অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঔষধি গছৰ চাটনিঃ

ঔষধি গছৰ চাটনিঃ

নৰসিংহ আৰু কেহেৰাজ পাতৰ চাটনিঃ

নৰসিংহ পাত – ১০০ গ্ৰাম

কেহেৰাজ পাত- ১০ গ্ৰাম (১০-১২ টা পাত)

নহৰু - ৫০ গ্ৰাম

আদা - ২০ গ্ৰাম

পিঁয়াজ - ২ টা

জলকীয়া - নিজৰ ৰুচি অনুযায়ী

নিমখ - আন্দাজমতে

বগা সৰিয়হ - ১০ গ্ৰাম

তেল- চাহ চামুচেৰে এক চামুচ

নেমু ৰস- চাহ চামুচেৰে দুই চামুচ

প্ৰথমে কেৰাহীত তেল দি সৰিয়হ কেইটা ফুটাই ল’ব। তাতে আদা, নহৰু আৰু জলকীয়াখিনি সৰু সৰুকৈ কাটি দি দিব আৰু ২-৩ মিনিট সময় ভাজিব। তাৰ পাছত জুই নুমুৱাই কেৰাহীৰ পৰা সেইখিনি উঠাব আৰু পিহি লব। তাৰ পাছত নৰসিংহ আৰু কেহেৰাজ পাত পিহি লৈ তাত চালি দিব। এতিয়া নিজৰ ৰুচি অনুযায়ী নেমুৰস দি ভালকৈ মিলাই পৰিৱেশন কৰিব।

উপকাৰিতাঃ নৰসিংহৰ পাতৰ উপকাৰিতা সৰ্বজনবিদিত। নৰসিংহই পেটৰ অসুখ আদিত সহায় কৰাৰ লগতে তেজ বৃদ্ধিতো সহায় কৰে। তদুপৰি প্ৰসূতি মাতৃৰ বাবেও নৰসিংহৰ জোল এবিধ অতি উপকাৰী বস্তু।

নৰসিংহৰ দৰে কেহেৰাজো এবিধ মহৌষধ। প্ৰধানত চুলিৰ বৃদ্ধি, ৰঙ আদিৰ বাবে কেহেৰাজ অতি উপযোগী। জেতুকা (হেনা)-ৰ লগত কেহেৰাজ দি বহুতে চুলিত আৰু হাতত লগায়। বহুতে কেহেৰাজৰ পৰা চিয়াহী বনাব পাৰি বুলি কয়। পেটৰ অসুখ দূৰীকৰণত, তেজৰ বৃদ্ধি আদিত কেহেৰাজ অতি আৱশ্যকীয়।

এষাৰ কথা আছে যে- চুলিয়ে কয়, ‘মই এমাহৰ ভিতৰতে মানুহ জন্তু আদিক মাৰিব পাৰো’। কেহেৰাজে কয়, ‘এটা মাহৰ ভিতৰত মই পেটলৈ নাযামনে ?’

ইয়াৰ দ্বাৰা ক’ব বিচৰা হৈছে যে যদি কেনেবাকৈ পেটত এডাল হ’লেও চুলি সোমাই তেন্তে সি মানুহক মৃত্যু মুখতো পেলাব পাৰে। কিন্তু কেহেৰাজে পেটৰ ভিতৰৰ এনে চুলিক উলিয়াই আনিব পাৰে।

এনেকৈ বিভিন্ন ঔষধি গছৰ পাতৰ পৰা সমান ধৰণৰ চাটনি বনাই নিজৰ খাদ্যক তৃপ্তিদায়ক কৰাৰ উপৰিও স্বাস্থ্যকাৰক কৰি তুলিব পাৰি।

উপৰোক্ত চাটনিকেইবিধৰ বাহিৰেও ধনিয়া, পদিনা আদিৰ চাটনিও বনাব পাৰি, যি আমাৰ ৰুচি বঢ়োৱাৰ উপৰিও আমাৰ স্বাস্থ্যৰক্ষাতো ভূমিকা লয়।

দুপৰটেঙাৰ চাটনিঃ

উপকৰণঃ

দুপৰ টেঙাৰ পাত- ২০-২৫ খিলা

নহৰু- ১০-১২ ফুটা

আদা- ৫০ গ্ৰাম

জলকীয়া- নিজৰ ৰুচি মতে

নিমখ আৰু চেনি- নিজৰ ৰুচি অনুযায়ী

প্ৰণালীঃ ওপৰৰ সকলোখিনি বস্তু পিহি লৈ তাত ক’লা নিমখ আৰু অলপ কেঁচা তেল নিজৰ আন্দাজমতে দি মিহলাব লাগে। তাৰ পাছত ভাত, ৰুটি বা যিকোনো নিমখীয়া বস্তুৰ লগত খাব পাৰি।

উপকাৰিতাঃ এই দুপৰটেঙাৰ চাটনি এবিধ অতি মুখৰোচক তথা তৃপ্তিদায়ক চাটনি। দুপৰটেঙাই প্ৰস্ৰাৱৰ সকলো অসুবিধা দূৰ কৰে। দিনে ২-৩ চামুচ খালে এনেধৰণৰ সকলো অসুবিধা দূৰ হয়। প্ৰস্ৰাৱ জ্বলা-পোৰা হ’লে এই পাতৰ ৰস খালে বহুত উপশম পোৱা যায়।

টেঙেচি চাটনিঃ

এই চাটনি বনাবলৈ উপাদানবোৰৰ কোনো নিৰ্দিষ্ট পৰিমাণৰ আৱশ্যকতা নাই। নিজৰ ৰুচি অনুযায়ী কম-বেছি পৰিমাণে উপাদানসমূহ ব্যৱহাৰ কৰি এই চাটনি বনাব পাৰি।

এই চাটনি বনাবলৈ শিপাৰে সৈতে টেঙেচিখিনি উঠাব। তাৰ পাছত ভালকৈ ধুই মিক্সিত পিহি ল’ব। পিহি লোৱা মণ্ডখিনিত যি সিঠা থাকি যাব, সেইখিনি চেপি পেলাই দিব। তাৰ পাছত অলপ নিমখ আৰু চেনি দিব যাতে তাৰ সোৱাদ টেঙা-মিঠা হয় (চেনি নিদিয়াকেও পাৰি)। তাৰ পাছত কেৰাহীত অলপ তেল গৰম কৰি তাত কেইটামান সৰিয়হ ফুটাই সেইখিনি চাটনিখিনিত দি দিব। ৰুটি, লুচি, ভাত আদি সকলোৰে লগত এই চাটনি পৰিৱেশন কৰিব পাৰিব।

উপকাৰিতাঃ টেঙেচিত ভিটামিন ‘চি’ থাকে। ই শৰীৰক বিভিন্ন ধৰণে সহায় কৰে। গৰমৰ দিনত টেঙেচি সিজাই ভালকৈ মোহাৰি সিঠাখিনি পেলাই পানীখিনিত চেনি দি চৰবত বনাই খাব পাৰি। ই দেহা শীতল কৰাৰ লগতে্ পেটো ঠাণ্ডা কৰে। বমি বমি ভাব আৰু পেটৰ অসুখ দূৰ কৰাতো এই টেঙেচিয়ে বহুত সহায় কৰে।

অমৰাৰ কোমল পাতৰ চাটনিঃ

অমৰাৰ কোমল পাত, আদা, জলকীয়া আদি নিৰ্দিষ্ট পৰিমাণত নিজৰ ৰুচিমতে লৈ এই চাটনি বনাব পাৰি। ইয়াৰ বাবে প্ৰথমে আদাখিনি সৰু সৰুকৈ কাটি সিজাই ল’ব। জ্বলা খোৱাসকলে জ্বলাখিনিও সিজাই ল’ব। এতিয়া অমৰাৰ কোমল পাত পিহি ল’ব আৰু লগতে জলকীয়া আৰু আদাখিনিও পিহি লৈ একেলগে নিজৰ আন্দাজমতে নিমখ দি মিহলাব। খাই তৃপ্তি পাব।

উপকাৰিতাঃ বমি বমি ভাব আহিলে যদি অমৰা পাত চোবোৱা হয় তেন্তে বমি বন্ধ হয়। তদুপৰি খোৱাত অৰুচি হ’লে এই পাতৰ চাটনি খালে ৰুচি ঘূৰি আহে।

লেখক: দিপালী ভট্টাচাৰ্য্য

উৎসঃ নন্দিনী



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate