বিশ্বৰ অধিকাংশ প্রান্ততে স্থান দখল কৰা কল এবিধ অতি উপাদেয় খাদ্য। অতীজৰে পৰা ভাৰতবৰ্ষ আৰু পৃথিৱীৰ বিভিন্ন দেশত কলক সদায় উচ্চ স্থান দি আহিছে। হিন্দু ধৰ্মৰ দেৱ- দেৱীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰ্মীয় পূজা-পাৰ্বণত কলে সদায় আগস্থান পাই আহিছে। কলগছৰ পাতৰ পৰা পটুৱালৈ, কলফুলৰ মাটিৰ তলৰ শিপা আলুলৈকে সকলোতে মানৱ দেহৰ প্রয়োজনীয় বহুত উপাদান লুকাই আছে।
দীঘল দীঘল পাতৰ দেখিবলৈ শুৱনি কলগছ জাতবিশেষে ওখ, চাপৰ হয়। কল বিভিন্ন জাতৰ আছে- মালভোগ, জাহাজী, চেনিচম্পা, অমৃতসাগৰ, পৰশমণি, সোন্দা, ভীমকল, মনোহৰ, পুৰা বা কাচকল ইত্যাদি। গোটেই পৃথিৱীত বোলে ১৫০ বিধ কল আছে। ডাকৰ বচনত উল্লেখ আছে কোনজোপা কলত কি সাৰ দিব লাগে-
আঠিয়াত গোবৰ, মনোহৰত জাবৰ
পুৰাত ছাই, মালভোগত খাই।
কলজোপাৰ প্ৰতিটো অংগই মানৱ জীৱনত অপৰিহাৰ্য। মানৱ দেহৰ প্রয়োজনীয় উপাদান প্ৰ’টিন, খনিজ পদাৰ্থ, ভিটামিন আদি কলত পোৱা যায়, যিয়েই মানৱ দেহক দিয়ে বিভিন্ন বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পৰাৰ উপায়। কলপাতত ভাত খালে বা কলপাতেৰে মেৰিয়াই কোনো বস্তু সিজাই বা পুৰি খালে তাহানি ককা-আইতাহঁতে কোৱা শুনিছিলো পেলু নহয়, ছালৰ বেমাৰ নহয়। পুৰা কল বা কাচকল সিজাই বা তৰকাৰি ৰান্ধি পেটৰ অসুখত খোৱা হয়। সু-মংগলৰ প্ৰতীক আগলি কলপাতৰ মর্যাদা বিশেষভাবে পৰিলক্ষিত হয়। ধৰ্মমূলক অনুষ্ঠানত, গা-গছজোপাৰ পচলা খোৱাৰ উপৰি ইয়াৰ পটুৱাৰে খোল (ডোৰোলা), চছলি আদি বনাই কাঁহী-বাটিৰূপে ব্যৱহাৰ কৰা হয়।
অতীজৰে পৰাই সমাজৰ আচাৰ, নীতি-নিয়মসমূহত মাংগলিক দ্রব্যৰূপে কল প্ৰতিখন ঘৰতে ওতপ্ৰোত:ভাৱে জড়িত হৈ আহিছে। কলগছৰ প্ৰতিটো অংশই বিভিন্ন ৰুচিৰে জুতি লগাই খাব পাৰি। আয়ডিনযুক্ত কলডিলৰ লগত পাৰ মাংস, কলডিলৰ লগত মচুৰ দাইল দি বনোৱা ভাজি, পচলা, মাছৰ মূৰ আৰু মচুৰ দাইলৰ ভাজি, কলাখাৰ, পূৰাকলৰ চপ, কোপ্তাকাৰী, কাচকল মাছৰ জোল। কলৰ পৰা বনোৱা সুস্বাদু কেক্, পুডিং, কাষ্টাৰ্ড, কলৰ চিপছ্ ইত্যাদি। ভীমকলৰ বাকলি, আলু ৰ’দত শুকুৱাই পুৰি বনোৱা কলাখাৰৰ জুতি পাহৰিব নোৱাৰি।
দৈনিক একোটাকৈ কল খালে শৰীৰ সুস্থ হৈ থাকে, তেজ চলাচল বৃদ্ধি হয়। কল, কলগছৰ পাত, শিপা, আলু ঔষধি গুণেৰে ভৰপূৰ ভীমকল আমাৰ শৰীৰৰ কাৰণে অতি উপকাৰী। ‘ভীমকলৰ গুটি বাদ দি সাহখিনি মৌ বা গুড় দি গাখীৰৰ লগত মিহলাই খুৱালে শিশু হৃষ্টপুষ্ট হয়। শিশুৰ শৰীৰৰ প্ৰয়োজনীয় বহুত উপাদান ভীমকলত পোৱা যায়। ভীমকল ৰ’দত শুকুৱাই গুৰি কৰি শিশুক খুৱাব পাৰি (বজাৰত পোৱা যায়)। শিশুৰ পেটচলা, গ্ৰহণী আদি ৰোগ সহজে ভাল কৰে। ইয়াত থকা কেলচিয়ামে দাঁত আৰু হাড় মজবুত কৰাত সহায় কৰে। ভীমকলে খাদ্যনলীৰ ঘা শুকুৱাব পাৰে। ভীমকলত থকা খাদ্যপ্ৰাণ ‘ক’ ই চকুৰ দৃষ্টিশক্তি বঢ়ায়। ভীমকলৰ পচলাত যথেষ্ট পৰিমাণে আঁহজাতীয় পদাৰ্থ পোৱা যায় যি শৌচ স্বাভাৱিক কৰে, স্বাভাৱিক কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে। পচলাত থকা লৌহ পদাৰ্থই শৰীৰত হিম'গ্ল'বিন তৈয়াৰ কৰাত সহায় কৰে। যক্ষ্মা আৰু কলেৰা ৰোগীৰ বাবে পচলা উপকাৰী। ভীমকলৰ কলডিল ঔষধি গুণেৰে ভৰপূৰ। কলডিলৰ ৰস আধাকাপ মান খালে গ্ৰহণী, পেটচলা ভাল হয়। কলডিল হিম'গ্লবিন বৃদ্ধি কৰে, নিম্ন ৰক্তচাপ, কোষ্ঠকাঠিন্য দূৰ কৰে। ভীমকল পিটিকি খহটা ছালত ঘঁহিলে ছাল নিমজ হয়। ভীমকলৰ সাহ অংশ বাদাম তেলৰ লগত মিহলাই চুলিত ঘঁহিলে চুলিৰ উজ্জ্বলতা বাঢ়ে।”
উৎস: সাদিন ফিচাৰ্ছ।
শেহতীয়া উন্নীতকৰণ: : 2/27/2024
নিৰাপদ হওক শুভ দীপাৱলী