কোমোৰা হৈছে লতাজাতীয় গছত লগা এবিধ পাচলি। এইবিধ ফল কুমলীয়া অৱস্থাত সেউজীয়া হৈ থাকি পূৰঠ অৱস্থাত বা বা ছাইবৰণীয়া হৈ পৰে। স্বভাৱত ই লাউজাতীয়(gourd)। সেয়ে ইংৰাজীত ইয়াক White gourd বা Ash gourd বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Benincasa hispidai। সংস্কৃতত ইয়াক কুষ্মাণ্ড কোৱা হয়, অৰ্থ বহুৰূপী। হয়তো গাৰ ৰং ভিন্ন ৰূপত পোৱা হেতুকেই এনে নাম ৰখা হৈছে। গছৰ গা আৰু পাত খহটা আৰু সৰু সৰু শুং বিস্তৃত হৈ থাকে। ফুল হালধীয়া, ফল সাধাৰণতে চুঙাকৃতিৰ, দৈৰ্ঘ্যই ৩০-৪০ ছেঃমিটাৰলৈ হয়। আগেয়ে আমাৰ ৰাজ্যত বাৰিষাহে ইয়াৰ খেতি কৰা হৈছিল। কিন্তু আজিকালি বছৰৰ সকলো সময়তে ব্যৱহায়িক ভিত্তিত ইয়াৰ খেতি কৰিবলৈ লোৱাত বজাৰত বাৰ মাহেই ইয়াক পোৱাটো সম্ভৱ।
কোমোৰা এনে এবিধ পাচলি যাক কুমলীয়াৰপৰা পূৰঠ, আনকি শুকান অৱস্থাতো খাব পাৰি। কোমোৰাত থকা দুবিধ বিশেষ উপাদান- Alunsenol আৰু Multiflorenolৰ বাবে ৰুগীয়া কোষত সুস্থ আৰু সবল কৰি ৰখাৰ ক্ষমতা থাকে বুলি পোহৰলৈ অহাৰ পিছত ইয়াৰ ব্যৱহাৰিক গুৰুত্বও ভালেখিনি বৃদ্ধি পাইছে।
ই এবিধ পুষ্টিকাৰক পাচলি। ইয়াৰ ১০০ গ্ৰামত পোৱা পুষ্টি উপাদানবোৰ এনে-
তেনেকৈ শক্তিৰ পৰিমাণ হৈছে ১০ কেল’ৰি/১০০ গ্ৰাম। এতেকে এনে তথ্যই দেখুৱাই দিয়ে যে আমাৰ দেহৰ বাবে প্ৰয়োজনীয় বেছিভাগ উপাদানকে কোমোৰাত পোৱা যায়। তাৎপৰ্যপূৰ্ণ যে ইয়াত কাৰ্বোহাইড্ৰেটৰ পৰিমাণ অতি কম আৰু তেনেকৈ শক্তিৰ পৰিমাণো কম হোৱাৰ বিপৰীতে ছডিয়ামৰ স্থিতি যথেষ্ট সবল হোৱাত ইয়াক ঘাইকৈ মধুমেহ আৰু হৃদৰোগীৰ বাবে উৎকৃষ্ট পাচলিৰূপে গণ্য কৰা হয়।
এইবোৰৰ উপৰি কোমোৰাৰ উপকাৰিতা সন্দৰ্ভত আৰু ভালেখিনি তথ্য পোৱা গৈছে। তাৰে কিয়দংশ ইয়াত উল্লেখ কৰা হ’ল-
লেখক: অৰ্পণ দত্ত(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 3/18/2020