অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উৎকৃষ্ট খাদ্য কণী

উৎকৃষ্ট খাদ্য কণী

দূৰ অতীতৰপৰাই মানুহে কণী খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে। হাঁহ, কুকুৰা আদিৰ কণী খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় যদিও কুকুৰাৰ কণীৰে ব্যৱহাৰ সৰ্বাধিক। বিশ্বৰ ভিতৰত আমেৰিকা হৈছে সৰ্বাধিক কণী উৎপাদকাৰী দেশ। পুষ্টিৰ দিশৰপৰা কণী হৈছে অনন্য গুণৰ সমাহাৰ। কণীৰ বগা অংশ আৰু কুহুম উভয়ে প্ৰ’টিন, ভিটামিন আৰু খনিজ দ্ৰব্যৰ উৎকৃষ্ট উৎস। তদুপৰি কুহুমত কলেষ্টেৰল, তেলত দ্ৰবীভূত ভিটামিন আৰু অত্যাৱশ্যকীয় ফেটি এচিড থাকে। কণী হৈছে কম খৰচী উচ্চমানৰ প্ৰ’টিনৰ উৎকৃষ্ট উৎস। কণী এটাত থকা প্ৰ’টিনৰ আধাতকৈও বেছি বগা অংশত পোৱা যায়। তদুপৰি ইয়াত ভিটামিন বি২ থাকে। ই ছেলেনিয়াম, ভিটামিন ডি, বি৬,বি১২ আৰু খনিজ দ্ৰব্য যেনে- জিংক, আইৰণ আৰু তামৰো উৎস। কণীৰ কুহুম অংশত অধিক কেলৰি আৰু চৰ্বি থাকে। ই হৈছে কলেষ্টেৰল, চৰ্বি দ্ৰবীভূত ভিটামিন এ, ডি, ই আৰু কেৰ উৎস। কণীত থকা প্ৰ’টিনে শৰীৰৰ মাংসপেশীক কাম-কাজ সঠিকভাৱে কৰি থকাত সহায় কৰা উপৰি ইয়াৰ ক্ষতিৰ হাৰ হ্ৰাস কৰে। কণীত থকা ভিটামিন আৰু খনিজ দ্ৰব্য কোষবোৰৰ নিয়মীয়া কাম-কাজৰ বাবে জৰুৰী। মগজ, স্নায়ুতন্ত্ৰ, স্মৃতিশক্তি আৰু বিপাকীয় কাম-কাজত কণীয়ে সহায় কৰে। দেহৰ কোষ শক্তি উৎপাদনৰ বাবে প্ৰয়োজন হোৱা সকলো ভিটামিন আৰু খনিজ দ্ৰব্য কণীত উপলব্ধ। কণীত থকা ভিটামিন এ, বি১২ আৰু ছেলেনিয়াম শৰীৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা কাৰ্যক্ষম কৰি ৰখাৰ বাবে গুৰুত্বপূৰ্ণ। কণীত থকা বিটেইন আৰু কলিন সুস্থ হৃদযন্ত্ৰৰ বাবে প্ৰয়োজনীয়। গৰ্ভাৱস্থাত আৰু স্তনপান কৰোৱা সময়ত কলিনৰ পৰ্যাপ্ত যোগান বিশেষভাৱে জৰুৰী। মগজুৰ স্বাভাৱিক বৃদ্ধিৰ বাবে কলিন অত্যাৱশ্যকীয়। বহু বছৰ ধৰি কণীক পিছে স্বাস্থ্য উপযোগী খাদ্যৰ বিপৰীতে স্বাস্থ্যৰ বাবে অপকাৰী বুলিহে বিবেচনা কৰি অহা হৈছিল। ইয়াৰ কাৰণ হৈছে ইয়াত থকা কলেষ্টেৰল। সেই বাবে যিসকলৰ দেহত কলেষ্টেৰলৰ মাত্ৰা বেছি তেওঁলোকে কণী খোৱাৰ পৰা আঁতৰত থকা উচিত।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate