অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ অতিকৈ জনপ্ৰিয় ঔষধি খাদ্য কোমোৰা আৰু ইয়াৰ বিশেষ গুণাগুণ

আমাৰ অতিকৈ জনপ্ৰিয় ঔষধি খাদ্য কোমোৰা আৰু ইয়াৰ বিশেষ গুণাগুণ

দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ "শাক-পাচলি খাওঁ। তাৰ ভিতৰত আমাৰ অসমীয়া মানুহে খোৱা আন এবিধ জনপ্রিয় খাদ্য হৈছে কোমোৰা। এই কোমোৰাৰ ইংৰাজী নাম হৈছে White Gourd/White pumpkin আৰু ইয়াৰ বৈজ্ঞানিক নাম Banicara hispida cogm। ইয়াৰ গোট হৈছে Cucurbit ceae। পাচলি জাতীয় এই আৰোহী লতাবিধৰ গা-গছত, ঠাৰিত আৰু পাতৰ তলফালে শুং থাকে। সাধাৰণতে ইয়াৰ পাতবোৰ ডাঙৰ ডাঙৰ বৃত্তকাৰ আৰু ফুলবোৰ হালধীয়া বৰণৰ। কোমোৰা দেখিবলৈ দীঘলীয়া আৰু গাটো। কেঁচা হৈ থাকিলে দেখিবলৈ সেউজীয়া বৰণৰ আৰু পৈণত বগা বৰণৰ হয়। কোমোৰাৰ ভিতৰ অংশত বহুত গুটি থাকে।

কোমোৰাৰ ঔষধি গুণ

আমি সকলোৱে কোমোৰাক তৰকাৰী বা আঞ্জা কৰি খাওঁ যদিও ইয়াৰ ভিতৰত যে কিমান ঔষধি গুণ বা বেমাৰ প্ৰতিৰোধকাৰী ক্ষমতা আছে, তাক আমি বহুতেই নাজানো বা জানিবলৈ চেষ্টা নকৰো। তেনে ধৰণৰ ঔষধি গুণ দুটিমান হৈছে

১। স্মৃতি শক্তি, দুর্বল আৰু স্নায়ু শক্তিশালী নোহোৱা ব্যক্তিসকলৰ বাবে কোমোৰা অতিকৈ উপকাৰী ফল। আমাৰ মগজুৰ বাবে প্ৰয়োজনীয় ফছপৰাছ অধিক পৰিমাণে কোমোৰাত পোৱা যায়। ১০০ গ্রাম কোমোৰাত প্রায় ২০ গ্ৰাম ফছফৰাছ পোৱাৰ বিপৰীতে আমাৰ দেহত দৈনিক প্রয়োজন হোৱা ফছফৰাছৰ পৰিমাণ মাত্র এক গ্রাম দেহৰ হাড়, মগজু, তথা স্নায়ু কোষ সবল কৰিবলৈ কোমোৰা খোৱা প্ৰয়োজন। সাধাৰণতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট পৰিমাণে কোমোৰা খোৱা প্রয়োজন।

২। ই মানসিক ৰোগ দূৰ কৰে। আমাৰ দেহত প্রয়োজন হোৱা নিকোট’নিক এছিড প্রতি এশ গ্রাম কোমোৰাত প্ৰায় চাৰি মিলিগ্রাম পোৱা যায়।

৩। কোমোৰাই হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

8 | দেহত প্ৰয়োজনীয় কার্বহাইড্রেট, লো, ৰিবোফ্লেভিন আদি কম-বেছি পৰিমাণে কোমোৰাৰ পৰা পোৱা যায়।

৫। কোমোৰাই যক্ষ্মাৰোগ গ্ৰতিৰোধৰ বাবেও কিছু পৰিমাণে শক্তি যোগান ধৰে।

৬। পেট খোলোচা, প্ৰস্ৰাৱ পৰিষ্কাৰ আৰু শৌচ স্বাভাৱিক অৱস্থালৈ আনিবলৈ ১৫ চামুচ কোমোৰাৰ ৰসৰ সৈতে সম পৰিমাণৰ গৰম গাখীৰ মিহলাই দিনত তিনি-চাৰি দিন খালেই সুফল পোৱা যায়।

৭। ৰক্তপিত্ত হোৱা ৰোগীয়ে যদি দহ চামুচ কোমোৰা ৰসৰ সৈতে এক চামুচ চেনি মিহলাই দিনে এবাৰকৈ খায়, তেন্তে ৰক্তপিত্ত ৰোগৰ পৰা কিছু উপশম পোৱা যায়।

৮। পেট বিষালে কোমোৰাৰ সাহ দুশ গ্রাম পুৰি তাৰ ছাই পানীৰ সৈতে মিহলাই খালে উপকাৰ পাব পাৰি।

৯।  কোমোৰা গুটিয়ে কৃমি নাশ কৰে।

১০। কোনো লোকৰ অৰুচি, মূৰ্ছা, মৃগীৰোগ, পাথৰ ৰোগ, স্মৰণ শক্তি হ্রাস, স্নায়ু দুর্বলতা আদি ৰোগত কোমোৰাক পথ্যৰূপে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

১১। নিদ্রাহীন লোকৰ বাবে আৰু মূৰ কামোৰণি দূৰ কৰাৰ বাবে কোমোৰা উপকাৰী খাদ্য। ই বহুমূত্ৰ ৰোগৰ বাবেও উপকাৰী।

১২। সাধাৰণতে আমাৰ জ্বৰ হ’লে কোমোৰা আৰু তাৰ বাকলি পিহি দহ চামুচকৈ দিনে দুবাৰ খালে আৰু মূৰত ভৰণ দিলে জ্বৰৰ পৰা উপশম পাব পাৰি।

১৩। কোমোৰাই কোনো ধৰণৰ বিষ, পক্ষাঘাত, কাহ, পানীলগা আৰু অন্যান্য শ্বাস-প্রশ্বাস ৰোগ নাশৰ বাবেও উপকাৰী।

১৪। আমাৰ দেহত বাহিৰ বা ভিতৰৰ পৰা ওলোৱা তেজ কোমোৰাই বন্ধ কৰাত সহায় কৰে। কেঁচা কোমোৰাৰ পাঁচ চামুচ ৰসৰ সৈতে একে পৰিমাণৰ আমলখিৰ ৰস বা নেমুৰ ৰস মিহলাই ছয় চামুচকৈ দিনে দুই তিনিবাৰ গ্ৰহণ কৰিলে তেজ পৰা বন্ধ হয়।

১৫। কোনো লোকে কীটনাশক ৰাসায়নিক ঔষধ প্ৰয়োগ কৰা শাক-পাচলি খায় বা মদ্যপান কৰি বিষক্রিয়া হ’লে কোমোৰাৰ একাপ ৰস খুৱালে এই বিষক্ৰিয়াৰ পৰা উপশম পাব পাৰি।

১৬। যৌনশক্তি বৃদ্ধি কৰিবৰ বাবে অন্ততঃ ৬০ মিনিলিটাৰ কোমোৰাৰ ৰস দিনে দুই তিনিবাৰকৈ ২০-২৫ দিন গ্ৰহণ কৰিব লাগে। তেতিয়া অতি কম দিনৰ ভিতৰতে যৌনশক্তি বৃদ্ধি হয়।

উৎস: জীৱন আৰু স্বাস্থ্য বিশেষ।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate