অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এন্টি অক্সিডেন্ট কি আৰু কিয়?

কথাতে কয় শৰীৰটো হেনো ব্যাধিৰ মন্দিৰ। শৰীৰৰ অভ্যন্তৰত প্ৰতিনিয়ত চলে ভঙা গঢ়াৰ খেল। সেয়ে শৰীৰক সুস্থ, সবল আৰু ৰোগ প্ৰতিৰোধৰ উপযোগী কৰি গঢ়ি তুলিব নোৱাৰিলে শৰীৰটোত ৰোগ-ব্যাধিয়ে বাহ লবই। শৰীৰত ৰোগ ব্যাধি যাতে আৰম্ভ নহয় তাৰ বাবে এন্টি-অক্সিডেন্ট নামৰ অতি মূল্যৱান উপাদানবিলাকৰ প্ৰয়োজন হয়। এন্টি অক্সিডেন্ট শৰীৰৰ কোষ-কলাবোৰক সম্ভাৱ্য ক্ষতিৰ পৰা প্ৰতিহত কৰি শৰীৰৰ সুস্থ আৰু স্বাভাৱিক কৰি ৰাখে।

সহজ ভাষাত ক’বলৈ গ’লে, বিভিন্ন জৈৱ পদাৰ্থৰ শ্ৰেণীবিন্যাস, ভিটামিন চি, ভিটামিন ই, ভিটামিন এ আৰু খনিজ পদাৰ্থ-যেনে চেলেনিয়াম আৰু আন কিছুমান পদাৰ্থ, যাক কোৱা হয় কেৰেটিনয়ডচৰ সমষ্টিয়ে হ’ল এন্টি অক্সিডেন্ট। কেৰোটিনয়ডচৰ ভিতৰত আটাইতকৈ বেছি পৰিচতিত হ’ল বিটা কেৰোটিন, যিটো পোৱা যায় ফল-মূল আৰু শাক-পাচলিৰ মাজত।

আমাৰ শৰীৰত থকা ফ্ৰি-ৰেডিকেলচবোৰ তৈয়াৰ হয় কোষকলাবোৰৰ বিভিন্ন বিক্ৰিয়াৰ মাধ্যমেৰে। ইয়াৰ ভিতৰত বিপাক ক্ৰিয়া অন্যতম। তাৰ বাহিৰে বিভিন্ন পাৰিপাৰ্শ্বিক কাৰণো এইবোৰৰ উৎপত্তিৰ বাবে দায়ী। যেনে-ধূমপান, বিকিৰণ, সূৰ্যৰ আৰু বিভিন্ন ৰাসায়নিক পদাৰ্থ আদি। ফ্ৰি-ৰেডিকেলচে আমাৰ শৰীৰৰ কোষ প্ৰাচীৰ আৰু জিনগত নানা উপাদানক নষ্ট কৰে। শৰীৰত যদি দীৰ্ঘকাল ধৰি এই দৌৰাত্ম চলি থাকে, তেন্তে কেন্সাৰ, কেটেৰেক্ট, হাৰ্টৰ অসুখ, মস্তিস্কৰ পক্ষাঘাতৰ সম্ভাৱনা থাকে। শৰীৰৰ বিপাক ক্ৰিয়াৰ ফলত ফ্ৰি ৰেডিকেলচ উৎপন্ন হৈ বাৰ্ধক্য ত্বৰান্বিত কৰে। যিদৰে দেহৰ মাজত ঘটি থকা জাৰণ প্ৰক্ৰিয়াৰ এক স্বাভাৱিক উপজাত পদাৰ্থ ফ্ৰি-ৰেডিকেলচ, ঠিক তেনেদৰে আমাৰ শৰীৰৰ মাজত আছে ইয়াক প্ৰতিহত কৰা নানা প্ৰক্ৰিয়া। কিছুমান উৎসেচক, কিছুমান ভিটামিন, উদ্ভিদ দেহৰ কিছু ৰঞ্জক কণা, খনিজ লৱণ আদিয়ে ফ্ৰি ৰেডিকেলচৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাত সহায় কৰে। এয়াই হ’ল এন্টি-অক্সিডেন্ট।

এন্টি-অক্সিডেন্টৰ কাম

ঘৰৰ গৃহিণী গৰাকীয়ে সংসাৰৰ আৱৰ্জনা সাৰি মচি পৰিষ্কাৰ কৰি এখন উজ্জ্বল পৰিচ্ছন্ন সংসাৰ গঢ়াৰ দৰে এন্টি অক্সিডেন্টে দক্ষ গৃহিণীৰ দৰে মানৱ শৰীৰৰ ফ্ৰি-ৰেডিকেলচ নামৰ আৱৰ্জনা চফা কৰি শৰীৰক ডাঙৰ ক্ষতিৰ পৰা ৰক্ষা কৰে। ফ্ৰি-ৰেডিকেলচ প্ৰধানকৈ আণৱিক অক্সিজেনৰূপে শৰীৰত প্ৰৱেশ কৰি জাৰিত হোৱাৰ চেষ্টা কৰে আৰু এই প্ৰচেষ্টাৰ কুফল দেখা যায় শৰীৰত কেন্সাৰ ৰোগৰ উৎপত্তিত। এন্টি-অক্সিডেন্ট আনৱিক আৰু কোষীয় স্তৰত ফ্ৰি-ৰেডিকেলচৰ কাৰ্য্যকাৰিতা নাশ কৰে। তাৰোপৰি ইয়ে আমাৰ শৰীৰৰ বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, কোষৰ প্ৰকাৰ ভেদ কৰা, কোষ কলাক অক্ষত কৰি ৰখা, ডি এন এ মেৰামতি কৰা ইত্যাদি গুৰুত্বপূৰ্ণ কামবোৰ কৰে।

দেখা গৈছে যে সকলো বয়স্ক আৰু বৃদ্ধ মানুহে নিয়মিতভাৱে সঠিক খাদ্য গ্ৰহণ নকৰে, বা কোনোৱে ধূমপান বা মদ্যপান কৰে, বিষ কমাবলৈ এছপিৰিন জাতীয় ঔষধ গ্ৰহণ কৰে বা যিসকল কেন্সাৰ, টিবি বা এইডছ ৰোগত আক্ৰান্ত, তেনেলোকে যদি নিয়মিতভাৱে এন্টি-অক্সিডেন্ট যুক্ত ঔষধ বা খাদ্য গ্ৰহণ কৰে তেন্তে নিশ্চিতভাৱে সুফল পোৱাৰ আশা থাকে। হৃদৰোগ আৰু পক্ষাঘাত ৰোগত ধমনীত তেজৰ চলাচল বাধাপ্ৰাপ্ত হয় আৰু কলেষ্ট্ৰেৰেল জাৰিত হবলৈ আৰম্ভ কৰে। বেছি পৰিমাণে এন্টি-অক্সিডেন্ট গ্ৰহণৰ দ্বাৰা এই দুটা ক্ষতিকাৰক প্ৰক্ৰিয়াৰ গতি মন্থৰ হয় বা সম্পূৰ্ণ প্ৰতিহয় হয়। ইয়ে লোহিত ৰক্ত কনিকা উৎপন্ন কৰাত আৰু পেশীসমূহৰ স্বাভাৱিক বৃদ্ধিত সহায় কৰে।

নানা ধৰণৰ গৱেষণাৰ পিছতো এতিয়াও এইটো সঠিকভাৱে জানিব পৰা হোৱা নাই যে কেনে ব্যক্তিৰ বাবে কিমান পৰিমাণৰ এন্টি অক্সিডেন্ট প্ৰয়োগ কৰিলে প্ৰয়োজনীয় সুফল পোৱা যাব। তথাপি দেখা গৈছে, ধুমপায়ীসকলৰ খাদ্য তালিকাত কেৰোটিনয়ড বেছি থাকিলে, কেৰোটিনয়ড কম থকা লোকসকলৰ তুলনাত হাঁওফাঁওৰ কেন্সাৰ ৰোগ হোৱাৰ সম্ভাৱনা কম থাকে। আকৌ উচ্চ কেৰোটিনয়ড সমৃদ্ধ খাদ্যই স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে।

এন্টি অক্সিডেন্টৰ উৎস

ক) খনিজ পদাৰ্থ: যেনে চেলেনিয়াম, জিংক, তাম, লো-ইয়াৰ ভিতৰত মাংস, কণী, ফল,মটৰ, মচুৰ দাইল, সেউজীয়া শাক-পাচলি উল্লেখ্যযোগ্য।

খ) ভিটামিন এ: এইবিধ ভিটামিন বিটা কেৰোটিনৰ পৰা সংশ্লেষিত হৈ উৎপন্ন হয়। যকৃত আৰু ক্ষুদ্ৰান্ত্ৰৰ শ্লেষ্মাৱৰণত বিটা কেৰোটিনৰ পৰা ভিটামিন এ সংশ্লেষিত হয়। বয়স্ক লোকক প্ৰতিদিনে ১০০০ ug ভিটামিন এ দৰকাৰ।

গ) ভিটামিন চি আৰু ভিটামিন ই।

ঘ) বিটা কেৰোটিন, অন্যান্য কেৰোটিনয়ডচ যেনে: বিলাহীত থকা লাইকোপেন, সেউজীয়া শাক-পাচলিত থকা নিউটেইন ইত্যাদি।

ঙ) আলফা কেৰোটিন, জিথানথিন, ক্ৰিপটক্সানথিন।

চ) শাক ৰূপে ব্যৱহাৰ কৰা সৰু গছৰ ডাল-পাতত থকা পিগমেন্ট বা ৰং। যেনে কিছুমান গছত থকা পলিফেনলচ।

ছ) চাহ।

জ) অলিভ অইল।

ঝ) আঙুৰ, বাদাম, সুমথিৰাটেঙাত থকা ফ্লাভেনয়ডচ।

ঞ) চেলেনিয়াম। প্ৰতিদিনে ৭০ ug গ্ৰহণ কৰা অতি দৰকাৰ। ইয়ে পাৰ অক্সাইডক নষ্ট কৰি স্নেহ পদাৰ্থক ৰক্ষা কৰে।

ট) বিটা কেৰোটিন: এইবিধ পোৱা যায়-

উদ্ভিদ: গাজৰ, মটৰ, বিলাহী,পালেংশক,উদ্ভিজ তেল আদিত। প্ৰকৃতপক্ষে বিটা কেৰোটিনে হৈছে এন্টি অক্সিডেন্ট।

প্ৰাণীজ: গাখীৰ, কণী, মাছ, মাখন। কড, হেলিবেট আদি মাছৰ যকৃতৰ পৰা নি:সৃত তেল।

অৱশ্যে পৰীক্ষামূলক বেছ কিছু সুস্থ আৰু স্বাস্থ্যবান লোকক বিটা কেৰোটিন চাপ্লিমেন্ট দি খুব এটা সুফল পোৱা হোৱা নাই।

ভিটামিন চি ৰ উৎস দুই ধৰণৰ

উদ্ভিজ: সতেজ ফল, বিশেষকৈ টেঙা জাতীয় ফল। যেনে: সুমথিৰা টেঙা নেমু, আমলখি আদিত প্ৰচুৰ ভিটামিন চি থাকে। তাৰোপৰি কেঁচা জলকীয়া, অমিতা, বিলাহী, অংকুৰিত মগু মাহ, বন্ধাকবি, পালেংশাক আদিত ভিটামিন পোৱা যায়।

প্ৰাণীজ: এই ভিটামিনৰ প্ৰাণীজ উৎস খুব কম। তথাপি মাতৃদুগ্ধ আৰু এড্ৰিনেল কৰ্টেক্সত এই ভিটামিন প্ৰচুৰ পৰিমাণে থাকে। অৱশ্যে গৰুৰ গাখীৰ, মাছ আৰু কণীত খুব কম পৰিমাণে থাকে। ভিটামিন চি এন্টি অক্সিডেন্টৰ অভাৱত শৰীৰত কানেকটিভ আৰু এপিথেলিয়ল টিচু নিৰ্মাণ আৰু তা ৰক্ষণাবেক্ষণত ত্ৰুটি থাকে। এই ভিটামিনে হৃদৰোগো প্ৰতিহত কৰে। ভিটামিন চি সমৃদ্ধ পুষ্টিকৰ খাদ্য অৱশ্যেই ভাল, কিন্তু বেছি পৰিমাণৰ ভিটামিন চি সমৃদ্ধ ঔষধ প্ৰয়োগৰ সুফল সম্পৰ্কে সন্দেহৰ অৱকাশ আছে। সাধাৰণতে কোৱা হয়, এজন পূৰ্ণবয়স্ক ব্যক্তিয়ে এক গ্ৰামলৈকে এনে ঔষধ গ্ৰহণ কৰিলে কোনো ধৰণৰ অসুবিধা নহয়।

ভিটামিন ই পোৱা যায় দানা, শস্য, মাছৰ তেল, বীজ, বাদাম, আখৰোট, কাজু বাদাম, চয়াবিন, গম, অংকুৰিত, বুট, লাই শাকৰ পাত, উদ্ভিজ তেল আদিত। ভিটামিন ই ক টকোফেৰল বুলিও কোৱা হয়। এটা কথা মনত ৰখা ভাল যে, যদিও তেল আৰু বাদামজাতীয় সামগ্ৰীত এই ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়, তথাপি এইবিলাক অত্যাধিক মাত্ৰাত গ্ৰহণ কৰিলে শৰীৰৰ ক্ষতি কৰে। এনে খাদ্য দ্ৰব্যত যথেষ্ট পৰিমাণে স্নেহজাতীয় পদাৰ্থ থাকে, যাৰ ফলত দেহত অন্য উপসৰ্গৰ সৃষ্টি হয়। এজন পূৰ্ণবয়স্ক লোকক প্ৰতিদিনে গড়ে ১২ ৰ পৰা ১৫ মিলিগ্ৰাম এই ভিটামিন দৰকাৰ হয়। গাখীৰ আৰু কণীৰ বাহিৰে প্ৰাণীজ খাদ্যত এই ভিটামিন খুব কম পৰিমাণে থাকে। এই ভিটামিনৰ অভাৱত তেজৰ লোহিত কণিকা ক্ষতিগ্ৰস্ত হয় আৰু ৰক্তাল্পতাই দেখা দিয়ে।

ফ্লাভেনয়ডচ পোৱা যায় ফলমূল, কাণ্ড, দানা, শস্য, চাহ আৰু শাক-পাচলিত। ইয়াৰ বাবেই আমি দেখো গছে গছে ৰঙৰ বাহাৰ। বিচিত্ৰ বৰ্ণৰ সমাহাৰ। যিমানেই ৰং বেছি হ’ব শৰীৰৰ পুষ্টিও সিমানেই বৃদ্ধি পাব। এই ৰং বা পিগমেন্টে এন্টি ভাইৰেল, এন্টি এলাৰ্জিক, এন্টি ফ্লমেটৰি, এন্টি থ্ৰম্বোজেনিক আৰু এন্টি কাৰ্চিনোজেনিক হিচাবে কাম কৰে। ফ্লাভেনয়ডচে ফ্ৰি-ৰেডিকেলচবোৰক এঠাইৰ পৰা অন্য ঠাইলৈ নিয়াত সহায় কৰে। তাৰোপৰি বিভিন্ন অক্সিডেটিভ উৎসেচকবোৰক কাম কৰাত বাধা দিয়ে। আমাৰ শৰীৰত প্ৰায় চাৰিশ ফ্লাভেনয়ডচ আছে। সেয়ে চিকিৎসকে ফ্লাভেনয়ডচ সমৃদ্ধ শাক-পাচলি, ৰসাল ফল, চাহ আৰু সামান্য পৰিমাণে ৰেড ৱাইন খাবলৈ পৰামৰ্শ দিয়ে।

চেলেনিয়ামৰ পৰা তৈয়াৰ হোৱা গ্লুন্টাথিয়ন পাৰ অক্সিডেচে ফ্ৰি ৰেডিকেলচক এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাত সহায় কৰে।যাৰ ফলত পাৰঅক্সাইড নষ্ট হয় আৰু স্নেহজাতীয় পদাৰ্থ হজম হোৱাত সহায় কৰে। এই কামটো ভিটামিন ই য়েও কৰে। বাস্তৱিকতে ভিটামিন ই আৰু চেলেনিয়ামে একেলগে এন্টি অক্সিডেন্ট হিচাপে কাম কৰি শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

এইবোৰৰ উপৰিও চুপাৰ অক্সাইড ডিচমিউটেচ নামৰ এবিধ উৎসেচকে কেটালেচ নামৰ উৎসেচকৰ লগত একেলগে কাম কৰি চুপাৰ অক্সাইড নামৰ ফ্ৰি ৰেডিকেলচবোৰ নষ্ট কৰে আৰু বাৰ্ধক্য বিলম্বিত হয়। ছুপাৰ অক্সাইড ডিচমিউটেচ কামৰ বাবে কপাৰ, জিংক আৰু মেংগানিজ নামৰ খনিজ পদাৰ্থৰ প্ৰয়োজন।

এন্টি অক্সিডেন্টৰ কাৰ্য্যকাৰিতা সাধাৰণভাৱে বুজাবলৈ অসুবিধা। সহজভাষাত শৰীৰৰ ৰোগ প্ৰতিৰোধৰ বাবে আমি বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰো, সেইবোৰ খাদ্যৰ গুণগত আৰু সমষ্টিগত চৰিত্ৰকে আমি এন্টি অক্সিডেন্ট বুলিব পাৰো। এন্টি অক্সিডেন্ট সমৃদ্ধ খাদ্য যদি সঠিকভাৱে গ্ৰহণ কৰা হয় তেন্তে শৰীৰৰ শত্ৰু ফ্ৰি-ৰেডিকেলচ বেছি পৰিমাণে তৈয়াৰ হ’ব নোৱাৰে। বজাৰত বিভিন্ন প্ৰকাৰৰ এন্টি অক্সিডেন্ট পোৱা যায় আৰু এইবোৰত বিভিন্ন মাত্ৰাত ভিটামিন, খনিজ আৰু ৰঞ্জক পদাৰ্থ নিহিত থাকে। অৱশ্যে এইবোৰৰ প্ৰয়োজনীয় সঠিক মাত্ৰা সম্পৰ্কে মতভেদ আছে। কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে এনে ঔষধ গ্ৰহণ কৰা উচিত নহয়। কাৰণ এনে ধৰণৰ ঔষধ দীৰ্ঘদিন ধৰি নিজে নিজে গ্ৰহণ কৰাটো ভাল নহয়।

লেখিকা: সুমিত্ৰা শইকীয়া, খাদ্য বিশেষজ্ঞা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 3/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate