কল যে দেহৰ বাবে অতি পুষ্টিকৰ খাদ্য- এই কথা শ শ বছৰ আগৰে পৰাই মানুহে উপলব্ধি কৰিছিল । প্ৰায় দুশ বছৰ আগতে উইলিয়াম ৰাইট নামৰ এজন লেখকে ‘কল আৰু কলৰ খেতি’ সম্পৰ্কে চিকিৎসা-বিজ্ঞানৰ এখন আলোচনীত লিখিছিল যে জামাইকাৰ মানুহে নিতৌ কল খায় বাবেই মানুহৰ স্বাস্থ্য-পাতি ভাল আছিল আৰু তেওঁলোক সবল আৰু শক্তিশালী আছিল । কোনো কাম কৰিবলৈ এলাহ নকৰিছিল । আন এটা তথ্য মতে দেশত খাদ্যৰ অভাৱ হোৱাত আফ্ৰিকাৰ কেতবোৰ জনজাতীয় লোকে বছৰৰ কে’বামাহো কল খায়েই জীৱন নিৰ্বাহ কৰিছিল । কালৰ এনে পুষ্টিকৰ খাদ্যৰ গুণাগুণৰ সম্ভেদ পাই কিছু ইংৰাজ ভ্ৰমণকাৰীয়ে কলৰ পৰা তৈয়াৰ কৰা আটাৰ ৰুটী খাই তিনিটা বছৰ পাৰ কৰি দিছিল । স্বাস্থ্যৰ কোনো অৱনতি ঘটা নাছিল । বৰঞ্চ মন আৰু দেহত শক্তি পাইছিল ।
কলৰ ৰাসায়নিক বিশ্লেষণত গৱেষকে পাইছে যে কলত বহুবিধ খনিজ পদাৰ্থ আৰু ভিটামিন থাকে । খনিজ পদাৰ্থৰ ভিতৰত পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, ছালফাৰ, ছডিয়াম, আইৰন আদিয়েই প্ৰধান । (ভিটামিনৰ ভিতৰত এ-বি (থিয়ামাইন), চি (এছকৰবিক এচিড), ৰিব’ফ্লেভিন আৰু নিয়াছিন থাকে । যথেষ্ট পৰিমাণে ভিটামিন-এ আৰু কেলচিয়াম থাকে বাবেই কলে চকুৰ ‘ৰক্ষক’ৰ কাম কৰে আৰু দাঁতৰ সুস্থ-সবল গঠনতো বিশেষ অৰিহণা যোগায় । সেইদৰে অধিক পৰিমাণত আইৰন থাকে বাবেই কলে দেহৰ ৰক্ত বৃদ্ধি কৰে । পটাছিয়ামো সৰহ পৰিমাণত আছে বাবেই দেহৰ স্নায়ুতন্ত্ৰ ৰক্ষা কৰি আছে ।
ৰাসায়নিক বিশ্লেষনত কলত প্ৰ’টিনৰ পৰিমাণ কম । কিন্তু একেলগে সৰহ কল খালে দেহে বহুলাংশে প্ৰ’টিন লাভ কৰে । বুৰঞ্জীৰ পাত লুটিয়ালে দেখা যায় যে কংগোৰ ৰবৰ খেতিত কাম কৰা বনুৱাসকলে খাদ্যৰ অভাৱত কংগোত উপলব্ধ কল যথেষ্ট পৰিমাণে খায়েই বহু মাহ কটাইছিল । সেইবুলি তেওঁলোকৰ স্বাস্থ্যৰ কোনো অৱনতি ঘটনা নাছিল । ৰবৰ খেতিত কাম কৰিবলৈও দেহত শক্তি পাইছিল ।
কলৰ কেলৰি শক্তি অতি বেছি । এটা ডাঙৰ কলৰ পৰা দেহে যথেষ্ট পৰিমাণে তাপ আৰু শক্তি পায় । সেইদৰে কলত গ্লুক’জৰ পৰিমাণ বেছি বাবেই কল খালেই দেহে শক্তি পায় আৰু দেহৰ ভাগৰ তৎকালে আঁতৰে ।
গৱেষণা কৰি বিশেষজ্ঞসকলে পাইছে যে গাখীৰৰ লগত কল খালে ই অতি পুষ্টিকৰ খাদ্য হৈ পৰে । সেইবাবেই গাখীৰ-কল মিহলাই শিশুক নিয়মিতভাৱে খুৱাব লাগে । তাৰ ফলত দেহত ওজন বৃদ্ধি পায় । কল-গাখীৰে বয়সস্থ মানুহৰ শৰীৰতো বয়সৰ চাপ পৰাত বাধা দিয়ে আৰু বহু বছৰলৈকে স্বাস্থ্য অটুট থাকে ।
পুষ্টিহীনতাত ভোগা ৰোগীৰ বাবে কল অতি উত্তম খাদ্য । অন্ত্ৰীয় অসুখৰ বাবে কল অতি প্ৰয়োজন । আলচাৰেটিভ, কলাইটিছ, ডিছেণ্ট্ৰী, এমিবায়’ছিছ আদি ৰোগৰ বাবে কল মহৌষধ । টাইফয়ড ৰোগীৰ বাবেও কল অতি আৱশ্যকীয় খাদ্য ।
দেহত জখম হ’লে অথবা ঘা হ’লে নিতৌ কল খালে সোনকালে ঘা শুকাই যায় । আনহাতে নিতৌ এটা বা দুটাকৈ কল খালে দেহৰ ৰক্তচাপ নিয়মিত অৱস্থাত থাকে । এই তথ্য সদৰী কৰিছে মণিপাল কষ্টুৰীয়া মেডিকেল কলেজৰ এদল গৱেষকে । তেওঁলোকৰ মতে উচ্চ ৰক্তচাপ থকা লোকৰো দহ শতাংশ ৰক্তচাপ নিম্নগামী হয় । কিছু বছৰ আগতে কেমব্ৰিজৰ ডন ক্লিনিকেল নিউট্ৰিচন চেণ্টাৰৰ কেইবাগৰাকী বিজ্ঞানীয়ে এলানি গৱেষণাৰ অন্তত মত প্ৰকাশ কৰিছে যে কলে ভয়াৱহ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে । তাৰ কাৰণ কলত কেতবোৰ হজম কৰিব নোৱাৰা শ্বেতসাৰ থাকে আৰু এই শ্বেতসাৰতেই লিভাৰ কেন্সাৰক প্ৰতিহত কৰিব পৰা শক্তি নিহিত থাকে । এইবিধ শ্বেতসাৰ হজম নোহোৱাকৈ কলনলৈ গুচি যায় আৰু তাৰ পিছত তাত থকা বেক্টেৰিয়াসমূহে এইবোৰ ভাঙি কেতবোৰ ফেটী এচিড (বিউটাইৰেট) লৈ পৰিৱৰ্তন কৰে ।
এই বিউটাইৰেটেই কেন্সাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে বুলি গৱেষকসকলে কয় ।
পুৰাকলো এবিধ ভাল পাচলি । তৰকাৰী বনাই খালেও কলত নিহিত গুণাগুণৰ কোনো বিঘ্নিত নহয় । এই তথ্য প্ৰকাশ পাইছে কাৰেণ্ট ছায়েন্স নামৰ আলোচনীত । পুৰাকলৰ পৰা উলিওৱা পাউদাৰ ৰুটী বনাই খাবলৈ বৰ সোৱাদ আৰু অতি পুষ্টিকৰ । পাতল পায়খানা কে’বাবাৰো হ’লে পুৰাকল সিজাই পিটিকা কৰি খালে উপশম হয় । ভীমকলৰ পাউদাৰৰ পৰা দৰবো ওলাইছে- যি শিশুৰ দাঁত, হাড়, পেশী মজবুত কৰাৰ উপৰি দেহত শক্তি প্ৰদান কৰে । সেয়েহে আপোনাৰ খাদ্য তালিকাত পকা কল, ভীমকল অথবা পুৰাকলক স্থান নিদিয়াকৈ নাথাকিব ।
লেখক : ড: পৱিত্ৰ কুমাৰ পাটোৱাৰী
উৎস :- জি এনআৰচি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 3/17/2020
শাকপাচলিৰে সুস্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।
মানুহকে আদি কৰি সকলো জীৱই- প্ৰাণীয়েই হওক বা উদ্ভিদ...
এই শিতানত গাখীৰৰ পুষ্টিকাৰক গুণৰ বিষয়ে আলোচনা কৰা ...