অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলডিল বিভ্ৰাট :

কলডিল বিভ্ৰাট :


কলডিল মোৰ বৰ প্ৰিয় খাদ্য। তাৰ অৱশ্যে কাৰণ নথকাও নহয়। বৰ্তমান সময়ত বজাৰত উপলব্ধ আটাইতকৈ নিৰ্ভেজাল চবজি। নিঃসংকোচে চকুমুদি খাব পৰা বজাৰৰ অন্যতম পাচলি। পিছে ভীম কলৰ কলডিল বিচাৰি সকলোৱে হাবাথুৰিও খাই আৰু কেতিয়াবা চিনিব নোৱাৰি ঠগো খাই। তিনিটা কলডিলৰ সৈতে ফটো খন এবাৰ ভালকৈ নিৰীক্ষণ কৰক এই কেইটাই ভীমকলৰ কলডিল। বেপাৰীয়ে কিন্তু মনোহৰ কলৰ কলডিলটো দেখুৱাই আপোনাক প্ৰত্যয় নিয়াবলৈ চেষ্টা কৰিব। কিন্তু মুঠেই ভোল নাযাব। 
কলডিল বোৰ বজাৰৰ পৰা অনাৰ দুদিনমানৰ পাছতে ই ফুলি নষ্ট হবলৈ আৰম্ভ কৰে। গতিকে প্ৰায় সকলোৱে যিমান পাৰে সোনকালে খাই শেষ কৰাৰ চেষ্টা কৰে। কিন্তু আপুনি মুঠেই চিন্তা নকৰিব। ইয়াক 7-10 দিন পৰ্যন্ত কোনো আহু কাল নোহোৱাকৈ সুন্দৰকৈ ফ্ৰীজত সংৰক্ষণ কৰিব পাৰি। কেৱল ফ্ৰীজত থোৱাৰ আগতে কলডিলৰ দুই তিনিটা বেতু (Spathe) গুছাই ডিলৰ ঠাৰিডাল গুৰি চপাই কাটি ভালকৈ ধুই পলিথিনেৰে আটিলকৈ মেৰিয়াই থোৱাৰ ব্যৱস্থা কৰিব লাগে। ফুলতো ডাঙৰ হলে আধা খাই পুনৰ একেদৰে কেইবাদিনলৈ সংৰক্ষণ কৰিব পাৰে। কলডিল এবিধ পুষ্টিকৰ পাছলি। 100 গ্ৰাম ফুলত প্ৰায়-

*51 কিলো কেলৰি শক্তি,

*1.6 গ্ৰাম প্ৰটিন,

*0.6 গ্ৰাম চৰ্বি,

*9.9 গ্ৰাম কাৰ্বোহাইড্ৰেট,

*5.7 গ্ৰাম আঁহ,

*56 মি.গ্ৰা. কেলছিয়াম,

*73.3 মি. গ্ৰা. ফছফৰাছচ,

*56.4 mg আইৰণ,

*13 mg তাম,

*553.3 mg পটাছিয়াম,

*48.7 mg মেগনেছিয়াম,

*কিছু পৰিমাণে খাদ্য প্ৰাণ A,C, আৰু E থাকে।

ইয়াৰ প্ৰৰ্যাপ্ত পৰিমাণে স্বাস্থ্য সন্মত গুনাগুণ আছে - যেনে ধৰক ই পেটত বেক্টেৰীয়া সংক্ৰমণ প্ৰতিহত কৰে, ফ্ৰী ৰেডিকেলৰ সঞ্চালন হ্ৰাস কৰে, মহিলা সকলৰ মাহেকীয়াৰ মাত্রাধিক ৰক্তক্ষৰণ বন্ধ কৰে, মধুমেহ আৰু ৰক্তহীনতাত ভোগা ব্যক্তিৰ বাবে উত্তম পথ্য, কেচুৱা থকা মাতৃসকলৰ বাবেও উত্তম। মুঠতে বৰ্তমান সময়ত ই সকলোৰে এক উত্তম পাছলি আৰু ই হোৱা আৱশ্যক।

লেখক: ড° সুনীল বৰা

উৎস: সেউজ চিন্তা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate