অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাঠফুলা

কাঠফুলা

আমিষাহাৰী হওক বা নিৰামিষাহাৰী, কাঠফুলা বা মাশ্বৰোম খাবলৈ সকলোৱে ভাল পায় । অৱশ্যে প্ৰকৃত তথা বিশুদ্ধ কাঠফুলা চিনাক্ত নকৰাকৈ যধে মধে ভক্ষণ কৰাৰ ফলত হোৱা বিষক্ৰিয়াৰ বাবে কিছুসংখ্যক ব্যক্তিয়ে ইয়াক খোৱাৰ পৰা বিৰত থাকিলেও ইয়াৰ জনপ্ৰিয়তা কমি যোৱা নাই । কাঠফুলাক চীনদেশত মহৌষধিৰ সমতুল্য বুলি কোৱা হয় । আনহাতে ৰোমৰ জনসাধাৰণে ইয়াক ঈশ্বৰৰ আহাৰ হিচাপে গণ্য কৰে । কিয়নো কাঠফুলা হৈছে শৰীৰৰ বাবে উপযোগী স্বাস্থ্যবৰ্ধক গুণাগুণেৰে পৰিপূৰ্ণ এবিধ সুপাচক খাদ্য পদাৰ্থ ।

জানো আহক কাঠফুলাৰ কেইটামান বিশেষ উপকাৰী দিশৰ বিষয়ে

* কাঠফুলাত মজুত থকা এণ্টি অক্সিডেণ্টে শৰীৰৰ প্ৰতিৰক্ষা প্ৰণালী শক্তিশালী কৰি তোলে । কাঠফুলা খালে শৰীৰত এণ্টি ভাইৰেল তথা অন্য প্ৰটিনৰ মাত্ৰা বৃদ্ধি পায়, যি শৰীৰৰ কোষবিলাকৰ পুনৰ গঠনত সহায় কৰে । তদুপৰি প্রাকৃতিক এণ্টি বায়টিক হিচাপে ই শৰীৰৰ বিভিন্ন প্ৰকাৰৰ সংক্ৰমণ ৰোধ কৰে ।
* কাঠফুলাত হাই নিউট্ৰিচনচ পোৱা যায়, যি হৃদয়ৰ স্বাস্থ্যৰ বাবে উত্তম । তদুপৰি কাঠফুলাত মজুত থকা এনজাইম তথা আঁহে শৰীৰৰ বৰ্ধিত কলেষ্টৰলৰ মাত্ৰা হ্ৰাস কৰে ।
* ডাইবেটিচ ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ বাবে কাঠফুলা এবিধ উত্তম স্বাস্থ্যবৰ্ধক আহাৰ । ই তেওঁলোকৰ শৰীৰত বৰ্ধিত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰি ইনচুলিনৰ পৰিমাণ বঢ়াই তোলে । তদুপৰি কাঠফুলাত কন্জুগেট লেন'লিক এচিড পোৱা যায়, যি কেঞ্চাৰ ৰোগৰ কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে ।
* কাঠফুলাত লীন প্ৰ'টিন পোৱা যায়, যি শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে । তদুপৰি মেদবহুলতা হ্ৰাস কৰিবলৈ প্ৰ'টিন ডায়েট লোৱাৰ পৰামৰ্শ দিয়া হয়,যত কাঠফুলা খোৱাটো এক উত্তম বিকল্পৰ অন্তৰ্ভূক্ত ।
* সজীৱ কাঠফুলাত পৰ্যাপ্ত পৰিমাণৰ আঁহ তথা কাৰ্বহাইড্ৰেট পোৱা যায় যি কোষ্ঠকাঠিন্যতা, অজীৰ্ণ, অতিসাৰকে আদি কৰি পেটৰ বিভিন্ন বিকাৰসমূহ নাশ কৰে । তদুপৰি কাঠফুলাত থকা ভিটামিন বিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে আৰু শাৰীৰিক দূৰ্বলতাৰ সময়ত প্ৰয়োজনীয় শক্তি প্ৰদান কৰে । 
* কাঠফুলা খালে শৰীৰত হিমগ্লবিনৰ স্তৰ সঠিক হৈ থাকে । কাঠফুলাত পৰ্যাপ্ত পৰিমাণৰ বহুমূলীয়া ফলিক এচিড পোৱা যায়, যি কেৱল মাংসহাৰী খাদ্যতহে উপলব্ধ হয় । লৌহ পদাৰ্থ তথা ফলিক চিড থকাৰ বাবে ই ৰক্তহীনতা ৰোগত ভোক্তভোগী গ্ৰামাঞ্চলৰ মহিলা আৰু শিশুসকলৰ বাবে এবিধ স্বাস্থ্যবৰ্ধক আহাৰ হিচাপে পৰিগণিত হৈছে ।

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate