কণী আমাৰ প্ৰায় সকলোৰে খাদ্য তালিকাৰ অন্যতম খাদ্যসম্ভাৰ৷ কণী হ’ল সহজলভ্য, তুলনামূলকভাবে ক্রয়সাধ্য সম্পূর্ণ খাদ্য। সেয়ে সমাজৰ প্ৰতি স্তৰৰ ব্যক্তিৰ ঘৰৰ ই সম্পদ। অৱশ্যে খাদ্যতালিকাত অন্তৰ্ভূক্ত কণীৰ কথা ক’লে আমি হাঁহ-কুকুৰাৰ কণীকে বুজে। বহু লোকৰো দৈনন্দিন খাদ্যতালিকাত কণী নিশ্চিতভাবে থাকে।
মানুহৰ শৰীৰৰ বাবে আবশ্যকীয় প্রায়বোৰ উপাদানেই কণীত পোৱা যায়। সেয়ে কণীক স্বয়ংসম্পূর্ণ খাদ্য বুলিব পাৰি। এটা কণীত সাত গ্রাম পর্যন্ত প্ৰ’টিনৰ লগতে থাকে শৰীৰৰ বাবে অতি আৱশ্যকীয় আঠবিধ এমিন’ এচিড। কণীত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে। ইয়াৰ ভিতৰত অন্যতম হ’ল ভিটামিন এ, বি, ডি আৰু কে৷ শৰীৰৰ বাবে আৱশ্যকীয় আইৰন, কেলছিয়াম, ছডিয়াম, আয়ডিনকে ধৰি মুঠ এঘাৰবিধ খনিজ লৱণো কণীত পোৱা যায়। কণীত সহজে পাচন হোৱা চৰ্বী বা ফেটো যথেষ্ট পৰিমাণে পোৱা যায়।
কণীয়ে মানুহৰ শৰীৰৰ বৃদ্ধি, বিকাশ আৰু গঠনত ভূমিকা লয়। কণীয়ে শৰীৰৰ শক্তিৰ ভাণ্ডাৰ হিচাপে কাম কৰে। ই শৰীৰৰ বিভিন্ন অংগৰ বিকাশত ভূমিকা লয়। বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ বাবে কণী উত্তম খাদ্য হিচাপে বিবেচিত হৈছে৷ ই শৰীৰত ৰোগ সৃষ্টিকাৰী বীজাণু প্ৰতিৰোধ কৰাত অন্যতম ভূমিকা লয়। দৃষ্টিশক্তি বৃদ্ধি, ছালৰ সৌন্দৰ্য ৰক্ষা, স্নায়ু সবল কৰা, হাড় আৰু দাঁত সবল কৰা আদিত কণী উত্তম। ই ক্ষত স্থানৰ তেজ গোট মৰা আৰু ক্ষত স্থানৰ কোষবোৰ যোৰা লগোৱা তথা নতুনকৈ সৃষ্টি কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে।
তেজ উৎপাদন আৰু বিশুদ্ধিকৰণতো কণীৰ বহুল ভূমিকা আছে। বেলেগ বেলেগ খাদ্যই আমাৰ শৰীৰ গঠন আৰু বিকাশত যি ভূমিকা লয় সেয়া কণীয়ে এককভাবে সাধন কৰে। বিশেষকৈ গৰ্ভৱতী মহিলা, শিশু আৰু বৃদ্ধসকলৰ বাবে কণী অতি উত্তম আৰু সম্পূৰ্ণ আহাৰ বুলি ক’ব পাৰি।
ঘৰুৱা চাহিদা অনুসৰি নিজৰ ঘৰতে হাঁহ-কুকুৰা পুহি কণী উৎপাদন কৰাটো সকলোৰে বাবে সম্ভৱ নহয়। সেয়েহে বেছিভাগ লোকে বজাৰৰ পৰা কণী কিনি খাবলগীয়া হয়। বজাৰৰ পৰা কণী কিনোতে কিছুমান ক্ষেত্ৰত সাৱধান হ’ব লাগে। চাব লাগে যাতে কণীৰ বাকলি নিখুঁত হৈ থাকে।
বাকলি ফটা থাকিলে ভিতৰৰ অংশ কোনো বীজাণুৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। সাধাৰণতে মানুহৰ সাধাৰণ ধাৰণাত ‘ফাৰ্ম’ আৰু ‘লোকেল’ কণীৰ পাৰ্থক্য বিচাৰ কৰা হয় যদিও স্থানীয় কণী আৰু ফাৰ্মৰ কণীৰ কোনো বিশেষ গুণগত পার্থক্য নাথাকে। কিনি অনাৰ পাচত কণী সম্পূর্ণ ডুব যোৱাকৈ পানী লৈ তাত এচিকুট নিমখ মিহলাই কণী দি চাব লাগে। যদি কণী ভাল হয়, পানীত দিলে তল পৰিব আৰু যদি বেয়া, ভাহি উঠিব। পানীত ভাহি উঠা কণী খাব নালাগে।
ঘৰত যদি ফ্ৰীজ নাথাকে। তেন্তে ঘৰৰ ৰ’দ নপৰা, শুকান, ঠাণ্ডা ঠাইত বজাৰত কণী ৰখা কাগজৰ প্লেট এখন পাৰি তাত কণীবোৰ ৰাখিব লাগে। কণীৰ বহল জোঙা মূৰটো তলমুৱাকৈ ৰাখিব। এদিন বা দুদিনতে কণী খাব লাগিলে ফ্ৰীজত নৰখাই ভাল। ফ্ৰীজৰ ৰখা কণী ৰন্ধাৰ বা সিজোৱাৰ পূর্বে কিছু সময় বাহিৰত ৰাখিব লাগে অথবা কুহুমীয়া গৰম পানীত কিছু সময় ডুবাই ৰাখিব লাগে। পৰাপক্ষত সিজোৱা কণী ফ্ৰীজত ৰাখিব নালাগে। কণীৰ কাষত পিয়াঁজ, নহৰু আদি গোন্ধযুক্ত বস্তু নাৰাখিব। বজাৰৰ পৰা অনাৰ সময়ত কিবা কাৰণত কণীৰ বাকলি ফাটিলে তাক ৰাখি নথৈ লগে লগে খোৱাটো উচিত। ৰন্ধা বা সিজোৱাৰ ক্ষেত্ৰতো কিছু সাৱধান হোৱা প্রয়োজন। বিশেষকৈ হাঁহৰ কণীত প্ৰ’টিনৰ খাদ্যগুণ বিনষ্ট কৰা “ত্ৰিপচিন ইনহিবিতৰ” নামৰ এবিধ পদার্থ থাকে। সিজালে এইবিধ পদার্থ ধ্বংস হয়, সেয়ে হাঁহৰ কণী ভালদৰে সিজাই খোৱাটো উচিত। অধিক জুইত কণী সিজালে বা অত্যধিক সময় কণী সিজালে ইয়াৰ খাদ্যগুণ নষ্ট হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে কম জুইত কম সময় কণী সিজাব লাগে। একাংশ পাত্ৰত কণী সিজালে পাত্ৰৰ বেৰত ঈষৎ ক'লা দাগ পৰে। এনে পাত্ৰত পিচলৈ কাহানিও কণী সিজাব নালাগে। কণী ভাজি বা আমলেট আদি সিজাই খোৱাটো উচিত। অধিক জুইত কণী সিজালে বা অত্যাধিক সময় কণী সিজালে ইয়াৰ খাদ্যগুণ নষ্ট হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে কম জুইত কম সময় কণী সিজাব লাগে। একাংশ পাত্ৰত কণী সিজালে পাত্ৰৰ বেৰত ঈষৎ ক’লা দাগ পৰে। এনে পাত্ৰত পিচলৈ কাহানিও কণী সিজাব নালাগে। কণী ভাজি বা অমলেট আদি তৈয়াৰ কৰি খোৱাতকৈ সিজাই খোৱাটো অধিক স্বাস্থ্যসন্মত। ভজা বা অমলেট কৰাৰ সময়ত কণীৰ খাদ্যগুণ কিছু বিনষ্ট হয়।
কণী যদিও দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা এক উৎকৃষ্ট খাদ্য তথাপি কেতিয়াবা ইয়াক নিষিদ্ধ খাদ্য তালিকাত ৰাখিবলগীয়া হয়। শৰীৰৰ কোনো স্থান পুৰিলে কণী খোৱাৰ ফলত সেই অংশ বগা হৈ পৰে। সেয়ে পোৰা ঘা শুকাই নোযোৱা পর্যন্ত কণী খোৱাটো অনুচিত। লিভাৰজনিত কোনো সমস্যা থাকিলে কণী খোৱাটো বিপজ্জনক হৈ পৰিব পাৰে। পেটৰ বদহজমকে ধৰি যিকোনো সমস্যা বাঢ়িলে কণী নোখোৱাই ভাল। অত্যধিক কণী খালে তেজত কলষ্টেৰলৰ পৰিমাণ বাঢ়ি বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। একেলগে কেইবাটাও কণী খালে বদহজম জাতীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে।
লিখক: উৎপল কুমাৰ কলিতা।
শেহতীয়া উন্নীতকৰণ: : 11/28/2023