অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলুৰ বিষয়ে কিছু কথা

আলু নহ’লে আমাৰ এটা দিনো নচলে। মানুহে আটাইতকৈ বেছি ভক্ষণ কৰা ৪বিধ পাচলিৰ আলু হ’ল অন্যতম। আলুৰ বৈজ্ঞানিক নাম Solanum tuberosum। বিশ্বত আলুৰ ২০০বিধ প্ৰজাতি আমি খাব পৰা আছে বুলি জনা যায়। বিশ্বত আটাইতকৈ বেছি আলু উৎপাদনকাৰী দেশ কেইখনমান হ’ল— ৰাছিয়া, চীন, ভাৰত, পোলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ।

আলুত থকা উপাদান

  • ১০০ গ্রাম আলুত কার্বহাইট্রেট ১৭ গ্রাম, প্ৰ'টিন ২ গ্রাম, ফেট ১০০ মিলিগ্রাম, ডায়েটেৰী ফাইবাৰ ২.২ গ্রাম, পটাচিয়াম ৪২১ মিলিগ্রাম, চ’ডিয়াম ৩৬ মিলিগ্ৰাম থাকে।
  • ভিটামিনসমূহ হ’ল ভিটামিন চি, ভিটামিন বি-এ, ভিটামিন বি-৩, পেন্টথেনিক এচিড, ভিটামিন এ আৰু ভিটামিন ডি।
  • খনিজসমূহ হ’ল— আইৰণ, কপাৰ, মেগনেছিয়াম, মেংগানিজ, কেলচিয়াম, জিংক আৰু ফচফৰাচ।
  • শক্তি থাকে ৭৭ কেলৰি (১০০ গ্রাম)।
  • আলুত থকা নানাবিধ এণ্টিঅক্সিডেন্টে অপকাৰী ফ্রি ৰেডিকেল বিনষ্ট কৰি মানৱ শৰীৰক কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে।

ব্ৰিটেইনৰ ফুড ৰিচাৰ্ছ ইনষ্টিটিউটে আলুত উচ্চ ৰক্তচাপ কমাব পৰা এবিধ ৰাসায়নিক তত্ত্বৰ উপস্থিতি চিনাক্ত কৰিছে- যাৰ নাম হ’ল কোকএমাইন (Kukoamines)। ইয়াৰ আগতে চীন দেশত পোৱা Lycium chinense নামৰ এবিধ বনৌষধিত কোকএমাইন থাকে বুলি জনা গৈছিল। আলুত চিনাক্ত হোৱা পটাটিন নামৰ প্ৰ'টিন, কেফেয়িক এচিড, কেৰটিনইড আৰু ফ্লেভনইডে অহিতকাৰী ফ্রি ৰেডিকেলৰ বিৰুদ্ধে সক্রিয় ভূমিকা পালন কৰে।

আলুৰ সংৰক্ষণ

  • আলু ৰ’দ পৰা ঠাইত নহ'ব, ৰ’দত থ’লে আলুত ছলানাইন (Solanine) নামৰ বিষাক্ত এলকেইড উৎপন্ন হয়।
  • কোনো কোনোটো আলুৰ সেউজীয়া পৰা অংশটো বিষাক্ত ছলানাইন থাকে, তেনে আলু নাখাব।
  • ফ্ৰীজত নথ’ব। থ’লে তাৰ ষ্টাৰ্চৰ প্ৰকৃতি সলনি হ'ব আৰু স্বাদ সলনি হ'ব।
  • প্লাষ্টিকৰ বেগত নথ 'ব। ফুটা নথকা এনে বেগত ভাপ উৎপন্ন হৈ সোনকালে নষ্ট হ'ব পাৰে।
  • আলু পৰাপক্ষত কাগজৰ ঠোঙাত সংৰক্ষণ কৰিব।
  • আলু সাধাৰণতে শীতল, অন্ধকাৰ থকা, শুকান ঠাইত থ’ব লাগে।
  • আলুৰ গজালি মেলা পোখা নাখাই কটাৰিৰে ৰুকি পেলাই দিব।
  • ৰান্ধিবলৈ লোৱা আলু কাটি থৈ নিদিব-বায়ুৰ প্ৰভাৱত ইয়াৰ ৰং আৰু মান সলনি হ'ব। দৰকাৰ হ’লে কটা আলু পানীত ভিজাই থ'ব আৰু তাত সামান্য নেমুৰ ৰস মিলাই দিব।
  • আলুক পিয়াজৰ সৈতে একেলগে মিহলাই নথৈ সুকীয়া সুকীয়াকৈ ৰাখিব। থ’লে পিয়াজৰ গেছে আলুৰ মান অৱনমিত কৰিব আৰু পিয়াজো সোনকালে বেয়া হ'ব।
  • আলুৰ বাকলি নুগুচাই পানীত খুচি খুচি ধুই ৰন্ধনৰ বাবে সাজু কৰি ল’ব লাগে, কিয়নো আলুৰ বাকলিখনৰ তলত অনেক লাগতিয়াল খাদ্যপ্ৰাণ থাকে।

আলুৰ উপকাৰিতা

  • উচ্চ ৰক্তচাপ বাবে: আলুত কলৰ তুলনাত বেছি পটেচিয়াম থাকে। পটেচিয়ামে তেজৰ নলী বহলাই ৰাখি ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। পটেচিয়ামৰ উপৰি কোকএমাইন হ’ল এই ক্ষেত্ৰত উপযোগী।
  • হৃদৰোগৰ বাবে: ভিটামিন বি-৩, ভিটামিন চি, পটেচিয়াম আদিয়ে দেহক ষ্ট্ৰ’ক আৰু হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে। ছাউথ কেলিফর্নিয়া ইউনিভাৰ্ছিটিৰ মতে আলুত থকা ফাইবাৰেও হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে।
  • কলেষ্টেৰলৰ বাবে: আলুত থকা ফাইবাৰে কলেষ্টেৰল কমোৱাত সহায় কৰে।
  • কৰ্কট ৰোগ প্ৰতিৰোধক: ২০১৭ চনৰ Journel of Bioxhemistry ত প্রকাশিত তথ্য মতে আলুৰ এন্টিঅক্সিডেট আৰু এন্টিইনফ্লেমেটৰী গুণ থকা হেতুকে ক’লনৰ আৰু আন কেন্‌ছাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা হ্রাস পায়।
  • মস্তিষ্কৰ বাবে: আলুত থকা আলফা লিপ'য়িক এচিড আৰু কো-এনজাইমে এলজাইমাৰ আৰু আন মানসিক ৰোগৰ সম্ভাৱনা কমায়। ভিটামিন চি ডিপ্রেশন কমোৱাত সহায়ক বুলি জনা যায়।
  • সুনিদ্ৰাৰ সহায়ক: পটচিয়ামৰ মাংসপেশী শিথিল কৰা গুণৰ বাবে সেয়া সম্ভৱপৰ।
  • হাড়ৰ সুৰক্ষাত: Maryland Medical University-ৰ মতে মেগনেছিয়াম আৰু পটেচিয়ামে হাড়ক সুৰক্ষা দিয়ে। হালধীয়া আৰু বেঙুনীয়া আলুৱে অস্তিঅ’আৰ্থাইটিছ কম কৰে বুলি আৰ্থাইটিছ ফাউণ্ডেশ্যন জনাইছে।
  • পাক প্ৰণালীৰ উপকাৰিতা: আলুত থকা ফাইবাৰে খাদ্য সহজে হজম কৰায়। ডায়েৰিয়া ৰোধ কৰা। শৌচ খোলোচা কৰে।
  • ইমিউনিটি বৃদ্ধি: এণ্টিঅক্সিডেণ্ট আৰু ভিটামিনসমূহৰ বাবে সেয়া সম্ভৱপৰ।
  • কিড্‌নীৰ পাথৰৰ চিকিৎসা: মেগনেছিয়াম আৰু ফাইবাৰৰ এই ক্ষেত্ৰত ভূমিকা আছে। পাথৰ হোৱা ৰোগীয়ে আলুৰ সৈতে পানী বেছিকৈ খাব লাগে।
  • স্কাৰ্ভিৰোধক: ভিটামিন চিৰ বাবে সম্ভৱ।
  • ঋতুস্ৰাৱৰ সমস্যাত: আলুৱে চেৰটনিনৰ যোগেদি ক্ৰিয়া কৰি ৰজোনিবৃতি হোৱা মহিলাৰ মনৰ উদ্বিগ্নতা হ্রাস কৰে।
  • ছালৰ দাগ বাবে: ছালৰ ৰং উজ্জ্বল ৰাখে। চকুৰ ক'লা দাগ আলুৰ প্ৰয়োগে আঁতৰ কৰিব পাৰে। শালমইনা, ক’লা দাগ, চানবান আদিৰ বাবে আলু সিদ্ধ কৰি পিটিকি ল'ব। তাত কিছু দৈ আৰু নেমু ৰস মিহলাব। মিশ্ৰণৰ পেষ্ট আধা ঘণ্টা সময় ছালত লগাই ৰাখিব। প্রয়োজন অনুসৰি ২-৩ দিনৰ মূৰে মূৰে লগাব।
  • আঘাতত আলুৰ প্ৰলেপ ব্যৱহাৰ: আঘাত পাই নীলা পৰা শৰীৰৰ অংশত আলুৰ প্ৰলেপ দিলে উপশম ঘটে।
  • ঘৰুৱা চিকিৎসাত জুয়ে পোৰা ছালৰ অংশত কেঁচা আলু পিচি প্ৰলেপ দিলে উপশম হয়।
  • এলার্জি আৰু চৰ্মৰোগত আলুৰ ব্যৱহাৰ আৰামদায়ক আৰু উপযোগী।
  • এচিডিটি কমাবলৈ আলু পুৰি পিটিকা খালে অম্লপিত্তৰ উপশম ঘটে।
  • চুলিৰ বাবে: কেঁচা আলু বাকলিৰ সৈতে পিচি চেকনিত চেকি দৈৰ সৈতে মিহলাই চুলিত ৩-৪ দিনৰ ব্যৱধানত ঘহিব। আধা ঘণ্টাৰ পাছত ছেম্পুৰে মূৰ ধুব। চুলি সৰা আৰু অকালতে পকা কমিব। ভিটামিন চিৰ বাবে চুলি মজবুত হ'ব।
  • ক্ষীণ দেহৰ লোকে আলু খাই নিজৰ ওজন বৃদ্ধি কৰিব পাৰে। কিয়নো প্রতি ১০০ গ্রাম আলুত শক্তি থাকে ৭৭ কেলৰি।
  • খেলুৱৈৰ বাবে: আলুৱে ইলেক্ট্ৰলাইট সন্তুলিত ৰাখে। মাংসপেশীৰ সংকোচন হ’বলৈ নিদিয়ে। ততালিকে শক্তি যোগায়।

সতর্কতাসমূহ

  • আলুৰ High Glycemic Index থকাৰ বাবে ডায়েবেটিছ ৰোগীয়ে আলু কম পৰিমাণত গ্ৰহণ কৰিব। আলুৰ লগত একে সময়তে Low Glycemic যুক্ত খাদ্য (যেনে আঁহযুক্ত শস্য বা কম ফেট থকা গাখীৰ খাব লাগে, যাতে ছুগাৰ অসন্তুলিত হৈ নাযায়।
  • তেজ পাতল কৰি ৰখা (Thrombolytic drugs) দৰবে আলুৰ সৈতে Drug Interaction কৰে। তেনে দৰৱ ব্যৱহাৰ কৰি থকা লোকে আলু, কমকৈ খোৱা উচিত, যাতে কোনো ধৰণৰ ৰক্তক্ষৰণ আদি সংঘটিত নহয়। আলুত থকা ৰাসায়নিক পদার্থৰ বাবে তেজ গোট মৰাত বিলম্ব হ'ব পাৰে।

মোখনিত ক'বলগীয়া আলুৰ উপকাৰিতা পাবলৈ হ’লে আলুক বেছি তেলত ফ্ৰেঞ্চফ্ৰাই কৰি নাখাব। আলুত ক্রিম, মাখন, পনীৰ আদি মিলাই দিলে ইয়াৰ উপকাৰী গুণ হ্রাস পায়। একেদৰে আলু চিপছো দেহৰ বাবে উপকাৰী নহয়।

আলুৰ পৰা ততালিকে আহৰণ কৰা কেলৰিয়ে ওজন বঢ়ায়। সেয়ে অলপ শকত লোকে কম বা নিয়ন্ত্রিত পৰিমাণতহে আলু সেৱন কৰিব।

লিখক: ডা: ভূপেন শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 2/20/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate