অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঁঠাল :

কঁঠাল :

 

কঁঠাল সুস্বাদু ৰসাল ফল। ইয়াৰ গাত খঁহু বা কাঁইট থাকে। কঁঠাল সৰুও আছে, ডাঙৰো আছে। লিচু, জামু, পনিয়ল, লেটেকু আম, কুঁজী-কাউ আদি গ্ৰীষ্মকালৰ ফলৰ দৰে কঁঠালো বৰ্ষা কালৰ ফল। এই ফলবোৰ অসমৰ মানুহৰ বাৰী বা বন-বননিৰ মাজত হয়। জীৱ-জন্তুয়ে পকা কঁঠাল খাই বিষ্ঠা ত্যাগ কৰাৰ পিছত গুটিৰ কঁঠালৰ গছ হয়। মানুহে নিজৰ বাৰীত বা পথৰ কাষত কঁঠালৰ গছ ৰুই সংৰক্ষণ কৰে। হাবি-জংঘলতো কঁঠাল আপোনা-আপুনি গজে।

কঁঠালৰ বৃহৎ গছ হয়। সাধাৰণতে মাঘ-ফাগুন মাহৰ পৰা কঁঠালৰ কলি ওলাবলৈ আৰম্ভ কৰে, যাক মুচি পেলোৱা বা মুচি ধৰা বুলি কয়। কঁঠালৰ মুচি নিমখ-জলকীয়াৰে খাই মজা লাগে। কঁঠালৰ মুচি ডাঙৰ হ’লে ই ভাল ব্যঞ্জন হয়। কঁঠাল ডাঙৰ হোৱাৰ লগে লগে ফলৰ ভিতৰত কোঁহ হয় আৰু কোঁহৰ কেউকাষে পাতল ঢাকনি হয়, যাক কঁঠালৰ বাদু বুলি কোৱা হয়।

কঁঠাল ডাঙৰ হোৱাৰ লগে লগে বিশেষকৈ ব’হাগ, জেঠ, আহাৰ মাহত পুৰঠ হৈ পকিবলৈ ধৰে। কিছুমান কঁঠাল আছে বছৰৰ বাৰমাহে লাগে। কঁঠাল পুৰঠ হ’লে কেঁচাই খাবলৈ ভাল। পকিলে অতি ৰসাল হয়।

কঁঠালৰ গুটিৰ চাহিদাও কম নহয়। কঁঠালৰ গুটি খাই ভাল লাগে। গুটি ডাঠ বাকলিৰে আৱৰা। ডাঠ বাকলি এৰুৱালে ৰঙা পাতল বাকলি আছে। তাতে  থাকে গুটিৰ সাহ। ইয়াক খাউ। কঁঠালৰ গুটি ভাজি, পুৰি বা নানান ধৰণেৰে সুবিধা অনুযায়ী খায়।

বড়ো লোকসকলে লাঙামাৰা পুজাত পকা কঁঠালৰ কোঁহ দি পুজা কৰে। কিছুমান লোকে মদ বনোৱা বাখৰ সানি মদ তৈয়াৰ কৰে। কঁঠাল বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিব পাৰি।

কঁঠাল  বনৰীয়া হাতীৰ বৰ প্ৰিয়। পকা কঁঠালৰ গোন্ধ পালে হাতীয়ে খাবলৈ আহে। কঁঠালৰ পাত ছাগলী-গৰুৱে খায়। শিল্পীসুলভ মনেৰে বিয়া সভা আদিত মানুহে কঁঠালৰ পাতেৰে সুন্দৰ গেট বা তোৰণ নিৰ্মাণ কৰে। মানুহৰ গাত বিছাৰ শুং বিন্ধিলে কঁঠালৰ এঠাৰে উলিওৱা সহজ।

কঁঠাল এবিধ সুস্বাদু ফলেই নহয়, কঁঠাল গছৰ তক্তা অতি মুল্যৱান। ইয়াৰ তক্তাৰে লাগতিয়াল নানান আচবাব সাজি ল’ব পাৰি। আচবাববোৰ বৰ দীৰ্ঘদিনীয়া।

যিহেতু কঁঠাল গছ ডাঙৰ হয়-ইয়াৰ ছাঁ গা জুৰণীয়া। পথৰ কাষত কঁঠাল গছ থাকিলে ভৰ ৰ’দত পথিকে জিৰণি ল’ব পাৰে।

অসমীয়া ভাষা-সাহিত্যতো কঁঠালৰ কম অৱদান নথকা নহয়। কঁঠালগুটীয়া –কঁঠাল গুটিৰ দৰে সৰু কিন্তু পুৰঠ নহয়। কঁঠালগুটিয়া সৰু চৰায়ো আছে। হোমেন বৰগোহাঞিৰ ‘বিপদৰ বন্ধু’ কিতাপৰ দহ পৃষ্ঠাতো কঁঠালৰ আঠাৰ বৰ সুন্দৰ উপমা উল্লেখ কৰিব পাৰি, যেনে-‘ কিতাপৰ স্মৃতি কঁঠালৰ আঠাৰ দৰে নিজে নিজে মোৰ মনত লাগি থকা নাই’।

অশোকে এসময়ত পথৰ কাষে কাষে গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ সৌন্দৰ্য বৃদ্ধি আৰু পথিকৰ জিৰণিৰ বাবে কাৰ্যনিৰ্বাহ কৰাৰ দৰে বৰ্তমানেও আমি ভাবো পথৰ কাষে কাষে কঁঠালজাতীয় ফল ধৰা, ছাঁ দিয়া গছ ৰুব লাগে। কঁঠাল গছ ৰুলে ফল খাবলৈ পোৱা যায়। ছাঁও দিয়ে। মুল্যৱান তক্তাও পোৱা যায়। সেইবাবে এনেবিধ গছ ৰুই সেউজী ধৰণী কৰোঁ আহক, লগতে সুন্দৰ হওক।

লেখক: জ্ঞানশংকৰ খাখলাৰী (দৈনিক অসম)

 

 

 

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate