অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমি খোৱা পানীটুপি

আমি খোৱা পানীটুপি

পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়।পানী অবিহনে প্ৰাণী জীয়াই থাকিব নোৱাৰে।এই ধৰাত যিমান প্ৰাণী আছে,সকলো প্ৰাণীয়েই পানী নিৰ্ভৰশীল।পানীক বাদ দি কোনো প্ৰাণী জীয়াই থকাটো অসম্ভৱ।জীয়াই থাকিবৰ বাবে আহাৰৰ প্ৰয়োজন আছে যদিও আহাৰ নোখোৱাকৈও কিছুদিন প্ৰাণী জীয়াই থাকিব পাৰে,কিন্তু পানী নোখোৱাকৈ জীৱন নিৰ্বাহ অসম্ভৱ।সেয়ে জীৱন-ধাৰণৰ তালিকাত পানীৰ স্থান শীৰ্ষত।

বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল-‘হয় জীয়াই থাকিবৰ বাবে খোৱা,নহ’লে খাবৰ বাবে জীয়াই থাকা’।সাধাৰণতে ইতৰ প্ৰাণীয়েহে মাথোঁ খাবৰ বাবে জীয়াই থাকে,মানুহৰ বাবে তেনে জীৱন কাম্য নহয়।কিয়নো ,জীৱৰ ভিতৰত মানুহক শ্ৰেষ্ঠ বুলি কোৱা হয়।সেয়ে,জীয়াই থাকিবৰ বাবে মানুহে নীতি-নিয়মৰ আওতাত থাকিহে খাদ্য-গ্ৰহণ কৰা দৰকাৰ।আমি খোৱা পানীটুপিও এই নীতি –নিয়মৰ বাহিৰত নহয়।সেয়ে,পানীটুপি খাওঁতে নিম্নোক্ত দিশসমুহ মানি চলাটো স্বাস্থ্যৰ বাবে উপকাৰী।

পানী কেনেদৰে সেৱন কৰিব-

 

পানীয়েই প্ৰাণীৰ প্ৰাণ বুলি ভাবি জধে-মধে পানী সেৱন কৰিব নালাগে।পানী সেৱন কৰাৰ পুৰ্বে পানীৰ বিশুদ্ধতাৰ ওপৰত গুৰুত্ব দিব লাগে।ফটফটীয়া পানী মানেই বিশুদ্ধ নহয়।সেয়ে,তিনিটা পদ্ধতি মানি চলিহে পানী সেৱন কৰিব লাগে-

*কুৱা,দমকল,নদী,নিজৰা আদি য’ৰে পানী নাখাওক কিয়,সেই পানী প্ৰথমে আনি পৰিশোধন কৰিব লাগে।

*পৰিশোধনৰ পিছত সেই পানী গৰম কৰিব লাগে ।কিন্তু কেৱল পাঁচ বা দহ মিনিট গৰম কৰিলে পানীত থকা বীজাণু নমৰে।সেয়ে,সম্পুৰ্ণ বিছ মিনিট সময় উতলাইহে পানী সেৱনৰ বাবে উপযুক্ত কৰি ল’ব লাগে।

*পানী সেৱন কৰোঁতে কেতিয়াও প্লাষ্টিকৰ পাত্ৰ,যেনে-গিলাচ,বাতি আদিত সেৱন কৰিব।কাৰণ প্লাষ্টিক শৰীৰৰ বাবে ব্যাধিস্বৰুপ।সেয়ে ৰুপ,তাম বা কাঁহৰ ঘটি বা ষ্টিলৰ পাত্ৰতহে পানী সেৱন কৰা দৰকাৰ।

পানী কিমান পৰিমাণত খাব-

 

সুস্বাস্থ্যৰ বাবে বিশুদ্ধ পানী সেৱন কৰাটো যিমান দৰকাৰী,তাতোকৈ দৰকাৰী পানীৰ পৰিমাণ জনাটো।এটি নিৰোগী শৰীৰৰ বাবে দৈনিক ছয়ৰ পৰা আঠ গিলাচ পানী সেৱন কৰা দৰকাৰ।কিন্তু পানী যেতিয়াই –তেতিয়াই নাখাই নিম্নোক্ত সময়ত খোৱা উচিত,যিয়ে সুস্বাস্থ্য গঠনত সহায় কৰে-

*পুৱা দাঁত ব্ৰাছ কৰাৰ পুৰ্বে ।

*খোৱাৰ ত্ৰিছ মিনিট আগতে।

*শুই উঠাৰ পিছত।

*শুবলৈ যোৱাৰ পুৰ্বে।

*খোৱাৰ ত্ৰিছ মিনিট পিছত ।

আমি চলোৱা এটি সমীক্ষাযোগে জানিব পাৰিছিলো যে বহু মানুহে আহাৰ গ্ৰহণৰ মাজত পানী সেৱন কৰে।এনে কৰা অনুচিত।কিছু নীতি-নিয়ম মানি চলি পানী সেৱন কৰিলে সেই পানী কেৱল পানী নহৈ শৰীৰৰ বাবে মহৌষধস্বৰুপ হৈ পৰিব পাৰে।

পানী ক’ত খাব-

 

যিহেতু পানী শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান,সেয়ে পানী নোখোৱাকৈ জীয়াই থকা অসম্ভৱ।কিন্তু ভ্ৰমণকালত পানী য’তে ত’তে,জধে-মধে খোৱাৰ পৰিৱৰ্তে পানী নিজাকৈ লগত লৈ যাব লাগে।

পানী সেৱন কৰোতে-

 

পানী কিদৰে সেৱন কৰো তাৰ ওপৰতে সুস্বাস্থ্যৰ কথাটি নিৰ্ভৰ কৰে।পানী খাওঁতে কেতিয়াও কোনো পাত্ৰৰ পৰা ঢালি খাব নালাগে।বৰং পাত্ৰটি ওঁঠত লগাই লৈহে সেৱন কৰা উচিত।

মুঠতে,আমি খোৱা পানীটুপি যদি শুদ্ধ নীতি-নিয়মৰ মাজত থাকি সেৱন কৰাৰ প্ৰয়াস কৰো,তেন্তে সেই পানীটুপিয়ে আমাৰ শৰীৰৰ বাবে মহৌষধস্বৰুপ হৈ আমাক যে এটি সুন্দৰ,নিৰোগী স্বাস্থ্য প্ৰদান কৰিব,সেয়া নিশ্চিত।

লেখক:দিগন্ত বৈশ্য (স্বাস্থ্য আৰু দীৰ্ঘজীৱন )

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate