অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কল আৰু স্বাস্থ্য

কল আৰু স্বাস্থ্য

কলৰ বৈজ্ঞানিক নাম ‘মুচা পেৰাডাইজীয়াকা’। পৃথিৱীৰ সকলো ফলৰ ভিতৰত কল প্ৰাচীন কালৰপৰা সৰ্বজনবিদিত ফল। প্ৰায়ভাগ কলৰে গুটি নাথাকে, সকলো ঋতুতে পোৱা যায়, দামো সস্তা আৰু য’তে-ত’তে পোৱা যায়। ইয়াৰ বাকলিয়ে ভিতৰৰ খাদ্য অংশ বীজাণু সংক্ৰমণ নোহোৱাকৈ ৰাখে। কলৰ জন্ম সম্ভৱতঃ ভাৰত আৰু মালয়েছিয়াত হৈছিল। ভাৰতত কলক পবিত্ৰ ফল বুলি গণ্য কৰা হয় আৰু বিভিন্ন পূজা-পাৰ্বণ আৰু সামাজিক আচাৰত কলৰ ব্যৱহাৰ কৰা হয়। অতীজত ইয়ৰোপত কলক ‘সৰগৰ আপেল’ বোলা হৈছিল। হিন্দুসকলৰ মতেও কল সৰগীয় ফল। সম্ভৱতঃ পঞ্চম খৃষ্টাব্দত মালয়েছিয়ান সৈন্যসকলে কল মাডাগাস্কাৰলৈ লৈ যায় আৰু পিছত সমগ্ৰ আফ্ৰিকাত বিয়পি পৰে। তাৰ পিছতহে পশ্চিমীয়া দেশলৈ কল যায়। কলৰ পুষ্ঠিমূল্য প্ৰচুৰ। ইয়াত শক্তিদায়ক শৰ্কৰা, কোষবৰ্ধক পদাৰ্থ, প্ৰোটিন, ভিটামিন, খনিজ লৱণ আদি পোৱা যায়। এটা ডাঙৰ আকাৰৰ কলৰ পৰা প্ৰায় ১০০ কেল’ৰী শক্তি পোৱা যায়। কলত যথেষ্ট সহজপাচ্য চেনি থাকে, গতিকে কল খালে তৎকালেই শক্তি পোৱা যায়। কলত যথেষ্ট সহজপাচ্য চেনি থাকে, গতিকে কল খালে তৎকালেই শক্তি পোৱা যায়।

কল আৰু গাখীৰ একেলগে খালে প্ৰায় সন্তুলিত আহাৰ পোৱা যায়। ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিত আৰু প্ৰাচীন পাৰস্যত কলক অনন্ত যৌৱনৰ উৎস হিচাপে গণ্য কৰা হৈছিল।

কলৰ খাদ্য মূল্য

আৰ্দ্ৰতা

৭০.১ শতাংশ

প্ৰটিন

১.২ শতাংশ

চৰ্বি

০.৬ শতাংশ

শৰ্কৰা

২৭. শতাংশ

খনিজ লৱণ

০.৮ শতাংশ

ভোজৎ আঁহ

০.৪ শতাংশ

কেলচিয়াম

১৭ মিলিগ্ৰাম

ফচফৰাচ

৩৪ মিলিগ্ৰাম

লো

০.৯ মিলিগ্ৰাম

ভিটামিন ‘চি’

৭ মিলিগ্ৰাম

ভিটামিন বি কমপ্লেক্স

সামান্য পৰিমাণৰ

কেলৰী মূল্য(ডাঙৰ কলৰ)

১১৬ মিলিগ্ৰাম

 

কল এবিধ সহজপ্ৰাচ্য ফল। সেইবাবে পাচনতন্ত্ৰৰ বিভিন্ন ৰোগত ইয়াক ব্যৱহাৰ কৰি সুফল পোৱা যায়। পাকস্থলীৰ প্ৰদাহত কলে অম্ল প্ৰশমক হিচাপে কাম কৰে। আলচাৰেটিভ কলাইটিছ ৰোগতো কলৰ ব্যৱহাৰে সুফল দিয়ে। শিশুৰ ‘চিলিয়াক ডিজিজ’ নামৰ ৰোগত কল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। এই ৰোগৰ সাধাৰণ বৈশিষ্ট হ’ল-খাদ্যত থকা ‘গ্লাটিন’ নামৰ পদাৰ্থৰ প্ৰতি পাচনতন্ত্ৰৰ এলাৰ্জী। কলত ‘গ্লটিন’ নাথাকে। গতিকে এই ৰোগত সহজে কল ব্যৱহাৰ কৰিব পৰা যায়। অৱশ্যে শিশুক কল খাবলৈ দিওঁতে ভালদৰে ফেনেকি কোমল কৰি দিব লাগে। কলত আঁহজাতীয় পদাৰ্থ কম থাকে, আনহাতে ‘পেক্টিন’ থাকে যথেষ্ট পৰিমাণে। এই কাৰণে কোষ্ঠকাঠিন্য আৰু হাপানি উভয় ক্ষেত্ৰতে কল খালে ভাল ফল পোৱা যায়।

হাতৰ সন্ধি প্ৰদাহ আৰু ‘গাইড’ ৰোগত কল খালে সুফল পোৱা যায়। ‘গাইড’ ৰোগত তেজত থকা ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হয়। সেইকাৰণে আন সকলো খাদ্য দ্ৰব্য বন্ধ কৰি প্ৰতিদিনে ৮/৯ টা কল খাবলৈ দিলে তেজৰ ইউৰিক এচিডৰ মাত্ৰা যথেষ্ট কমি যাব।

কলত প্ৰটিন আৰু নিমখৰ মাত্ৰা কম আৰু শৰ্কৰাৰ পৰিমাণ বেছি। গতিকে বৃক্কৰ ৰোগতো কল খাব পাৰি। বৃক্কৰ বিফলতা হেতু তেজত ইউৰিয়াৰ মাত্ৰা বৃদ্ধি হ’লে মাথোন কল খুৱাই কমাব পৰা যায়।

পোৰা ঘাত পকা কল ফেনেকি প্ৰলেপ লগালে উপশম পোৱা যায়। তদুপৰি কলৰ কোমল পাতেৰে পোৰা ঘাঁ ঢাকি তাৰ ওপৰত বেণ্ডেজ লগালে বেণ্ডেজ সহজে আঁতৰাব পাৰি। অন্যথ্যা বেণ্ডেজ ঘাত লিপিট খাই ধৰে।

উৎসঃ ডা জীৱন দত্ত বৰুৱা, দৈনিক অসম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate