অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাতিৰ কলাখাৰ

কাতিৰ কলাখাৰ

 

মানুহৰ জীৱন ধাৰণ প্ৰণালীত আমাৰ চৌপাশৰ পৰিবেশেও বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা প্ৰভাৱ পেলাই আহিছে।প্ৰকৃতিৰ লগত মানৱ জীৱনৰ অতি গভীৰ-নিবিড় সম্পৰ্ক জড়িত হৈ আছে।প্ৰকৃতি আৰু জীৱজগত যেন ইটো-সিটোৰ পৰিপুৰক।নিজৰ চিৰন্তন নিয়ম ৰক্ষা কৰি প্ৰকৃতিয়ে তাহানি দিনৰে পৰাই সুন্দৰৰ সৰু-বৰ আলিয়েদি যুগ যুগ পাৰ কৰি আহিছে।দিনৰ কাম দিনে নিয়াৰিকৈ পালন কৰি যোৱাত কোনেও কোনো কাৰণতে যেন থমকি ৰোৱা নাই।কিন্তু ব্যতিক্ৰম মাথোঁ মানুহ।

আমাৰ গ্ৰীষ্ম,বৰ্ষা,শৰৎ,হেমন্ত আৰু শীত-বসন্ত –এই ছয় ঋতু প্ৰত্যেকেই নিজৰ নিজৰ স্বাভিমানেৰে মহিমামণ্ডিত আৰু চিৰবন্দিত।ঠিক একেদৰেই অসমীয়া ১২ মাহৰ ভিতৰতো কোনোটো মাহেই এটা আনটোতকৈ কম নহয়।এই ১২ মাহো নিজা নিজা চিনাকি আৰু পৰিচয়েৰে বৰণীয়।ব’হাগ মাহত গছৰ ডালত ফুলে ফুলে কপৌ ফুলৰ পৰা ধৰি কবিয়ে কাব্যিক ব্যঞ্জনাৰে ব’হাগকে মুখ্য কৰি ১২ মাহৰ প্ৰতিচ্ছবি কবিতাৰ মাধ্যমেৰে প্ৰতিভাত কৰি তুলি আজিও মন উদ্বেলিত কৰি ৰাখিছে।ঠিক এই ১২ মাহৰ ভিতৰতে কাতি মাহৰ এক সুকীয়া বৈশিষ্ট্যই অসমীয়া সমাজৰ সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে।পথাৰৰ সেউজীয়া ধাননিত আকাশবন্তি জ্বলাই লখিমীক অভিবাদন জনোৱা কাতি মাহটোত স্বাভাৱিকতেই অভাৱ-অনাটনে মানুহক জুৰুলা কৰা হেতুকে কাতিক তাহানিৰে পৰা কঙালী বুলিও কৈ অহা হৈছে।সেয়ে আকালৰ এই সময়খিনিত কঙালী খ্যাত কাতিক সকলোৱেই নিজ নিজ কৰ্ম সম্পাদন কৰোতে যথেষ্ট ভাবি-গুণিহে কৰি আহিছে।আৰ্থিক দিশটোকে ধৰি প্ৰায় সকলো দিশতেই কঙাল হৈ পৰা মানুহে সেয়ে এই সময়ত যিমান পাৰে আয় বুজি ব্যয় কৰাৰ ক্ষেত্ৰত অধিক সচেতনতা অৱলম্বন কৰে।হ’লেও ভৱিষ্যতৰ আশাৰ সপোন ৰহণ সনা আৰু অভাৱ-অনাটনেৰে ভৰাৰ দৰে এক বিশেষ পৰিচয় বহন কৰা এই কাতি মাহটোৱেই আকৌ বৃহত্তৰ অসমীয়া সমাজখনত নিজৰ এটি গুৰুত্বপুৰ্ণ বৈশিষ্ট্যও দাঙি ধৰি আহিছে।আধুনিকতাৰ কৰাল গ্ৰাসেও যাক স্পৰ্শ কৰিব পৰা নাই।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়কাৰেও যাক ম্লান কৰিব পৰা নাই।সেয়াই হ’ল কাতিৰ কলাখাৰ।এসময়ত এই খাৰক লৈও য’ত লুইতৰ পাৰৰ অসমীয়া ডেকা কণ্ঠত প্ৰতিধ্বনিত হৈছিল ‘নিমখ নাখাওঁ খাৰ খাম,আকৌ এবাৰ যুঁজি চাম’ৰ দৰে দেশপ্ৰেমমুলক শ্ল’গানৰ ।হয়,খাৰ খোৱা অসমীয়াৰ খাৰ প্ৰস্তুত কৰা মাহেই হ’ল এই কঙালী ,কাতি।মহঙা বুলি অনুভৱ কৰা প্ৰায় সকলোৱেই কাতি মাহতে বছৰজুৰি নিজৰ সুবিধা অনুযায়ী।উৎপাদন কৰি লয় অসমীয়া সমাজৰ অন্যতম খাদ্য-সম্ভাৰ কলাখাৰ।কলাখাৰৰ লুনীয়া গুণো আন এক বিশেষত্ব।কলাখাৰ উৎপাদনৰ বাবে আন আন কলগছৰ তুলনাত ভীম কলৰ খাৰহে যথেষ্ট উৎকৃষ্ট মানৰ।অসমীয়া ৰাইজে ভীম কলগছ কাটি আনি নিজৰ চোতালত জোখমতে টুকুৰা টুকুৰ কৰি কাটি পুনৰ সেই টুকুৰাবোৰ দীঘলে দীঘলে চিৰিলা চিৰিলিকৈ ফালি কাতি মাহৰ ৰ’দত শুকুৱাবলৈ চোতালতে হওক বা আন কোনো ঠাইতেই হওক মেলি দিয়ে।স্বাভাৱিকতেই কলাখাৰ প্ৰস্তুতকৰণৰ বাবে প্ৰয়োজন হোৱা ৰ’দৰ উত্তাপ কেৱল সম্ভৱপৰ হয় এই কাতি মাহতে।ঠিক এইদৰে ছয়-সাত দিনমান ৰ’দত ভালদৰে শুকুৱাই পিচত কল গছডালৰ মধুনা বা বৌখাবোৰ জুইত পোৰাৰ পিছত তাৰ পৰা পোৱা ছাইখিনিৰ পৰাই প্ৰস্তুত কৰা হয় অসমীয়া সমাজৰ আন এক গুৰুত্বপুৰ্ণ খাদ্য অসমীয়াৰ কলাখাৰ।কাতি মাহৰ কলাখাৰ বুলিলে অসমীয়া সমাজত ইয়াক পুনৰ বেলেগে বৰ্ণোৱাৰ প্ৰশ্নই নাথাকে।কাতি মাহৰ কলাখাৰ আন আন মাহতকৈ অতি উত্তম আৰু চোকা।সমগ্ৰ বছৰটোৰ বাবেই সাঁচি ৰখা এই খাৰ কাতি মাহৰ কৃষ্ণপক্ষতহে উৎপাদন কৰা হয় যদিও বৰ্তমান বহুতেই শুক্লপক্ষতো উৎপাদন কৰা দেখা গৈছে।আনহাতে অসমীয়াৰ বিশ্বাস যে শুক্লপক্ষতকৈ কৃষ্ণপক্ষত উৎপাদিত কলাখাৰহে বেছি উৎকৃষ্ট বুলি ভাবিলেও কিন্তু আজিকালি বহুতেই কোনো পক্ষ বিচাৰ নকৰি মাত্ৰ কাতি মাহৰ কোনোবা এটা দিনত হ’লেও কলাখাৰ প্ৰস্তুত কৰাটো উল্লেখযোগ্য।মন কৰিবলগীয়া যে ১২ মাহৰ বাবে সাঁচি ৰাখিবলগীয়া হোৱা কলাখাৰখিনি কি পদ্ধতিত ৰাখিব,সিও এক আকৰ্ষণীয় বিষয়।কলৰ মধুনা বা বৌখাখিনি ৰ’দত শুকুৱাই পিচত জুইত পুৰি তাৰ পৰা উৎপন্ন হোৱা ছাইখিনিত অলপ অলপকৈ পানী ছটিয়াই হাতেৰে লাহে লাহেকৈ সানি সেইখিনি তাৰ পিচত টেকেলি এটাত সংৰক্ষণ কৰা হয়।এই সংৰক্ষণ প্ৰণালীও কিন্তু সমানেই আকৰ্ষণীয়।কাৰন কলাখাৰখিনি থ’বলৈ অনা টেকেলিটো প্ৰথমে তলৰ ফালে এটা ফুটা কৰি টেকেলিটোৰ মুখৰফালে জোখমতে ধানখেৰ সোপা মাৰি থোৱা হয়।তাৰ পিচত টেকেলিটো এঠাইত (বহুতে কেঁচা পাকঘৰৰ মজিয়াত)নিৰ্দিষ্টভাৱে থৈ মুখখন তললৈ কৰি তিনিডাল বাঁহৰ শলাৰ মাজত ৰখোৱা হয়।কলাখাৰখিনিও টেকেলিটোত তেনেকৈ থৈ দিয়াৰ পিচত মাহেকে-পষেকে গঞা ৰাইজে মাটিদাইল,লাইশাক,অমিতা,কোমোৰা আদি তৰকাৰিত সামান্য পৰিমাণে মিহলি কৰি পৰিবেশন কৰে।অৱশ্যে পৰিবেশন কৰা কিছুপৰ পুৰ্বে টেকেলিটোৰ ভঙা পিচফালেৰে জোখমতে পানী দি লোৱা হয়।তাৰ পিচত টেকেলিটোৰ মুখেৰে ঢাকি থোৱা ধানখেৰৰ মাজেৰে এটোপ-দুটোপ কৰি কলাখাৰখিনি নিৰ্গত হয় আৰু সেয়াই কাতি মাহৰ কলাখাৰৰুপে খাদ্যলৈ ৰুপান্তৰিত হয়।উল্লেখযোগ্য যে এই কলাখাৰে খাদ্য-সামগ্ৰী সোনকালে সিদ্ধ হোৱাতো সহায় কৰে।তদুপৰি ভীমকলৰ বাকলিৰ পৰাও খাৰ প্ৰস্তুত কৰা হয়।বজাৰৰ কৃত্ৰিম খাৰৰ তুলনাত অসমীয়াৰ কলাখাৰৰ জনপ্ৰিয়তা অতীজত যেনেদৰে আছিল,এতিয়াও সেই জনপ্ৰিয়তা কোনো কালে হ্ৰাস পোৱা নাই।বৰ্ং সময়ৰ অগ্ৰগতিত অসমীয়াৰ এই কলাখাৰ অসমীয়া ৰাইজৰ মৰমৰ পাকঘৰটোতে সীমাবদ্ধ থাকি বিদেশতো কলাখাৰে আনৰ জিভাত জুতি লগাই চমক সৃষ্টি অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে।বিশেষকৈ আমাৰ ৰাজ্যখনতো চহৰে-নগৰে গঢ়ি উঠা নামী-দামী হোটেল,ৰেস্তোৰাঁ আদিসমুহতো অসমীয়া খাদ্যৰ তালিকাখনত নিশ্চিতভাৱেই ক’লাখাৰেও নিজৰ স্থিতি মুৰ দাঙি ঘোষণা কৰিব পৰাকৈ গৌৰৱ অৰ্জন কৰিছে।স্বাভাৱিকতেই কলাখাৰৰ যি গুণ,যিমান প্ৰয়োজনীয়তা,সেই কথা সময়ে নিশ্চয় প্ৰমাণ কৰি আহিছে আৰু আগলৈও কলাখাৰৰ উপকাৰিতা সকলোৱে অনুধাৱন কৰি যাব।

লেখক:প্ৰাঞ্জল বৰদলৈ(দেওবৰীয়া সুকন্যা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate