অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এজোপা অতি লাগতিয়াল ঔষধি গছ - নৰসিংহ

আমাৰ অসমৰ ৰাইজ মহানিমৰ ঔষধি গুণৰ সৈতে বাৰুকৈয়ে পৰিচিত ৷ মহানিম গছৰ সৈতে পৰিচয় হোৱাৰ পিছত এইবাৰ দেখিবলৈ পাতৰ মিল থকা আন এজোপা গছৰ বিষয়ে জানিবলৈ পালে পাঠকসকল সুখী হব বুলি মোৰ বিশ্বাস ৷ এইবিধ গছৰ প্ৰাথমিক উৎপত্তি স্থল ভাৰত আৰু শ্ৰীলংকা যদিও আজিকালি বিশ্বৰ চুকে কোনে ইয়াৰ ৰোপণ হব ধৰিছে ৷ ইয়াৰ কাৰণ মাথোন ই ভোজনৰ স্বাদিষ্ট অংশ বিশেষ হোৱাই নহয় বৰঞ্চ ইয়াৰ ঔষধি গুণৰ মহিমা ক্ৰমে সকলোৰে অৱগত হব ধৰিছে ৷ হয়,নৰসিংহ গছৰ ওপৰত কৰা গবেষণাৰ ফলাফল নিতৌ ন ন মেডিকেল জাৰ্নেলত প্ৰকাশিত হব ধৰিছে ৷ নৰসিংহৰ ব'টানিকেল নাম হ'ল Murraya koenigii আৰু Bergera koenigii ৷ তিতা স্বাদৰ মহানিমৰ বিপৰীতে কিছুমান লোকে ইয়াক 'মিঠা নিম' বুলিও মাতে ৷ আমাৰ চুবুৰীয়া মণিপুৰীসকলে কয় কৰি পাতা, নেপালীসকলে কয় দেচী নিম, বাংলাত কাৰি পাতা আৰু ওৰিয়াসকলে কয় মেৰিচিংগা পত্ৰ ৷ আন ভাৰতীয় ভাষাত নৰসিংহ গছৰ নাম হ'ল এনেকুৱা- বড়ো (নৰচিন), গুজৰাটী (মিঠো লিমাডো), মলয়ালম (কাৰি ভেপিল্লা), পঞ্জাবী (কৰিপত্তা), মাৰাঠী (কঢ়িলিংব), সংস্কৃতত (সুৰভি, কৃষ্ণনিম্ব, গিৰিনিম্ব) ৷ পাঠকসকলৰ জ্ঞাতাৰ্থে আন কেইটিমান ভাষাত ইয়াক কি বোলে জনাব খুজিছোঁ- আৰবীক (ৱাৰাক অল-কাৰি), বাৰ্মিজ (পিণ্ডোচিন), চীনা (গা লেই য়াপ), মালদ্বীপৰ ভাষা দিভেহীত (হিকনেধি গেছ), সিংহলী (কাৰাপিংচা), ৰাচিয়ান (লিষ্টিয়া কাৰি), ভিয়েটনামী (লা কাৰি), ফৰাচী (ফেউলিচ ডি কাৰি), জাৰ্মান (কাৰি ব্লাটাৰ), হিব্ৰূ (আলেই কৰি), হাংগেৰী (কাৰি লেভেলক),কোৰিয়া (কৰি ৰিপু), জাপান (কাৰি ৰিফু) আৰু ইংৰাজীত কয় কাৰি লিভচ্ ৷

গছৰ বৰ্ণনা-

উচ্চতা দহফুটৰ পৰা ত্ৰিছ ফুট পৰ্য্যন্ত ৷ গা গছৰ ঘেৰা ত্ৰিছ ইঞ্চি পৰ্য্যন্ত ৷ সেউজ বৰণীয়া দেখাত মহানিমৰ নিচিনা মিহি মিহি পাত ৷ পাতৰ বিন্যাস চৰাইৰ পাখিৰ নিচিনা ৷ গছত সৰু সৰু বগা বৰণৰ ফুল ফুলে ৷ এটা গুটিৰ বেঙুনীয়া জিলিকি থকা সৰু সৰু ফল গছত লাগে, যাৰ স্বাদ মিঠা, কিন্তু গোন্ধ দৰবৰ নিচিনা তীব্ৰ ৷ তলসৰা গুটিৰ পৰা গছ গজে ৷ আকৌ কলম ধৰিও গছ ৰোপণ কৰিব পাৰি ৷ সৰু পুলি টাবটো লগাব পাৰি ৷ 
সাধাৰণতে গছৰ পাত বিভিন্ন কামত ব্যৱহৃত হয় ৷ পাতৰ এটা বিশিষ্ট সুগন্ধ থাকে ৷ গছৰ বাকলি আৰু শিপা গাৰ বিষ আৰু সৰ্পদংশণত ব্যৱহাৰ হয় বুলি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিয়ে কয় ৷নৰসিংহৰ পাত বহুতে শুকোৱায়ো সংৰক্ষণ কৰে ৷ ফ্ৰিজত থোৱা কেঁচাপাত কেইদিন মানত ক'লাপৰিযায়৷দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ দৈনিক খাদ্যত নৰসিংহৰ পাত থকাটো অনিবাৰ্য্য ৷ এই পাত বিভিন্ন ৰন্ধন প্ৰকৰণত দিয়া হয় ৷ উদাহৰণ হ'ল- ৰচম,সাম্ভৰ,কড়ী, বড়া, দাইলৰ-মাছৰ-মাংসৰ আঞ্জা, পোলাৱ -বিৰিয়ানী, চাটনি,চুপ আদি ৷ কম্বোডিয়াৰ 'মাজু কেৰুংগ' নামৰ চুপ সেই দেশৰ এক বিখ্যাত খাদ্য ৷ নৰসিংহৰ পাত দৈ, বিলাহী, পিয়াঁজ,নহৰু, ধনীয়া,মেথি শাক আদিৰ লগত বৰ ভালকৈ মিলি যায় ৷আমাৰ অসমীয়া সমাজত নৰসিংহ পাতৰ পকৰি, নাৰিকলৰ লগত পিচা চাটনি বহুঘৰৰ জনপ্ৰিয় খাদ্য ৷ ৰোগীয়া মানুহক মাগুৰ,শিঙি বা কাৱৈ জাতীয় জীয়া মাছৰ নৰসিংহ-জালুকৰ জুতিলগা আঞ্জা শক্তিবৰ্ধক আৰু ৰুচি বঢ়োৱা খাদ্য হিচাবে দিয়া হয় ৷

সুগন্ধিগছ নৰসিংহৰ পৰা তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীৰ তালিকা এইধৰণৰ :

- চাবন,তেল,বডিলোচন,মালিশ তেল, নানাবিধ পাৰফিউম আৰু স্প্ৰে ৷আমাৰ দেশৰ কিছুমান ঠাইত তুলসীৰ পাত নাপালে নৰসিংহৰ পাত পূজাত ব্যৱহাৰ কৰে ৷

নৰসিংহৰ গছত থাকে কি ?


ইয়াত থাকে ফাইবাৰ, এন্টিঅক্সিডেন্ট, কেইবাবিধ ভিটামিন (বি,চি,ই,ফলিক এচিড), আইৰণ,কেলচিয়াম,মেগনেচিয়াম,ক'পাৰ, ফচফৰাচ,এমাইনো এচিড, গ্লাইক'চাইড, ফ্লেভনইড,এল্কোলইড, কাৰ্বোহাইড্ৰেট আদি ৷ ফেটৰ পৰিমাণ হ'ল শূণ্য ৷

নৰসিংহৰ পৰা পোৱা উপকাৰিতাসমূহ হ'ল :-

 


এনিমিয়া প্ৰতিৰোধক - নৰসিংহত থকা ফলিক এচিডে পাকস্থলীৰ পৰা আইৰণ শৰীৰে আহৰণ কৰাত সহায় কৰে ফলত নৰসিংহই ৰক্তহীনতা আতৰ কৰে ৷ এটা বা দুটা খেজুৰৰ সৈতে ৩৷ ৪খিলা কেঁচা নৰসিংহৰ পাত দৈনিক পুৱা খালে তেজৰ বৃদ্ধি পৰিলক্ষিত হয় ৷

ডায়েবেটিজৰ নিয়ন্ত্ৰণ : নৰসিংহৰ ৰাসায়নিক গুণ হ'ল ই মানৱ দেহৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায় ৷ নৰসিংহত থকা ফাইবাৰে শৰীৰত কাৰ্বোহাইড্ৰেটৰ প্ৰবেশ নিয়ন্ত্ৰিত কৰে ৷ ইয়াৰ বাবে ৰোগীয়ে নিয়মীয়াকৈ খালি পেটত দৈনিক কেইখিলামান নৰসিংহৰ পাত খোৱা উচিত ৷

লিভাৰৰ সুৰক্ষা : নৰসিংহত থকা 'কেম্পফেৰল' নামৰ এন্টিঅক্সিডেন্টে লিভাৰক সুৰক্ষা প্ৰদান কৰে ৷ নৰসিংহত ভিটামিন-এ আৰু ভিটামিন-চি থকা বাবে লিভাৰে কাৰ্য্যক্ষমহৈ থাকিবলৈ শক্তি পায় ৷ চিৰ’চিচ আৰু জণ্ডিচ ৰোধ কৰে ৷

হৃদযন্ত্ৰৰ সুৰক্ষা : 'জাৰ্ণেল অৱ চাইনিজ মেডিচিন'ৰ এটা সংখ্যাত প্ৰকাশ পোৱা মতে নৰসিংহত থকা এন্টিঅক্সিডেন্টে তেজৰ হানিকাৰক কলেষ্টৰলক কম কৰে আৰু উপকাৰী এইচ ডি এল কলেষ্টৰলৰ পৰিমাণ বৃদ্ধি কৰে ৷ ইয়াৰ ফলত হৃদৰোগী উপকৃত হয় ৷ তেজৰ নলীত চৰ্বি জমা হোৱা Atherosclerosis ৰোগ বাধাপ্ৰাপ্ত হয় ৷

চুলিৰ সুৰক্ষা : নিয়মীয়াকৈ নাৰিকল তেলৰ সৈতে নৰসিংহ পাত পিচা মূৰত ঘঁহিলে চুলিৰ স্বাস্থ্য ভাল হয় ৷ অকালতে চুলি পকা-সৰা, উফি হোৱা আদি ৰোধ হয় ৷

হজম হোৱাত সহায়ক: নৰসিংহত থকা 'কাৰ্বাজল' নামৰ এলকেলইডৰ কাৰণে পেটৰ নানাবিধ ৰোগযন্ত্ৰণাৰ উপশম ঘটে ৷ খাদ্য ভালদৰে হজম হয় ৷ ডায়েৰীয়া আৰু পেটৰ বিষ ভাল হয় ৷

চকুৰ উপকাৰিতা : নৰসিংহত ভিটামিন-এ থকা বাবে চকুৰ দূষ্টি শক্তি বৃদ্ধি পায়, কুকুৰীকণা ভাল কৰে, কেটেৰেক্ট ৰোধ হয় ৷ কেৰটিনইড থকা বাবে কৰ্ণিয়াক সুৰক্ষা প্ৰদান কৰে ৷

চৰ্মৰোগত প্ৰযোগ : কটা-চিঙা,আঁচোৰ,জুইয়ে পোৰা, পোকে কামোৰা আৰু কিছুমান খজুৱতিত নৰসিংহৰ পাতে বৰ কাম দিয়ে ৷

কৰ্কট ৰোগৰ চিকিৎসাত সহায়ক : জাপানৰ মেজো বিশ্ববিদ্যালয়ে পাইছে যে নৰসিংহত থকা 'কাৰ্বাজল' এলকেলইডৰ কাৰণে লিউকেমিয়া, প্ৰষ্টেটৰ কেঞ্চাৰ আৰু ক'লনৰ কেঞ্চাৰ চিকিৎসাত এদিন হয়তো উপযোগী বুলি প্ৰমাণিত হব ৷ তদুপৰি দেখা গৈছে যে নৰসিংহৰ পাত নিয়মীয়াকৈ সেৱন কৰা সকলে কেম'থেৰাপি আৰু ৰেডিয়চন থিৰাপি সহজে সহ্য কৰিব পাৰে ৷

শ্বাস প্ৰণালীৰ বিভিন্ন ৰোগৰ চিকিৎসা : চাইনোচাইটিচ,ব্ৰংকাইটিচ আদিৰ চিকিৎসাত উপযোগী কাৰণ নৰসিংহত ভিটামিন-এ, ভিটামিন-চি আৰু কেম্পফেৰলৰ উপস্থিতি ৷
মেদবহুলতা কমাবলৈ : নিয়মীয়া নৰসিংহৰ পাত সেৱন কৰিলে মেদবহুলতা হ্ৰাস পায় ৷

মোখনিত ইমানেই কম যাৰ বাৰীত নৰসিংহ গছ নাই- তেওঁ যেন অনতি পলমে নিজৰ ঘৰত,আনকি টাবত হলেও এই পৰম উপকাৰী ঔষধি গছৰ এটি পুলি লগায় যেন ৷ ইয়াৰএন্টিবেক্টেৰিয়েল,এন্টিফাংগেল,এন্টিপ্ৰটোজোৱাল, এন্টিঅক্সিডেন্ট গুণসমূহ আজি আৰু চিনাক্ত কৰিবলৈ ৰৈ যোৱা নাই ৷ প্ৰকৃতিৰ এই অমূল্য বৰদানক আমি উপযুক্ত আদৰ দিলে নিজেই লাভবান হম ৷

লেখক-ডা০ ভূপেন শইকীয়া



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate