- আহাৰ সদায় পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে| যিবিলাক পাত্ৰ বা বৈয়ামত আহাৰ ৰখা হয়, সেই পাত্ৰ বিলাক পৰিস্কাৰ আৰু বীজাণুমুক্ত হোৱা উচিত|
- বাৰিষা সাধাৰণতে কেকবিলাক টেমাৰ ভিতৰত ৰাখিলে সেমেকি যোৱা দেখা যায়| কেক ৰখা টেমাৰ লগত যদি এটা আপেল ৰখা হয়, তেন্তে টেমাৰ ভিতৰত থকা কেক সেমেকি নাযায় আৰু কেইবাদিনলৈ কেক ভালে থাকে|
- মৌ ভালদৰে ৰাখিবৰ বাবে মৌ থোৱা বটলত এটা শুকান জলকীয়া ভৰাই ৰখা উচিত|
- ঘিউ ৰখা বটল বা বৈয়ামত এখিলা সতেজ পাণ ভৰাই ৰাখিলে ঘিউখিনি বহুদিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি|
- দাইল ভালেৰে ৰাখিবৰ বাবে দাইল ৰখা টেমাত মহানিমৰ শুকান পাত দুটামান ভৰাই ৰাখিব লাগে| দাইলত পোক নালাগে|
- চাউলত পোক নালাগিবৰ কাৰণে বা চাউলখিনি ভালদৰে ৰাখিবৰ বাবে চাউলৰ মাজত মহানিমৰ শুকান পাত কেইখিলামান ৰাখিব লাগে|
- খোৱা শাক-পাচলি ফ্ৰিজত থবলৈ হ’লে ফ্ৰিজত থোৱাৰ আগতে সেই শাক-পাচলি নিমখ মিহলোৱা পানীৰে ভালদৰে ধোৱাৰ পিচত তাৰ পানীখিনি সম্পুৰ্ণকৈ শুকুৱাৰ পিচতহে ফ্ৰিজত ৰাখিব লাগে|
- সকলো খোৱাবস্তু পৰিস্কাৰ পাত্ৰত ঢাকি ৰাখিব লাগে|
লেখক:- মল্লিকা শৰ্মা
উৎস:- সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 3/8/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.