অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইতিহাসৰ পাতত পিঁয়াজ আৰু নহৰু

ইতিহাসৰ পাতত পিঁয়াজ আৰু নহৰু

সুপ্ৰাচীন কালৰে পৰা পিঁয়াজ আৰু নহৰুৱে মানুহক বিষেশভাৱে আকৰ্ষণ কৰি আহিছে। পিঁয়াজ-নহৰুৱে জন-জীৱনত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে। কেৱল ৰোগ আৰোগ্য কৰিবপৰা গুণৰ বাবেই নহয়, সমাজৰ অন্যান্য ক্ষেত্ৰতো যুগাই অহা প্ৰভুত অৰিহণাৰ বাবেই পিঁয়াজ-নহৰুক এনে স্থান দিয়া হৈছে।

ইতিহাসৰ পাত লুটিয়ালে কিছুমান বৰ মজাৰ তথ্য পোৱা যায়। আজিৰপৰা সাত হাজাৰ বছৰ আগতেও আমাৰ মানৱ সমাজত পিঁয়াজ আৰু নহৰুৰ বহুল ব্যৱহাৰ আছিল। বিভিন্ন দেশৰ প্ৰত্নতাত্ত্বিক নিদৰ্শনত ডুমৰু আৰু খেজুৰৰ লগত পিঁয়াজো পোৱা গৈছে। অৱশ্যে তেতিয়াৰ দিনত ইয়াৰ খেতি কৰা হৈছিল নে নাই সেই কথা ঠাৱৰ কৰিবপৰা নাযায়। কাৰণ, নিদৰ্শনত পোৱা পিঁয়াজ কৃষিজাত নে বনজাত সেয়া এই পৰ্য্যন্ত নিৰ্ণিত হোৱা নাই ।মিছৰৰ পিৰামিডৰ কথা আমি সকলোৱে জানো। এই পিৰামিড সাজিছিল মিছৰৰ কিছুমান শ্ৰমিকে। এই শ্ৰমিকসকলে হেনো খাদ্যৰ সৈতে মূলা আৰু পিঁয়াজ ভক্ষণ কৰিছিল পৰ্য্যাপ্ত শক্তি আহৰণৰ বাবে। মিছৰৰ সম্ৰাটক ফাৰাও বোলা হৈছিল। ফাৰাও খুফুৱে মিৰামিড নিৰ্মাণকাৰী শ্ৰমিকসকলক নহৰু খাবলৈ আদেশ দিছিল।

আমাৰ ঋকবেদতো পিঁয়াজৰ কথা উল্লেখ আছে ।ঋকবেদ ৰছনাৰ সময়-সীমা হৈছে আজিৰপৰা ৪০০০ ৰ পৰা ৫০০০ বছৰৰ কোনোবা এটা ক্ষণত। এই ঋকবেদৰ উপৰিও অপসতাম্বা ধৰ্মসূত্ৰতো পিঁয়াজৰ কথা পোৱা যায়। ইয়াৰ ৰছনা কাল আজিৰপৰা প্ৰায় ২৩০০ৰপৰা ২৯০০ বছৰৰ মাজত। পতঞ্জলি(খ্ৰিষ্টপূৰ্ব ২০০ চন), চৰক সংহিতা(খ্ৰিষ্টপূৰ্ব ৬০০ চন), সুশ্ৰুত সংহিতা(খ্ৰিষ্টাব্দ ৩-৪ চন)আৰু কাশ্যপ সংহিতা(খ্ৰিষ্টপূৰ্ব ৪০০ চন) আদি অলেখ পৌৰাণিক গ্ৰন্থত নহৰু আৰু নহৰুৰ সমাৰ্থক শব্দ ‘ৰসোনী’ৰ কথা উল্লেখ আছে ।

আমি বহুতেই পিঁয়াজ আৰু নহৰুক আমিষ খাদ্য হিচাপেই গণ্য কৰোঁ । মিছৰবাসীসকলে দুয়োবিধ পাচলিক অন্য ধৰণে জ্ঞান কৰিছিল।দেৱতাৰ ওচৰত শপত-বাক্য পাঠ কৰাৰ সময়ত তেওঁলোকে এই দুয়োবিধ সামগ্ৰীকে সন্মুখত থৈ পূজা কৰিছিল। পেলুছিয়াম হৈছে মিছৰৰ এখন নগৰ । এই নগৰৰ অধিবাসীসকলে পিঁয়াজ আৰু নহৰুক খাদ্য-দ্ৰৱ্য হিচাপে গ্ৰহণ কৰা নাছিল । পূজনীয় সামগ্ৰী বুলিয়ে সন্মান জনাই তেওঁলোকে এই দুয়োবিধক খাদ্য-দ্ৰ্ৱ্য হিচাপে বৰ্জন কৰিছিল । তদুপৰি, পিঁয়াজৰ আকাৰ বৃত্তৰ দৰে, আৰু এটাৰ পাছত এটাকৈ কেবাটাও বৃত্ত লাগি থকাৰ নিচিনা আকৃতিটোক মিছৰবাসীয়ে বৰ পৱিত্ৰ বুলি গণ্য কৰিছিল । ই যেন অনন্ত জীৱনৰ প্ৰতীক । এনে এক প্ৰচলিত জনবিশ্বাসৰ বাবেই প্ৰিয়জনৰ মৃত্যুৰ পাছত সমাধিৰ অন্তৰ্ভাগত অন্যান্য বস্তুৰ সৈতে পিঁয়াজো অৰ্পণ কৰা হৈছিল । লগতে তেওঁলোকে এনেকৈও ভাবিছিল, পিঁয়াজৰ উগ্ৰ গন্থই প্ৰিয়জনৰ চিৰ নিদ্ৰা অচিৰেই ভাঙিব ।

প্ৰাচীন গ্ৰিছত বহুতো শাৰীৰিক অনুশীলনকাৰী ব্যক্তি আছিল । তেওঁলোকে যথেষ্ট পৰিমানে পিঁয়াজ সেৱন কৰিছিল ।তেওঁলোকে বিশ্বাস কৰিছিল যে পিঁয়াজ ভক্ষণ কৰিলে শৰীৰত সঠিক মাত্ৰাত তেজ চলাচল কৰে ।আনহাতে ৰোমৰ গ্লাডিয়েটৰসকলে শক্তি বৃদ্ধি কৰিবলৈ পেশীৰ ওপৰত পিঁয়াজ থৈছিল । দ্বাদশ শতাব্দীৰ ইংৰাজ লেখক আলেকজেণ্ডাৰ নেকামৰ মতে সেই সময়ত গ্ৰিক আৰু ৰোমান সৈনিক, নাবিক আৰু সাধাৰণ গঞা লগতে আফ্ৰিকাৰ কৃষিজীৱীসকলে সকলো ৰোগৰ মহৌষধ হিচাপে যথেষ্ট পৰিমানে নহৰু খাইছিল ।

ভাৰতত পিঁয়াজৰ আবিৰ্ভাৱ হয় গুপ্ত যুগতেই! অৰ্থাৎ খ্ৰিষ্টাব্দ ৬০৬ৰপৰা ৬৪৮ চনৰ ভিতৰত । সেয়াও আগমন ঘটিছিল মধ্য এছিয়াৰপৰা । হিউয়েন চাং যেতিয়া ভাৰতলৈ আহিছিল, তেতিয়া খাদ্য হিচাপে ভাৰতত পিঁয়াজ বেচ জনপ্ৰিয় । কিন্তু তাতোকৈ বেছি জনপ্ৰিয় হৈ পৰিল মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পাছত । সম্ৰাট আকবৰকলৈ লিখা বহুমূলীয়া গ্ৰন্থ ‘আইন-ই-আকবৰী’ত পিঁয়াজেৰে ৰন্ধা বিভিন্নধৰণৰ ৰন্ধন প্ৰকৰণৰ বিষয়ে উল্লেখ আছে । ছাহজাহানৰ পুত্ৰ দাৰাছিকোৰে লিখা কৃষিসম্পৰ্কীয় পুথি ‘নুছথাদাৰ-ফান্নি-ফালাহাট’ত পিঁয়াজৰ খেতিসম্পৰ্কে বহুতো তথ্য পোৱা যায় ।

মধ্যযুগত পিঁয়াজে খাদ্য হিচাপে যথেষ্ট মৰ্য্যাদা লাভ কৰিছিল । সেই সময়ত পিঁয়াজ ইমানেই গুৰুত্বপূৰ্ণ হৈ পৰিছিল যে বহু সময়ত মুদ্ৰাৰ সলনি পিঁয়াজেৰেহে খাজনা দিয়াৰ নজিৰ আছে ।২৩ৰপৰা ৭৯ খ্ৰিষ্টাব্দৰ ভিতৰত ‘প্লিনি’ নামৰ জনৈক দাৰ্শনিক খুবেই জনপ্ৰিয় হৈ পৰিছিল ।এই দাৰ্শনিক গৰাকীৰ এখন গ্ৰন্থ ‘নেচুৰালিছ হিষ্ট’ৰিয়া’ত নহৰুৰ গুণাগুণৰ অলেখ তথ্য সন্নিবিষ্ট কৰা হৈছে ।১৪৯২ খ্ৰিষ্টাব্দত ক্ৰিষ্ট’ফাৰ কলম্বাছে হাইটি অভিযানৰ সময়ত উত্তৰ আমেৰিকাত প্ৰথমবাৰৰবাবে পিঁয়াজ ব্যৱহাৰ কৰিছিল ।খ্ৰিষ্টান ধৰ্মমতে চয়তানে যেতিয়া দেৱতা বা ঈশ্বৰৰ বাগিচা এৰি আহিছিল, তেতিয়া তাৰ বাঁও ভৰিৰ চিহ্ণৰপৰা জন্ম হৈছিল নহৰুৰ । আৰু সোঁ-ভৰিৰ চিহ্ণৰপৰা জন্ম হৈছিল পিঁয়াজৰ । এনে ধৰ্মীয় প্ৰতিবন্ধকতাৰ পাছতো পিঁয়াজ-নহৰুৰ জয়যাত্ৰা অব্যাহত আছিল । আদিম কালৰেপৰা মানুহে শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ পিঁয়াজ-নহৰুক খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে ।কেৱল ভাৰতবৰ্ষতেই নহয়, গ্ৰিছ, মিছৰ, চীন, ইটালি আদি পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে খাদ্য, ঔষধি আৰু পথ্য হিচাপে পিঁয়াজ-নহৰুক আকোঁৱালি লৈছে । চৰক, সুশ্ৰুত, হিপোক্ৰিটাছ, লুই পাস্তুৰ আদিৰ দৰে বৰেণ্য ব্যক্তিসকলেও পিঁয়াজ আৰু নহৰুৰ গুণৰ কথা অকপটে স্বীকাৰ কৰিছে ।

লিখকঃ ডা ৰফিক আলী



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate