মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ঔষধি গুণসমৃদ্ধ পাচলি পটল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধি গুণসমৃদ্ধ পাচলি পটল

ঔষধি গুণসমৃদ্ধ পাচলি পটলৰ বিষয়ে লিখা হৈছে

পটলৰ ঔষধি গুন-

পটল এবিধ পৰিচিত অনেক ঔষধি গুণেৰে পৰিপূৰ্ণ পুষ্টিকৰ পাচলি। ই এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘ট্ৰাইকোছান্ঠেছ ডায়োইকা(Trichosanthes Diocia) আৰু ই ‘কিউকাৰবিটেছি’(Cucurbitaceae) গোত্ৰৰ। ইয়াৰ একাধিক প্ৰজাতি আছে। ইয়াৰ পাত, ঠাল-ঠেঙুলি, ফল, শিপা আদি আটাইবোৰেই ঔষধি গুণসমৃদ্ধ। প্ৰাচীন আয়ুৰ্বেদৰ গ্ৰন্থত এই কথাৰ উল্লেখ এনেদৰে আছে-

‘পোটল পত্ৰং পিত্তোঘ্নং, নাড়ীতস্যাঃকফাপহা।

ফলং তস্যাঃ ত্ৰিদোষঘ্নং মূল্য তস্যাঃ বিৰেচনম’।।

অৰ্থাৎ, এই পটলৰ পাত পিত্তনাশক, ডাল(ঠাল-ঠেঙুলি) কফনাশক, ফল(পটল) ত্ৰিদোষ(বায়ু, পিত্ত, কফ) নাশক আৰু ইয়াৰ মূল(শিপা) বিৰেচক অৰ্থাৎ জুলাপকাৰক।

পটল পেটৰ বাবে বৰ উপকাৰী-

 

ই মন্দাগ্নি নিবাৰক আৰু পাচক প্ৰকৃতিৰ। আয়িৰ্বেদ অনুসৰি ই ৰতি শক্তিবৰ্দ্ধক, হৃৎপিণ্ডৰ বাবে হিতকাৰী, পিত্ত আৰু দেহৰ পোৰণি প্ৰশমক, ৰক্ত বিকাৰ, কাহ-জ্বৰ, কৃমি আৰু ত্ৰিদোষ নাশক। জ্বৰত ভোগা ৰোগীৰ বাবে ই এবিধ উত্তম পথ্য। ইয়াৰ শিপাৰ ৰস ৰেচক গুণসম্পন্ন আৰু বীজ কৃমি নাশক। পিত্ত প্ৰধান ৰোগত, বায়ু বিকাৰত তথা কফজনিত ৰোগত ই উপকাৰী। ই মানুহৰ পাচন প্ৰণালীৰ উন্নতি সাধন কৰি দেহ সুস্থ-সবল কৰি তোলে। ই জণ্ডিচ(পাণ্ডু ৰোগ) ৰোগীৰ বাবেও এবিধ উত্তম পথ্যকাৰক পাচলি। ইয়াৰ নিয়মিত সেৱনে দেহৰ দুৰ্বলতা নাশ কৰি শৰীৰক শক্তি যোগায়।

পটল এনে এবিধ পাচলি, য’ত একত্ৰে বিভিন্ন খনিজ লৱণ আৰু খাদ্যপ্ৰাণ পোৱা যায়। প্ৰতি এশ গ্ৰাম ভোজ্য পটলত নিম্ন উল্লিখিত হাৰত খনিজ লৱণ আৰু খাদ্যপ্ৰাণকে ধৰি স্বাস্থ্যৰ বাবে উপযোগী উপাদানসমূহ পোৱা যায়- কেলচিয়াম ৩০ মিঃ গ্ৰাম, মেগনেছিয়াম ৯ মিঃ গ্ৰাম, লো ১.৭ মিঃ গ্ৰাম, ফছফৰাছ ৪০.০ মিঃ গ্ৰাম, ছডিয়াম ২.৬ মিঃ গ্ৰাম, পটাছিয়াম ৮.৩ মিঃ গ্ৰাম, তাম ১.১১ মিঃ গ্ৰাম, খাদ্যপ্ৰাণ-ক ২৫৫ আই ইউ, থায়ামিন ০.০৫ মিঃ গ্ৰাম, ক্ল’ৰিন ৪.০ মিঃ গ্ৰাম, ৰিবোফ্লেভিন ০.০৬ মিঃ গ্ৰাম, নিকোটিনিক এচিড ০.৫ মিঃ গ্ৰাম, খাদ্যপ্ৰাণ-গ ২৯.০ মিঃ গ্ৰামঃ অক্সোলিক এচিড ৭.০ মিঃ গ্ৰাম, ছালফাৰ ১৭.০ মিঃ গ্ৰাম। পটলত ছেপ’নিন(Saponin), হাইড্ৰ’কাৰ্বন(পেন্ট্ৰিয়াকণ্টেন) ষ্টেৰল, গ্লাইক’ছাইড, উদ্বায়ী তেল, কম পৰিমাণত টেনিন আদি থাকে। যিবোৰ উপাদান দেহৰ বাবে উপকাৰী। এই বাবেই পটল পাচলিৰ বিপৰীতে মানুহৰ বাবে গুৰুত্বপূৰ্ণ এক ঔষধিস্বৰূপ হৈ পৰে। সেয়ে নানা ভেষজ গুণেৰে ভৰা এইবিধ পাচলি আমি ব্যঞ্জন ৰূপত ব্যৱহাৰ কৰি নিঃসন্দেহে আমাৰ সুসাস্থ্য সুনিশ্চিত কৰিব পাৰোঁ।

লেখক: ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)

3.12
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top