অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলমৌ শাকৰ বিষয়ে জানিবলগীয়া নানানটা কথা

আজি সকলো অসমীয়াৰ পৰিচিত এবিধ বনৌষধি শাকৰ বিষয়ে লিখিবলৈ লৈছোঁ ৷ শাকবিধৰ নাম হ'ল- কলমৌ ৷ ড০ ভূপেন হাজৰিকাই আইতাকে ৰান্ধি খুওৱা কলমৌ শাকলৈ মনত পেলাই লিখিছিল –“কলমৌ খাওতে বুঢ়া হনুমন্তে,নগৰী কৰিলে ছন ঐ গোবিন্দাই ৰাম ৷” অতি সুলভ আৰু খাবলৈ স্বাদিষ্ট কলমৌ শাকৰ গুণাৱলীৰ বিষয়ে জানিবলগীয়া বহুতো কথা আছে ৷

Image may contain: plant, outdoor and nature

 

ইয়াৰ ব'টানিকেল নাম হ'ল- Ipomoea aquatica ৷ ইংৰাজীত Water amaranths, Water spinach, Water convolvulus, River spinach, Bindweed, Blue morning glory, Japanese morning glory, White-edge morning glory, Chinese spinach, Swamp cabbage, Ipomoea আদি নামেৰে পৰিচিত ৷ আন আন ভাষাত কলমৌক এইদৰে জনা যায় : কলমা চাগ (ওৰিয়াত), নীলকলমী, কালাদানা আৰু কলমি সাগ (হিন্দীত), কালাদানা আৰু কলমি শাক (বাংলাত), ক'ল্লিম বে'জা (কানাড়া), থালিয়াৰি (মলয়ালম), নীলপুষ্পী আৰু কালাদানা (মাৰাঠীত), থুটি কোৰা আৰু কোটিকক্কাটান (তেলেগুত),কৃষ্ণবীজ আৰু কলঞ্জনী (সংস্কৃতত), ফাক্ ই নাম (টাই ভাষাত), Blaue Prunkwinde (জাৰ্মান ভাষাত), corda-de-viola (পৰ্টুগীজ ভাষাত), flor de leche (স্পেনিচ ভাষাত), Kejsarvinda (স্বিডিছ ভাষাত), হায়'য়ো (ঘানাত), ডেগুব্লাড (দক্ষিণ আমেৰিকাত), কাংকুং (ভিয়েটনাম আৰু ইণ্ডোনেচিয়াত) ৷

কলমৌ শাকৰ বসতি ঘাইকৈ এচিয়া মহাদেশৰ গ্ৰীষ্ম প্ৰধান অঞ্চলত ৷ কলমৌ হ'ল বিল, পুখুৰী, দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কিন্তু কেতিয়াবা যি কোনো জিকা মাটিতো হোৱা দেখা যায় । সাধাৰণতে বাৰিষা কালত এই বিধ শাক দেখিবলৈ পোৱা যায় । এজোপা গছ ৭ৰ পৰা ১০ফুট দীঘল হয় ৷ গছৰ মূল গাটো ফোপোলা সেয়ে পানীত ওপঙিব পাৰে ৷ গা গছৰ গাঠিৰ পৰা শিপা আৰু পোখা ওলায় ৷ কলমৌৰ পাতৰ বৰণ পাতল বা মজলীয়া সেউজীয়া আৰু গা গছৰ বৰণ বেঙুনীয়া বা গাঢ় সেউজীয়া। লতাৰ দৰে বগোৱা ইয়াৰ এজোপা গছৰ আয়ুস এবছৰ বা ততোধিককাল ৷ চুঙাৰ দৰে আকৃতিৰ ইয়াৰ ফুলৰ বৰণ নীলা, বগা বা পাতল বেঙুনীয়া ৷ কলমৌৰ গুটিবিলাক ৪৷ ৫ মিলিমিটাৰ দীঘল কলা বা মূগাবৰণৰ হয় ৷কলমৌ শাকৰ ৫০০বিধ প্ৰজাতি আছে বুলি জনা যায় ৷ প্ৰজাতিভেদে গছৰ পাতৰ আৰু ফুলৰ ৰং আৰু গঠনৰ কিছু তাৰতম্য দেখা যায় ৷

কেলিফৰ্ণিয়া, হাৱাই, ফ্লৰিডাকে ধৰি আমেৰিকাৰ বিভিন্ন অঞ্চলত অপতৃণৰূপে কলমৌ গজি উঠা দেখা যায় ৷ কিন্তু কৃষি বিজ্ঞানীসকলে মত পোষণ কৰে যে কলমৌৰ সঁচ বহু দশক আগতে এচিয়াৰ পৰা পৰিব্ৰজন কৰা লোকে কঢ়িয়াই লৈ গৈছিল ৷ ভাৰতবৰ্ষৰ ওপৰিও নেপাল,বাংলাদেশ, শ্ৰীলংকা, চীন, লাওচ, বাৰ্মা, কম্বোডিয়া, থাইলেণ্ড,মালেয়চিয়া, ভিয়েটনাম, ফিলিপাইনচ আদি দেশৰ বৃহৎ সংখ্যক লোকে কলমৌক খাদ্য তালিকাত উল্লেখযোগ্য স্বীকৃতি দি আহিছে ৷ আন আন ভাষাৰ নামৰ তালিকাত চকু ফুৰালে কলমৌ শাক ইউৰোপ আৰু আফ্ৰিকাতো অপৰিচিত নহয় বুলি সহজেই অনুমান কৰিব পাৰি ৷

Image may contain: flower, plant, nature and outdoor

 

কলমৌ শাক কি দৰে খায়-


কলমৌৰ কুমলীয়া আগ ৰান্ধিবৰ বাবে বাচি লোৱা হয় ৷ ইয়াক শুকানে ভাজি, মাছৰ সৈতে জোল ৰান্ধি, দাইলৰ আঞ্জাত দি নাইবা কেঁচাকৈ চালাড কৰিও খাব পাৰি ৷

Image may contain: plant

 

কি কি লাগতিয়াল তত্ব কলমৌ শাকত থাকে-


কলমৌত পানী ৯০শতাংশ, প্ৰটিন ৩ শতাংশ, কাৰ্বোহাইড্ৰেট ৪ শতাংশ, চৰ্বি ০-৯ শতাংশ থাকে ৷ ডায়েটেৰী ফাইবাৰ থাকে ৪ শতাংশ ৷ খনিজ পদাৰ্থ আছে পটেচিয়াম, চ'ডিয়াম, আইৰন, কেলচিয়াম, মেগনেচিয়াম ৷ কলমৌত থকা ভিটামিনসমূহ হ'ল- ভিটামিন এ, ভিটামিন চি, ভিটামিন বি ৬, ভিটামিন বি ১২ আৰু ভিটামিন ই ৷

কলমৌ শাকৰ পৰা হব পৰা উপকাৰিতাৰ তালিকাখন তলত ডাঙি ধৰিলোঁ-

 

• ২০১৩চনৰ মাৰ্চত ভাৰতৰ পৰা প্ৰকাশিত 'জাৰ্ণেল অৱ ডায়বেটিজ'ত প্ৰকাশিত তথ্য মতে কলমৌৱে গৰ্ভমতী মহিলাৰ ডায়েবেটিজ ৰোগৰ উপশম ঘটায় ৷

• সন্তানসম্ভৱা নাৰীৰ ওপৰিও স্তনপান কৰোৱা মাতৃ আৰু শিশুৰ বাবেও কলমৌ উপযোগী ৷ গাখীৰ কম ওলোৱা মাতৃক কলমৌৰ দুচামুচ ৰস দিনে দুবাৰকৈ খোৱাব লাগে ৷
• আইৰণে এনিমিয়া আতৰোৱাত সহায় কৰে ৷
• মালেয়চিয়া বিশ্ববিদ্যালয়ে কৰা অধ্যয়ণত কলমৌ জণ্ডিচ আৰু লিভাৰৰ আন আন অসুখত উপকাৰী বুলি প্ৰমাণিত হৈছে ৷
• খৰ,খজুৱতি,এথলেট ফুট আৰু আন চৰ্মৰোগৰ চিকিৎসাত সহায়ক ৷ ছালৰ উজ্বলতা বঢ়ায় ৷
• জ্বৰ কমোৱাত সহায়ক ৷ 
• সকলোধৰণৰ কৃমিৰ বিনাশক ৷
• শৌচ-কচা নিৰ্মূল কৰে ৷ লগতে হজম শক্তি বঢ়ায় ৷
• যি কোনো বিষক্ৰিয়াৰ ফলত হোৱা বমিৰ চিকিৎসাত উপযোগী ৷ 
• মনত প্ৰশান্তি উৎপন্ন কৰে আৰু সুনিদ্ৰাত সহায়ক ৷ 
• এন্টিঅক্সিডেন্ট গুণসম্পন্ন হোৱা হেতুকে কলমৌৱে অহিতকাৰী ফ্ৰি-ৰেডিকেলৰ বিৰুদ্ধে ক্ৰিয়া কৰি মানৱ দেহক কেঞ্চাৰৰ পৰা সুৰক্ষা দিয়ে ৷
• এন্টিঅক্সিডেন্টে শৰীৰত বাৰ্ধক্যৰ আঁচোৰ প্ৰতিৰোধ কৰে ৷
• শৰীৰৰ ইমিউনিটি বঢ়ায় ৷
• আয়ুৰ্বেদিক চিকিৎসাত কলমৌক শুক্ৰানুবৃদ্ধিকাৰক বুলি উল্লেখ কৰা হৈছে ৷ কলমৌৰ ৰস গাখীৰত মিহলাই খোৱালে শুক্ৰানু ডাঠ হয় আৰু স্বপ্নদোষ নিবাৰিত হয় ৷
• কলমৌত থকা ভিটামিন-ই দৃষ্টিশক্তিৰ বাবে উপকাৰী ৷
• শাকত থকা ফাইবাৰে কলেষ্টৰল আৰু মেদবহুলতা কমায় ৷

 

কলমৌ খোৱাৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতামূলক ব্যৱস্থা-


- কেঁচাকৈ কলমৌ খালে গাহৰি-গৰু আদিত হোৱা পৰাশ্ৰয়ী জীৱ Fasciolopsis buski মানৱ দেহলৈ আহিব পাৰে ৷
- সতৰ্ক নহলে ডায়েবটিজৰ দৰব ব্যৱহাৰ কৰি থকা লোকসকলৰ তেজৰ চুগাৰৰ পৰিমাণ হ্ৰাস পাব পাৰে ৷
- কলমৌৰ ফুলত বিষাক্ত দ্ৰব্য থাকিব পাৰে, যাৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে হেলুচিনেচন পৰ্য্যন্ত হব পাৰে ৷

এই চমু লিখনি আজিলৈ ইমানতে সামৰিলোঁ ৷ পৰৱৰ্তী সময়ত পাঠকৰ অভিজ্ঞতা ইয়াত যোগ দিয়াৰ আশা ৰাখিলোঁ ৷

লেখক:ডা০ ভূপেন শইকীয়া 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate