অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহাৰত ৰামধেনুৰ সমাহাৰ :

আহাৰত ৰামধেনুৰ সমাহাৰ :

 

স্বাস্থ্যই মানৱ জীৱনৰ ভেটিস্বৰুপ। খোৱা আহাৰ আৰু পৰিৱেশ স্বাস্থ্যৰ লগত নিবিড়ভাৱে জড়িত। খাদ্য  অবিহনে কোনো প্ৰাণীয়েই জীয়াই থাকিব নোৱাৰে। সুস্বাস্থ্যৰ বাবে আমাৰ আহাৰ নিয়মিত অনুপাতত হোৱাটো প্ৰয়োজন।

খাদ্যৰ বিভিন্ন কাৰ্যৰ ওপৰত ভিত্তি কৰি খোৱা আহাৰ সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হৈছে -

১) শক্তিদায়ক খাদ্য: যি খাদ্যত সাধাৰণতে শৰ্কৰা আৰু চৰ্বিজাতীয় পদাৰ্থ থাকে। এই খাদ্যবোৰে দেহত তাপ শক্তিৰ যোগান ধৰে। এনে খাদ্যক সাধাৰণতে দুটা শ্ৰেণীত ভাগ কৰা হৈছে।

প্ৰথম ভাগ: চেনি, গুড়, মাহ জাতীয়, ধান জাতীয়, শস্য জাতীয়, বাদাম আদি।

দ্বিতীয় ভাগ: গাখীৰ, ঘিউ, মাখন, কণী, মাছ, মাংস, আলু, কচু, শুকান ফল-মুল ইত্যাদি দ্বিতীয় শ্ৰেণীত অন্তৰ্ভুক্ত।

২) শৰীৰ গঠন আৰু মেৰামতিকাৰী খাদ্য: মাংসপেশী , স্নায়ুগ্ৰন্থি, ৰক্তপেশী, লিভাৰ আদিৰ গঠনৰ বাবে প্ৰ’টিন আৰু ধাতৱ পদাৰ্থৰ আৱশ্যক। পেশীসমুহৰ পৰা পৰিপুষ্টি আৰু পুনগঠনৰ বাবে প্ৰ’টিনৰ আৱশ্যক। গাখীৰ, খনিজ (Mineral), কণী, মাংস, মাছ ইত্যাদি আৰু মাহ জাতীয় খাদ্য, ছয়াবিন, বাদাম ইত্যাদি এই শ্ৰেণীৰ খাদ্য।

৩) প্ৰতিৰোধ আৰু পৰিচালক খাদ্য: যিবোৰ আহাৰে আমাৰ দেহক নানা তৰহৰ বেমাৰ আদিৰ পৰা ৰক্ষা কৰে সেই খাদ্যবোৰ সাধাৰণতে এই শ্ৰেণীৰ ভিতৰত পৰে। এনেবোৰ খাদ্যৰ পৰা আমি বিভিন্ন ভিটামিন, ধাতৱ পদাৰ্থও পাওঁ। গাখীৰ, মাখন, কণী, লিভাৰ, বিভিন্ন শাক-পাচলি আৰু ফল-মুল আদিৰ পৰা আমি ভিটামিন পাওঁ। শৰীৰৰ প্ৰয়োজনীয় সকলো আহাৰ যিদৰে একেধিক বস্তুতে পোৱা নাযায় ঠিক তেনেদৰে শৰীৰৰ বিভিন্ন কাৰ্য একেবিধ আহাৰে সমাধা কৰিব নোৱাৰে। দেহৰ প্ৰয়োজনীয় আটাইবোৰ উপাদান খাদ্যৰ মাজেৰে উপযুক্ত পৰিমাণে পাবলৈ হ’লে সুষম আহাৰ (bal-anced diet)ৰ প্ৰয়োজন।

সুষম আহাৰ: যি আহাৰত প্ৰ’টিন কাৰ্বহাইড্ৰেট, চৰ্বি, খনিজ লৱণ আদি আটাইবোৰ উপাদান সঠিক অনুপাতত পাব পাৰি আৰু যি আহাৰে আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টি সাধন কৰে, শৰীৰৰ পেশীবোৰৰ বৃদ্ধি কৰি কাম-কাজ নিয়মীয়াকৈ চলায় আৰু শৰীৰক বেমাৰ-আজাৰ আদিৰ পৰা ৰক্ষা পাবলৈ ক্ষমতা যোগায়, তেনে আহাৰকে সুষম আহাৰ বোলে। স্থান, কাল আৰু পাত্ৰ ভেদে সুষম আহাৰ বেলেগ বেলেগ হয়।

সুষম আহাৰ প্ৰস্তুত কৰিবলৈ গৃহিণীয়ে কিছুমান কথালৈ লক্ষ্য ৰখাটো প্ৰয়োজন হয় -

১) দৈনিক আহাৰৰ পুষ্টিৰ উপাদানবোৰৰ বিষয়ে সম্যক জ্ঞান।

২) পুষ্টিৰ উৎকৃষ্ট খাদ্যবোৰ নিয়মিত অনুপাতত পাবলৈ বজাৰৰ বা উৎসৰ জ্ঞান।

৩) আহাৰ পৰিকল্পনাৰ (meal planning) জ্ঞান।

৪) আহাৰ প্ৰস্তুতিৰ গুৰুত্ব।

৫) আহাৰ পৰিৱেশনৰ গুৰুত্ব।

খাদ্যগোট -

সকলো খাদ্যতেই পুষ্টিৰ প্ৰয়োজনীয় উপাদান, যেনে-প্ৰ’টিন, ভিটামিন, শৰ্কৰা আদি অনুপাতত পোৱা নাযায়। সেয়েহে কি খাদ্যত কোনখিনি উপাদান মজুত থাকে জনাটো অতিশয় প্ৰয়োজনীয়। যাতে আমি এই সকলো খাদ্যৰ নিৰ্ধাৰিত পৰিমাণৰ অনুপাতত আমাৰ সুষম আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰো। সাধাৰণ মানুহৰ সুবিধাৰ্থে এই সকলোবোৰ খাদ্য, পুষ্টি বিশেষজ্ঞসকলে বহলভাৱে চাৰিটা মুল খাদ্যগোটত বিভক্ত কৰিছে। এই গোটকেইটা হ’ল-

১) শস্য আৰু মাহ জাতীয় খাদ্য

২) গাখীৰ, মাছ-মাংস আৰু কণী

৩) শাক-পাচলি আৰু ফল-মুল

৪) চৰ্বি আৰু তেল, চেনি আৰু গুড় জাতীয় খাদ্য।

সুস্বাস্থ্য আৰু সুচল জীৱনৰ বাবে বয়স, লিংগ আৰু কাৰ্যৰ ভিত্তিত এই পাঁচোটা খাদ্যগোটৰ পৰা সুষম আহাৰ গ্ৰহণ কৰিব লাগে।

ফল-মুল, শাক পাচলি নিৰ্বাচন কৰোতে আমি কোনবোৰ কথা মনত ৰাখিব লাগে ?

স্বাস্থ্য ভালে ৰাখিবৰ বাবে বতৰৰ ফল- মুল, শাক-পাচলিহে পাৰ্যমানে খোৱা উচিত। এই ফল আৰু পাচলিবোৰ পৰাপক্ষত স্থানীয় হ’লে আৰু বেছি স্বাস্থ্যৰ পক্ষে উপকাৰী হয়।

সংস্কৃতত এষাৰ কথা আছে-‘যস্য দেশস্য সো মৰ্ত্তস্তস্য তদৌষধ্ং হিত্ং- অৰ্থাৎ যি দেশৰ যি প্ৰাণী, সেই দেশৰ বনজ দ্ৰব্যহে সেই প্ৰাণীৰ বাবে বেছি হিতকাৰী। বিভিন্ন গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে স্বাস্থ্য অটুট ৰখাৰ বাবে সদায় থলুৱাভাৱে উপলব্ধ বতৰৰ শাক-পাচলি, ফল-মুল গ্ৰহণ কৰিব লাগে। বজাৰৰ পৰা কিনা আমদানি কৰি অনা আৰু দেখাত ধুনীয়া শাক-পাচলি, ফল-মুলবোৰৰ আকাৰ ডাঙৰ হ’বলৈ আৰু পোক-পৰুৱাই নষ্ট নকৰিবলৈ কীটনাশক ঔষধ আৰু ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰা হয়। সেইবোৰৰ পৰাও আমাৰ শৰীৰত যথেষ্ট ক্ষতিসাধন হয়। ইয়াৰ উপৰি পাচলি আৰু ফল-মুলৰ আকৰ্ষণীয় আৰু সতেজ, এবিধ বিশেষ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে, যি আমাৰ শৰীৰত যথেষ্ট অপকাৰ কৰিব পাৰে। সেয়েহে ধুনীয়াটোলৈ নগৈ সৰু, অন্য আকৰ্ষণীয় চেহেৰাৰ পাচলি বা ফল-মুলবোৰহে আমি পৰাপক্ষত বাছি ল’ব লাগে। অৱশ্যে সেইবোৰ কিনোতে সতেজতাত গুৰুত্ব দিব লাগিব।

বজাৰৰ পৰা কিনা শাক, ফল-মুলবোৰ কমেও তিনিবাৰ ভালকৈ ধুই, পৰিষ্কাৰ পানীত ডুবাই ৰাখি পুনৰায় এবাৰ ধুইহে ব্যৱহাৰ কৰিব লাগে। ১০ মিনিটমান ডুবাই থৈ ধুই ব্যৱহাৰ কৰিব পাৰে।

আমাৰ আহাৰত ৰঙৰ ভুমিকানো কি?

যিদৰে ৰামধেনুৰ পৰিচয় ইয়াৰ উজ্জ্বল সাতোটা ৰং, ঠিক সেইদৰে আমাৰ আহাৰ অধিক পুষ্টিযুক্ত কৰিবলৈ হ’লে ইয়াত বিভিন্ন উৎসৰ পৰা প্ৰাকৃতিক ৰঙেৰে সমৃদ্ধ খাদ্যবস্তু বিচাৰি খোৱা আৱশ্যক।

এই প্ৰাকৃতিকভাৱে উপলব্ধ ৰঙীন ফল-মুল আচলতে কিছুমান জৈৱিক উপাদানৰ উৎকৃষ্ট উৎস- যাক phytonutrients  বুলি কোৱা হয়।

সেয়েহে প্ৰতিদিনে সাতোৰঙী ৰামধেনুৰ দৰে নানাৰঙী শাক-পাচলি আৰু ফল-মুল খালে সু- স্বাস্থ্যৰ গৰাকী হ’ব পাৰি।

প্ৰত্যেকবিধ শাক-পাচলি বা ফল-মুলতে ভিন্ন পৰিমাণৰ phytonutrients  পোৱা যায়। এই phytonutrients  বোৰৰ লগত কিছুমান স্বাস্থ্যৰ বাবে অতিকে উপকাৰী উপাদান মিশ্ৰিত হৈ থাকে। যিবোৰে একেলগে আমাক নিৰোগী কৰি ৰখাৰ উপৰি সু –স্বাস্থ্য বজাই ৰখাত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।

১) ৰঙা ৰঙৰ ফল-মুল বা পাচলিত পোৱা   বোৰে হৃৎপিণ্ডৰ ক্ৰিয়া সক্ৰিয় কৰে, স্মৃতিশক্তি বৃদ্ধি কৰে আৰু প্ৰ’টেষ্ট তথা অন্ত্ৰৰ কৰ্কট ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। যেনে- বিলাহী, আপেল, তৰমুজ, বীট, ষ্ট্ৰবেৰী, চেৰী ইত্যাদি। এনে খাদ্যত লাইক’পেন আৰু ইলাজিক এচিড নামৰ   থাকে।

হালধীয়া/ পাতল সুমথিৰা ৰঙৰ phytonutrients বোৰে  ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। হৃৎপিণ্ড আৰু দৃষ্টিশক্তি সুকলমে ৰখাত সহায় কৰে। এইবোৰ পাচলিত আৰু ফলবোৰত এ কেৰ’টিন, আৰু বি কেৰ’টিন মজুত থাকে, যিয়ে এই ৰঙৰ উৎস।

সেউজীয়া ৰঙৰ  phytonutrients বোৰে হাড় আৰু দাঁতৰ গঠনত সহায় কৰে। সেউজীয়া ফল আৰু শাক-পাচলিত Lutein/ zeaxanthin আৰু glucosinolates থাকে। এই খাদ্যবোৰে লগতে যথেষ্ট পৰিমাণৰ আঁহৰ যোৱান ধৰে, যিয়ে খাদ্যনলী পৰিষ্কাৰ কৰি ৰাখে আৰু তেজত কলেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। যেনে-সকলো ধৰণৰ আঁহযুক্ত শাক-পাচলি, ব্ৰ’কলী, বন্ধাকবি ইত্যাদি।

বেঙুনীয়া ৰঙৰ phytonutrients বোৰে অকালতে হোৱা বাৰ্ধক্য ৰোধ কৰে, স্মৃতিশক্তি বৃদ্ধি কৰে। যেনে- আঙুৰ, বেঙুনীয়া ৰঙৰ উৎস হৈছে phytonutrients , যি কোষ আৰু হৃৎপিণ্ডৰ স্বাস্থ্য অটুট ৰখাত সহায় কৰে। বগা ৰঙৰ phytonutrients বোৰে হৃৎযন্ত্ৰক কাৰ্যক্ষম কৰি ৰাখে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু তেজত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। এই ৰঙৰ উৎস হৈছে quercetin  নহৰু, পিঁয়াজ, মুলা হ’লে এই গোটৰ খাদ্য।

আমি মনত ৰখা উচিত যে আমি আমাৰ আহাৰত ৰামধেনুৰ ৰঙৰ সমাহাৰৰ কথা  কওঁতে কেৱল প্ৰাকৃতিকভাৱে উপলব্ধ ৰঙীন ফল-মুল আৰু পাচলিৰ কথাহে কোৱা হৈছে। কৃত্ৰিম ৰঙৰ ব্যৱহাৰ কৰি ৰঙীন খাদ্যবস্তুৰ অন্তৰ্ভুক্তিৰ কথা কোৱা হোৱা নাই।

কৃত্ৰিম ৰঙে বিপদ মাতিব পাৰে -

যিকোনো খাদ্য বাছনি কৰোতে আমি দেখিবলৈ ভাল লগাটোক অধিক প্ৰাধান্য দিওঁ, নহয়নে বাৰু? সেয়েহে দেখাত লোভনীয় কৰিবলৈ খাদ্যত নানাবিধ ৰং দিয়া হয়। এই ৰঙে খাদ্যদ্ৰব্যৰ সোৱাদ বৃদ্ধি নকৰে, মাত্ৰ চকুত লগাহে কৰে। কিন্তু কিছুমান ৰং মাৰাত্মক হ’ব পাৰে। ভাৰতত FSSAI  (Food Safety and Standards Authority of India) য়ে মুঠ ১১ টা ৰং খোৱা বস্তুত মিহলাবলৈ অনুমোদন দিছে। ইয়াৰ ভিতৰত্ কেইটামান হৈছে-

ব্ৰিলিয়েণ্ট ব্লু এফ চি এছ- নীলা ফাষ্ট গ্ৰীন (FCS (12.5 mg/kg)- সেউজীয়া Tartarzine  হালধীয়া , ছানছেট ইয়েল্ল’ (2.5 mg/kg)-কমলা কাৰ্মাচিন ৰঙা

খাদ্যত এইবোৰ ৰং ঠিকমতে ব্যৱহাৰ কৰিছেনে সেই বিষয়ে FSSAI য়ে চকু ৰাখিব লাগে। কিন্তু এই আইন থকা সত্ত্বেও আমাৰ দৈনন্দিন খাদ্যদ্ৰব্যত নানা ধৰণৰ ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য ৰং হিচাপে ব্যৱহাৰ কৰা হয়। সাধাৰণতে অধিক পৰিমাণে ব্যৱহৃত ক্ষতিকাৰক ৰং বিধ হ’ল মেটানিল ইয়েল্ল’। এই ৰং আলকতৰাৰ পৰা তৈয়াৰ কৰা হয়। সহজলভ্য আৰু সস্তীয়া। বিভিন্ন মিঠাইৰ উপৰি এইবিধ ৰং বেছন, মগুদাইল, বুট দাইল, ৰহৰ দাইল, হালধিৰ গুড়ি আকৰ্ষণীয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। Metanil Yellow এ অণ্ডকোষৰ ক্ষতিসাধন কৰে আৰু পুৰুষৰ বন্ধ্যাত্বৰ কাৰক। তদুপৰি এই ৰংবিধে কেন্সাৰ সৃষ্টি কৰিব পাৰে।

এইটো এটা উদাহৰণে মাথোঁ। দৈনন্দিন আমি এনে নানাবিধ ক্ষতিকাৰক ৰং খাই আছো। এনে ৰংবোৰে আমাৰ পাচন প্ৰক্ৰিয়াৰ বিজুতি ঘটাই এনিমিয়াৰ সৃষ্টি কৰে। দীৰ্ঘম্যাদী সেৱনে আমাৰ মগজু, বৃক্ক, প্লীহা, যকৃৎ আদিৰ ক্ষতিসাধন কৰে। গৰ্ভৱতী মহিলাৰ গৰ্ভপাত হ’ব পাৰে। নানাবিধ কেন্সাৰৰো কাৰক এই ৰংবোৰ। সেয়েহে আমি উপভোক্তা হিচাপে ভেজালীকৰণৰ বিষয়ে সজাগ হ’ব লাগে। ৰংচঙীয়া খাদ্য দেখি ভোল নগৈ সাৱধান হ’ব লাগে। ৰং নিদিয়াকৈ খাদ্য সুস্বাদু হয়। ৰঙীন খাদ্যবোৰত  FSSAI/mark মোহৰ আছে নে নাই নিশ্চিত কৰিব লাগে। কৃত্ৰিম ৰঙৰ পৰিৱৰ্তে প্ৰাকৃতিকভাৱে পোৱা ৰং বিৰিঙৰ ফল আৰু শাক-পাচলিৰে আমাৰ খাদ্যবোৰ ৰঙীন কৰাৰ চেষ্টা কৰিব লাগে।

লেখিকা: মলয়া গগৈ, মণিকা দুৱৰা (জি এনআৰচি স্বাস্থ্য)

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate