অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলু

আলু আৰু ইয়াৰ ঔষধি গুন-

আলু এবিধ সৰ্বজনপ্ৰিয় আৰু সুলভ পাচলি। এইবিধ পাচলি বিশ্বৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। ইয়াক সকলো ঋতুতে সমানে ব্যৱহাৰ কৰিব পাৰি আৰু বয়স তথা লিংগ নিৰ্বিশেষে সকলোৰে বাবে সমানে প্ৰিয় আৰু হিতকাৰী। ই ক্ষাৰ প্ৰধান হোৱা বাবে দেহৰ অম্লতা আঁতৰ কৰি দেহৰ বাবে অত্যাৱশ্যকীয় ক্ষাৰকীয় আৰু আম্লীয় গুণৰ সমতা ৰক্ষা কৰি দেহ সুস্থ-সবল কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ অনেক প্ৰজাতি আছে। আলুৰ বৈজ্ঞানিক নাম হৈছে- ‘ছোলেনম ট্যুবেৰোছম’(Solanum Tubarosum)। ই এবিধ কন্দমূল। আয়ুৰ্বেদ অনুসৰি ই আয়ুসবৰ্দ্ধক, বায়ুবৰ্দ্ধক, পাচন প্ৰণালীৰ শক্তি বৃদ্ধিকাৰক, ধাতু বৰ্দ্ধক, চৰ্বি আৰু দেহৰ মেদবৰ্দ্ধক, ৰক্তপিত্তনাশক, মল-মূত্ৰ প্ৰৱৰ্তক, কফ আৰু বাতবৰ্দ্ধক। সংস্কৃত(আয়ুৰ্বেদ) শাস্ত্ৰত বহুগুণী আলুৰ বিভিন্ন ঔষধি গুণবোৰ এনেদৰে বিবৃত হৈছে-

আলুকং শীতলং সৰ্বং বিষ্টংভি মধুৰং গুৰু।

সৃষ্ট মূত্ৰমলং ৰূক্ষাং দুৰ্জৰং ৰক্ত পিত্তনুত।

কফানিলকৰংৱল্যাং বৃষ্যং স্বল্পাগ্নিবৰ্দ্ধনম।।

অৰ্থাৎ আলু শীতল, বিষ্টম্ভক, মধুৰ, আৰু গুৰু প্ৰকৃতিৰ। ই মূল-মূত্ৰকাৰক, কঠিন-পাচ্য, ৰক্তপিত্ত প্ৰশমক আৰু কফ-বায়ু বৰ্দ্ধক। ই বল-বীৰ্য বৰ্দ্ধক আৰু কিছু পৰিমাণে অগ্নিবৰ্দ্ধক। সেইবাবে বায়ু বিকাৰী লোকে ইয়াক অধিক পৰিমাণে ভক্ষণ কৰিব নালাগে।

    আলুত থকা ৰাসায়নিক পদাৰ্থ:

আলুত নিম্নোল্লেখিত ধৰণে ৰাসায়নিক পদাৰ্থসমূহ পোৱা যায়, যিবোৰ দেহৰ বাবে অত্যাৱশ্যকীয়। প্ৰ’টিন ১.৬ শতাংশ, কাৰ্ব’হাইড্ৰেট ২৩ শতাংশ, কেলচিয়াম ০.০১ শতাংশ, ফছফৰাছ ০.০৩ শতাংশ, লৌহ পদাৰ্থ ০.৭ মি:গ্ৰাম(১০০ গ্ৰামত) আৰু খাদ্যপ্ৰাণ-এ, বি-২, নিয়াচিন আৰু খাদ্যপ্ৰাণ চি(গ) পোৱা যায়। খাদ্যপ্ৰাণ-গ(ভিটামিন চি) থকা বাবে আলু স্কাৰ্ভি(Scurvy) ৰোগ নাশক। অৱশ্যে নতুন সজীৱ আলুতহে আশানুৰূপ ধৰণে খাদ্যপ্ৰাণ গ পোৱা যায়। পুৰণা আলুত ইয়াৰ পৰিমাণে ক্ৰমে কমি যায়।

     

    আলুৰ বৈশিষ্ট:

আলু সাধাৰণতে সকলো প্ৰকাৰৰ পাচলিৰ সৈতে মিহলাই খাব পাৰি ইয়াৰ প্ৰধানতম বৈশিষ্ট এয়ে যে এইবিধ সামগ্ৰীক যিহৰ সৈতে মিহলোৱা যায় তাৰেই ই পুষ্টিগুণ বৰ্দ্ধন কৰি তোলে বুলি কোৱা হয়।

     

    ঔষধিয় গুণ:

আলুত থকা ক্ষাৰকীয় উপাদানে তেজৰ ইউৰিক এচিডৰ পৰিমাণ কম কৰে। সেইবাবে ই ‘গাইট’ ৰোগতো উপকাৰী। খৰ আদি চৰ্মৰোগত আলু মিহিকৈ পিহি লগালে আৰু ইয়াৰ ৰস সেৱন কৰিলে যথেষ্ট সুফল পোৱা যায়। উচ্চ ৰক্তচাপ ৰোগতো আলু উপকাৰী। খাদ্য বিশেষজ্ঞসকলৰ মতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব বিচৰাসকলৰ বাবে আলু এবিধ উত্তম খাদ্য দ্ৰব্য। আলুত থকা মেগনেছিয়ামে উচ্চ ৰক্তচাপ প্ৰশমিত কৰে। অম্লপিত্ত ৰোগীৰ বাবেও আলু উপকাৰী। জুয়ে পোৰাতো এক উত্তম ঔষধ হিচাপে আলু অনন্য। কেঁচা আলু পিহি পোৰা অংশত লগালে পোৰণি প্ৰশমিত হয় আৰু ঘা সোনকালে শুকায়। এনেহেন বহুগুণী আলু খাদ্যৰ প্ৰধান উপাদান হিচাপে গ্ৰহণ কৰি নি:সন্দেহে আমি নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰোঁ।

 

লেখক:ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate