অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক’লা নিমখ মিহলি পানী খোৱাৰ ১০ টা চমৎকাৰী উপকাৰ

 

আমাৰ স্বাস্থ্য ভালে ৰখাত ক’লা নিমখ বৰ অপকাৰী।কেবাবিধো আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰাত ক’লা নিমখ ব্যৱহাৰ কৰা হয়।ক’লা নিমখত অতি কমেও ৮০ বিধ বিভিন্ন খনিজ দ্ৰব্য নিহিত হৈ থাকে।এইবিলাক উপাদান আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী।ক’লা নিমখ মিহলাই লোৱা পানীয়ে আমাৰ শৰীৰৰ ভালেমান ৰোগ নিৰাময় কৰাৰ লগতে বহুতো ৰোগ প্ৰতিৰোধো কৰে।নিয়মীয়াকৈ ক’লা নিমখ খাই থাকিলে মেদবহুলতা,বদহজম আদি ভালেমান ৰোগৰ পৰা বাচি থাকিব পৰা যায়।ক’লা নিমখ মিহলোৱা পানীত দহটা উপকাৰী গুনৰ কথা এই প্ৰবন্ধটোত আলোচনা কৰা হৈছে।

*দেহৰ ওজন কমোৱাত সহায় কৰে

ক’লা নিমখে আমাৰ শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে ।সেয়ে ক’লা নিমখ মিহলি কৰি লোৱা পানী এগিলাচ দৈনিক সেৱন কৰি থাকিলে শৰীৰৰ অতিৰিক্ত ওজন বা বাঢ়ি অহা মেদ লাহে লাহে কমি আহিব।

*হজম শক্তি বৃদ্ধি কাৰক

ক’লা নিমখে আমাৰ পাচন তন্ত্ৰৰ পাচন ক্ষমতা ঠিকে ৰখাত সহায় কৰে।ক’লা নিমখে পেটৰ ভিতৰত হাইড্ৰোক্লৰিক এচিড আৰু প্ৰোটিন হজম কৰা এনজাইমবিলাক সক্ৰিয় কৰি তোলে।এই এনজাইমবিলাকে আমাৰ পেটৰ পাচন ক্ষমতা ঘুৰাই অনাতো সহায় কৰে।

*ছাল স্বাস্থ্যবান কৰি ৰাখে

ক’লা নিমখে আমাৰ ছালখন স্বাস্থ্যৱান কৰি ৰখাতো সহায় কৰে।ক’লা নিমখত নিহিত থকা ছালফাৰ,জিংকৰ দৰে পুষ্টি উপাদানবিলাকৰ যোগান ধৰি ছালৰ মৃত আৰু শুকান কোষবিলাকৰ ক্ষতিপুৰন কৰি ছালখন সতেজ আৰু মসৃন কৰি ৰখাত সহায় কৰে।নিয়মীয়াকৈ ক’লা নিমখ মিহলোৱা পানী খাই থাকিলে ছালখন সুস্থ আৰু সতেজ হৈ থাকে,লগতে ছালৰ উজ্জ্বলতাও বৃদ্ধি পায়।

*হাড় বা অস্থি শক্তিশালী কৰি ৰাখে

ক’লা নিমখে আমাৰ শৰীৰৰ হাড় আৰু অস্থিবিলাকো শক্তিশালী কৰি ৰাখে।ক’লা নিমখত থকা খনিজ উপাদানবিলাকে বয়সৰ লগে লগে ক্ৰমে ক্ষয় যোৱা হাড়ৰ খনিজ উপাদানবোৰৰ অভাৱ পুৰণ কৰি হাড়বোৰ শক্তিশালী কৰি ৰাখে।

*গেছ আৰু কোষ্ঠকাঠিন্য দুৰ কৰে

বহু লোকে প্ৰায়ে কোষ্ঠকাঠিন্য আৰু গেছৰ অসুবিধাত ভুগি থাকে।বিশেষকৈ পঞ্চাছঊৰ্ধ বহুসংখ্যক ব্যক্তিয়ে এই দুটি বিসংগতিত ভুগি বৰ কষ্ট পায়।তেনে অসুখত ভুগি থকা লোকে নিয়মীয়াকৈ ক’লা নিমখ সেৱন কৰি থকা উচিত।ক’লা নিমখত নিহিত থকা ছডিয়াম ক্লোৰাইড,ছালফেট,আয়ৰণ,ফেৰিক অক্সাইডৰ দৰে সুক্ষ্ম পুষ্টি উপাদানবিলাকে পেটত উৎপন্ন হৈ জমা হোৱা গেছ আৰু কোষ্ঠবদ্ধতাৰ অস্বস্তি নাইকিয়া কৰে।

*চকুৰ শক্তি বৃদ্ধি কৰে

ক’লা নিমখে আমাৰ চকুৰ ক্ৰমে হেৰাই যাবলৈ ধৰা শক্তি পুনৰ বৃদ্ধি কৰে আৰু দৃষ্টিশক্তি পুৰ্ববৎ ৰখাত সহায় কৰে।ক’লা নিমখত থকা বিভিন্ন খনিজ উপাদানে আমাৰ চকুৰ পেশীবিলাক শক্তিশালী কৰি ৰাখে আৰু চকুৰে নেদেখা হোৱাৰ পৰা ৰক্ষা কৰে।বাৰ্ধক্যৰ বাবে ক্ৰমে দুৰ্বল হৈ অহা দৃষ্টিশক্তিও পুনৰ সবল কৰি তোলে।

*ঘন চুলি

বয়সৰ লগে লগে মানুহৰ চুলি ক্ৰমে পাতল হৈ আহে আৰু এটা বয়সত প্ৰায় শতকৰা আশীজন লোকেই টপা হৈ পৰে।কিন্তু ক’লা নিমখ বা ক’লা নিমখ মিহলোৱা পানী নিয়মীয়াকৈ সেৱন কৰি থাকিলে চুলি সমানুপাতিকভাৱে বাঢ়িব আৰু চুলি ক’লা তথা ঘন হৈ পৰিব।ক’লা নিমখত থকা খনিজ উপাদানবিলাকে চুলিৰ বৃদ্ধিত সহায় কৰে আৰু চুলি ঘন হয়।নিয়মীয়াকৈ ক’লা নিমখযুক্ত পানী সেৱন কৰাৰ ফলত চুলি সৰা বন্ধ হয় উফি হোৱাৰ সমস্যাৰ পৰাও ৰক্ষা পৰে।

*হৃদযন্ত্ৰ সবল কৰি ৰাখে

ক’লা নিমখে হৃদযন্ত্ৰ সবল আৰু ৰোগমুক্ত কৰি ৰখাত সহায় কৰে।হৃদযন্ত্ৰক ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাও ক’লা নিমখে দিয়ে।ক’লা নিমখে শৰীৰত অবাঞ্চিতভাৱে কলেষ্টেৰল জমা হোৱাত বাধা দিয়ে আৰু অপকাৰী কলেষ্টেৰলৰ পৰিমাণ কম কৰাতো বিশেষভাৱে সহায় কৰে।নিয়মীয়াকৈ ক’লা নিমখ মিহলোৱা পানী খাই থাকিলে হৃদৰোগৰ আশংকাও বহু পৰিমাণে হ্ৰাস পায়।

*ডায়েবেটিছ বা মধুমেহ

ক’লা নিমখত থকা খনিজ উপাদানবিলাকে শৰীৰত ইনচুলিনৰ মাত্ৰাও স্বাভাৱিক কৰি ৰাখে।শৰীৰৰ প্ৰয়োজন অনুসৰি অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমোন উৎপন্ন কৰিব নোৱাৰে বাবেও বহু লোকৰ ডায়েবেটিছ ৰোগ হয়।এনেধৰণৰ ৰোগীৰ ইনচুলিনৰ মাত্ৰা প্ৰয়োজন অনুসৰি বৃদ্ধি কৰিব পাৰিলে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত থাকিব।ক’লা নিমখ সেৱনে ইনচুলিন উৎপাদনৰ পৰিমাণ নিয়মীয়া কৰি ৰাখে এই ৰোগৰ পৰা হ’ব পৰা আনুসংগিক বিসংগতিবোৰো নিয়ন্ত্ৰণত থাকে।

*টোপনি ভাল হয়

ক’লা নিমখত নিহিত থকা খনিজ উপাদানবিলাকে শৰীৰৰ ‘ষ্ট্ৰেছ হৰমোন’ৰ উৎপাদন নিয়ন্ত্ৰণ কৰে।সেয়ে ক’লা নিমখ মিহলোৱা পানী নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰৰ অস্বস্তি বা দুশ্চিন্তাৰ পৰা উদ্ভৱ হোৱা মানসিক চাপ কম হয়।ইয়াৰ ফলত ৰাতি ভাল টোপনি হয় আৰু পুৱা শুই উঠালৈকে মানুহৰ দেহ-মন সতেজ আৰু সক্ৰিয় হৈ থাকে।

ইমানবিলাক শাৰীৰিক উপকাৰ থকা সত্ত্বেও কিন্তু ক’লা নিমখ মানুহে বেছি পৰিমাণত সেৱন কৰিব নেলাগে।বেছি মাত্ৰাৰ ক’লা নিমখ সেৱনে মানুহৰ শৰীৰত কিছুমান পুষ্টি উপাদানৰ পৰিমাণ অপ্ৰোজনীভাৱে বৃদ্ধি কৰিব পাৰে আৰু তাৰ পৰিণতিত শৰীৰত আন কিছুমান বিসংগতিয়ে দেখা দিব পাৰে।সেয়ে নিয়মীয়াকৈ এইবিধ লৱন সেৱন কৰিবলৈ ল’লে,কোনো আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ ল’ব।অথবা আপুনি খাবলৈ লোৱা পানীগিলাচ সামান্য নিমখীয়া স্বাদ পাব পৰাকৈ প্ৰস্তুত কৰি ল’ব পাৰে।

উৎস:স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate