ভিটামিন ‘ডি’ৰ অভাৱ হৈছে নেকি?

 

ভাৰতবৰ্ষৰ জনসাধাৰণৰ প্ৰায় ৭০ শতাংশই অধিক লোকে ভিটামিন ‘ডি’ৰ অভাৱত ভোগে।যিহেতু ভিটামিন ডিয়ে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰি শৰীৰ খুব স্বাস্থ্যৱান কৰি ৰাখে,সেইবাবে প্ৰত্যেক ব্যক্তিয়ে ভিটামিন ডিৰ অভাৱত ভুগিছে নেকি তাক জনাটো আৱশ্যক।আমাৰ ছালত সুৰ্যৰ পোহৰৰ সহায়ত ভিটামিন ডি প্ৰস্তুত হয়।কিছুমান খাদ্যতো ভিটামিন ডি যথেষ্ট পৰিমাণে পোৱা যায়।

কোন ব্যক্তিৰ ভিটামিন ডিৰ অভাৱ হোৱাৰ প্ৰৱণতা বেছি -

(১)আপোনাৰ বয়স যদি ৫৫ বছৰতকৈ বেছি-বয়োজ্যেষ্ঠ ব্যক্তিৰ ছালে যুৱ অৱস্থাৰ ব্যক্তিৰ ছালৰ দৰে ভিটামিন ডি প্ৰস্তুত কৰিব নোৱাৰে।বয়স বাঢ়ি অহাৰ লগে লগে বাহিৰত চলা-ফুৰাও কমি আহে।সেইবাবে বয়োজ্যেষ্ঠ ব্যক্তিৰ ভিটামিন ডিৰ অভাৱ হোৱাৰ সম্ভাৱনা খুব বেছি।

(২)আপুনি যদি কোনো কাৰ্যালয়ত চাকৰি কৰে-আপুনি যদি ৰাতিপুৱা ৯ বজাৰ পৰা সন্ধ্যা ৫ বজালৈকে চাকৰি কৰে,তেন্তে আপোনাৰ সুৰ্যৰ পোহৰত ওলোৱাৰ সম্ভাৱনা খুব কম।যাৰ ফলত শৰীৰত ভিটামিন ডিৰ অভাৱ ঘটে।এনে ব্যক্তিয়ে ভিটামিন ডিসমৃদ্ধ খাদ্য আৰু ভিটামিন ডিৰ কেপচুলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

(৩)আপোনাৰ ছালৰ ৰং যদি ক’লা হয়-বিভিন্ন সমীক্ষাত দেখা গৈছে বগা ছালৰ ব্যক্তিতকৈ ক’লা ছালৰ ব্যক্তিৰ শৰীৰত ভিটামিন ডিৰ মাত্ৰা কম।ক’লা ছালৰ ব্যক্তিয়ে ভিটামিন ডিৰ বাবে সুৰ্যৰ পোহৰত থকাতকৈ খাদ্য আৰু ভিটামিন ডি কেপচুলৰ ওপৰত নিৰ্ভৰ কৰা উচিত।

(৪)নিৰামিষভোজী ব্যক্তি-যিবিলাক খাদ্যত ভিটামিন ডি থাকে সেইবোৰ জন্তু বা প্ৰাণীৰ পৰা হোৱা খাদ্য।সেইবাবে যিসকল ব্যক্তি নিৰামিষভোজী,তেওঁলোকৰ ভিটামিন ডিৰ মাত্ৰা শৰীৰত কম হোৱাটো স্বাভাৱিক।

(৫) শৰীৰত চৰ্বিৰ মাত্ৰা বেছি হ’লে-যিসকল ব্যক্তিৰ শৰীৰত চৰ্বিৰ মাত্ৰা বে ছি হয় বা বি এম আই ৩০ ৰ ওপৰত হয়,তেনেহ’লে ভিটামিন ডিৰ অভাৱ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।এনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

(৬)কিছুমান ঔষধ ব্যৱহাৰ কৰিলে-এলাৰ্জি,এজমা আদিত ব্যৱহাৰ কৰা ঔষধ যেনে ষ্টেৰইড,দেহৰ ওজন কমোৱা ঔষধ যেনে অৰ্লিষ্টেট আৰু কলেষ্টেৰলৰ মাত্ৰা কমোৱা ঔষধ যেনে কলেষ্টিৰামিন আদিয়ে শৰীৰত ভিটামিন ডি প্ৰস্তুত কৰাত বাধা দিয়ে।এনেধৰণৰ ঔষধ ব্যৱহাৰ কৰা ব্যক্তিয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি শৰীৰত ভিটামিন ডিৰ মাত্ৰা বৃদ্ধি কৰা উচিত।

(৭)যিসকল ব্যক্তিৰ অনবৰতে গাঁঠি আৰু মাংসপেশীৰ বিষ হৈ থাকে-অনবৰতে গাঁঠি বা মাংসপেশীৰ বিষ হৈ থাকিলে চিকিৎসকৰ দ্বাৰা ৰক্তত ভিটামিন ডিৰ মত্ৰা পৰীক্ষা কৰোৱা আৱশ্যক।ভিটামিন ডিৰ অভাৱৰ বাবেও এনেধৰণৰ বিষ আৰু অস্বস্তিত ভুগিব পাৰে।ব্যায়াম বা দৌৰৰ পিছত মাংসপেশীৰ বিষ অনুভৱ হ’লেও ৰক্তত ভিটামিন ডিৰ মাত্ৰা পৰীক্ষা কৰোৱা উচিত।

(৮)মানসিক বিষণ্ণতাত ভোগা ব্যক্তিসকল:ব্ৰিটেইনত কৰা এটা বৃহৎ সমীক্ষাত দেখা গৈছে যে মানসিক বিষণ্ণতা (ডিপ্ৰেছন)ৰ ৰোগীসকলৰ মাজত ভিটামিন ডিৰ মাত্ৰা ৰক্তত আন ব্যক্তিসকলতকৈ দুগুণ কম।

(৯) দীৰ্ঘদিন মুৰৰ বিষত ভুগি থকা ব্যক্তিসকল: ২০১৭ চনত হোৱা এটা সমীক্ষাত প্ৰমাণিত হৈছে যে দীৰ্ঘদিন মুৰৰ বিষত ভুগি থকা ব্যক্তিৰ ৰক্তত  ভিটামিন ডিৰ মাত্ৰা খুব কম থাকে।অৰ্থাৎ ৰক্তত একেবাৰে কম মাত্ৰাৰ ভিটামিন ডি থকা ব্যক্তিসকলৰ মুৰৰ বিষৰ সম্ভাৱনা দুগুণ বেছি।

(১০) কিছুমান হজম প্ৰক্ৰিয়াৰ ৰোগ আৰু বৃক্ক ৰোগত আক্ৰান্ত ব্যক্তিৰ শৰীৰত ভিটামিন ডি প্ৰস্তুত নহয়।;

ভিটামিন ডিৰ অভাৱ হৈছে বুলি কেনেকৈ নিশ্চিত হ’ব-একমাত্ৰ ৰক্ত পৰীক্ষাৰ দ্বাৰা শৰীৰত ভিটামিন ডিৰ মাত্ৰা কিমান আছে জানিব পাৰি।

ভিটামিন ডিৰ অভাৱ কেনেকৈ প্ৰতিৰোধ কৰিব-

(১)সুৰ্যৰ পোহৰ: সপ্তাহত ২ ৰপৰা ৩ দিন হাত ভৰি আৰু মুখত ২০ মিনিটৰ বাবে ৰ’দ পৰিবলৈ দিলে শৰীৰত যথেষ্ট ভিটামিন ডি প্ৰস্তুত হয়।কিন্তু বেছি সময় ৰ’দত থকা ছালৰ বাবে ক্ষতিকাৰক ৰ’দ লওঁতে কোনো ‘ছানস্ক্ৰীন’ক্ৰীম ব্যৱহাৰ কৰিব নালাগে।

(২)ভিটামিন ডিৰ আন এটা প্ৰধান উৎস হ’ল খাদ্য।ই বেছি পৰিমাণে থকা খাদ্যসমুহ হ’ল-চৰ্বিযুক্ত মাছ যেনে-চাৰডিনছ,মেকেৰেল,টুনা,কডলিভাৰ অইল,কণীৰ কুহুম,ভিটামিন ডি মিহলাই বনোৱা (ফৰটিফাইড)গাখীৰ,ৰাতিপুৱাৰ জলপান বা ফলৰ ৰস ইত্যাদি।এনে খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰক।

(৩)ভিটামিন ডিৰ কেপচুল বা ছীৰাপ-বিভিন্ন মাত্ৰাত ভিটামিন ডিৰ কেপচুল বা ছীৰাপ ঔষধৰ দোকানত পোৱা যায়।চিকিৎসকৰ পৰামৰ্শ অনুসৰি এনে কেপচুল ব্যৱহাৰ কৰক।কেঁচুৱা আৰু শিশুৰ ক্ষেত্ৰত ছীৰাপ ব্যৱহাৰ কৰিব পাৰি।

সাৱধান:অত্যধিক মাত্ৰাত ভিটামিন সেৱন কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।সেইবাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ভিটামিন ডিৰ ঔষধ সেৱন কৰা একান্ত প্ৰয়োজন।ভিটামিন ডিৰ অভাৱ পৰিলক্ষিত হ’লে উপযুক্ত চিকিৎসা কৰি নিজকে সুস্থ,সবল আৰু নিৰোগী কৰি ৰাখক।

লেখক: ডা: চন্দন বৰুৱা (নিয়মীয়া বাৰ্তা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate