অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়’ডিন

 

আমাৰ দেহৰ বাবে আৱশ্যকীয় পদার্থসমূহৰ ভিতৰত আয়’ডিন অন্যতম। ইয়াক Trace Element বোলা হয়। থাইৰয়ড হৰম'ন থাইৰক্সিন আৰু ট্ৰাইআয়ড থাইৰক্সিন তৈয়াৰ কৰিবলৈ লাগে। এজন প্রাপ্তবয়স্কৰ দেহত ৫০ মিলিগ্রাম আয়'ডিন থাকে।

ক’ত ক’ত আয়'ডিন থাকে-

 

  • সাগৰীয় মাছ।
  • সাগৰীয় নিমখ।
  • আয়'ডিন থকা মাটিত হোৱা শাক-পাচলিত আয়'ডিন থাকে।
  • পানীত কিছু পৰিমাণে আয়'ডিন থাকে।
  • গাখীৰ, মাংস, মাহজাতীয় খাদ্যত থাকে।
  • শাক- যেনে লাইশাকত থাকে।

দেহত কিমান পৰিমাণৰ আয়'ডিন প্রয়োজন

 

  • বয়সস্থ পুৰষৰ দৈনিক ০.১৪ মিলিগ্রাম।
  • বয়সস্থ মহিলাৰ দৈনিক ০.১০ মিলিগ্রাম।
  • গৰ্ভৱতী মহিলা, ল’ৰা-ছোৱালী আৰু কেঁচুৱা জন্মৰ পিছত বেছি প্রয়োজন হয়।

আয়'ডিন নহ’লে কি হ’ব

 

আমাৰ খাদ্য আৰু পানীত আয়'ডিন নাথাকিলে গৰল হ’ব পাৰে। বহু ঠাইত পানীত আয়'ডিন নাথাকিলে হোৱা গৰলক Endemic Goitre বোলে। একেলগে বহু লোকৰ গৰল হয়। ডিঙিত গোটা হৈ জিলিকি থাকে। এই অঞ্চলবোৰত নানান ধৰণে অসুখ হ’ব পাৰে। যেনে— ল’ৰা-ছোৱালীৰ মানসিক স্বাস্থ্য কম হোৱা, কলা-বোবা হোৱা, চকু বাহিৰলৈ ওলোৱা ইত্যাদি।

বিশ্বত প্রায় ২০০ নিযুত গৰল হোৱা লোক আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক ৰিপ'ৰ্টত প্রকাশ ভাৰততো যথেষ্ট গৰল হোৱা লোক আছে। হিমালয়ৰ পাদদেশত – লাডাখ, জন্মু, কাশ্মীৰ, হিমাচল প্রদেশ, উত্তৰ প্ৰদেশ,বিহাৰ, পশ্চিম বংগ, ছিকিম, ভূটান, অসম, অৰুণাচল, মেঘালয়, নগালেণ্ড আদিত এই ৰোগ হোৱা দেখা যায়। ভাৰতত প্রায় ৯ নিযুত গৰল হোৱা লোক আছে।

প্ৰতিৰোধ

 

  • আয়'ডিনযুক্ত নিমখ খাব লাগে।
  • Endemic ঠাইবিলাকৰ পানী জনস্বাস্থ্য বিভাগে পৰীক্ষা কৰি জনসাধাৰণক সজাগ কৰিব লাগে।
  • আয়’ডিনযুক্ত খাদ্য খাব লাগে।
  • স্বাস্থ্য বিভাগ তথা চিকিৎসকৰ পৰামর্শ লোৱা বাঞ্ছনীয়।

লিখক: ডাঃ দুর্লভ বৰুৱা, দৈনিক জনমভূমি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate