অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এপ্ৰিক’ট :

এপ্ৰিক’ট :

 

ৰাসায়নিক বিশ্লেষণত দেখা যায় সতেজ এপ্ৰিক’ট(Apricot)ত যথেষ্ট পৰিমাণে আঁহযুক্ত পদাৰ্থ, পটাছিয়াম, আয়ৰণ, ভিটামিন-এ আৰু ভিটামিন-চি পোৱা যায়। গৱেষকৰ মতে, বিটা কেৰ’টিনৰ মূল উৎস এপ্ৰিক’ট। তেওঁলোকৰ মতে, আন শাক-পাচলিত পোৱা বিটা কেৰ’টিনতকৈ এপ্ৰিক’টৰ বিটা কেৰ’টিন কিছু ভিন্ন। কাৰণ এপ্ৰিক’টৰ বিটা কেৰ’টিন এবিধ এন্টি অক্সিডেন্টহে আৰু সেয়ে বিটা কেৰ’টিনে দেহত দেখা দিয়া কৰ্কট ৰোগ আৰু হাৰ্ট ৰোগ সহজে নিৰ্মূল কৰিব পাৰে বুলি তেওঁলোকে দাবী কৰে।

এপ্ৰিক’ট শুকুৱায়ো ৰাখিব পাৰে। গৱেষকৰ মতে, শুকান এপ্ৰিক’টত পুষ্টিদ্ৰব্যৰ হানি-বিঘিনি নঘটে, বৰং অধিক পৰিমাণহে সঞ্চিত হয়। শুকান এপ্ৰিক’টৰ ৰস বিশেষ কৌশলেৰে নিষ্কাসন কৰি টেমা বা বতলত ভৰাই ৰাখিব পাৰি। এনে ৰসে দেহৰ উচ্চ ৰক্তচাপ নিম্নস্তৰলৈ নমাই আনে। পুষ্টিদ্ৰব্যত উপলব্ধ পটাছিয়াম প্ৰাকৃতিক মৃত্ৰবৃদ্ধিকাৰক আৰু সেয়ে প্ৰস্ৰাৱৰ জৰিয়তে দেহৰ পৰা ছ’ডিয়াম ওলাই যায়।

Readus ‘Digestৰ সংকলন গ্ৰন্থ’ Foods that harm, foods that heal’ৰ মতে, আমেৰিকাৰ মহাকাশ-যাত্ৰীয়ে মহাকাশ বিচৰণৰ সময়ত পুষ্টিকৰ খাদ্য হিচাপে শুকান এপ্ৰিক’টৰ ৰসৰ টেমা বা বটল লগত লৈ যায়।

লেখকল: পবিত্ৰ কুমাৰ পাটোৱাৰী(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate